গছ আৰু মানুহ-ড° মৃদুস্মিতা ফুকন
এজন বৰ মৰমীয়াল খৰিকটীয়া আছিল| তেওঁ সকলোকে মৰম কৰিছিল| মানুহ বা জীৱ-জন্তুৰ কথাতো বাদেই, তেওঁ যিখন হাবিত খৰি লুৰিছিল, সেই হাবিখনৰ প্ৰতিজোপা গছলৈকে তেওঁৰ বৰ মৰম।অনাহকত তেওঁ কোনোজোপা গছৰে ডাল এটাও নাভাঙে বা পাত এখিলাও নিছিঙে।
এদিন হাবিত খৰি লুৰি থাকোঁতেই শুনিলে,- ক’ৰবাত কোনোবাই যেন কেঁকাই আছে। তেওঁ ইফালে-সিফালে চাই কাকো নেদেখি কেঁকনিটো অহাৰ ফাললৈ দুখোজমান আগুৱাই গ’ল। এইবাৰ তেওঁ কেঁকনিটো ওচৰৰে সৰল গছৰ ধুনীয়া সৰু পুলি এটাৰপৰা অহা যেন পালে। পুলিটো ওচৰৰ পৰা গৈ চাওঁতে দেখিলে কোনোবাই পুলিটোৰ ডাল তিনিটা ভাঙি থৈ গৈছে। ভগা ঠাইৰপৰা ওলোৱা ৰসখিনি খৰিকটীয়াজনে চকুপানী হেন দেখিলে। তেওঁৰ বৰ দুখ লাগিল। দুখতে তেওঁ ইচ ইচ – আচ আচখন কৰিবলৈ ধৰিলে। তেওঁ পিন্ধি থকা চোলাটোৰপৰা কাপোৰ এডোখৰ ফালি, তাৰে পুলিটোৰ ভগা ডালকেইটা বান্ধি দিলে। বান্ধি থাকোঁতে তেওঁ মনৰ ভিতৰতে কৈ থাকিল,
“মানুহবোৰ যে ইমান নিষ্ঠুৰ।দেখিছানে বাৰু, অনাহকতে কেনেকৈ ভাঙি-ছিঙি নষ্ট কৰে! আনক কষ্ট দি মানুহবোৰে কি ভাল পায় জানো?’….এইবোৰ ভাবি ভাবি পুলিটোৰ ডালকেইটা বন্ধা হ’লত খৰিকটীয়াজন যাবলৈ ওলাল। যাবৰ সময়ত তেওঁ পুলিটোক মৰমেৰে কৈ গ’ল,
“সৰুপুলি, থাকা দেই। চিন্তা নকৰিবা। চব ঠিক হৈ যাব। মোৰ কাম আছে – মই যাওঁ।”
—এইবুলি তেওঁ যাবলৈ থিয় হওঁতেই তেওঁৰ ভৰিৰ ওচৰত থন-থনকৈ কিবা পৰা শুনিলে। কি পৰিল বুলি তললৈ চাই দেখে, এসোপা সোণৰ মোহৰ। খৰিকটীয়াজন আচৰিত হ’ল। ক’ৰ পৰা, কোনে পেলালেহি এই মোহৰবোৰ? তেওঁ কেউফালে ঘূৰি-পকি চালে। ক’তো, কোনো নাই চোন। অলপপৰ ভাবি তেওঁ অনুমান কৰিলে, নিশ্চয় সেই গছ পুলিটোৱে মৰমৰ উপহাৰ হিচাপে তেওঁক সেই উপহাৰ দিছে। পুলিটোক আন্তৰিক ধন্যবাদ জনাই খৰিকটীয়াজনে চোলাটোৰপৰা কাপোৰ এডোখৰ ফালি তাৰে মোহৰবোৰ টোপোলা বান্ধি ল’লে। টোপোলাটো ককাঁলতে গুজি গছ- পুলিটোলৈ পুনৰ কৃতজ্ঞতাৰে মূৰ দোঁৱাই খৰিকটীয়াই ঘৰলৈ বুলি বাট বুলিলে।
ইকাণ-সিকাণকৈ ইতিমধ্যে খৰিকটীয়াই মোহৰ পোৱা খবৰটো গাঁৱৰ মানুহবোৰৰ মাজত জনাজাত হ’ল। খৰিকটীয়াৰ ঘৰৰ ওচৰতে এজন হিংসাকুৰীয়া মানুহ আছিল। তেওঁ কোনখন হাবিৰ, কোনজোপা গছৰ পৰানো খৰিকটীয়াই সোণৰ মোহৰবোৰ পাইছে, সকলো খা-খবৰ সুধি-পুছি ল’লে। তাৰ পাছত তেওঁ মোহৰ ভৰাই আনিবলৈ বুলি ডাঙৰ মোনা এটা, গছৰ ভগা ডাল বান্ধিবলৈ ৰছী, কাপোৰ আদি গোটাই লৈ পিছদিনা পুৱাই হাবিলৈ গ’ল। বহুত বিচাৰ-খোচাৰ কৰি তেওঁ খৰিকটীয়াই কোৱা সেই সৰল গছৰ পুলিটো পালেগৈ। আগতে খৰিকটীয়াই পুলিটোত দি যোৱা বান্ধটো দেখিয়েই তেওঁ নিশ্চিত হ’ল যে খৰিকটীয়াই কোৱা পুলিটো সেইটোৱেই। তেওঁ পুলিটোৰ ওচৰলৈ গৈ কাণ পাতি শুনিলে। পুলিটোৱে কেঁকাইছে নেকি? নাই, তেওঁ কোনো কেঁকনি শুনিবলৈ নাপালে। এইবাৰ তেওঁ খৰিকটীয়াই আগতে দি থৈ যোৱা বান্ধকেইটা খুলি পেলালে আৰু তাৰ পাছত মচ-মচকৈ আৰু তিনিটা ডাল ভাঙি পেলালে। সেই ভগা ডালকেইটাৰ ঠাইৰপৰা ৰসবোৰ ক্ৰমান্বয়ে ওলাই আহিবলৈ ধৰিলে। লাহে লাহে সেই ৰসবোৰেৰে পুলিটোৰ তলৰ ঠাইডোখৰ ভৰি পৰিল। সোণৰ মোহৰ পোৱাৰ আশাত মানুহজনে নিজে ভঙা ডালকেইটাকে কাপোৰ, ৰছীৰ সহায়েৰে বান্ধি দিলে। তেওঁৰ মনটো ফূৰ্তি — সোণৰ মোহৰ পাব যে! ডালকেইটা বন্ধাৰ পাছত তেওঁ ৰসবোৰৰ পৰা ভৰি দুখন আঁতৰাব খুজি দেখে যে, তেওঁৰ ভৰি দুখন মাটিত আঠা লাগি ধৰি আছে। কোনোমতেই এৰুৱাব পৰা নাই। এৰুৱাবলৈ যুঁজি থাকোঁতেই ৰাতি হ’ল। হাবিৰ মাজত এতিয়া মানুহজনে ৰাতিটো কটাব লাগিব বুলি বৰ ভয় খালে। ভৰি দুখন এৰুৱাবলৈয়ো তেওঁ কিমান যে চেষ্টা কৰিলে! হাবিৰ বন-দেৱতাক স্তুতি কৰিলে, গছ-পুলিটোকো সেৱা-সত্কাৰ কৰিলে। পাছে নাই, কোনো ফল নধৰিল। তেওঁ গোটেই ৰাতিটো তেনেকৈ আঠাতে লাগি থাকিল। লাহে লাহে ৰাতি পুৱাল। পুৱাও তেওঁ ভৰি দুখন এৰুৱাবলৈ বহুত চেষ্টা কৰিলে। এবাৰত যেনিবা কোনোমতে ভৰি দুখন এৰাল আৰু মানুহজন চুঁচৰি-বাগৰি গৈ গৈ ঘৰ সোমালহি।
মানুহজনৰ তেতিয়াৰে পৰা ভাল শিক্ষা হ’ল। তেওঁ আৰু কেতিয়াও কাকো হিংসা নকৰা হ’ল। আনকি গছ-গছনিৰ প্ৰতিও তেওঁৰ মৰম উপজিল। তেতিয়াৰে পৰা তেওঁ গছ-গছনিৰো কোনো ধৰণৰ অহিত চিন্তা নকৰি গছ-গছনিবোৰকো মৰম কৰিবলৈ ধৰিলে।
*******

12:44 PM
ভাল লাগিল ।।কিন্তু আমি সকলোৱে সজাগ হ’বৰ হ’ল ।
5:57 PM
সুন্দৰ শিশু গল্প।