আনন্দৰ অশ্ৰু-নয়নমণি শৰ্মা

প্ৰভাতৰ প্ৰথম সুৱৰ্ণ ৰশ্মিটো যেতিয়া বন্ধ খিৰিকীৰ ফাঁকেৰে আহি ৰূপমৰ মেজত থকা  পুৰণি, ধূলিয়ৰি ডায়েৰীখনৰ ওপৰত পৰিল, সি তেতিয়াও নিদ্ৰা বিহীন চকুৰে খিৰিকীখনলৈ চাই আছিল। চকুৰ তলৰ গাঢ় ক’লা দাগবোৰে স্পষ্টকৈ কৈছিল—এইটো মাত্ৰ এটা  উজাগৰী নিশা নহয়, ইয়াৰ আঁৰত আছে বহুতো নিশাৰ স্বপ্ন, কঢ়িয়াই ফুৰা হৈছে বহু বছৰৰ নীৰৱ সংগ্ৰাম, ভাগৰ আৰু অগণন বিফলতাৰ গধুৰ ইতিহাস। ​ৰূপম আছিল এক নিভৃত গাঁৱৰ অতি সাধাৰণ ডেকা। সৰুতেই দেউতাকৰ ছাঁটো মূৰৰ পৰা আঁতৰি যোৱাৰ পিছত, জীৱনৰ কঠিন বাস্তৱৰ সৈতে সি আৰু তাৰ মাকে

Read more

হেলেন কেলাৰ (প্ৰেৰণাদায়ক কাহিনী)-কুমকুম দেৱী শৰ্মাবৰুৱা

হেলেন কেলাৰক (Helen Adams Keller) কুৰি শতিকাৰ এগৰাকী মহান মহিলা আখ্যা দিয়া হয়। তেওঁৰ জন্ম হৈছিল আমেৰিকাৰ টাচকুম্বিয়াত ১৮৮০ চনৰ ২৭ জুনত। তেওঁৰ মাকৰ নাম আছিল কেথেৰিন(Catherine Everett Adams ) আৰু দেউতাকৰ নাম আছিল হেনলি কেলাৰ(Arthur Henley Keller)।  মাত্ৰ ১৯ মাহ বয়সতে তেখেতে অসুখত ভুগি দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি দুয়োটা হেৰুৱাইছিল।তেওঁ তেতিয়াৰে পৰা সাতবছৰ বয়সলৈকে বিভিন্ন অঙ্গি-ভঙ্গীৰে মনৰ ভাব প্ৰকাশ কৰিছিল। সাতবছৰ বয়সত তেওঁ এনি ছালিভান(Anne Sullivan ) নামৰ এগৰাকী মৰমীয়াল লোকক ঘৰুৱা শিক্ষয়িত্ৰী হিচাপে পায়। তেতিয়াৰেপৰা গোটেই জীৱন এনিয়ে হেলেনক এৰি

Read more

 বিভ্ৰান্তি-কল্যাণী দেৱী গোস্বামী

কেইবাদিনো ধৰি গুণৰামৰ  বাওঁপিনৰ তলৰ দাঁত পাৰিৰ  গুৰিৰ এটা দাঁতৰ ভীষণ বিষ। যন্ত্ৰণাত বাওঁ গাল খন ফুলি পিছদিনা ৰাতিপুৱালৈ চুৰকৈ নাৰিকলৰ লাড়ু সুমুৱাই থোৱাৰ দৰে ওফন্দি কিম্ভূত-কিমাকাৰ হ’ল। তুৰন্তে ডেন্টিষ্টৰ ওচৰলৈ গৈ দাঁতটো উঠাই, জ্বৰে বিষে তিনিদিনলৈ বিছনাত পৰি থাকিল গুণৰাম । পেইন কিলাৰ খাই  বিষ কমাত দুদিন  পিছত হে গম পালে যে বিষালি দাঁতটো নিজৰ ঠাইত নিগাজীকৈ বহিয়েই আছে, কাষৰ সুস্থটোৱেহে জেগাকণ খালী কৰিলে।  *******         

Read more

নিকোলাই নসভৰ ‘শ্বিচকিন, মই আৰু বহুতো’ : এক বিশ্লেষণাত্মক আলোচনা-সংহিতা ভট্টাচাৰ্য্য

বিশ্ব শিশু-সাহিত্যৰ ইতিহাসত ৰাছিয়াৰ লেখক নিকোলাই নসভ এক অতি উজ্বল আৰু জনপ্ৰিয় নাম। শিশুৰ মনোজগত, কৌতূহল, দুষ্টামি, সৰলতা আৰু জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগীক তেওঁ নিজৰ ৰচনাত অত্যন্ত জীৱন্তভাৱে উপস্থাপন কৰিছে। তেওঁৰ ৰচনাসমূহত শিশুৰ মনোজগত, কৌতুহল, সৰলতা, দুষ্টামি আৰু জীৱনবোধৰ সুন্দৰ প্ৰকাশ ঘটিছে। ‘চিস্কিন মই আৰু বহুতো’ তেওঁৰ অন্যতম উল্লেখযোগ্য শিশু-কিশোৰ গ্ৰন্থ। তেওঁৰ ‘চিস্কিন, মই আৰু বহুতো’ গ্ৰন্থখন শিশু-কিশোৰ সাহিত্যৰ এক উল্লেখযোগ্য সৃষ্টি। এই গ্ৰন্থখনক অসমীয়া ভাষালৈ অনুবাদ কৰি নিশি বৰকটকীয়ে অসমীয়া শিশু-সাহিত্যক সমৃদ্ধ কৰিছে। অনুবাদখনৰ জৰিয়তে অসমীয়া পাঠকসকলে বিশ্ব শিশু-সাহিত্যৰ

Read more

সীতা,শকুন্তলা আৰু মই-কল্যাণী দেৱী গোস্বামী

সীতা হ’বলৈ জনকৰ সীৰলুত উঠি অহা ভূমিৰ বুকুৰ  নহয় আশ্ৰিতা মই, পবিত্ৰতাৰ অগ্নি পৰীক্ষাত  ধৰাৰ বুকু দুফাল কৰি  নিজক লুকুৱাব নোৱাৰো মই। নহওঁ মই শকুন্তলা  শগুণৰ  সুৰক্ষিত আৱেষ্টনীত  উজ্জীৱিত ,অথচ  মই পৰিত্যক্তা দুৰ্বাসাৰ অভিশাপত  পাহৰণিৰ গৰ্ভত লীন যাম  দুষ্যন্তৰ  হৃদয়স্মৃতিৰ  গভীৰতাত। গান্ধাৰী হ’ব নোখোজোঁ মই  ওৰেটো জীৱন ক’লা কাপোৰৰ   আবেষ্টনীত অন্ধ  হৈ  শত পুত্ৰৰ অকাল  বিয়োগত   চটফটাই জীৱন থেকেচিবলৈ। দ্ৰৌপদী নহওঁ মই  ভৰা ৰাজসভাত  কুলাংগাৰ দুৰ্য্যোধনৰ বস্ত্ৰহৰণৰ দম্ভালি  আৰু  অমাত মান্যবৰৰ অধোনত শিৰ  কাম্য নহয় মোৰ। ধৰ্ষিতাৰ সন্তান নহওঁ মই 

Read more

তমসো মা জ্যোতিৰ্গময়-বিজয়া শৰ্মা

“তমসো মা জ্যোতির্গময়” প্রাচীন বৃহদাৰণ্যক উপনিষদৰ এক প্ৰসিদ্ধ  মন্ত্ৰৰ এটা অংশ। ইয়াৰ অৰ্থ হৈছে…… “হে ঈশ্বৰ মোক অন্ধকাৰৰ পৰা পোহৰৰ দিশে লৈ যোৱা।”  এই বাক্যাংশৰ মাজত বহুত গভীৰ অর্থ নিহিত হৈ আছে। পোহৰ মানে অন্তৰাত্মাৰ পোহৰ। অজ্ঞানতাৰ পৰা জ্ঞান প্ৰাপ্তিৰ দিশে যাত্রা। অজ্ঞানতা প্ৰকৃততে মন আৰু আত্মাৰ অন্ধকাৰ।এই মন্ত্ৰৰদ্বাৰা আমি নিজকে প্ৰেম,সত্য আৰু বিনম্ৰতাৰ দিশে লৈ যাব পাৰোঁ। বর্তমান ভোগবাদী পৃথিৱীখনত মানৱতা, নৈতিকতা আদিৰ কোনো মূল্যয়েই নোহোৱা হৈছে। আমি যেন বর্তমান অন্ধকাৰৰ দিশে ধাবিত হৈছোঁ। কিন্তু আমাৰ ভাৰতীয় গ্রন্থসমূহে সুস্থ

Read more

জ্যোতিপ্ৰসাদৰ নাটকত জিলিকা অসমীয়া নাৰী চৰিত্ৰ, এটি আলোকপাত-উপাসা ভাগৱতী

জ্যোতিৰে জেউতিৰে অসমীয়া ভাষা সাহিত্য,সমাজ, সংস্কৃতি উজলি আছে। পুৰোধা ব্যক্তিগৰাকীয়ে নিজৰ নামটোৰ দৰেই জ্যোতিৰ্মান  কৰি গৈছে অসমীয়া সাহিত্যৰ প্ৰতিটো চুক-কোণ।  সাহিত্যৰ প্ৰতিটো খলপ তেখেতৰ কলমেৰে নিগৰা সুৰে অসমীয়াৰ কাণত লাগি হৃদয় পৰশেগৈ।  অসমৰ সাহিত্য, সংস্কৃতিৰ  প্ৰতিটো দিশ তেখেতৰ কলমৰ জ্যোতিৰে আজিও আলোকিত। জ্যোতিপ্ৰসাদ আগৰৱালা নামৰ অগৰৰ সুগন্ধিৰে অসমীয়াৰ দেহ-প্ৰাণ সুগন্ধিময়। একেধাৰে অসমীয়া ভাষা-সংস্কৃতি, গীত-মাত, নৃত্য-বাদ্য, অভিনয়, নাট্যকলা, চিত্রকলা সকলো দিশতে প্ৰতিভাশালী ব্যক্তিসকলৰ ভিতৰত তেজপুৰৰ বিখ্যাত আগৰৱালা পৰিয়ালত জন্ম গ্রহণ কৰা জ্যোতি প্ৰসাদে প্ৰতিটো সাহিত্যৰ ধাৰাত জুবুৰিয়াই গৈছে তেখেতৰ কলম। এই

Read more

‎‎সময়-মানসী শৰ্মা

জীৱনৰ চাকনৈয়াই সকলোকে দিহাদিহি নিলে ‎মাহ, বছৰলৈকেও কোনেও নেদেখাকৈ ৰ’লে। ‎জোকোৰা-জুকুৰি, চুলি টনাটনি ‎কিমান যে দ্বন্দ্ব হাই ‎নমতা-নমতি ‎সকলো যে এতিয়া সাধুকথা হ’ল ‎লগে-ভাগে এসাঁজ খাবলৈ  ‎সকলোটি একগোট হ’বলৈ ‎সময়ৰ অভাৱ হ’ল। ‎ ‎কথাবোৰ ভাবি উঠে বুকুত এটি বিষ ‎নতুন সম্বন্ধ গঢ়োঁতে পুৰণাত ‎ধৰে নেকি মামৰ। ‎আজিকালি আইৰ চোতালখনো  ‎চাপি-কুচি এধানমান হ’ল ‎জুহালখনো যে ভাগ ভাগ হ’ল। ‎ভাতৰ মজিয়াত নাই বোৱাৰীৰ ‎ফুচফুচিয়া মেল ‎চাৰিচুকৰ চাৰিজনীৰ নিমিলা হ’ল সমন্ধ। ‎ব্যস্ততাৰ দোহাই দি লভো মনত সান্ত্বনা ‎সকলোৰে মনত দোলা দি যায়  ‎মাথোঁ

Read more

অস্ত্ৰ -নন্দিতা ভাণ্ডাৰ কায়স্থ

অনলাইন ক্লাছ শেষ কৰি  কীৰ্তিয়ে কিতাপ বহী  সামৰি থ’লে। তাই দৌৰাদৌৰিকৈ মাক-দেউতাকৰ শোৱনি কোঠা সংলগ্ন বাথৰুমলৈ খোজ লৈছিল হে মাত্ৰ। ঠিক সেই সময়তে এটা মিঠা সুহুৰিৰে কলিং বেলটো বাজি উঠিল। দুৱাৰ খুলি দিয়াতকৈও বাথৰুমলৈ যোৱাটো তাইৰ বাবে যেন বেছি জৰুৰী হৈ পৰে। বহু সময় অধ্যয়নত ব্যস্ত থকা হেতুকে তাই প্ৰকৃতিৰ আহ্বানক নেওচা দি আছিল। বাথৰুমৰপৰা পৰা ওলাই দুৱাৰ খুলিবলৈ পৰ্টিকলৈ যাবলৈ খোজোঁতেই মোবাইলটো বাজি উঠে। মাকৰ কল। ফোনটো ৰিচিভ কৰিলে তাই। “কীৰ্তি মা, মোৰ নামত এমাজনৰ পাৰ্চেল এটা আহিছে নেকি

Read more

আদি গুৰুৰ প্ৰতি আমাৰ দায়বদ্ধতা আৰু কৰণীয়-বিৰিঞ্চি মহন্ত

যিটো পিতৃ-মাতৃ জনিলেক দেহ পুষিলেক অনুদিন  শতেক বৎসৰে যিটো পুত্ৰ তাৰ সুদিব নপাৰে ঋণ॥”( দশম, পদ ২১২৬) শাস্ত্ৰ বা ভাগৱতত উল্লিখিত কথা বুলিয়েই নহয়, আমাৰ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আমি যিমান যি কৰিলেও যাৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ সেয়াই হৈছে এই জগতৰ লগত আমাক পৰিচিত কৰা আমাৰ পিতৃ-মাতৃ। যাৰ অবিহনে আমাৰ অস্তিত্বৰ কোনো মূল্য নাই। মাতৃৰ গৰ্ভত স্থিতি লোৱাৰেপৰা সন্তানৰ প্ৰতি এহাল মানুহৰ মনত সপোনে পোখা মেলে। ভূমিষ্ঠ হোৱা সন্তানৰ প্ৰথম কান্দোনে তেওঁলোকৰো চকুলৈ চকুলো আনে। আনন্দৰ সমানে দুয়োজনৰে দায়িত্ব

Read more
1 2 3 4 5 81