উজান বজাৰ ঘাট আৰু তাৰ কথাৰে-অৰ্চন শৰ্মা

:কেনেকুৱা? : ইটছ আমেজিং (its amazing) শব্দকেইটা আপোনা-আপুনি ওলাই আহিল। বেলিভিউৰ সৌন্দর্যই এনেকুৱা, ব্ৰহ্মপুত্ৰৰ মাজত পাহাৰৰ ভাঁজে ভাঁজে হেঙুলীয়া আভাবোৰ বিয়পি পৰিছে, বেলি লহিয়াবলৈ বেছি পৰ নাই। :ফটো মাৰি দিব লাগে যদি কোৱা। সি ক’লে। :নালাগে ব্র, মই ফটো উঠা টাইপৰ নহয় ইমান। মোবাইলৰ কেমেৰাটো অন কৰি ফটো দুখনমান তুলি থলোঁ, ভাল অহা নাই, তথাপি! : আৰু আগলৈ যাব পাৰি নে? সি বেলিভিউৰ সৌন্দর্যত আপোন পাহৰা হৈ আছিল, মোৰ কথাত ঘূৰি চালে। :নোৱাৰি ভাই, আগত এলাও নহ’ব। :তেন্তে ৰিটাৰ্ন যাওঁ

Read more

চাহেব পুৰাৰ বৰষুণ-বৰষা ডেকা

‘চাহেব পুৰাৰ বৰষুণ’ শ্ৰদ্ধাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউৱে ৰচনা কৰা এখন জনপ্ৰিয় অসমীয়া উপন্যাস। এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱ জীৱনৰ সংমিশ্ৰণৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৩ চনত। ‘চাহেবপুৰাৰ বৰষুণ’ কাহিনীটো আৰম্ভ হৈছে বৰ্ষা আৰু প্ৰান্তিকৰ ৰেল যাত্ৰাৰে। প্ৰান্তিক হৈছে বৰ্ষাৰ প্ৰেমিক যাৰ লগত কিছুদিন পাছতেই বৰ্ষাৰ বিয়া হোৱা কথা আছিল। প্ৰান্তিক আৰু বৰ্ষাই ৰেল যাত্ৰা কৰি থাকোঁতেই তেওঁলোকৰ ৰেলখন দুৰ্ঘটনাত পতিত হোৱাৰ বাবে বিহাৰৰ চাহেবপুৰা নামৰ ঠাইত ৰ’ব লগা হয় আৰু সেই মুহূৰ্ততেই বৰ্ষাই লগ

Read more

সম্পাদকীয়-নয়নমণি হালৈ

যোৱা বছৰৰ গ্ৰীষ্মৰ কোনো এটা অলস আৰু বিমৰ্ষ দুপৰীয়া| মোৰ মন গ’ল কোনোবা এখন শান্ত নিৰিবিলি ঠাইত বহি ‘বীয়েৰ’ (পানী আৰু চাহৰ পিচতেই ই হেনো সৰ্বাধিক জনপ্ৰিয় পানীয়!) এটা হাতত লৈ দুপৰীয়াটো কটাই দিবলৈ| প্ৰকৃতিগতভাৱে মানুহ বান্ধোন মনা জীৱ নহয়| পৰিৱেশ আৰু পৰিয়ালৰ প্ৰতি থকা কৰ্তব্যই মানুহক বান্ধোনমুখী কৰি তুলিছে| এই দায়িত্ব আৰু কৰ্তব্যই সীমিত কৰি অনা পৰিসীমাৰ ভিতৰতে বহু মানুহৰ আদিম আকাংক্ষা আৰু হেঁপাহৰ ফল্গুধাৰা শুকাই কৰকৰীয়া হৈ গৈছে| অসংখ্য ইচ্ছা, আকাংক্ষা মনত ঢৌ তুলি সি বুৰবুৰণি হৈ এদিন

Read more

ডেজা ভূ (déjà vu)-যোগেশ ভট্টাচাৰ্য

(প্ৰথম খণ্ড) খপজপকৈ সাৰ পাই উঠিল সি। প্ৰায়েই সেই সপোনটো দেখে সি। মংগল গ্ৰহৰ আকাশত এয়াৰবাইক খন লৈ সি ঘূৰি ফুৰে। পলমকৈ অফিচত সোমায়েই সি বছৰ সন্মুখীন হ’ল। “আজিও দেৰিকৈ সাৰ পালা নেকি স্বপ্নীল?” তাৰ লগত বছৰ খুবেই ভাল সম্পৰ্ক। দায়িত্বৰ কামখিনি নিয়াৰিকৈ কৰে বাবে পলম হলে বা কেতিয়াবা ছুটী ল’লেও বছে বেয়া নাপায় তাক। অফিচটোত সিয়েই একমাত্ৰ ব্যক্তি যাৰ লগত বছে ব্যক্তিগত কথাও পাতে মাজে সময়ে। “আজি আকৌ সেই সপোনটো দেখিছিলোঁ, চাৰ।” “মংগল গ্ৰহৰ সপোনটো? হেঃহেঃ।” “হমম… মংগল গ্ৰহত

Read more

তুমি থকাহেঁতেন-ৰিমঝিম বৰঠাকুৰ

‘পাপা তুমি মোক ড্ৰপ কৰিবানে?’ ‘য়েছ বেবী।’ ‘তেন্তে ওলোৱা আকৌ। সদায় তুমি লেট মানে।’  দেউতাকলৈ চাই ভোৰভোৰাই প্ৰিয়ম ওলাই গ’ল। কাইলৈ সৰস্বতী পূজা, সেয়ে আজি তাই অকণমান বজাৰলৈ যায় বোলে। ঘূৰি আহোঁতে পাৰ্লাৰত সোমাই কিবা হেয়াৰ চেটিংছো কৰি আহিব বোলে। আজিকালিৰ ল’ৰা-ছোৱালী। স্কুলত পঢ়ি থাকোঁতেই সিহঁতৰ ফেশ্বনৰ ওপৰত যি জ্ঞান, সেয়া অসীমৰ দৰে মানুহে বুজিব নোৱাৰে। এইবাৰ স্কুলৰ শেষ বছৰ বুলি অকণমান ষ্টাইল কৰোঁ বুলি জীয়েকে টেনলৈ পোৱাৰ পৰাই লাগি আছিল। অসীমৰো বেছি না ক’বলৈ মন যোৱা নাই। মানে জীয়েকক

Read more

অভাগিনী ৰাধিকা-সদানন্দ ভূঞা

তিনিচুকীয়া জিলাৰ ধলাৰ ভীমপ্ৰসাদ উপাধ্যায় মোৰ নলে-গলে লগা বন্ধু। বন্ধুৰ বহুদিনৰ অনুৰোধত কালি তেখেতৰ বাসগৃহত উপস্থিত হৈছিলোঁ । তেখেতৰ সান্নিধ্য সঁচাকৈয়ে মোৰ বাবে পৰম সৌভাগ্য । অতিথি আপ্যায়নত অৱশ্যে নেপালী সম্প্ৰদায়ৰ লোকসকল এনেও আগৰণুৱা । আজি তেখেতে ধলাৰ দাঁতি কাষৰীয়া অঞ্চল ভজনীলৈ বুলি ফুৰাবলৈ লৈ আনিছে । আমি দুয়ো কথা পাতি পাতি মথাউৰিৰ ওপৰেৰে খোজ কাঢ়ি গৈ আছোঁ । বন্ধুবৰ উপাধ্যায় ডাঙৰীয়াই ক’লে… “সৌ যে নদীখন দেখিছে সেইখনেই অসমৰ মূল প্ৰাকৃতিক সম্পদ, আমাৰ অসমৰ গৌৰৱ ব্ৰহ্মপুত্ৰ নদ। মথাউৰিটোৰ দুয়োপাৰে যে

Read more

জীৱন-কুমকুম দেৱী শৰ্মাবৰুৱা

জন্মৰ পৰা মৃত্যুলৈকে জীয়াই থকা সময়খিনিকেই জীৱন বুলি কোৱা হয়। এই জীৱনকাল সকলোৰে সমান নহয়।ইয়াত আমি কেৱল  মানৱ জীৱনৰ কথাহে আলোচনা কৰিম । (১) কৰ্মৰ যোগেদিহে জীৱনৰ মূল্যাঙ্কন কৰা হয়। কিমান দিন জীয়াই আছে তাৰ যোগেদি নহয়। স্বামী বিবেকানন্দ, ৰামানুজন, জ্যোতিপ্ৰসাদ আগৰৱালা, জয়ন্ত হাজৰিকা আদি মনীষীসকলৰ জীৱনকাল বৰ চুটি আছিল। কিন্তু তেওঁলোকে নিজৰ কৰ্মৰ যোগেদি নাম ৰাখি যাব পাৰিলে। (২) এজন লোক কেৱল পৰিৱেশৰ প্ৰভাৱত নহয় নিজৰ যত্নৰ বলতহে মহান হ’ব পাৰে। তেওঁ জীৱনক ধনাত্মক দৃষ্টিভংগীৰে চলাব জানিব লাগিব। লিওনাৰ্ডো

Read more

উত্তৰণ-জ্যোতিমণি দেৱী

প্ৰথমে তেওঁ মোৰ ফালে পিঠি দি শুইছিল৷ তাৰপাছত আমাৰ বিচনা দুখন হৈছিল — আৰু তাৰপাছত— শোৱনিঘৰ হৈছিল দুটা৷ আৰু অকলে সন্ধিয়াপৰত দুৱাৰখন খুলি চোতাল গচকিব নোৱাৰা মই মাজৰাতি তামোল পাণ বাৰীৰ মাজত থকা শৌচালয়লৈ অকলেই যাব পৰা হৈছিলোঁ তাৰ পাছৰপৰাই৷ **********

Read more

শীতৰ ৰাতিৰ ইলিজি-অনসূয়া বৰঠাকুৰ

(এবছৰীয়া মৃত্যু তিথিত আইৰ চৰণত এটুপি চকুলোৰে)            (১) নীলা আলোৱানখন গাত মেৰিয়াই, উজাগৰী ৰাতিটোক নিচুকাই, বুকুৰ পিয়াহ খুৱাই, সৌৱা কোন? জোনবাই নে মোৰ আই!         (২) বেলিটোৱে  আত্মগোপন কৰাৰ দিনা জোনটোকে থপিয়াই আনি, আইৰ কপালত আঁকি দিলোঁ! মূধচটো খহি পৰাৰ দুখতেই নে কি জানো! আকাশখনেও উচুপি উঠিল!!        (৩) ৰাতিৰ আকাশত লেটি লৈ থকা ঘূৰণীয়া সৌটো যেন আইৰ আখলৰ পানীপিঠা!! হাঁহিছা? ভোকাতুৰ, শোকাতুৰ সেই সন্তানক সোধা, যাৰ আই এতিয়া তৰাৰ দেশৰ সাধু-কথা!! **********

Read more

সিংহল সমুদ্ৰ সৈকত-উৎপলা কৌৰ

‘সিংহল সমুদ্ৰ সৈকত’ শীৰ্ষক বিশিষ্ট কবি তথা গল্পকাৰ অতনু ভট্টাচাৰ্যৰ শেহতীয়া গ্ৰন্থখনি পঢ়ি উঠিলোঁ। আগতে আমাৰ বেছি ভ্ৰমণ কাহিনী পঢ়া হোৱা নাই। প্ৰকৃততে আলোচনী-বাতৰি কাকত ইত্যাদিত প্ৰকাশিত ভ্ৰমণমূলক লেখাসমূহ পঢ়ি সিমান আমোদ নাপাওঁ। পঢ়াৰ ভিতৰত ডঃ সুনীল কুমাৰ শইকীয়াৰ বিভিন্ন স্থানত হোৱা খাদ্য সম্পৰ্কীয় অভিজ্ঞতাবোৰ পঢ়োঁ আৰু উপভোগ কৰোঁ কাৰণ তেওঁ বৰ সোৱাদলগাকৈ কথাবোৰ বৰ্ণনা কৰে। খাদ্যৰ বিৱৰণ পঢ়ি যদি লোভেই নালাগে অথবা ভ্ৰমণকাহিনী পঢ়ি যদি বৰ্ণিত ঠাইখন চোৱাৰ হেঁপাহেই নাজাগে তেনেহলে সেই বৰ্ণনাৰ সাৰ্থকতানো ক’ত? সিংহল সমুদ্ৰ সৈকত পঢ়ি

Read more
1 76 77 78 79 80 81