বোন্দা ককাইৰ বিয়া-জুৰি শৰ্মা
আঘোনমহীয়া ৰাতি বোন্দা ককাইৰ বিয়া
চুৰুনী নিগনি কইনা হ’ব কেনে লাগিব মজা ৷
দৰাই পিন্ধে চুৰিয়া চেলেং ডিঙিত আৰে টিলিঙা
ভৰিত বুট চকুত বিট দেখাত লাগে বেঙা।
কইনাই পিন্ধে কুৰ্তা আৰু ৰঙীন দোপাত্তা
হাতত বালা, ভৰিত হাইহিল লাগে জোতা-পোটা ৷
নাকত ফুলি, গলত মণি আৰু কাণত কেৰু
চোৱানা সখীসকল মোক কেনে লাগিছে বাৰু ৷
ৰাতি দুপৰত দৰা আহে মাদল বজাই বজাই
নিগনি কইনাক ধুনীয়াকৈ থৈছে সজাই পৰাই ৷
কঁঠালগুটিয়ানি ক’ৰবাৰপৰা আহিল ফোঁপাই -জোপাই
ভিনিহিৰ ভৰি ধুৱাবলৈ পাই আনন্দৰ পাৰ নাই ৷
শহুৰে দৰাক আদৰি নি ৰভাতলিত বহায়
কন্যা সম্প্ৰদানত ডেকা চিকাই বৰ চাং ঢুকি পায় ৷
ডালশলীয়াই থাউকতে ঘৰুৱা সাজযোৰ সলাই
আখৈ দিয়াৰ সাজযোৰ পিন্ধি ৰভাতলী শুৱায় ৷
বোন্দাই হাঁহে গোফৰ তলে কইনাক দেখা পাই
পিছে মনে কৰে উচপিচ হাঁহ, পাৰ দেখা নাই ৷
বিয়া ঘৰত ভজা মাছৰ দৰাই গোন্ধ পাই
জিভাৰ পানী ৰখাব নোৱাৰি সেপ ঢুকি পেলায় ৷
ৰভাৰ পৰাই মাৰিলে লৰ ঢপলিয়াই ঢপলিয়াই
কইনাইও চেগতে আহিলগৈ মুখত এমুঠি ভৰাই ৷
লাই হালে জালে অ’ মন তৰা
আবেলি বতাহে অ’ মন তৰা
লফা হালে জালে পাতে মন তৰা
বেঙা দৰাটো আহিল ক’ৰ পৰা ৷
উলু উলু লু লু……..
আয়তীৰ জোঁকাৰ আৰু জাত জাত বিয়া নাম
এনেহেন বিয়াখনি আৰু ক’তেনো পাম ৷
ভগা সবাহত উৰুলি দিলেহি ফেঁচা মাহী আহি
দৰা কইনাৰ কাণ্ড শুনি বোলে ত্ৰাহি ত্ৰাহি ৷
সুকলমে যেনিবা বিয়াখনি হৈ গ’ল
কইনা লৈ বৰযাত্ৰী ঘৰমুৱা হ’ল ৷
*******
