পৰিবৰ্তন-মামণি কলিতা

সৰুৰেপৰা গাৰ বৰণটোৰ বাবে পৰিয়ালৰ সকলোৱে অৱজ্ঞা কৰিছিল চুমীক। আইতাকে মাকক সদায় কয় “এইজনীক এসোপা পাউদাৰ লগালেও কোনেও পছন্দ নকৰে বুজিছ; ক’ৰনো সঁচ আহিল আমাৰ ঘৰলৈ!” তাইৰ আজলী মাকে একো নকৈ খালী তাইক সাবটি চকুলো টুকিছিল। লাহে লাহে বুজিবপৰা বয়সত চুমীয়ে দেখিছিল যে আইতাকে খুৰাকৰ ল’ৰা-ছোৱালী দুটাক তাইক দেখুৱাই বেছিকৈ মৰম চেনেহ কৰিছিল।খাবৰ সময়ত সিহঁতৰ সকলো আবদাৰ মানিছিল মাক খুৰীয়েকে; কিন্তু সামান্য অজুহাততে চুমীক আইতাকে মাকৰ গোষ্ঠী উদ্ধাৰি গালি পাৰিছিল। মাকে তাইক সদায় সাহস দিছিল আৰু কৈছিল…. “মাজনী তুমি খুব

Read more

ৰং-বৰষা ডেকা

বহু ৰং দেখিছে সি। সৰুৰেপৰা উমলিছে সেউজীয়াৰ মাজত। পথাৰৰ সোণোৱলী ৰং উপভোগ কৰিছে। নদীৰ নীলা মিহলাই উমলিছে। জনা হ’বৰেপৰা ৰঙেৰে ধেমালী কৰিছে। কেতিয়াবা হয়তো অভিমান কৰিছে – যেতিয়া নীলা আকাশখনি ডাৱৰে বগা কৰি পেলাইছে; যেতিয়া মাটি মিহলি হৈ পানীখিনি মটীয়া হৈ পৰিছে;যেতিয়া বানে পথাৰৰ সেউজীয়া নোহোৱা কৰি পেলাইছে। ৰঙেৰেই মানুহে সপোন দেখে। সিও দেখিছিল। অলেখ সপোন। ৰঙীণ সপোন। ৰংচঙীয়া পখিলা ঘূৰি ফুৰিছিল সপোনত। সেই সপোন পূৰণ কৰাৰ তাড়নাতেই ভৰি দিছিল সি বাস্তৱৰ পৃথিৱীত। এফালে সপোন পূৰোৱাৰ তাড়না,এফালে পেট পূৰোৱাৰ। হাতত

Read more

একতাই পৰম বল-কুমকুম দেৱী শৰ্মাবৰুৱা

মাকজনীয়ে পঢ়াই  উঠি যাবলৈহে পালে ৰন্টু আৰু মন্টু দুয়োটাৰে খেল  আৰম্ভ হৈ গ’ল। স্কেলপাতেৰে পেন্সিলৰ সৰু সৰু টুকুৰা, ৰবৰ ইত্যাদি মাৰি পঠিয়ায় আৰু এইবিলাক ভেণ্টিলেচনৰ তলৰ পকাখনত জমা হৈ থাকেগৈ। এবাৰ ৰন্টুৱে মন্টুৰ ৰবৰটুকুৰা মাৰি পঠিয়ালে । মন্টুৱে তাৰ  পিঠিত দিলে এঢকা। উভতি আকৌ ৰন্টুৱেও এঢকা দিলে। মাকে দৌৰি আহি  দুয়োজনকে কাজিয়া কৰা দেখা পাই ধমকি দিলে। ৰন্টুৱে বোলে সিহে আগতে মাৰিছে, মন্টুৱে বোলে সিহে আগতে মাৰিছে । মাকে বোলে মই ভাতৰ কামখিনি কৰি সোনকালে আহি আছোঁ। দুয়োটাই নিজৰ নিজৰ 

Read more

বাজী (The Bet),মূলঃ এণ্টন চেখভ (Anton Chekhov):অনুবাদ-জ্যোৎস্না ৰাণী দাস

(১) সেয়া আছিল এক শৰতকালৰ অন্ধকাৰ নিশা৷ বৃদ্ধ বেংকাৰজনে ইকোণৰ পৰা সিকোণলৈ অস্থিৰভাৱে পায়চাৰি কৰি আছিল তেওঁৰ অধ্যয়নকক্ষত, মনটো তেওঁৰ উৰা মাৰিছিল পোন্ধৰ বছৰ আগতে এনেকুৱা এটা শৰতকালত তেওঁ দিয়া সেই পাৰ্টীটোলৈ৷ তাত আছিল ভালেসংখ্যক বুদ্ধিমান লোক আৰু আমোদজনক কথোপকথনেৰে মুখৰিত হৈ আছিল পাৰ্টীটো৷ তেওঁলোকে আন আন কথাৰ লগতে চৰম শাস্তিৰ (মৃত্যুদণ্ড) বিষয়ে কথা পাতি আছিল৷ অতিথিসকলৰ ভিতৰত বেছ কিছুসংখ্যক পণ্ডিত আৰু সাংবাদিকেই নহয়, উপস্থিত বেছি অংশই মৃত্যুদণ্ডক অপছন্দ কৰিছিল৷ তেওঁলোকে ইয়াক শাস্তি হিচাপে কাল-বিৰুদ্ধ বুলি গণ্য কৰিছিল, যি খ্ৰীষ্টিয়ান

Read more

দুঃসময়-ৰাজু কুমাৰ নাথ

খলুৱাৰ খলকনিত চোৱা ভাই চৌদিশে লাগিছে জুই, কোদো বৰলেও সাৰ পালে সিহঁতো আছিল শুই। দেশ ৰক্ষা,স্বাভিমানৰ নামত  কুটুমৰ তেজৰ বৈছে এখনি নৈ, চৌদিশে মাথো ধোঁৱা আৰু ছাই মৃত্যুৱে হাত বাউলে তাতে ৰৈ। ওলংগৰ দেশত ‘ধোবা ৰজা’ নামত আছে ৰাজপাট খাই, নিজ বিপদৰ লেশ দেখিলেই মিছাতেই কান্দে ইনাই বিনাই। ভুৱা ছল চাতুৰীৰে নিজকে বোলাই বৰ, দুৰ্বলী হৈ জীয়াই থকাতকৈ তহঁতে  নিঃশেষ হৈ মৰ। প্ৰদৰ্শনকামী এই শক্তিৰ যুঁজত ধৰিত্ৰী হ’ব ছাৰখাৰ, আগতেই মহাপুৰুষে গৈছে কৈ, “…ম্লেছক কৰিব বুন্দামাৰ।” ************

Read more

অসমৰ “জাৰোৱাৰ”সকল-হৰিচন্দ্ৰ ডেকা 

“অ’ ডেকা! কিনো  হচংহচংকৈ পোনেপোনে চাই গৈ আছেহে? অলপ ইফালে-সিফালে চাবচোন, আপুনি অহালৈকে বাট চাই আছোঁ৷ ময়ো আপোনাৰ লগত গৈ আছোঁ ৰ’ব৷” ঘূৰি চাই দেখোঁ দাস খৰধৰকৈ তেখেতৰ ঘৰৰপৰা ওলাই আহিছে৷ আমি দুয়ো বন্ধু একেলগে প্ৰাতঃভ্ৰমণলৈ যোৱা এটা পুৰণি অভ্যাস৷ পিছে তেখেতৰ আন্দামান ভ্ৰমণৰ কাৰণে আমাৰ এই প্ৰাতঃ ভ্ৰমণৰ যুটীত এটা সাময়িক যতি পৰিল; সেয়েহে মই নিজেই এইকেইদিন নিজৰ বন্ধু হৈ প্ৰাতঃভ্ৰমণৰ মজা অনুভৱ কৰি আছোঁ৷ “পিছে দাস, কওকচোন কেনেকুৱা হ’ল আপোনাৰ কলীয়াপানী ভ্ৰমণ?” “থওকহে কলীয়াপানী, তাৰ জাৰোৱাৰসকলৰ কথা সোধক

Read more

মধুমেহ-ভনিতা শৰ্মা

হাতত চকোলেটৰ পেকেট এটা আৰু এথোপা ফুল লৈ বৰুৱা ওলাই গ’ল৷বিয়া-সকাম,জন্মদিন আদিত বৰুৱাই ঘৈণীয়েকক জীয়েকৰ সৈতে একেলগে যোৱাৰ সুবিধাটো কৰি দি নিজে আগতীয়াকৈ গৈ মাত লগাই আহে৷ঘৈণীয়েকে সোধে কেতিয়াবা… ’’প্ৰতিবেশীৰ নিমন্ত্ৰণবোৰ ৰক্ষা কৰোঁতে আইজনীক প্ৰতিবাৰেই মই লগত লৈ যোৱাতকৈ তুমিয়ে ময়েচোন একেলগে যাব পাৰোঁ৷” “এহ,তোমালোকৰ সাজোতে কাচোতে যিমানহে সময় লাগে,তেতিয়ালৈ মই গৈ সাউতকৈ মাত এষাৰ দি অহাই ভাল৷খোৱা বোৱাততো মোৰ এনেয়ো ৰাপ নাই৷মিঠা-মচলা দিয়া আদি খাবই নোৱাৰোঁ৷মই কেৱল যাব লাগে আৰু মাতটো লগাই আহিব লাগে৷তোমালোক লাহে ধীৰে খোৱাৰ পৰত গৈ

Read more

ডাৱৰত শেলাইৰ ৰং-অনন্যা জি ফুকন

অলপ আগতে উজুটিত সোঁ ভৰিৰ ছাল ছিগিল। বৰষুণ এজাক আহিছিল, অলপ কিনকিনিয়াকৈ। এতিয়া নাই। এতিয়া আছে,মাথোঁ  ভৰিখনক দোমোজাত পেলোৱা অলপ শেলাই। ঘাঁ ডোখৰ এতিয়াও সতেজ। মিহি মিহিকৈ বতাহত নিগৰিছে তেজৰ কেঁচা গোন্ধ। এয়া বিষ নে পোৰণি?  নাৰ্জীজোপাৰ আগবোৰৰ তীব্ৰ গোন্ধত,  চকুপানীবোৰ অলপ থমকিছে। শেলাই ,বোকা মিহলি আঁচোৰবোৰে আঙুলিয়াই,ঘাঁ ডোখৰ এতিয়াও অসুস্থ, কলীয়া ডাৱৰ আৰু মনটোৰ দৰে। এতিয়া থাকি যোৱা নাৰ্জি পাতৰ ৰস মিহলি শেলাইখিনিতে পৰি আছে গেৰোৱাযোৰৰ দীঘল হুমুনিয়াহ। আচম্বিকতাত ঢাল তুলি তাণ্ডৱ কৰা মেঘে ঘোপাকৈ চালে, ঠিক মোৰ বিষাদ

Read more

সাম্প্ৰতিক অসমৰ প্ৰেক্ষাপটত অনলাইন  মাধ্যমৰ  সাহিত্য চৰ্চাৰ প্ৰাসংগিকতা, প্ৰত্যাহ্বান  আৰু প্ৰত্যাশা-নিবেদিতা হাজৰিকা

সাহিত্য হৈছে মানৱ মনৰ ভিন্ন ৰুচিবোধ, অন্বেষণৰ পাণ্ডুলিপি। মানৱ মনৰ ভাব আৰু চিন্তাৰ  অপৰিসীম পৰিধি আৰু প্ৰকাশভংগীৰ প্ৰতিষ্ঠিত  আনুষ্ঠানিকতাৰ  মাজৰ নিৰন্তৰ অন্তৰ্দ্বন্দ্ব প্ৰকাশ পায়  সাহিত্যৰ জৰিয়তে। সাহিত্যৰ ক্ষেত্ৰখনৰ  পৰিধি যিদৰে ব্যাপক সেইদৰে ইয়াৰ মাধ্যমসমূহো ভিন্ন। ইয়াৰ ভিতৰত  ছপা মাধ্যম আৰু অনলাইন মাধ্যম অন্যতম। সাম্প্ৰতিক সময়ত অনলাইন মাধ্যম কেৱল যোগাযোগৰ মাধ্যমেই হৈ থকা নাই। এই  মাধ্যম বৰ্তমান  যোগাযোগৰ লগতে সাহিত্য চৰ্চাৰো উল্লেখযোগ্য মাধ্যম হৈ পৰিছে৷ অসমীয়া সাহিত্যক বৈদ্যুতিক মাধ্যমৰ জৰিয়তে বিশ্বমুখী কৰি তোলাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাই অসমৰ সাহিত্য জগতখনক এক

Read more

জীৱনৰ ৰং-মাতু কুকুৰাচোৱা

আপোনতাৰ এষাৰ মাতেও সঞ্জীৱনী সুধা কঢ়িয়ায়। জন্ম, মৃত্যু আৰু বিবাহ এইকেইটাৰ ওপৰত অদৃষ্টৰ বাহিৰে কাৰোৱেই হাত নাই কিজানি। প্ৰভুয়ে নিবিচাৰিলে একোৱেই সম্ভৱ নহয় আনকি মৃত্যুও! জীৱন সেইজনৰ বাবে বৰ সুন্দৰ হয় যিয়ে মৃত্যুক অতি ওচৰৰপৰা দেখা পায়।  তেতিয়া মই ক্লাছ নাইনত আছিলো। এদিন ৰাতি হঠাৎ সাৰ পাই মাক বাহিৰলৈ যাবলৈ মাতিলো, মায়ে নিজৰ ৰূমৰপৰাই “উঠি আহ” বুলি ক’লে। আৰে, মই দেখোন উঠিব পৰা নাই বিছনাৰপৰা! কৰঙনত এটা বিষ অনুভৱ কৰিছো। মাক চিঞৰি মাতিলো। মায়ে আহি “দিনত ক’ৰবাত দুখ পালি হ’বলা”

Read more
1 73 74 75 76 77 81