বনত ৰঙৰ মেলা : সংগীত আৰু সাহিত্যৰ এক সাৰ্থক যুগলবন্দী-ববিতা শৰ্মা

সংগীত আৰু প্ৰকৃতিৰ মাজত এক গভীৰ সম্পৰ্ক আছে। আমাৰ চাৰিওফালে থকা গছ-গছনিবোৰে প্ৰকৃতিৰ শোভা  বৰ্ধন কৰাত অৰিহণা যোগাই আহিছে । প্ৰকৃতিৰ এক নিজস্ব ৰূপ আৰু শোভা থকাৰ পাছতো গছ-গছনিবোৰেও যে সুৰ সমলয়ত ন-দীপ্তিৰে নাচি উঠিব খোজে সেইকথা জানিব পাৰিলোঁ ‘বনত ৰঙৰ মেলা’ নামৰ এখন বহু চৰ্চিত শিশু পুথিৰ যোগেদি।

দক্ষিণ-পশ্চিম এছিয়াৰ ২৬খন দেশৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যক্ৰম হিচাপে নিৰ্বাচিত হোৱা ‘বনত ৰঙৰ মেলা’ মৌচাক মামা শান্তনু তামূলীৰ অনুপম সৃষ্টি। অসমীয়া ভাষাত  শিশু-সাহিত্য ৰচনাৰে শিশুৰ মনোজগতৰ মাজলৈ সোমাব বিচৰা অনুসন্ধিৎসু লেখক তথা নিৰলস প্ৰচেষ্টাৰে শিশুৰ অপৈণত হাতৰ লেখাসমূহ পোনাই মাৰ্জিত ৰূপৰ সাহিত্যলৈ উত্তৰণ ঘটাই সেই শিশুসকলক সময়ত এজন পৈণত সাহিত্যিক কৰি গঢ়ি তোলাৰ আঁৰৰ মানুহ সকলোৰে শ্ৰদ্ধাৰ মৌচাক মামা শান্তনু তামূলীদেৱে  ২০০৮ চনত এন বি টিয়ে ত্ৰিপুৰাত আয়োজন কৰা শিশু-সাহিত্যৰ এখন কৰ্মশালাত ‘বনত ৰঙৰ মেলা’ৰ পাণ্ডুলিপি প্ৰস্তুত কৰিছিল আৰু উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰা চিত্ৰশিল্পী দুৰ্লভ ভট্টাচাৰ্যই কৰ্মশালাতে পুথিখনৰ অলংকৰণৰ যাৱতীয় কামখিনি সম্পূৰ্ণ কৰিছিল। একে সময়তে শান্তনু তামূলীদেৱে ‘জয় ইন দ্য জাংগল’ নাম দি গ্ৰন্থখনিৰ ইংৰাজী সংস্কৰণৰ কামো সমাপ্ত কৰিছিল । দুয়োখন সচিত্ৰ গ্ৰন্থ ২০০৯ আৰু ২০১০ চনত এন বি টিয়ে প্ৰকাশ কৰি উলিয়ায় । ইতিমধ্যে দুয়োখন গ্ৰন্থৰে কেইবাটাও সংস্কৰণ প্ৰকাশ হৈছে । ‘বনত ৰঙৰ মেলা’ৰ ইংৰাজী সংস্কৰণ ‘জয় ইন দ্য জাংগল’ গ্ৰন্থখন ২০১২ চনৰ পৰা ভাৰত চৰকাৰৰ ‘কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ’ (CBSE )– ৰ অধীনস্থ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ দ্ৰুতপাঠ ৰূপে অনুমোদিত হয় আৰু তেতিয়াৰে পৰা দেশৰ লাখ লাখ শিশুৰ বাবে মুনু এক চিনাকি নাম হৈ পৰে । শেহতীয়াকৈ ‘জয় ইন দ্য জাংগল’ গ্ৰন্থখনৰ লেখকৰ অনুমতি সাপেক্ষে হায়দৰাবাদস্থিত বিখ্যাত প্ৰকাশন গোষ্ঠী ‘অৰিয়েণ্ট ব্লেক ছ-ৱন’-এ  নিজস্বভাৱে প্ৰকাশ কৰি দক্ষিণ-পশ্চিম এছিয়াৰ ২৬খন দেশৰ বিদ্যালয়ত দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ অনুমতি লাভ কৰিছে।চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰপৰা আৰম্ভ হ’বলগীয়া সংশ্লিষ্ট দেশসমূহৰ নতুন শিক্ষাবৰ্ষতে গ্ৰন্থখন পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।অসমীয়া শিশুপাঠ্যৰ বিশ্বজনীন যাত্ৰাই অসমীয়া সাহিত্যৰ বাবে এক গৌৰৱময় অধ্যায়ৰ সূচনা কৰিছে।

কাজিৰঙাৰ কাষৰীয়া গাঁও এখনৰ মুনু নামৰ সৰু ল’ৰা এটিয়ে ম’হ এটাৰ পিঠিত উঠি হাবিখনৰ বাহিৰে বাহিৰে ফুৰি ফুৰোঁতে এটা ম’হৰ শিং পৰি থকা দেখে । শিঙটো  বুটলি আনি সি দেউতাকৰ হাতত দি পেঁপা এটা সাজি দিবলৈ কয়।দেউতাকে মুনুক এটা ধুনীয়া পেঁপা সাজি দিয়ে আৰু মুনুৱে সেইটো বজাবলৈ শিকে।এদিন সি পেঁপাটো বজাই বজাই আপোনপাহৰা হৈ হাবিৰ মাজ পায়গৈ।মুনুৰ পেঁপাৰ সুৰে হাবিখনলৈ পৰিৱৰ্তন আনে। গছবোৰ ফুলেৰে উপচি পৰে  পেঁপাৰ সুৰত। জীৱ-জন্তুবোৰেও নিজস্ব ধৰণেৰে মনৰ আনন্দ প্ৰকাশ কৰিলে । ঘূলি এটাত পোৱালিৰে সৈতে গঁড় এজনী দেখি মুনুৱে পেঁপাটো বজাই দিয়ে।পেঁপাৰ মাত শুনি গঁড়জনীয়ে বেজাৰ মনেৰে মুনুলৈ চালে।পেঁপা বজোৱা  সামৰি ঘৰলৈ উভতি আহি মুনুৱে হাবিৰ সকলো কথা দেউতাকৰ আগত ক’লে আৰু গঁড়জনীয়ে বেজাৰ কৰি থকাৰ কাৰণ সুধিলে।দেউতাকে  চোৰাং চিকাৰীয়ে গঁড় মাৰি খড়্গবোৰ কাটি নিয়াৰ বাবে গঁড়জনী বেজাৰ মনে আছে চাগে বুলি ক’লে।মুনুৱে দেউতাকক গঁড়বোৰক চোৰাং চিকাৰীৰ হাতৰপৰা ৰক্ষা কৰাৰ উপায় সুধিলে । দেউতাকে তাক মন কৰিলে সিহঁতক চোৰাং চিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিব পৰা যায় বুলি জনালে।পিছদিনা ম’হৰ পিঠিত উঠি সি পুনৰ গঁড়জনী চাবলৈ গ’ল। ঘূলিটোত সি গঁড়জনী নেদেখিলে।ইফালে-সিফালে চাই ওচৰৰ গাঁত এটাত সি গঁড়জনী পৰি থকা দেখিলে। কাষত পোৱালিটো।সি ততালিকে ঘৰলৈ আহি দেউতাকক গঁড়জনী গাঁতত পৰাৰ খবৰ‌ দিলে।পলম নকৰি দেউতাকে মানুহ গোটাই মুনুৰ লগত গঁড়জনীৰ কাষ পালেগৈ । মানুহবোৰে গঁড়জনী পৰি থকা গাঁতটোৰ গাতে লগাই আন এটা গাঁত খান্দি গঁড়জনীক বাহিৰলৈ ওলাই অহাৰ সুবিধা কৰি দি কিছু আঁতৰত থিয় হৈ থাকিল।গঁড়জনীয়ে কিন্তু লৰচৰেই নকৰিলে।মুনুৱে লাহেকৈ পেঁপাটো বজাই দিলে।গঁড়জনী থিয় হ’ল।মুনুৱে পেঁপাটো বজাই থাকিল।গঁড়জনীয়ে এবাৰ মুনুলৈ চালে। কাষত পোৱালিটো লৈ তাই এখোজ দুখোজকৈ গাঁতৰ পৰা ওলাই গহীন হাবিলৈ খোজ দিলে।

দেশৰ সীমা ভেদি ‘বনত ৰঙৰ মেলা’ৰ বিশ্বজনীন যাত্ৰাত পুথিখনৰ বিষয়ে ইতিমধ্যে কেইবাটাও আলোচনা বাতৰি-কাকতত প্ৰকাশ পাইছে।পুথিখনৰ বিষয়ে আলোচনা আৰু পাঠ্যপুথিৰূপে ইয়াৰ মূল্যায়ন ইতিমধ্যে আমিও কৰিছোঁ। আজি এই লেখাটোৰ জৰিয়তে পুথিখনৰ আন এটা বিশেষ দিশৰ ওপৰত আলোকপাত কৰাৰহে প্ৰয়াস কৰিছোঁ । সেই দিশটো হ’ল সাহিত্যত সংগীতৰ ব্যৱহাৰ।’বনত ৰঙৰ মেলা’ৰ কাহিনীটোৰ জৰিয়তে লেখকে শিশুসকলৰ মনত বন্যপ্ৰাণীৰ প্ৰতি সমমৰ্মিতাৰ বীজ ৰোপন কৰাৰ প্ৰয়াস কৰিছে।লগতে শিশুসকলক বন্যপ্ৰাণীৰ চোৰাং চিকাৰৰ দৰে জলন্ত সমস্যাৰ প্ৰতিও সচেতন কৰি তোলাৰ চেষ্টা কৰিছে। আমাৰ সমাজত শিপাই থকা কিছুমান অন্ধবিশ্বাস, অৰ্থলোভ আৰু মানুহৰ বিবেচনাহীনতাৰ বাবে ভালেমান বন্যপ্ৰাণী পৃথিৱীৰ বুকুৰ পৰা চিৰদিনৰ বাবে হেৰাই গৈছে।কিছুমান লুপ্তপ্ৰায় জীৱৰ তালিকাভুক্ত হৈছে। অসম গৌৰৱ এশিঙীয়া গঁড়ো লুপ্তপ্ৰায় জীৱৰ তালিকাভুক্ত এবিধ প্ৰাণী।গঁড় আমাৰ ৰাষ্ট্ৰীয় সম্পদ । ৰাষ্ট্ৰীয় সম্পদবোৰৰ ৰক্ষণাবেক্ষণ প্ৰতিজন নাগৰিকৰে মৌলিক কৰ্তব্য।শিশুসকলৰ কোমল মনত কৰ্তব্যবোধৰ বীজ ৰোপন কৰাৰ বাবেই লেখকে মুনুৰ কাহিনীভাগৰ অৱতাৰণা কৰিছে আৰু আদিৰপৰা অন্তলৈ কাহিনীভাগৰ যোগসূত্ৰ ৰক্ষাৰ বাবে সংগীতৰ সহায় লৈছে।পুথিখনত মুনুৰ হাতৰ পেঁপাটোৱে  সংগীতক প্ৰতিনিধিত্ব কৰিছে।

পেঁপা হ’ল অসমৰ এবিধ লোকবাদ্য । মূলতঃ ম’হৰ শিঙৰপৰা পেঁপা সজা হয়।পেঁপা অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ।অসমৰ জাতীয় উৎসৱ বিহুৰ এবিধ মূল বাদ্য পেঁপাৰ সুৰে এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰে।মুনুৰ পেঁপাৰ সুৰতো হাবিখনত এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি হৈছে।গছবোৰ ফুলেৰে ভৰি পৰিছে।হাতী, বাঘ,বান্দৰ,হৰিণ,চৰাই-চিৰিকতি,পানীৰ মাছ-কাছ আদিয়েও মনৰ আনন্দ প্ৰকাশ কৰিছে।কিন্তু গঁড়জনী ব্যতিক্ৰম।মুনুৰ পেঁপাৰ সুৰে তাইৰ মনত আনন্দ  দিব পৰা নাই।কাৰণ হাবিত মুকলি-মূৰীয়াকৈ ঘূৰি ফুৰিলেও প্ৰতি খোজতে তাইৰ বাবে বিপদে অপেক্ষা কৰি থাকে। মৃত্যু ভয়ে তাইক শংকিত কৰি ৰাখে।তাতে তাইৰ লগত আছে এটি কণমানি পোৱালি।জীৱনৰ অনিশ্চয়তাত তাই আন জন্তুবোৰৰ দৰে মুনুৰ পেঁপাৰ মাত‌ শুনি মনৰ আনন্দ প্ৰকাশ কৰিব পৰা নাই।বৰঞ্চ যেন বেজাৰহে পাইছে।মুনুৱে গঁড়জনী বেজাৰত থকাৰ কথা উপলব্ধি কৰিছে যদিও  কাৰণটো বুজি পোৱা নাই।সেইবাবে সি কাৰণটো দেউতাকৰ পৰা জানিবলৈ বিচাৰে।ইয়াতে লেখকে মুনুৰ মনত বন্যপ্ৰাণীৰ প্ৰতি সমমৰ্মিতা আৰু সচেতনতাৰ  বীজ ৰোপন কৰিছে আৰু গাঁতত পৰা গঁড়জনী উদ্ধাৰৰ বাবে মুনুৱে কৰা প্ৰচেষ্টাত সেই বীজৰ এক পৈণত ৰূপত বৰ্হিপ্ৰকাশ ঘটিছে।মুনুৰ পেঁপাৰ সুৰৰ লগত কাহিনীভাগ বান্ধি লেখকে অতি কৌশলেৰে কাহিনীৰ উপস্থাপন, অগ্ৰগতি আৰু সমাপ্তি ঘটাইছে। মুনুৱে হাবিত হেৰাই পোৱা শিংটোৰে পেঁপা সজাই বজাবলৈ শিকাৰে পৰা গঁড়জনী গহীন হাবিত সোমাই যোৱালৈকে সমস্ত কাহিনীভাগত পেঁপাৰ সুৰে মূল চালিকাশক্তিৰ দায়িত্ব পালন কৰিছে আৰু কাহিনী কথনত অলপো ছন্দপতন নঘটাকৈ পৰিসমাপ্তিৰ ফালে আগবঢ়াই নিছে।সেয়ে ‘বনত ৰঙৰ মেলা’ক সাহিত্যত সংগীতৰ ব্যৱহাৰৰ এক উৎকৃষ্ট নিদৰ্শন ৰূপে চিহ্নিত কৰিব পাৰি।

সংগীত  হ’ল সুৰ, তাল, লয় আৰু ছন্দৰ এক নান্দনিক বিন্যাস।ভাৰতীয় জনজীৱনত সংগীতৰ এক বিশেষ গুৰুত্ব আছে।প্ৰাচীন ভাৰতীয় সমাজ ব্যৱস্থাতো মানসিক আৰু আধ্যাত্মিক বিকাশ সাধনত সংগীত সাধনাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।সুষম আহাৰে শাৰীৰিক পুষ্টি সাধন কৰাৰ দৰে সংগীতে মানসিক পৰিপুষ্টি সাধন কৰে।মানুহৰ চিন্তা শক্তি আৰু সূক্ষ্ম অনুভূতি বিকাশ সাধনতো ইয়াৰ যথেষ্ট অৱদান আছে।মানৱ জীৱনত সংগীতৰ গুৰুত্ব উপলব্ধি কৰিয়েই প্ৰাচীন ভাৰতীয় চিন্তাবিদসকলে এনেদৰে মত পোষণ কৰিছিল…….

           সাহিত্য সঙ্গীত কলাবিহীনঃ

           সাক্ষাৎপশুঃ পুচ্ছবিষাণহীনঃ

           তৃণং ন খাদন্নপী জীৱমানঃ

           তদ্ভাগধেয়ং পৰমং পশুনাম।

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত  বিকাশ আৰু বিস্তাৰে সাম্প্ৰতিক সময়ত মানৱ জীৱনৰ সকলো দিশকে প্ৰভাৱিত কৰাৰ লগতে নতুন নতুন দিশত চিন্তা-চৰ্চাৰ বাটো মুকলি কৰিছে।এনে পৰিস্থিতিতে সংগীতক লৈয়ো নতুন নতুন চিন্তা-চৰ্চা আৰু গৱেষণাৰ বাট মুকলি হৈছে।সাম্প্ৰতিক সময়ত সংগীত কেৱল আমোদ-প্ৰমোদৰ বিষয় হৈ নাথাকি চিকিৎসা বিজ্ঞান আৰু মনোবিজ্ঞানৰো এক বিষয় হৈ পৰিছে আৰু উভয় বিষয়তে বহুল চিন্তা-চৰ্চা আৰু অনুসন্ধানৰ পথ সুগম কৰিছে।

মানুহৰ লগতে সমস্ত জীৱকুলৰ ওপৰত সংগীতৰ প্ৰভাৱৰ ইতিহাস যথেষ্ট পুৰণি বুলি চিন্তাবিদসকলে মত পোষণ কৰিছে।সংগীতৰ এক বিশেষ সন্মোহিনী শক্তি আছে  আৰু এই শক্তিৰ বাবেই সৃষ্টিৰ পাতনিৰেপৰা ধ্বনি,লয় আৰু সুৰে সমস্ত জীৱকুলৰে মন আলোড়িত কৰি আহিছে।মানৱ সভ্যতাৰ পাতনিতে সুমধুৰ ধ্বনি প্ৰয়োগৰ প্ৰমাণ পোৱা যায়।ভাষাৰ বিকাশৰ আগতে মানুহে আকাৰ-ঈংগিত আৰু ভিন্ন ধ্বনি প্ৰয়োগেৰে মনৰ ভাব প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল।নাদব্ৰহ্ম বা ধ্বনি সমস্ত বিশ্বতে বিস্তাৰিত হৈ আছে । এনে ধ্বনি দুই প্ৰকাৰৰ ………..

১) প্ৰথমটো হৈছে সুমধুৰ ধ্বনি বা সাংগীতিক ধ্বনি 

২) দ্বিতীয়টো হৈছে কোলাহল বা অসাংগীতিক ধ্বনি

সাংগীতিক ধ্বনিৰ উৎপত্তিস্থল হ’ল প্ৰকৃতি।নদ-নদীৰ অবিৰত কুলু কুলু ধ্বনি, জীৱ-জন্তুৰ কণ্ঠস্বৰ, পক্ষীৰ কাকলি ইত্যাদিৰ পৰাই সাংগীতিক ধ্বনিৰ উৎপত্তি হোৱা বুলি কোৱা হয়।এনে সাংগীতিক ধ্বনি শ্ৰৱণেন্দ্ৰিয়ৰ মাধ্যমেৰে মগজুলৈ যায় আৰু মন-হৃদয়ত ক্ৰিয়া কৰে। এনে সাংগীতিক ধ্বনিয়ে কেৱল মানুহৰ ওপৰতে নহয়, গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকতিৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে।এই প্ৰভাৱ শাৰীৰিক আৰু মানসিক উভয় দিশৰে।জীৱ-জন্তুৰ বাবে কিছুমান সংগীত শান্তিদায়ক হ’ব পাৰে।সংগীতৰ কিছুমান সুৰে সিহঁতক আনন্দিত কৰে,কিছুমানে আকৌ ক্ৰোধিত কৰে।অৱশ্যে বিভিন্ন ধৰণৰ সংগীতৰ প্ৰভাৱ বিভিন্ন জীৱ-জন্তুৰ ওপৰত বিভিন্ন ধৰণৰ হোৱা দেখা যায়।কিছুমান জীৱ-জন্তুৱে শান্ত সুৰৰ সংগীত ভালপায়, আন কিছুমানে আকৰ্ষণীয় সুৰৰ সংগীতহে পছন্দ কৰে।সংগীতৰ প্ৰতি আকৰ্ষিত হ’লে জীৱকুলে স্বাভাৱিকতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। 

সাহিত্য আৰু সংগীত উভয়েই সুকুমাৰ কলাৰ তালিকাভুক্ত কলা।সাহিত্যৰ লগত সংগীতৰ এক গভীৰ সম্পৰ্ক আছে । সংগীত সাহিত্যৰ এক গুৰুত্বপূৰ্ণ বিষয় হ’ব পাৰে।সংগীতৰ মাধ্যমেৰে সাহিত্যিক ভাৱধাৰা আৰু অনুভূতিবোৰ অধিক গভীৰভাৱে প্ৰকাশ কৰিব পাৰি। সাহিত্যত সংগীতৰ প্ৰভাৱ বিভিন্ন দিশত পৰিলক্ষিত হয় । তাৰ ভিতৰত অনুভূতিৰ গভীৰতা, ভাষাৰ লালিত্য, সাংস্কৃতিক প্ৰকাশ, ঐতিহ্যৰ সংৰক্ষণ, মানৱীয় মূল্যবোধ বিকাশ,সমাজৰ প্ৰতিফলন, সৃষ্টিশীলতাৰ বিকাশ আদি বিশেষভাৱে উল্লেখযোগ্য।বিভিন্ন সাহিত্যিকে তেওঁলোকৰ সাহিত্যত সংগীতক এক বিশেষ উপাদানৰূপে ব্যৱহাৰ কৰা দেখা যায়।শান্তনু তামূলীদেৱেও ‘বনত ৰঙৰ মেলা’ত সংগীতক সাহিত্যৰ এক কলাত্মক উপাদানৰূপে ব্যৱহাৰ কৰি অসমীয়া সাহিত্যৰ এটি নতুন দিশ উন্মোচন কৰিছে।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *