অপ্ৰত্যাশিত-সমীৰ কাশ্যপ বৰা
: হেৰা, দাখন ক’ত আছে?
: দাখন কিয় লাগে ?
:- ভাবিছোঁ কামলৈকে যাওঁ।
: ডাক্তৰে মানা কৰিছে, গাটো ভালকৈ সুস্থ নোহোৱালৈ ক’লৈকো যাব নোৱাৰে আপুনি। প্ৰেছাৰটোও high হৈ আছে বহুত, ঘৰখন মই চলাম নহয়।
: হ’ল বুলি লোকৰ ঘৰত তুমিনো কিমান কাম কৰিবা? লোকৰ মতাৰ লেতেৰা চাৱনিবোৰ চকু মুদি আৰু ইহঁত দুটাক সদায় কি তুমি শুদা ভাত খুৱাবা নেকি?
: পৰিস্থিতিত তেনেকৈ চলিব লাগিব, দুদিনমান হে ! সেই বুলি বেমাৰী দেহাৰে কামলৈ যাবনে?
পত্নীৰ কথালৈ আওকাণ কৰি মানুহজন কামলৈ ওলাই গ’ল, সৰু ল’ৰা-ছোৱালীহালক শুদাই ভাত কেইটা খাবলৈ দি মানুহগৰাকী কালিয়েই তিয়াই থোৱা কাপোৰখিনি ধুবলৈ গ’ল। ৰ’দটো আজি বৰ চোকা। কাপোৰখিনি মেলি অঁতাই দেখে মানুহবোৰ চোন গাঁৱৰ মূৰলৈ জুম বান্ধি ঢাপলি মেলিছে। একো বুজিব নোৱাৰি মানুহবোৰৰ পাছে পাছে মানুহগৰাকীও গ’ল। মানুহৰ ভিৰ ফালি সোমাই গ’ল ভিতৰলৈ, মানুহজনে লৰচৰ নকৰাকৈ মাটিত নিথৰ হৈ পৰি আছে।
*******

9:58 PM
সুন্দৰ