ব্ৰত-কুমকুম শৰ্মাবৰুৱা

আমি ব্ৰত পালন কৰিলে বা উপবাসে থাকিলে শৰীৰৰ  বৰ উপকাৰ হয়। উপবাস মানে দিনটো নোখোৱাকৈ থকা। কিছুমানে ৰাতিহে নোখোৱাকৈ থাকে।কিছুমানে সম্পূৰ্ণ এদিন একো নোখোৱাকৈ থাকে।পিছে অলপ পানী খাব লাগে।চল্লিশ বছৰৰ ওপৰৰ লোকসকলে সপ্তাহত এদিন অন্ততঃ ব্ৰত পালনেৰে পৌষ্টিক তন্ত্ৰক জিৰণি দিয়া ভাল।

আমাৰ শৰীৰটো কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কোষেৰে গঠিত।এই কোষবোৰৰ ভিতৰত সকলো কামেই সুন্দৰকৈ স্বতন্ত্ৰভাৱে চলি থাকে।ইয়াত কাম চলাবৰ বাবে শক্তিৰ আধাৰ হিচাবে আছে মাইট’কন্দ্ৰিয়া বুলি এবিধ ক্ষুদ্ৰ অংগাণু ।আমি খোৱা খাদ্যবস্তুবোৰৰ লাগতিয়ালখিনি শোষিত হৈ ক্ষুদ্ৰান্তৰ পৰা প্ৰতিটো কোষলৈ যায়গৈ।তাৰ আধাৰত প্ৰতিটো কোষে গ্লুক’জৰ যোগান পায় আৰু ইয়াক ভাঙি শক্তিলৈ ৰূপান্তৰ কৰে মাইট’কন্দ্ৰিয়া নামৰ   ক্ষুদ্ৰ অংগাণুটোৱে। 

আমাৰ শৰীৰত লাইচ’জোম নামৰ এবিধ ক্ষুদ্ৰ অংগাণু  আছে।এই লাইচ’জোম বোলা অংগাণুক কোষৰ পৌষ্টিক তন্ত্ৰ বুলি কোৱা হয়।ই আমাৰ কোষ বিলাকৰ ভিতৰত থকা অদৰকাৰী বস্তু, বৰ্জিত পদাৰ্থ, অপকাৰী বেক্টেৰিয়া, ভাইৰাছ ইত্যাদি সম্পূৰ্ণৰূপে ধ্বংস কৰি হজম কৰি পেলাব পাৰে।ইয়াত থকা শক্তিশালী এনজাইমে জটিল (complex) খাদ্য সৰল কৰি হজম কৰাত সহায় কৰে। ই কৰা সকলোতকৈ ভাল কামটো হৈছে ই কোষৰ বৰ্জিত পদাৰ্থ হজম কৰি দিয়ে।পুৰণা আৰু ক্ষয়-ক্ষতি হোৱা কোষৰ ভিতৰৰ ক্ষুদ্ৰ অঙ্গ, কোষৰ ভাগি যোৱা বেৰৰ টুকুৰা ইত্যাদি ই হজম কৰি দি নতুন বেৰ গঠন হোৱাত সহায় কৰে।ফলত কোষটো নতুন হোৱাৰ দৰে হৈ পৰে।

আমি যেতিয়া ব্ৰত পালন কৰোঁ, তেতিয়া লাইচ’জোমে কাৰ্বহাইড্ৰেটৰ যোগান নাপাই অপকাৰী বস্তুবোৰকে হজম কৰিবলৈ ধৰে।ফলত পুৰণি কোষবোৰে নতুন জীৱন পায়।উধাই-মুধাই খায়েই থাকিলে কোষলৈ যোৱা গ্লুক’জ, এমিন’ এচিড আৰু গ্লিচাৰল ইত্যাদি হজম কৰোঁতেই যায়।একেবাৰে নষ্ট হৈ যোৱা কোষ একোটা ইহঁতে হাইড্ৰ’লাইটিক এনজাইমৰ দ্বাৰা সম্পূৰ্ণ শেষ কৰি দিব পাৰে।সেয়ে ইহঁতক আত্মঘাতী মোনা (suicidal bags) বুলি কোৱা হয়। Scavenger বুলিও কোৱা হয়।প্ৰ’টিন সংশ্লেষণতো ইহঁতে সহায় কৰে।

যি নহওক সপ্তাহত এসাঁজ বা দুসাঁজ লঘোণ দিলে আমাৰ স্বাস্থ্যৰ একো হানি নহয়।বৰং বহুত উপকাৰহে হয়।আমাৰ ডাঙৰ পৌষ্টিক তন্ত্ৰটোৰ ভিতৰতো ব্ৰত পালন কৰিলে তেনেদৰে হজমি এনজাইমবোৰে পেটৰ ভিতৰৰ অপকাৰী বস্তুবোৰ হজম কৰি আমাক সু-স্বাস্থ্য ৰক্ষা কৰাত সহায় কৰে।আহক, সকলোৱে সপ্তাহত এদিন ব্ৰত পালন কৰি নিজৰ স্বাস্থ্যৰ যত্ন লওঁ।

*******

5 Comments

  • বৰষা ডেকা

    ভাল লাগিল পঢ়ি বাইদেউ

    Reply
  • Need to download some games? WR777gamedownload seems to be a good resource. I found some interesting games there. Always be careful whilst downloading files lads! Download them here: wr777gamedownload

    Reply
  • Afunmx seems like a decent platform. I like their variety of games. Could be better, but worth checking out if you want some action. Get in the game: afunmx

    Reply
  • Hit88club isn’t bad. They have a good selection of games, and the bonuses are decent. Pretty standard stuff but solid gameplay. Check it out: hit88club

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *