গগণ চৌধুৰীৰ ষ্টুডিঅ’,মূল : সত্যজিত ৰায়,অনুবাদ-ৰঞ্জনা দত্ত
এটা ফ্লেট দিনৰ ভাগত দেখি পচন্দ হ’লেও, তাত গৈ নথকা পৰ্যন্ত তাৰ সুবিধা অসুবিধাসমূহ ভালদৰে ধৰিব নোৱাৰি। সুধীন চৰকাৰে ভবানীপুৰৰ এই ফ্লেটটোত থাকিবলৈ লোৱাৰ পাছৰে পৰাই এই কথাটো অনুভৱ কৰিলে। এই এটা কথাতেই ভাগ্যদেৱীয়ে এটা শুকান হাঁহি মাৰিলে; নহ’লে তেওঁ যে সুধীনৰ প্ৰতি বিশেষ প্ৰসন্না তাৰ উদাহৰণৰ অভাৱ নাই।
যিদৰে তেওঁৰ পদোন্নতিৰ কথাটোৱেই ধৰা যাওক। তেওঁ এতিয়া অফিচৰ এটা ডিপাৰ্টমেণ্টৰ হেড। ইমান সোনকালে তেওঁ ইমান ওপৰলৈ উঠাৰ কথা নহয়, হাজাৰ হওক তেওঁৰ বয়সটোতো বেছি নহয় – এই আহাৰত একত্ৰিছত ভৰি দিছে মাত্ৰ। সুধীনে ডিপাৰ্টমেণ্টৰ কান্ধলৈকে এনেয়েও উঠিছিলে। মূৰৰ ওপৰত আছিল নগেন্দ্ৰ কাপুৰ, যাৰ বয়স চল্লিশ, যিজন ওখ-পাখ, সুপুৰুষ আৰু কামত পটু। ছাঁই ৰঙৰ চাফাৰি চুট পিন্ধি অফিচত সোমালে সকলোৰে দৃষ্টি তেওঁৰ ফালে ঘূৰি যায়। সেই নগেন্দ্ৰ কাপুৰ যে হঠাতে টালিগঞ্জৰ গল্ফ ফিল্ডত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শেষ হৈ যাব সেইটো কোনেও সপোনতো ভাৱিছিলনে? এই মৃত্যুৰ পিছতেই সুধীনে দেখিলে প্ৰায় প্ৰাকৃতিক নিয়মৰ দৰেই তেওঁ কাপুৰৰ ঠাই অধিকাৰ কৰি লৈছে। এইটো অৱশ্যে কেৱল কপালৰ জোৰত নহয়; সুধীন যে এই পদৰ বাবে উপযুক্ত নহয় এই অপবাদ তেওঁক কোনেও দিব নোৱাৰে।
তাৰপাছত এই ফ্লেটতো। সুধীনৰ মাক-দেউতাকে তেওঁক সংসাৰী কৰাৰ বাবে উঠি-পৰি লাগিছে, সময়টোও ভাল, গতিকে প্ৰায় বাধ্য হৈয়েই সুধীনে সেই অৱস্থাৰ বাবে প্ৰস্তুত হ’ব লগা হৈছে। আগতে পাৰ্ক চাৰ্কাছৰ যিটো ফ্লেটত আছিল, তাৰ পাৰৰ বাহঁৰ দৰে সৰু দুটা কোঠাত সংসাৰ কৰিব নোৱাৰি। ইয়াৰোপৰি তাৰ কাষতেই আছিল এটা বিয়া-বাৰুৰ বাবে ভাৰা দিয়া ঘৰ। সকলো সময়তে গ্ৰামফোন ৰেকৰ্ডত চেহনাইৰ বিকৃত বাঁহফটা সুৰত সুধীনৰ জীৱন অতিষ্ঠ হৈ পৰিছিল। দাদালৰপৰা খবৰ পাই সুধীনে প্ৰথম যিটো ফ্লেট চাবলৈ গ’ল সেইটোৱেই হ’ল ভৱানীপুৰৰ এই ফ্লেটতো। দ্বিতীয় মহলাৰ ফ্লেট, তিনিটা বেচ ডাঙৰ ডাঙৰ কোঠা, দুটা বাথৰূম, দক্ষিণ দিশে বাৰাণ্ডা, মজিয়াত মোজাইক, খিৰিকিৰ গ্ৰীল, ফ্লেটৰ প্লেন আদি সকলোতে সুপৰিকল্পনা আৰু সুৰুচিৰ চিন। ভাৰা আঠশ টকা। সকলোতকৈ ডাঙৰ কথা ফ্লেটটোৰ মালিকৰ সতে কথাপাতি ভাৱ হ’ল তেওঁ বেচ সদাশয় লোক। সুধীনৰ আৰু দ্বিতীয় কোনো ফ্লেট চোৱা নহ’ল।
সুধীন এই ফ্লেটটোলৈ অহা দুসপ্তাহ হ’ল। প্ৰথম কেইদিন কথাটো ইমান মন দিয়া নাছিল, তাৰপিছত এদিন মাজৰাতি হঠাত টোপনি ভাঙি দেখিলে যে তেওঁৰ চকুত বাহিৰৰ পৰা লাইটৰ পোহৰ আহি পৰিছেহি। বেচ উজ্বল পোহৰ। ইমান ৰাতি ইমান পোহৰ ক’ৰপৰা আহিল? সুধীনে বিচনাৰপৰা উঠি বাহিৰৰ বাৰাণ্ডাত গৈ থিয় হ’ল। গোটেই এলেকাতো এন্ধাৰত ডূবি আছে, কেৱল এটা লাইট জ্বলি আছে ৰাস্তাৰ ওলোটা দিশৰ প্ৰাচীন অট্টালিকা এটাৰ তিনি মহলাৰ এটা কোঠাৰপৰা। খোলা খিৰিকিৰ পৰ্দাৰ ওপৰৰ পৰা চিধা আহি বাৰাণ্ডা পাৰ হৈ সুধীনৰ কোঠাত সোমাইছেহি। অকল কোঠাত নহয়, একেবাৰে সুধীনৰ বিচনাত। গাৰুটো ওলোটা ফালে লৈ শুলেও সেই পোহৰটো আহি সুধীনৰ মুখত পৰিবহি।
এইটোতো ভীষণ অসুবিধা! কোঠাতো আন্ধাৰ নহ’লে মানুহে শুব কেনেকৈ? অন্তত সুধীনে সেইটো নোৱাৰে। এইটো কি সদায়েই হ’ব নেকি?
আৰু এসপ্তাহ চোৱাৰ পিছত সুধীনে বুজিলে যে এই নিয়মৰ কোনো ব্যতিক্ৰম নাই। বাৰটা বজাৰ কিছু আগৰ পৰাই লাইটতো জ্বলে আৰু ৰাতিপুৱালৈকে জ্বলিয়েই থাকে।অথচ নিজৰ কোঠাৰ দক্ষিণ দিশৰ খিৰিকীখন বন্ধ কৰি শোৱাত সুধীনৰ ঘোৰ আপত্তি। কাৰ নো নহয় ? কলিকতাত এই এটা বস্তুৰ খুব দাম। দক্ষিণৰ খিৰিকী। বিশেষকৈ যদি তাৰ সমুখত অন্য কোনো ঘৰ নাথাকে। সেইটোও এই ফ্লেটটোৰ এটা লোভনীয় দিশ। খিৰিকীৰ সমুখত ৰাস্তাৰ সিপাৰেই হ’ল সেই পুৰণা বিশাল ঘৰটোৰ বাগিছাখন, য’ত অদূৰ ভৱিষ্যতে কোনো নতুন দালান গঢ়ি উঠাৰ কোনো সম্ভাৱনা নাই। ঘৰটো এসময়ত যে কোনো জমিদাৰৰ আছিল সেইটো দেখিলেই ধৰিব পাৰি। বহুতদিন মেৰামতি কৰা হোৱা নাই, মানুহ-দুনুহো বেছি থাকে বুলি মনে নধৰে, মাত্ৰ সেই তিনিতলাৰ কোঠাতো বাদ দি।
কিবা অজ্ঞাত কাৰণত সেইটো কোঠাত থকা মানুহ জনে গোটেই ৰাতি লাইটতো জ্বলাই ৰাখে। প্ৰথম তলাৰ ফ্লেট এটাত সোমেশ্বৰ নাগ নিজৰ ফেমিলিৰ সতে থাকে। সুধীনতকৈ চাৰিমাহমান আগেয়ে তেওঁ এই ফ্লেটটোলৈ আহিছে। বয়স প্ৰায় পছপন্ন বছৰ, বেঙ্গল ক্লাবৰ মেম্বাৰ, গধূলিৰ সময়খিনি তেওঁ ক্লাবতে কটায়। এদিন শনিবাৰে আবেলি ঘৰৰ গেটৰ সমুখত তেওঁৰ সতে সুধীনৰ দেখা হোৱাত কিছু সময় কথা বতৰা পতাৰ লোভ সামৰিব নোৱাৰিলে।
” আমাৰ ঘৰৰ সমুখৰ সিপাৰৰ ঘৰটো কাৰ কওকচোন”।
” চৌধুৰী। কিয়, কি কথা কওকচোন”।
” নাই, মানে ঘৰটোত তো বিশেষ কোনোবা থাকে চাকে বুলি ভাব নহয়, অথচ তিনিতলাৰ কোঠা এটাত সদায়েই গোটেই ৰাতি লাইট জ্বলে। সেইটো মন কৰিছেনে?”
“নাই, মন কৰা নাই”।
“আপোনালোকৰ ঘৰলৈ পোহৰ নাহে?”
“সেইটো সম্ভৱ নহয়। তেওঁলোকৰ ছাদৰ দেৱালখন সমুখত পৰেতো, সেয়ে আমি কোঠাটোৱেই দেখা নাপাওঁ”।
“খুব ৰক্ষা পৰিছে। মোৰতো ৰাতি সেই পোহৰটোৰ বাবে টোপনিয়েই নাহে”।
“ভেৰি ষ্ট্ৰেঞ্জ! শুনিছো সেইটো সেই প্ৰকাণ্ড ঘৰটোত এটা নে দুটামান প্ৰাণী থাকে। মালিক হৈছে গগন চৌধুৰী। তেওঁক খুব এটা দেখা পোৱা নাযায়। মই তো আজিলৈকে দেখা নাই। কিন্তু আছে বুলি জানো। বয়স হৈছে বোধহয়। শুনিছোঁ এসময়ত খুব ছবি – টবি আঁকিছিলে। আপুনি এটা কাম কৰক না! মানুহজনক গৈ চিধাচিধি কওকগৈ। অন্ততঃ তেওঁৰ নিজৰ কোঠাৰ খিৰিকীখনটো বন্ধ কৰি দিব পাৰিব। প্ৰতিবেশীৰ বাবে অকণমানো কনচিডাৰেচন নহ’বনে?”
যদিও সহজ নহয় এই কামটো অৱশ্যে কৰিব পৰা যায় । অনুৰোধ কৰিলেও সেইটো যে গ্ৰাহ্য হ’ব তাৰো কোনো গেৰান্টি নাই। ৰাতি সেই গগন চৌধুৰীৰ কোঠাত কি ঘটনা ঘটে?
সুধীনে বুজি পালে, পোহৰৰ বাবে টোপনি ব্যাঘাতৰ কথাটো ডাঙৰ যদিও সেই প্ৰাচীন অট্টালিকাটোৰ সেই কোঠাটোত কি ঘটে সেইটো জনাৰ আগ্ৰহটোও তাতোকৈ কম নহয়! তেওঁৰ বন্ধু মহিম ৰেছৰ ময়দানলৈ অহা-যোৱা কৰে, তেওঁৰ এটা ডাঙৰ বাইনোকুলাৰ আছে। সেইটোৰে চালে কিবা গম পোৱা যাব নেকি? বাইনোকুলাৰৰ দৰকাৰ এইবাবেই যে কোঠাতো একেবাৰে ওচৰত নহয়, চৌধুৰীৰ ঘৰটো ঠিক ৰাস্তাৰ ওপৰতে নহয়। দেৱাল পাৰ হৈ সমুখত ভালেখিনি খালি ঠাই আছে। সেইখিনি ঘৰৰ বাগিছাৰে অংশ। এই দুৰত্বৰ উপৰিও আৰু দুৰত্ব আছে, কাৰণ তিনিতলাৰ কোঠাটো ছাদৰ কিছু অংশ এৰি পিছৰ ফালে।
মহিমৰ বাইনোকুলাৰটোৰ সহায়ত খিৰিকীখন বহুত কাষলৈ আহিল, কিন্তু পৰ্দাৰ ওপৰেৰে কোঠাৰ দেৱালৰ কিছু অংশ বাদ দি একো দেখা নগ’ল। চিলিঙৰ পোহৰত দেৱালত ওলোমাই থোৱা আৱক্ষ প্ৰতিকৃতিৰ দুখন তৈলচিত্ৰৰ কিছু অংশ দেখা পোৱা গৈছে। এইটো কি তেন্তে শিল্পীৰ কোঠা? এইটোৱেই কি মানুহজনৰ ষ্টুডিঅ’ আছিল? কিন্তু তাত কি কোনো মানুহ নাই?
আছে ,আছে। এইমাত্ৰ খিৰিকীৰ পৰ্দাত ছাঁ পেলাই এটা মূৰ্তি সোঁ ফালৰপৰা বাওঁ ফাললৈ গুছি গ’ল। কিন্তু ছাঁটোৰ দ্বাৰা মানুহটো চিনি পোৱা নগ’ল। পৰ্দাৰ ওপৰত পৰা পোহৰটো কমি যোৱাৰ লগে লগে তাৰ স্বচ্ছতাও বহুতখিনি কমি গৈছে।
প্ৰায় পোন্ধৰ মিনিটমান চোৱাৰ পিছত সুধীনৰ ভাগৰ লাগিল। যিকণ টোপনিৰ সম্ভাৱনা আছে ল’ৰা ধেমালি কৰি সেইখিনিও তেওঁ কি নষ্ট কৰিব?
বাইনোকুলাৰটো টেবুলৰ ওপৰত থৈ সুধীন শুই পৰিল। কি কৰা উচিত তেওঁ মনে মনে প্ৰায় ঠিক কৰি পেলালে।
চিধাচিধি গৈ গগন চৌধুৰীৰ লগত দেখা কৰিব লাগিব। তেওঁৰ কোঠাৰ উত্তৰ দিশৰ খিৰিকীখন বন্ধ কৰি থ’বলৈ তেওঁক ক’ব। এনেকৈ কাম নহ’লে এই অৱস্থাটোৰ লগত সুধীনে নিজকে খাপ খুৱাই ল’ব লাগিব। গগন চৌধুৰী মানুহজন কেনেকুৱা, সেইটো কথা জনা থাকিলে ভাল হ’লহেঁতেন। ওচৰ চুবুৰীয়াৰ পৰা অপমানসূচক ব্যৱহাৰ হজম কৰা খুব টান, তেওঁ যিমানেই বয়সীয়াল লোক নহওক কিয়। এই ক্ষেত্ৰত বিপদ গাত পাতি লোৱাৰ বাহিৰে কোনো গতি নাই।
গেটখন খোলা আৰু দাৰোৱান নাই যেন দেখি সুধীনৰ কিছু আচৰিত লাগিল; কিন্ত প্ৰথম বাধা ইমান সহজতে অতিক্ৰম কৰিব পাৰি মনটো যথেষ্ট সকাহ বোধ কৰিলে। তেওঁ ৰাতিয়েই যোৱাটো ঠিক কৰিলে, কাৰণ মানুহজনে চাব খুজিলে পোহৰটো কেনেকৈ তেওঁৰ কোঠাত পৰে সেইটো দেখুৱাই দিব পাৰিব।
ভৱানীপুৰৰ ভদ্ৰ পাৰাটো জাৰকালি ৰাতি এঘাৰটা বজাতে নিস্তব্ধ হৈ পৰিছে। যোৱাকালি পূৰ্ণিমা আছিল। চৌধুৰীবাড়ীৰ ঘাঁহ বনেৰে পৰিপূৰ্ণ বাগিছা খনৰ সকলো বিলাকেই জোনৰ পোহৰত স্পষ্টকৈ জিলিকি আছে। এটা মাৰ্বলৰ নাৰী মূৰ্তিক সোঁফালে ৰাখি সুধীনে পুৰণি দাগ চাগ লগা গাড়ী বাৰান্দাখনৰ ফালে আগুৱাই গ’ল। এতিয়াও তিনিতলাৰ কোঠাটোত লাইট জ্বলা নাই। কপাল ভাল হ’লে গগন চৌধুৰীক হয়তো তলতো পোৱা যাব পাৰে।
মূল দৰজাখনত খটখটোৱাৰ কেই চেকেণ্ডমানৰ পিছতে এজন ভৃত্য স্থানীয় প্ৰৌঢ় লোকে দৰজা খূলি প্ৰশ্ন কৰিলে- ” কাক বিচাৰিছে?”
“চৌধুৰী মহাশয়- গগন চৌধুৰী- তেওঁ কি শুলেই নেকি?”
“নাই “।
তেওঁৰ সতে এবাৰ দেখা কৰিব পৰা যাবনে? মোৰ নাম সুধীন চৰকাৰ। মই সেই সমুখৰ ঘৰটোত থাকোঁ। বিশেষ কাম এটাৰ বাবে আহিছো”।
কাম কৰা মানুহজন ভিতৰলৈ গৈ আকৌ আধা মিনিটৰ ভিতৰতে ঘূৰি আহিল-
“আপুনি আহক”।
সকলোবোৰ কাম যে ইমান সহজেই হৈ গৈছে- এইটো তো খুব আচৰিত!”
সুধিনে ভিতৰত সোমাই এটা লেণ্ডিঙ পাৰ হৈ বহা কোঠালীৰ ভিতৰত সোমালগৈ।
” বহক”।
খিৰিকিৰে জোনৰ পোহৰ এচকল সোমাই আহি চোফাৰ ওপৰত পৰিছেহি। সেইবাবে সুধীনে সেইখন দেখা পাই তাতে গৈ বহিলগৈ। কামকৰা মানুহজনে লাইটতো জ্বলাই থৈ নগ’ল কিয়? এতিয়াতো এলেকাটোত লোডশ্বেডিং চলি থকা নাই!
এইবাৰ কোঠাটোৰ চাৰিওফালে চকু ফুৰাই সুধীনৰ হৃদস্পন্দন যেন চাওঁতে চাওঁতে দুগুণ বাঢ়ি গ’ল।
তেওঁ কি কোঠা ভৰ্তি মানুহৰ মাজত সোমাই পৰিলেহি নেকি? তেওঁক আগুৰি ধৰি কোনে চাই আছে তেওঁৰ ফালে?
প্ৰায় অন্ধকাৰ কোঠাটোৰ পোহৰখিনিৰ লগত আৰু অকণমান অভ্যস্ত হৈ সুধীনে বুজিব পাৰিলে যে যিয়ে তেওঁৰ ফালে চাই আছে সেইবোৰ মানুহ নহয়, মুখা। প্ৰত্যেকটো চকুৰ চাৱনি যেন তেওঁৰ ফালেই স্থিৰ হৈ আছে। এইবোৰ মুখা যে এই দেশৰ নহয় সুধীনে সেইটোও বুজিব পাৰিলে। দেখি ভাৱ হয়, তাৰ অধিকাংশই আফ্ৰিকাৰ, দুখনমান দক্ষিণ আমেৰিকাৰো হ’ব পাৰে।
সুধীনে এসময়ত খুব ভাল ছবি আঁকিছিল। দেউতাকৰ আপত্তি নথকা হ’লে হয়তো সেইটোকেই জীৱিকা হিচাবে ল’লেহেঁতেন। হাতৰ নানা ধৰণৰ কামৰ প্ৰতি তেওঁৰ এতিয়াও যথেষ্ট কৌতূহল আছে।
সুধীনে মনে মনে নিজৰ সাহসৰ প্ৰশংসা নকৰি নোৱাৰিলে। আন্ধাৰ কোঠা এটাত মুখাবোৰৰ সতে,এই ভৌতিক পৰিবেশত বহুতৰেই দাঁতে দাঁতে লাগি থৰথৰাই উঠিলে হেঁতেন।
কোঠাটোত কেতিয়ানো কোনোবা এজন আহি সোমালেহি সুধীনে গম নাপালে। এটা গলগলীয়া মাতেৰে সোধা প্ৰশ্নত উচপ খাই ঘূৰি চাওঁতে চোফাত বহি থকা মানুহজন দেখিলে।
“ইমান ৰাতি?”
সুধীনে হাত দুখন প্ৰায় যন্ত্ৰৰ দৰে সমুখলৈ তুলি নমস্কাৰ কৰি কিবা এটা কবলৈ গৈও নোৱাৰিলে।
এওঁ যে অভিজাত পৰিয়ালৰ সন্তান তাত কোনো সন্দেহ নাই। গাত লৈ থকা সুৰুচিপূৰ্ণ এৰী চাদৰখনেই তাৰ প্ৰমাণ- কিন্তু গাৰ ৰঙটো ইমান ৰক্তহীন ঢেলা হালধীয়া আৰু চকুৰ চাৱনিত এনেকুৱা অস্বাভাৱিক তীক্ষ্ণতা সুধীনে আগতে কেতিয়াও দেখা নাছিল। এনেকুৱা এজন মানুহৰ সতে প্ৰথম দৰ্শনত কাৰো মুখেৰে চাগৈ পটককৈ একো কথা নোলাব।
মানুহজনে নিস্পলক দৃষ্টিৰে সুধীনৰ ফালে চাই আছে। নিজকে প্ৰকৃতিস্থ কৰিবলৈ সুধীনৰ প্ৰায় এক মিনিট সময় লাগিল। তাৰপিছত তেওঁ মুখ খুলিলে-
“মই এটা, মানে, অভিযোগ জনাবলৈ আহিছো, বেয়া নাপায় যেন। আপুনিয়েই গগন চৌধুৰী নহয় জানো?”
মানুহজনে মাত্ৰ এবাৰ মূৰটো দুপিয়াই জনাই দিলে যে তেঁৱেই সেই মানুহজন। বহল কপালখনৰ তিনিওফালে থকা সিংহৰ কেশৰৰ দৰে আধাপকা চুলি দেখি ভাৱ হ’ল মানুহজনৰ বয়স পয়ষষ্ঠি বছৰৰ কম নহয়।
সুধীনে কৈ গ’ল-
“মোৰ নাম সুধীন্দ্ৰ নাৰায়ণ সৰকাৰ । মই সমুখৰ ঘৰটোৰ দ্বিতীয় তলাৰ ফ্লেট এটাত থাকো। আচলতে কথাটো হ’ল- আপোনাৰ তিনিতলাৰ কোঠাটোৰ লাইটতো গোটেই ৰাতি জ্বলি থাকে বাবে মোৰ খুব অসুবিধা হয় ।পোহৰটো চিধা আহি মোৰ মুখৰ ওপৰতে পৰে। যদি আপোনাৰ খিৰিকীখন বন্ধ কৰি ৰাখিব পাৰে! নহ’লে মোৰ ৰাতি টোপনি খতি হয়। গোটেই দিনটো অফিচত কাম কৰি ৰাতি শুব নোৱাৰিলে….”
মানুহজনে তেতিয়াও সুধীনৰ ফালে একেথৰে চাই আছে। এই কোঠাটোৰ কোনো লাইটেই নজ্বলে নেকি?
অগত্যা সুধীনেই আকৌ মুখ খুলিলে। কথাটো আৰু কিছু স্পষ্টকৈ বুজাই কোৱা দৰকাৰ।
“মই যদি খিৰিকীখন বন্ধ কৰোঁ তেতিয়া পোহৰ নাহে ঠিকেই, কিন্তু দক্ষিণৰ খিৰিকীখন সেইকাৰণে…..”
“আপুনি খিৰিকী বন্ধ কৰিব নালাগে”।
“কি কৈছে?”
“ময়েই কৰিম”।
সুধীনৰ বুকুৰপৰা যেন এটা ডাঙৰ বোজা নামি গ’ল।
“অহ্, তেতিয়াহ’লেতো কথাই নাই! ধন্যবাদ। “
“আপুনি যাবলৈ ওলালে?”
সুধীনে যাবলৈ উঠিছিল ঠিকেই কিন্তু মানুহজনৰ প্ৰশ্নটোত কিছু অবাক হৈ আকৌ বহি পৰিল-
“ৰাতি বহুত হ’লতো! আৰু আপুনিও নিশ্চয় শুবলৈ যাব”।
“মই ৰাতি নোশোওঁ”।
মানুহজনৰ চকুৰ দষ্টি সুধীনৰপৰা এডাল চুলি মানো আঁতৰা নাই।
“লেখা-মেলা কৰে চাগৈ? সুধীনে বহি যোৱা মাত এটাৰে সুধিলে। এইটো পৰিবেশত গগন চৌধুৰীৰ সঙ্গ যে খুব স্বস্তিকৰ নহয়, সেইটো স্বীকাৰ কৰিবই লাগিব।
“নাই”।
“তেন্তে”?
“ছবি আঁকো।”।
সুধীনৰ মনত পৰিল বাইনোকুলাৰেৰে কোঠাটোৰ বেৰত পেইন্টিঙ দেখি ভাৱ হৈছিল সেইটো চিত্ৰকৰৰ ষ্টুডিঅ’ হ’ব পাৰে। এওঁ এসময়ত ছবি আঁকিছিল বুলি নাগ মহোদয়েও কৈছিল।
“তাৰমানে সেই কোঠাতো আপোনাৰ ষ্টুডিঅ’?”
“ঠিকেই ধৰিছে”।
“কিন্তু সেইটো কথা বোধহয় পাৰাটোৰ বিশেষ কোনেও নেজানে”?
গগন চৌধুৰীয়ে এটা শুকান হাঁহি মাৰিলে।
“আপোনাৰ হাতত সময় আছে?”
“সময় মানে….”
“থাকিলে কেইটামান কথা ক’ব পাৰো। বহুতদিনৰ পৰা জমা হৈ থকা কথা। কাকো কেতিয়াও কোৱাৰ সুযোগ পোৱা নাই”।
সুধীনে অনুভৱ কৰিলে, মানুহজনৰ অনুৰোধ উপেক্ষা কৰাৰ ক্ষমতা তেওঁৰ নাই।
“কওক”।
“পাৰাৰ মানুহে নেজানে কাৰণ কাৰো জনাৰ আগ্ৰহ নাই। এজন মানুহে গোটেই জীৱনটো শিল্পচৰ্চা কৰি গ’ল কিন্তু সেই লৈ কাৰো কোনো কৌতূহল নাই। এসময়ত যেতিয়া একজিবিশ্যন কৰিছিলোঁ , তেতিয়া কোনোবা কোনোবা আহি চাইছিলহি, কম
বেছি পৰিমানে সুখ্যাতিও লাভ কৰিছিলোঁ। কিন্তু যেতিয়া বতাহৰ সোঁত সলনি হ’বলৈ আৰম্ভ কৰিলে, মানুহৰ যিবোৰ ছবি তেজ-মঙহৰ ছবি যেন লাগিছিল সেইবোৰৰো আদৰ নোহোৱা হ’ল। তাৰপিছত মই নিজকে সামৰি-সুতৰি ল’লোঁ। নতুনৰ জয় গান গাই উৰি ফুৰিবলৈ মই শিকা নাই। মনে মনে ডাঃ ভিঞ্চিক গুৰু বুলি মানি লৈছিলো; এতিয়াও তেৱেঁই মোৰ গুৰু”।
“আপুনি…কিহৰ ছবি আঁকে ?”
“মানুহৰ”।
“মানুহৰ?”
“পোৰ্ট্ৰেট”।
“মনৰপৰা?”
“নহয়। মই সেইটো নোৱাৰো। শিকা নাই। মোৰ সমুখত কোনোবা আহি নবহিলে মই ছবি আঁকিব নোৱাৰো”।
“এই মাজৰাতি? “
“আহে। মডেল আহে। চিটিং দিয়ে। সদায়েই আহে”।
সুধীনে কিছুসময় হতভম্ব হৈ বহি থাকিল। এইবোৰ কি ধৰণৰ কথা কৈছে মানুহজনে? এইবোৰ শুনিবলৈ যে পাগলৰ প্ৰলাপ যেন লাগিছে!
“বিশ্বাস হোৱা নাই!” গগন চৌধুৰীৰ ওঁঠৰ কোণত এইবাৰ এটা পৰিস্কাৰ হাঁহিৰ ৰেশ দেখা গ’ল। সুধীনে কি ক’ব একো ধৰিব নোৱাৰিলে।
“আহক মোৰ লগত”।
সুধীনে এই আদেশো অমান্য কৰিব নোৱাৰিলে। মানুহজনৰ চকুত আৰু কথাত এটা সন্মোহিনী শক্তি আছে, সেইটো মানি লবই লাগিব।তেওঁৰ নিজৰো যে কৌতূহল হোৱা নাই তেনে নহয়। মানুহজনে কেনেকুৱা চিত্ৰ আঁকে? মাজৰিতি চিটিঙ দিবলৈ কোন আহে ? তেওঁলোকক কেনেকৈ বিচাৰি উলিয়াই?
“প্ৰথম কথা মোৰ ষ্টুডিঅ’ বাদ দি ঘৰটোৰ ক’তো ইলেকট্ৰিচিটি নাই”। কেৰাচিন তেলৰ লেমৰ পাতল হালধীয়া পোহৰত কাঠৰ চিৰি বোৰেৰে ওপৰলৈ উঠি যাওঁতে মানুহজনে ক’লে–
“বাকি চব কানেকচন কাটি দিছোঁ।”
আচৰিত কথা এয়ে যে লেন্ডিং, চিৰিৰ দেৱাল, বহাঘৰ- ক’তো এখনো পেইন্টিঙ নাই। সকলোবোৰ কি মানুহজনে ষ্টুডিঅ’তে জমা কৰি থৈছে?
তিনিতলালৈ উঠি বাওঁফালে ঘূৰিলেই সমুখত এখন দৰজা। সেই কোঠাটোলৈ সুধীনক লৈ সোমাই গৈ দৰজাখন আকৌ বন্ধ কৰি দি বাওঁফালৰ দেৱালখনত চুইচ এটা টিপি দিওঁতেই উজ্বল পোহৰেৰে কোঠাতো ভৰি পৰিল।
এইটোৱেই যে ষ্টুডিঅ’ সেইটো আৰু নক’লেও হয়। ছবি অঁকাৰ সকলো সা-সজুলি ইয়াত আছে। কোঠাটোৰ এফালে লাইটৰ ঠিক তলতে ইজেলত এখন বগা কেনভাছ লগাই থোৱা আছে। তাত নতুন চবি অঁকা হ’ব সেইটো দেখিয়েই ধৰিব পাৰি।
ছবি অঁকাৰ সা-সজুলিবোৰৰ বাহিৰে যিটো বস্তু আছে সেইটো হ’ল দেৱালত ওলোমাই থোৱা আৰু মজিয়াত দ’মাই থোৱা পোট্ৰেইট। অতি কমেও এশমানতো হ’বই। মজিয়াত থকাবোৰ আগুৱাই গৈ হাতত তুলি লৈ নাচালে গম পোৱা নাযাব। যিবোৰ চকুৰ আগত দেখা গৈছে সেইবোৰ হ’ল দেৱালত ওলোমাই থোৱা পোট্ৰেইটবোৰ। বেছিভাগেই মতা মানুহৰ পোট্ৰেইট। সুধীনে তেওঁৰ অভিজ্ঞ চকুৰে চাই বুজিলে কিছু পুৰণি ষ্টাইলেৰে অঁকা ছবিবোৰত যথেষ্ট দক্ষতাৰ চিন আছে। ইয়াতো সুধীনৰ ভাব হ’ল যেন তেওঁ বহুত জীৱন্ত মানুহৰ ভীৰত সোমাই পৰিছেহি- আৰু সকলোৱে তেওঁৰ ফালেই চাই আছে- অতি কমেও পঞ্চাশ যোৰ চকুৱে।
কিন্তু এওঁলোক কোন? দুই এখন মুখ চিনা চিনা যেন লাগিছে হয়, কিন্তু-
“কেনেকুৱা লাগিছে?” গগন চৌধুৰীয়ে প্ৰশ্ন কৰিলে।
“খুব উচ্চমানৰ কাম”। সুধীনে স্বীকাৰ কৰিবলৈ বাধ্য হ’ল।
“অথচ অয়ল পেইন্টিঙত পোট্ৰেইট অঁকাৰ নিয়ম টোৱেই লোপ পাই গৈছে। তাত আমাৰ দৰে শিল্পীবোৰৰ কি দশা হয় ভাবি চাইছেনে?”
“কিন্তু এইটো কোঠালৈ আহিতো ভাব হোৱা নাই যে আপোনাৰ কামৰ কিবা অভাৱ হৈছে বুলি।”
“কি যে কৈছে! এয়াতো এতিয়াৰ কথা! এসময়ত পোন্ধৰ বছৰ ধৰি সমানে কাগজত বিজ্ঞাপন দি গৈছিলোঁ – এজন মানুহেও সঁহাৰি দিয়া নাছিল। শেষত বাধ্য হৈ বন্ধ কৰি দিছিলো”।
“তাৰপাছত? আকৌ আঁকিবলৈ আৰম্ভ কৰিলে কেনেকৈ?”
“অৱস্থাৰ পৰিৱৰ্ত্তনৰ ফলত”।
সুধীনে আৰু একো কথা নকলে, কাৰণ তেওঁৰ সম্পূৰ্ণ মন এখন ছবিৰ ফালে। ইতিমধ্যে তেওঁ তিনিজনক চিনি পাইছে। এজন চাৰি মাহমান আগতে ঢুকাইছে। বিখ্যাত গায়ক অনন্তলাল নিয়োগী। আঠ বছৰমান আগেয়ে সুধীনে গানৰ আসৰত বহি তেওঁৰ গান শুনিছে।
দ্বিতীয়জন হৈছে অসীমানন্দ স্বামী – এসময়ত স্বদেশী আন্দোলন কৰি পিছত সন্যাসী হৈ গৈছিল। তেওঁৰো কেইবছৰমান আগতে মৃত্যু হৈছে। কাকতত ফটো ওলাইছিল, সুধীনৰ মনত আছে।
তৃতীয় ব্যক্তিজন হ’ল, এয়াৰ ইণ্ডিয়াৰ এজন বঙালী পাইলট কেপ্টেন চক্ৰবৰ্তী। লণ্ডনলৈ যোৱাৰ পথত বোয়িং দুৰ্ঘটনাত আঢ়ৈশ যাত্ৰীৰ সতে এওঁৰো তিনিবছৰ আগতে মৃত্যু হৈছিল। সুধীনে যে কেৱল ছবি দেখি এওঁক চিনি পালে তেনে নহয়; এবাৰ অফিচৰ কামত ৰোমলৈ যোৱাৰ পথত প্লেনৰ ককপিটত এওঁৰ সতে কথা বতৰা হৈছিল।
সুধীনে এটা প্ৰশ্ন নকৰি নোৱাৰিলে-
“এওঅঁলোকে কি কেৱল পোট্ৰেইট কৰাবৰ বাবেই আহিছিলে? সেই ছবি নিজে কেতিয়াও নিনিলে?”
গগন চৌধুৰীক সুধীনেএই প্ৰথম ডাঙৰকৈ হঁহা শুনিলে।
“নাই মিষ্টাৰ সৰকাৰ, এওঁলোকৰ পোট্ৰেইটৰ কোনো দৰকাৰ নাছিল। এইবোৰ কেৱল মোৰ ব্যক্তিগত সংগ্ৰহৰ বাবে অঁকা”।
“আপুনি ক’ব বিচাৰিছে যে সদায়েই কোনোবা নহয় কোনোবা এজন আহি আপোনাক চিটিং দিয়েহি?”
“সেইটো আৰু কিছু সময় থাকিলেই দেখিবলৈ পাব। আজিও মানুহ এজন আহিব”।
সুধীনৰ মূৰটো যেন ক্ৰমান্বয়ে পাক খাবলৈ ধৰিছে।
“কিন্তু এওঁলোকৰ সতে যোগাযোগটো কেনেকৈ-?”
“ৰ’ব, আপোনাক বুজাই দিছো। মোৰ চিষ্টেমটো অকণমান বেলেগ।”
গগন চৌধুৰীয়ে ৰেকৰপৰা এখন বেচ ডাঙৰ বহী নমাই সুধীনৰ ফালে লৈ আহিলে।
“এইখন খুলি চাওকচোন ইয়াত কি আছে”।
লাইটৰ পোহৰৰ তলত সুধীনে বহীখন খুলিলে।
বহীখনৰ প্ৰতিখন পাততে আঠাৰ সহায়ত খবৰ কাকতৰ পৃষ্ঠাৰ পৰা কটা মৃত্যু সংবাদবোৰ লগাই থোৱা আছে । বহুত খবৰৰ সতে ফটোও আছে। সুধীনে দেখিলে কিছুমান কাটিঙৰ কাষত পেঞ্চিলেৰে চিন দিয়া আছে।
“পেঞ্চিলৰ দাগ থাকিলে বুজিব লাগিব যে তেওঁলোকৰ ছবি অঁকা হৈ গৈছে”। গগন চৌধুৰীয়ে ক’লে।
“কিন্তু তেওঁলোকৰ সতে যোগাযোগটো কেনেকৈ কৰে সেইটো -“
গগন চৌধুৰীয়ে সুধীনৰ হাতৰপৰা বহীখন লৈ আকৌ সেইখন ৰেকত থৈ দিলে। তাৰপিছত ঘূৰি আগুৱাই আহি ক’লে-
“সেইটো সকলোৱে নোৱাৰে, মই পাৰোঁ । এইটো চিঠি বা টেলিফোনৰ কাম নহয়। এওঁলোক য’ত আছে তাততো আৰু টেলিফোন নাই বা চিঠি বিলোৱা ব্যৱস্থাও নাই। এওঁলোকৰ বাবে অন্য ব্যৱস্থাৰ দৰকাৰ হয়।”
সুধীনৰ হাত-ভৰি একেবাৰে ঠাণ্ডা, ডিঙি শুকাই কৰ্কৰীয়া। তথাপিও এটা প্ৰশ্ন নকৰিলেই নহয়।
“আপুনি ক’ব বিচাৰিছে নেকি যে এই সকল লোকৰ পোট্ৰেইট কৰা হৈছে এওঁলোকৰ মৃত্যুৰ পিছত?”
“মৃত্যুৰ আগতে এওঁলোকৰ খবৰ পাম কেনেকৈ সুধীনবাবু? মইনো কোলকাতাৰ কেইজন মানুহক চিনি পাওঁ? মৃত্যু নহ’লেতো তেওঁলোক নিজৰ গণ্ডীৰ বাহিৰলৈ ওলাব নোৱাৰে। একমাত্ৰ মৃত ব্যক্তিয়েইতো হৈছে মুক্ত, সম্পূৰ্ণ স্বাধীন। তেওঁলোকৰ সময়ৰো অভাৱ নাই, ধৈৰ্য্যৰো অভাৱ নাই। ছবিখন যেতিয়ালৈকে নিখুঁতভাৱে হৈ নুঠে তেতিয়ালৈকে সৌ চকীখনত একেথৰে বহি থাকে।”
ঢং ঢং ঢং-
ৰাতিৰ নিস্তব্ধতা ভেদ কৰি এটা ঘড়ী বাজি উঠিল। চিৰিৰ কাষত সুধিনে যিটো ঘড়ী দেখিছিল সেইটোৱেই বোধহয়।
“বাৰটা ” গগন চৌধুৰীয়ে ক’লে — “এইবাৰ আহিব।”
“কোন?”- সুধীনৰ মাতটো অসম্ভৱ শুকান আৰু চেপা। তেওঁৰ মূৰটো ভমভমাবলৈ ধৰিছে।
“আজি যিজন বহিব তেওঁ। সেইয়া তেওঁৰ ভৰিৰ শব্দ।”
সুধীনৰ শ্ৰৱনশক্তি এতিয়াও হেৰুৱা নাই, সেইবাবে তেওঁ স্পষ্টকৈ শুনিবলৈ পালে, কোঠাৰ বাহিৰৰ তলত জোতাৰ শব্দ।
“চাওকহি আহক”- গগন চৌধুৰী কাষৰ এখন খিৰিকিৰ ফালে আগুৱাই গ’ল।
“মোৰ কথা বিশ্বাস নহ’লে আহি চাওকহি।”
এইটোও কি সেই সন্মোহিনী শক্তি? যন্ত্ৰচালিতৰ দৰে সুধীন আগুৱাই গৈ গগন চৌধুৰীৰ কাষত থিয় হৈ তললৈ দৃষ্টি নিক্ষেপ কৰিলে। তাৰপিছত তেওঁ গম নোপোৱাকৈ ডিঙিৰপৰা এটা আৰ্তস্বৰ ওলাই আহিল –
“এওঁক যে চিনি পাওঁ!”
সেই দীপ্ত মিলিটেৰী ভঙ্গী, সেই ওখ-পাখ চেহেৰা, সেই ছাঁই ৰঙৰ চাফাৰী চুট।
এৱেঁই আছিল সুধীনৰ বছ- নগেন্দ্ৰ কাপুৰ।
সুধীনৰ মূৰটো ঘূৰাবলৈ ধৰিছে। নিজকে স্থিৰ ৰাখিবৰ বাবে তেওঁ ইজেলখন খামুচি ধৰিলে।
চিৰিৰে জোতাৰ শব্দ ওপৰলৈ উঠি আহিছে। কাঠৰ চিৰিত ক্ৰমাত বাঢ়ি অহা জোতাৰ শব্দই গোটেই ঘৰটো গমগমাই উঠিছে। এইবাৰ শব্দটো ৰ’ল।
নিশব্দতাৰ মাজত গগন চৌধুৰীয়ে আকৌ কথা কবলৈ আৰম্ভ কৰিলে।
“যোগ স্থাপনৰ কথা সুধিছিলে নহয় সুধীনবাবু ? ভেৰি চিম্পল- এইদৰে হাতবাউল দিলেই গুছি আহে!”
সুধীনে বিস্ফাৰিত চকুৰৈ দেখিলে এৰি চাদৰৰ তলেৰে গগন চৌধুৰীৰ সোঁ হাতখন সমুখলৈ ওলাই আহিছে। সেই হাতত ছাল মাংস একো নাই- কেৱল হাড়।
“যি হাতেৰে মাতা, সেই হাতেৰেই অঁকা।”
জ্ঞান হেৰুওৱাৰ আগ মুহূৰ্তত সুধীনে শুনিলে, ষ্টুডিঅ’ৰ বন্ধ দৰজাত বাহিৰৰপৰা
খট-খট- খট– খট- খট- খট- কৰা শব্দ।
খট- খট- খট, খট- খট-খট-
“দাদা! দাদা!”
হঠাতে জোকাৰ এটা খাই হঠাতে টোপনিটো ভাঙি ৰাতিপুৱাৰ উজ্বল ৰ’দত মেলখোৱা চকুটো আকৌ লগে লগে বন্ধ কৰি দিব লগা হ’ল। বাপৰে- কি ভয়ানক সপোন!
“দাদা দৰজা খোলক! দাদা!”
ঘৰুৱা সহায়কাৰী ল’ৰা অধীৰৰ মাত।
“এক মিনিট ৰ’।”
সুধীনে বিচনা এৰি আগুৱাই গৈ দৰজাৰ চিটিকনি খুলি দিলে। অধীৰৰ মুখত চিন্তাৰ চাপ।
“আপুনি ইমান দেৰিলৈকে-“
“জানো। টোপনিটো অকণমান বেছি হৈ গ’ল।”
“ঘৰৰ সমুখত ইমান হুলস্থুল, একো গম পোৱা নাই?”
“হুলস্থুল?”
“চৌধুৰী বাড়ীৰ মালিক জন যোৱা ৰাতি ঢুকালে। গগনবাবু। চৌৰাশী বছৰ বয়স হৈছিল। বহুতদিন ধৰি বেমাৰত পৰি আছিল। কোঠাটোত ৰাতি লাইট জ্বলা থাকে দেখা নাই?”
“তই জানিছিলি তেওঁৰ অসুখ বুলি?”
“নেজানিমনে? তেওঁলোকৰ কামকৰা মানুহ ভগীৰথ, তাকতো মই সদায়েই বজাৰত লগ পাওঁ।”
“চেহ্, মিছাতে !”
*******

9:39 PM
ৰহস্য গল্পটো পঢ়ি বৰ ভাল লাগিল ।