শিশুসকল এটি সদ্যস্নাতা জোনৰ দৰে-মৃণালী শইকীয়া
শিশুসকল সকলোৰে প্ৰিয়।যাৰ সমুজ্জ্বল জ্যোতিয়ে সকলোকে সন্মোহিত কৰিব পাৰে।দুখৰ অৱগুণ্ঠন খুলি বিলাব পাৰে উদিত সূৰুযৰ শুভ্ৰ জ্যোতি।শিশুসকল পৃথিৱীৰ প্ৰথম হিৰণ্ময়ী খোজ।শিশুৰ সান্নিধ্যৰ শুভ – নিৰ্মলজ্যোতিয়ে সকলোকে বুৰাই ৰাখে।শিশুসকল আদি অনাদি এটা কবিতা।সঁচাকৈয়ে শিশুসকল এটি সদ্যস্নাতা জোনৰ দৰে চিকমিকাই থাকে।পূৰ্ণিমাৰ দ্বিতীয়া জোনটোৰ দৰে একলা দুকলাকৈ বাঢ়ি গৈ পূৰ্ণিমাৰ দিনা পৰিপূৰ্ণ হোৱাৰ দৰে শিশুসকলো সুশোভিত জোনাকেৰে তেজোদ্দীপ্ত হৈ পৰে ৷ শিশুসকলৰ শোভনীয় জোনাক,যাৰ তিৰবিৰণিয়ে জগতখন পোহৰাই ৰাখে।শিশু এটিৰ বুকুত যেন চিৰ খোদিত হৈ থাকে জোনৰ দেশৰ এটি সাধু আৰু ঈশ্বৰৰ নিনাদ ৷ শিশুৰ সান্নিধ্যৰ শুভ – নিৰ্মলজ্যোতিয়ে সকলোকে বুৰাই ৰাখে।হৃদয়ৰপৰা হৃদয়লৈ কঢ়িয়াই আনে সুবাসিত জোনাক।শিশুসকলৰ সমগ্ৰতাত ঈশ্বৰে এখন জোনাকী কাৰেং সাজি হৃদয়ত সৰ্বদা বাস কৰে। শিশুসকল পবিত্ৰতাৰ আকৰ।ন-কুঁহি মেলা ফুলৰ কলিটোৰ দৰে সপ্ৰতিভ এই দেৱশিশুসকল।কি যে সুতীব্ৰ চাৱনি!সকলোৰে জীৱন জিনাৰ এচলু সঞ্জীৱনী।শিশুৰ সংস্পৰ্শ বা সান্নিধ্য যিয়ে ওচৰৰ পৰা পাইছে , তেওঁ এবাৰলৈ হ’লেও ঈশ্বৰক লগ পাইছে।শিশু শুভ্ৰতাৰ এখন আকাশ , জোনাকৰ ডঁৰিয়লি।শিশু এটিৰ চকুৱে মুখে জ্বলি থাকে জোনাকৰ লালিমা , আশাৰ চন্দ্ৰমা।শিশু এটিৰ খিলখিলনিত আকাশ-মৰ্ত্য সকলো হৈ পৰে বিনন্দীয়া,বাজি উঠে সুখৰ লহমা।শিশু এটিৰ সৌন্দৰ্যৰ ফৰিংফুটা জোনাকত আমি নিৰ্ঝৰি থাকোঁ এটি মৃদু চেঁচা জুৰিৰ দৰে।শিশু এটিৰ সদ্যস্নাতা জোনাকে আমাৰ জয়াল উশাহবোৰ এটি জিলমিল দুপৰ কৰি তোলে , আহ্লাদিত সুখে সেঙেটা লগা কলিজাত অনন্ত সেউজীয়াৰ দলিচা পাৰে।
*******

10:33 PM
ভাল লাগিল পঢ়ি। সুন্দৰ অনুভৱ প্ৰকাশ।