অনুগল্প-মৃদুস্মিতা ফুকন

                                       (১) স্বত্ব

 

আজি কাছাৰীৰ ৰঙা মোহৰ মৰা কাগজখনত চহীটো কৰিবলৈ দি সি মানুহজনৰ হাতখনত খামুচি ধৰিলে। এসময়ত তেওঁ যেনেকৈ আখৰ শিকাবলৈ গৈ খামুচি ধৰিছিল তাৰ কোমল হাতখন।

 

                           (২)জীৱনৰ_ৰং

 

 ন বোৱাৰীজনীৰ বাবে শিলৰ পটাত পিহা সেউজীয়া জেতুকাৰ ৰঙচুৱা ছিটিকণি দুটামানে যেন মালতীৰ বগা কাপোৰযোৰত ফুলহে বাচি দিলে! 

 

                             (৩)পৰম্পৰা 

 

যোনিপীঠৰ ৰজোকালীন ৰক্তবস্ত্ৰ দেহত পৰিধান কৰি স্বস্তিৰ নিশ্বাস লৈ, তেওঁ গোবৰ-পানীৰে ৰজস্বলা বোৱাৰীয়েকৰ শুদ্ধিকৰণত লাগি গ’ল।

 

*******

2 Comments

  • Lily Bordoloi

    বৰ সুন্দৰ অনুভৱ আপোনাৰ ।

    Reply
  • গীতা মণি দত্ত ।

    বৰ ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *