জন্মদাত্ৰী বনাম মৃণ্ময় মূৰ্ত্তি-চন্দ্ৰপ্ৰভা বৰুৱা

“মা, তই এইখিনিতে ৰ, পূজাথলীত দেখিছনে কিমান ভিৰ।তই সোমাব নোৱাৰিবি।তাতে বৰষুণো দি আছে, তই যাব নালাগে।ময়ে তোৰ আৰু ঘৰখনৰ মঙ্গল কামনা কৰি চাকি এগছি দি আহো।”

কথাকেইটা কৈ সি অলপো পলম নকৰি ভিৰৰ মাজত সোমাই পৰিল।কিনকিনীয়া বৰষুণে ইতিমধ্যে মূষলধাৰৰ ৰূপ ল’লে। তেওঁ ৰৈ থকা দোকানখনত মানুহৰ ভিৰ। সকলোৱে বৰষুণৰপৰা নিজকে বচোৱাৰ বৃথা চেষ্টা কৰিছে। 

এসময়ত বৰষুণ শাম কাটিলে।ৰৈ থকা মানুহবিলাক খৰধৰকৈ দোকানৰপৰা ওলাই ঘৰমুৱা হ’ল।এতিয়াহে যেন তেওঁ ভালকৈ উশাহ ল’ব পাৰিছে।ইফালে সিফালে কেউফালে চালে তেওঁ, জানোছা পুতেকক দেখা পায়। ক’তো নেদেখি মুখৰ ভিতৰতে ভোৰভোৰালে..

“বেচেৰাটো দেহি, বৰষুণত তিতি বুৰি ক’ত বা আছেগৈ! দেৱীৰ আগত চাকি দিব পাৰিছেনে নাই বা? বৰ কষ্ট পাইছে ছাগৈ সি। হে ভগৱান তাক ভালে ৰাখিবা আৰু।” 

সন্ধিয়া ভাগি আন্ধাৰ ঘন হৈ আহিল। বুঢ়ীৰ পুতেকৰ কিন্তু দেখা দেখিয়েই নাই।কি কৰিব এতিয়া তেওঁ।বহাৰপৰা উঠি ইফালে সিফালে চালে।নাই,ক’তো পুতেকক দেখা নাই।দোকানীজনেও লাহে লাহে দোকান সামৰিবলৈ আৰম্ভ কৰিলে।বুঢ়ীয়ে কি কৰিব একো ভাবিব পৰা নাই।এনেতে বহুত আগৰেপৰা লক্ষ্য কৰি থকা এজন কৰ্তব্যৰত পুলিচ আগবাঢ়ি আহি তেওঁক সুধিলে,

“আইতা,আপুনি কাৰ লগত আহিছে আৰু কলৈ যাব?”

বুঢ়ীয়ে কঁপা কঁপা মাতেৰে ক’লে,

“বোপাই, মই মোৰ ল’ৰাৰ লগত আহিছিলোঁ হাস্পতাললৈ যাবলৈ।পিছে সি মোক ইয়াতে বহিবলৈ দি পূজাথলীত সেৱা কৰি আহোঁ বুলি গৈছে।ইমান দেৰি ক’ত বা আছেগৈ?বৰষুণৰ বাবে ছাগে সি চাকি দিবই পৰা নাই। বেচেৰাটোৱে বৰ কষ্ট পাইছে ছাগৈ।” 

কথাখিনি কৈ বুঢ়ী অন্যমনষ্ক হৈ পৰিল। হয়তো পুতেকৰ কষ্টৰ কথা ভাবি দুখ লাগিল।  

পুলিচজনে  ভাবিলে, কোন দিশে আজিৰ প্ৰজন্ম!! আহিবনে পুত্ৰজন ঘূৰি মাকক চিকিৎসালয়লৈ নিবলৈ? বুজি উঠিবনে প্ৰকৃততে মাতৃ কোন?জন্মদাত্ৰী নে মৃন্ময় মূৰ্ত্তি?

*******

3 Comments

  • Anonymous

    মা সদায় অনন্যা 🙏 বৰ দুখ লাগিল পঢ়ি 😥

    Reply
  • গীতা মণি দত্ত ।

    বৰ দুখৰ বিষয় , অৱশেষত মাক জনীয়েই এটা সময়ত সকলোৰে এলাগী হৈ পৰে ।

    Reply
  • Anonymous

    দুখ লাগিল পঢ়ি,এটা সময়ত কিছুমান সন্তানে পিতৃ মাতৃক বোজা বুলি ভাবে।অথচ সেই গৰাকী তাকেই কিমান কষ্ট কৰি সন্তান টোক ডাঙৰ দীঘল কৰি, মানুহ কৰিছিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *