উজনি অসমৰ মৰাণ জনগোষ্ঠীৰ ব’হাগ বিহুৰ পৰম্পৰা আৰু মৌখিক গীতি সাহিত্য-শ্ৰী সদানন্দ ভূঞা

(‘ক’ অংশ ) বসন্ত উৎসৱ হৈছে ঋতুৰ উৎসৱ । প্ৰকৃতিৰ আহ্বানত, প্ৰকৃতিৰ ৰঙেৰে, কৃষিজীৱী লোকে দেহ-মন ৰঙাই তোলা প্ৰাকৃতিক উৎসৱ। অসমৰ প্ৰায় প্ৰতিটো সৰু-বৰ জাতি-জনগোষ্ঠীয়ে নিজা নিজা ৰীতি-নীতি, লোকাচাৰ-পৰম্পৰা মানি পালন কৰা এক সাৰ্বজনীন লোক উৎসৱ… বসন্ত উৎসৱ । পোছাকী নাম হয়তো বেলেগ বেলেগ । কাৰোবাৰ বাবে ব’হাগ , কাৰোবাৰ বাবে বৈশাখ বা বৈশাখী, কাৰোবাৰ বাবে বহাগী বিচুৱা, আন কাৰোবাৰ বাবে বৈছাগু । ব’হাগ মাহত আনুষ্ঠানিক ৰূপত পালন কৰা হয় বাবে সামূহিকভাৱে কোৱা হয়  ‘ব’হাগ বিহু’। জাতি, ধৰ্ম, ভাষা, গোষ্ঠী

Read more

বদনামী-ৰিকুমণি

বহুদিনৰ বিৰতিত মাধুক লগ পালে তাই, মাধু মানে মাধুৰিমা, শৈশৱৰ লগৰী লগ পাই কথা শেষেই নহ’ব যেন৷ নভবাকৈয়ে যেতিয়া সুখৰ সময় কিছুমান আহি পৰে, সেইকণ যেন কোনেও হেৰুৱাব নোখোজে৷ অনৰ্গল কথা ফুটপাথৰ ওপৰতে থিয় হৈ পাতি দিলে৷ পুনৰ লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে এৰা এৰি হ’বলৈ লওঁতে, মহিলা এগৰাকী আহি তাইক মাত  দিলে “মাধুৰিমা ভালে আছা..? ….ঘটনা এটা শুনিছিলো, বেয়া নাপাবা, এতিয়া দেখিছো তোমাৰ কপালত? এহ্ তুমি…..  “মাধুৰিমা…. “হয় খুড়ী  আপুনি ঠিকেই চিনি পাইছে মোক। মই মাধুৱেই৷ পাছত লগ হ’ম মোৰ দেৰি

Read more

হাট!-ৰিমঝিম বৰঠাকুৰ

অকণ হাটলৈ যাব আজি। আহ্, কিমান বছৰৰ মূৰত সি হাটলৈ যাব। সেই স্কুলত পঢ়ি থাকোঁতেই চাগে তাৰ শেষ হাটলৈ যোৱা। তাৰপিছত পঢ়িবলৈ বুলি ঘৰৰপৰা বাহিৰত থাকিবলৈ লোৱাৰপৰা এতিয়া চাকৰি কৰালৈকে তাৰ ঘৰলৈ যিকেইটা দিন থকাকৈ অহা হয় ইটো সিটো কিবাকিবি কৰোঁতেই গুচি যায়। দেউতাকে হাটত কিবাকিবি বেচি ঘৰ চলোৱা কাহিনীবোৰো বহুত পুৰণি হ’ল। হয়তো সি স্কুলৰ দেওনা পাৰ হোৱাৰ পিছৰেপৰা সেইবোৰ নোহোৱা হ’ল। পিছলৈ ঘৰৰ বস্তুকেইটাহে আনিবলৈ যায়। শেষত বজাৰলৈ যোৱা মানুহটো একেবাৰে নোহোৱা হোৱাৰ পিছত হাটৰ নামটো শুনিবলৈকে নোপোৱা

Read more

কেতেকী-হৰিচন্দ্ৰ ডেকা

নিজান নিশা কেতেকীৰ  হিয়াভগা বিননি শুনি, কিয় জানো বাৰে বাৰে  মোৰ বুকুত উঠে কঁপনি, সপোন আৰু দিঠকৰ  তন্দ্ৰাৰ মায়াজালত আন্ধাৰতে খেপিয়াই চাওঁ ক’ত আছে জানো মোৰ হিয়াৰ উজলা মাণিক, খিৰিকীৰে পিৰিকিয়াই চালোঁ কুঁৱলীৰ আঁৰে আঁৰে, তৰা ফুলৰ মাজে মাজে সেয়া কোন বাৰু ডিঙিত পিন্ধি মণিকাঞ্চনৰ সাতসৰী? উজাগৰী নিশা কবিৰ স্তৱকৰ এটি হেঁপাহৰ সুৰ কৰিবলৈ, বিনিদ্ৰ ৰজনীৰ আন্ধাৰ আঁতৰাবলৈ আহিলা নেকি মোৰ ওচৰলৈ হিয়াৰ সুৰ কাণপাতি শুনিবলৈ? ৰিণিকি ৰিণিকি শুনিবলৈ পাওঁ যেন কঁপি উঠে এটি শিহৰণ, বৌ কাকা ক’ত বুলি, নিশাৰ

Read more

মাতৃস্নেহ-অনামিকা কলিতা

পৃথিৱীত সন্তানৰ বাবে মাক-দেউতাকৰ ভালপোৱা  অদ্বিতীয়। এগৰাকী মাতৃয়ে সন্তানৰ বাবে সকলো ত্যাগ কৰিব পাৰে। যি ত্যাগৰ কোনো স্বাৰ্থ নাথাকে।এনে ক্ষেত্ৰত পাই হেৰুওৱাৰ বেদনা কিমান গভীৰ হ’ব পাৰে তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি।তেনে এক ঘটনাৰ চিকাৰ হৈছিল অৰিন্দ্ৰম বৰুৱাৰ পৰিয়াল।   আজি বহুদিনৰ মূৰত বৰুৱাৰ পৰিয়ালত কিছু আনন্দ-উছাহৰ পৰিৱেশ দেখা গৈছে। ছোৱালীজনীৰ জন্মদিনৰ আয়োজনৰ কাৰণে বৰুৱানী আকাশীয়ে বিধে বিধে ব্যঞ্জন ৰন্ধাত ব্যস্ত।এক আনন্দৰ পৰিবেশ । ইয়াকে দেখি অৰিন্দ্ৰম বৰুৱাক অতীতৰ স্মৃতিয়ে আৱেগিক কৰি তুলিলে যাৰ বাবে তেওঁৰ চকুলো ওলাই আহিল ।

Read more

ক’লা ককাইৰ দুখ-প্ৰণীতা গোস্বামী বৰঠাকুৰ

ভমকা-ফুলীয়াই তিৰ্যক চাৱনিৰে  ক’লা ককাইলৈ চালে, তোৰ দেখোন বছৰ চেৰেক হ’ল একে ঠাইতে আছ শিপা গজিল চাগে। নুবুজিবি ভনীটি তই মোৰ দুখ  কিয় মাৰিছ খোঁচ এসময়ত আছিলোঁ বাটৰ লগৰী আজিহে নোপোছে মোক। তই হ’লি সাতাম পুৰুষীয়া চেহেৰাও নহয় ভাল, আধুনিক সমাজত তই এলাগী লৈ ফুৰাও টান। নক’বি হেৰৌ তেনেকৈ মোক আছিলোঁ আলাসৰ লাড়ু জ্যেষ্ঠজনেই লগ দিছিল মোক নবখানো এতিয়া আৰু। প্ৰতি খোজতে মই তেওঁক দিছিলোঁ  মনত অপাৰ ভৰসা , মোৰ জোৰতেই তেওঁৰ খোজবোৰেও লৈছিল স্থিতপ্ৰজ্ঞতা। ‘ছাতি, লাঠি, তিয়নি নেৰিবি’  বুলি

Read more

স্তৱক-শিখা গোস্বামী মহন্ত

১.                    #গোলাপ প্ৰিয়ই আছিল ভয় আছিল ৰক্তাক্ত হোৱাৰ ২. #বৰষুণ বুলিলেই মনত পৰে ‘অৰুন্ধতী’ৰ কবিলৈ পেভিলিয়নত ভৰি থোৱাৰ আগতেই পলায়িত মই ৩. “#ৰূপালী ৰং চুলিত লাগিছে বেয়া নেদেখি লাগক” এতিয়া এডাল-দুডাল চুলিত সময়ৰ আঁচোৰ দিন আগবঢ়াৰ লগে লগে ভাবিছোঁ কাহানিও প্ৰিয় হ’ব নোৱাৰা ৰংটোৱেই হ’ল বগা ৪. #বেলি_ডুবাৰ_আগতেই_আহা এবাৰৰ বাবে হ’লেও অন্তিমবাৰৰ বাবেই শীৰ্ণ দুহাতত সঞ্চাৰিত আবেগৰ সৰ্বোত্তম আভা ঢালি একেলগে পাঠোদ্ধাৰ কৰোঁ মৌনতাৰ শ্ৰেষ্ঠ আলাপ ************

Read more

ৰʼদৰ বাট-ঋতুপৰ্ণা দত্ত

কাৰোবাক লগ পাবলৈ বা নাপাবলৈ কিছুমান অজুহাত লাগে। অজুহাতবোৰৰ হাত ধৰি আগুৱাই যাব পাৰি নিজে তৈয়াৰ কৰা সোণালী, মসৃণ পথ নাইবা আন্ধাৰৰ বাট খেপিয়াই খেপিয়াই নিজকে হেৰুৱায়ো পেলাব পাৰি।  তাক পাবলৈকে তাই এই অজুহাতবোৰক পোহৰেৰে সজাইছিল। আশাবোৰক নিচুকাই নিচুকাই তাই নিজৰ সন্তানৰ দৰেই বুকুৰ উম দি জীয়াই তুলিছিল। প্ৰেম নামৰ সাগৰখনৰ সোণালী সৈকতত বহি একাত্ম হৈ তাই মাত্ৰ জীৱনৰ গান আওৰাইছিল। সি তাইৰ কাষত নাছিল  কিন্তু শত যোজন আঁতৰত থাকিও তাইৰ গান সি শুনিছিল। নুশুনিবনো কিয়! সেয়া যে গান আছিল

Read more

অনুশোচনা- অঞ্জু মহন্ত                           

সঠিক সময়ত  নিবলৈ পৰা হ’লে! চেক আপটো পিছুৱাই আছিল তেওঁ। সীমিত উপাৰ্জনৰ মানুহজনে অনুশোচনাত দগ্ধ  চকুৰে পুতেকৰ অৰ্ধনিৰ্মিত ঘৰটোলৈ চালে। পুতেকৰ বগা সাজযোৰত চকামকাকৈ যেন মানুহজনীকে দেখিলে। শিল,বালিখিনিক সি বেছি গুৰুত্ব দিলে!! **********

Read more
1 74 75 76 77 78 81