ৰাখে হৰি মাৰে কোনে-মায়াশ্ৰী মহন্ত
জঙ্গল বা বনৰ ভিতৰত নদীৰ আশে-পাশে হৰিণাবোৰ থাকে। হৰিণাই বনৰ আশে-পাশে থকা নদীৰ ওচৰতে থাকি ভাল পায়।এবাৰ এজনী হৰিণীৰ পোৱালি জন্ম দিয়া সময় আহি পালেহি।তাই নদীৰ পাৰতে ঘাঁহনিৰ মাজতে এডোখৰ সুন্দৰ ঠাই বাচি ল’লে। ইয়াতেই তাই পোৱালি প্ৰসৱ কৰিব।
লাহে লাহে তাইৰ প্ৰসৱৰ সময় আহি পালে আৰু এটা সময়ত পোৱালি জন্ম দিয়াৰ বিষ বেদনা আহিল ।
বিধিৰ কি বিধান!এনে সময়তে তাইৰ চাৰিওফালে বিপদৰ সংকেতে দেখা দিলে।
হৰিণীজনীয়ে নিজৰ বিপদৰ সংকেত পাই পাহাৰৰ ওপৰলৈ উঠি গ’ল।ওপৰলৈ গৈ থাকোঁতে দেখিলে, আকাশখন মেঘে ওন্দোলাই আনিছে।বৰষুণ দিব। এইবাৰ তাই জঙ্গলৰ ভিতৰলৈ সোমাই গ’ল।ঘন জঙ্গলৰ ভিতৰত তাই দেখা পালে দূৰৈত এটা সিংহ।তাইৰ ফালেই ক্ষুধাৰ্ত সিংহটো আহি আছে।পিছফালে ঘূৰি চাই তাই দেখিলে, এজন চিকাৰীয়ে তাইৰ ফালে ধনু কাঁড় টোৱাই আছে । এতিয়া তাই কৰিব কি?উপায়ান্তৰ হৈ তাই খন্তেকলৈ চকু দুটা মুদি দিলে ।
দিশহাৰা সময়ৰ দাবানল,নদীৰ স্ৰোত,আকাশৰ তৰ্জন-গৰ্জন,ক্ষুৰ্ধাত সিংহ আৰু চিকাৰীৰ ধনু কাঁড়। এইবোৰৰ পৰা কেনেকৈ বাচিব তাই?
চকু খুলি তাই শেষ সিদ্ধান্ত ল’লে যে যেনেকৈয়ে হওক তাই মুঠতে পোৱালি জন্ম দিবই। বিপদ ঘটে যদিও ঘটক বুলি তাই সকলো সৃষ্টিকৰ্তাৰ ওপৰতে এৰি দিলে।
লগে লগে কি অদ্ভুত ঘটনা ঘটিল।আকাশখন মুকলি হৈ বতাহ ধুমুহাৰ তৰ্জন-গৰ্জন কমিল।মাথো বৰষুণ হ’ল। চিকাৰীজনৰ চকু বিজুলীৰ প্ৰভাৱত অন্ধ হৈ গ’ল। চিকাৰীজনে নিজৰ ধনু কাঁড় হাতৰপৰা এৰি দিলে।সেই ধনুৰ কাঁড়ে গৈ সিংহৰ মূৰত আঘাত কৰিলে।লগে লগে বৰষুণো কমিল আৰু সকলো শান্ত হৈ গ’ল। হৰিণীজনীয়ে এই সুযোগতে এটা সুন্দৰ সুঠাম চেহেৰাৰ পোৱালি জন্ম দিলে।
আমাৰ জীৱনটোতো এইদৰে কেতিয়াবা এনেকুৱা কিছু ক্ষণ আহে।চাৰিওফালে বিপদ, নিন্দা , হতাশা ,আৰু মানুহৰ অসহযোগিতাই চেপি ধৰে।কেতিয়াবা কেতিয়াবা এনেকুৱা কিছুমান বেয়া সময় আহে,সেই সময়ত পৰিস্থিতিৰ ওচৰত হাৰ মানিবলগীয়া হয় আৰু এনে পৰিস্থিতিত পৰি এচামে আত্মহত্যাৰ পথো বাচি ল’ব লগা হয়।কিন্তু এইটো ভুল।
আমি এই হৰিণীৰ গল্পটোৰ পৰা বহুতো কথা শিকিব পাৰোঁ।যেতিয়া হৰিণীজনীৰ চাৰিওফালে ইমানবোৰ বিপদ আহিছিল,তথাপি তাই জীৱন, মৃত্যু যিয়েই আহক সেই ভাবি তাই নিজৰ লক্ষ্যৰপৰা এক বিন্দুও লৰচৰ কৰা নাছিল।তাইৰ কাম আছিল সন্তান জন্ম দিয়াৰ ওপৰত মনোযোগ,বাকী সকলো ভগৱান সৃষ্টিকৰ্তাৰ ওপৰত এৰি দিয়াটো।তেওঁ যি কৰে কৰিব বুলি আৰু শেষত ভগৱানে সমস্যাৰ সমাধানো কৰি দিলে।
যেতিয়া আমি হতাশাগ্ৰস্ত হৈ পৰোঁ,নিজৰ ওপৰত বিশ্বাস হেৰাই যায়,তেতিয়া জীৱনক আগুৱাই লৈ যাবলৈ হ’লে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি অগাধ বিশ্বাস ৰাখি, জীৱনৰ লক্ষ্য স্থিৰ কৰি জীৱনক আগুৱাই লৈ যাব লাগে। কেতিয়াও নিজৰ লক্ষ্যৰপৰা বিচলিত হ’ব নালাগে।
এটা কথা সদায়ে মনত ৰাখিব লাগে,আমি যিমানেই সঙ্কটাৱস্থাৰ সন্মুখীন হৈ নিঃসঙ্গ যেন অনুভৱ কৰি নাথাকোঁ কিয় ভগৱানে কিন্তু আমাক কেতিয়াও নিঃসঙ্গ বা অকলশৰীয়া কৰি নাৰাখে।তেওঁ সদায়ে আমাৰ আশে-পাশে থাকি আমাক ৰক্ষা কৰে।তেওঁ কেতিয়াও আমাক আহি স্পৰ্শ নকৰে সঁচা,কিন্তু আমাৰ প্ৰাৰ্থনাক কৃপাদৃষ্টিৰে চায়।
নামঘৰ , মন্দিৰলৈ গৈ কিবা ভাল ফল পাম বুলি ভগৱানক পূজা অৰ্চনা কৰিব নালাগে,মাজে মাজে এনেয়ো তেওঁক দেখা কৰি সেৱা এটা কৰি আহিব লাগে যাতে সদায়ে কৃপাদৃষ্টিৰে চায়।তেওঁ আমাৰ প্ৰাৰ্থনা শুনিব নিশ্চয়।
ধৈৰ্য আৰু লক্ষ্য নিৰূপণ কৰি সৎপথত চলিলে , ভগৱানক একান্ত মনেৰে বিশ্বাস কৰিলে সকলো বেয়া সময় দূৰ হ’বই। যিদৰে পঞ্চপাণ্ডৱ সৎপথত থকাৰ বাবে স্বয়ং শ্ৰীকৃষ্ণ লগত থাকি তেওঁলোকক সহায় কৰিছিল ঠিক সেইদৰে আমাকো যে সহায় কৰিব সেই বিশ্বাস ৰাখিব লাগে।মাথো সৎ পথত থাকি কামবোৰ কৰি যাব লাগে।
******
