শিক্ষা আৰু সেৱক-মাৰ্কণ্ড কিশোৰ কৌশিক

আজি শুক্ৰবাৰ। বতৰটো বৰ এটা ভাল নহয়। শোৱাপাটিতেই পৰি থাকি ঘড়ীটোলৈ চালোঁ,পুৱা ৬ বাজি ১২ মিনিট।চকুহাল মোহাৰি উঠো নুঠোকৈ বিচনাৰপৰা নামি চেণ্ডেলযোৰত ভৰিহাল কোনোমতেহে সুমুৱালোঁ। অ’ ভাইটিৰ স্কুল আছে নহয়, খৰখেদাকৈ তাৰ কোঠা  পালোঁগৈ, সি বা উঠিলনে নাই। সি বেচেৰাই সোনকালেই উঠি গা-পা ধুই কাপোৰ পিন্ধি আগফালে বহি আছে, বৰষুণলৈ চাই। সি চাইকেলখন লৈহে স্কুললৈ যায়, পিছে বৰষুণজাক নেৰিলেনো কেনেকৈ যাব।  মোক ওলাই অহা দেখি সি ক’লে, “চাহ অকণ বনাইছিলোঁ দাদা, ঠাণ্ডাই হ’ল চাগৈ, যোৱাৰ আগত গৰম কৰি খাই যাবি।”  

Read more

তাই আমাৰ ছোৱালী-নন্দিতা ভাণ্ডাৰ কায়স্থ  

বিয়াৰ চিঠি কেইখন ছপাই আনি লক্ষ্য বৰুৱাই সহধৰ্মিনী শান্তিক দেখুৱালে। বৰুৱানীৰ মনঃপুত হোৱা চিঠিবোৰৰ মাজৰপৰাই এখন উলিয়াই নি পাকঘৰত চাহ বাকি থকা তগৰকো দেখুৱালে। চাওঁ নাচাওঁকৈ ‌ তগৰে লাজ লাজকৈ চিঠি খনৰ ওপৰত এনেয়ে চকু ফুৰালে। তাকে দেখি বৰুৱানীয়ে ক’লে……  “ইচ্ লাজটো চা তাইৰ। কাইলৈ বোৱাৰী হৈ ঘৰ ধৰিব লাগিব,এতিয়া চিঠি খনলৈকে মূৰ তুলি চাব নোৱাৰা হ’লি।” চাহ খাই বৰুৱা দম্পত্তিয়ে পুনৰ চিঠিবোৰ গণি চালে। ঠিকেই আছে। হিচাপ মতেই দুশখন  কাৰ্ড আৰু খাম  বেলেগ পেকেট  কৰি ভৰাই দিছে প্ৰেছৰ ল’ৰা

Read more

পাঁচ দুগুনে সাত (৫×২=৭)-সংগীতা পাচনি

তৰুলতাই ৰাতিপুৱা ছয় বাজিবলৈ পোন্ধৰ মিনিট থাকোঁতে টোপনিৰ পৰা সাৰ পালে।অলপ সময় বিছনাতে পৰি থাকিল। ঈশ্বৰক চিন্তা কৰি দিনটোৰ কাৰ্যক্ৰমণিকা বোৰ মনতে এবাৰ ফঁহিয়াই ল’লে।আজি সহায়কাৰী মালতী নাহে, নাতিনীয়েকৰ নোৱাই তুলনি বিয়া। কথাষাৰ মনত পৰাৰ লগে লগে তৰুলতাই ততাতৈয়াকৈ বিছনা ত্যাগ কৰি পোনতেই বাহি ঘৰটো সাৰি ললে।বাঢ়নী টাৰেৰে বাহি চোতালত পৰি থকা পাতবোৰ সাৰিও ল’লে। একেবাৰে গাটো ধুই পেলালে।আজি মালতীবাই নাহে যেতিয়া গোটেই ঘৰৰ কামবোৰ অকলে কৰিব লাগিব বুলি ভাবি এপাকত বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ ফোন কৰি অলপ দেৰি হ’ব পাৰে

Read more

অনুশোচনা-হৰিচন্দ্ৰ ডেকা

অনল গাঁওখনৰ ভিতৰতে সৰবৰহী ল’ৰা৷ সুদৰ্শন, মিষ্টভাষী বুলি সকলোৰে মাজত জনপ্ৰিয়৷ স্কুলতো তাক সকলোৱে বৰ ভাল পায়৷ পঢ়া-শুনাত অত্যন্ত চোকা নহ’লেও সুন্দৰ কণ্ঠৰ অধিকাৰী অনলৰ গান শুনি সকলোৱে মুগ্ধ হৈ পৰে৷ পিছে তাৰ নাম চৌদিশে বিয়পি পৰিছে সি মঞ্চস্থ কৰা নাটকবোৰত তাৰ অনবদ্য অভিনয়ৰ কাৰণে৷ প্ৰতি বছৰেই স্কুলৰ বাৰ্ষিক সাংস্কৃতিক সমাৰোহত সি শ্ৰেষ্ঠ অভিনেতাৰ সন্মান পাবই৷ যোৱাবেলি আন্তঃৰাজ্যিক স্কুল নাট সমাৰোহতো সি শ্ৰেষ্ঠ অভিনেতাৰ সন্মান বুটলিবলৈ সমৰ্থ হৈছিল৷ এই বছৰ সি নৱমমান পাইছে৷ ছাত্ৰ একতা সভাৰ সাংস্কৃতিক সম্পাদকৰ দায়িত্ব তাকে

Read more

মৰম হেনো এনেকুৱাই -জয়ন্ত গগৈ

জপনাখন খুলি পদূলিটো পাৰ হৈ ঘৰৰ ভিতৰত সোমাইছোঁহে, বাইদেউৱে গলগলীয়া মাতেৰে ক’লে, “তোৰ চিঠি এখন আহিছে। পিয়নে দেউতাৰ হাতত দি গৈছে। কোনোবা ছোৱালী এজনীৰ চিঠি।” ঘৰলৈ সোমাই আহোঁতে যি ফৰকাল মন এটি লৈ গুণগুণাই আহিছিলোঁ, বাইদেউৰ কথাবিলাক শুনাৰ পিছত মনটো কাঁহ পৰি জীণ যোৱাৰ দৰে গোমা হৈ পৰিল। ছোৱালীৰ চিঠি! বিৰাট এটা লাজৰ আৱৰণে শৰীৰৰ শিৰাই শিৰাই বিয়পি যোৱা যেন লাগিল। লাজ লাজ ভাৱেৰেই টি টেবুলৰ ওপৰত থকা চিঠিখন লৈ পঢ়া ৰুমটোলৈ খৰধৰকৈ সোমাই গ’লোঁ। লাজৰ অনুকম্পাত থৰকাচুটি হেৰোৱা ভৰি

Read more

বংশাৱলী-গীতামণি দত্ত

বৰুৱাৰ বাপেকে মৃত্যুৰ আগে আগে দি যোৱা অৰ্থাৎ মৃত্যুৰ ঠিক দুমাহ মানৰ আগতে তেওঁক নিজ হাতে লিখা বংশাৱলীখন হাতত দি কৈছিল “এইখন সযতনে থ’বি, কেতিয়াবা এইখন পঢ়িবি! পঢ়িলে নিজৰ বংশৰ উপৰি পুৰুষসকল নো কোন আছিল, তাক জানিব পাৰিবি!” বাপেকৰ কথা মানি তেওঁ বংশাৱলীখন সযতনে ৰাখিলে ঠিকেই কিন্তু সেইখন উলিয়াই কোনো দিনেই তেওঁৰ পঢ়ি চাবলৈ সময় নহ’ল। তেওঁৰ সেইখনৰ কথা হয়তো মনতেই নপৰিলেহেঁতেন! আজি গাৱঁৰ ঘৰৰপৰা ফোন এটা আহিলত তেওঁৰ বংশাৱলীখনলৈ মনত পৰিল।ডাঙৰ ককায়েকৰ ভতিজা ছোৱালীজনীৰ বিয়া। সেইবাবে আজু আইতাক-ককাকৰ নাম

Read more

মই হেনো বিধৱা-ইলি তালুকদাৰ

“মৃত্যুও এক শিল্প  জীৱনৰ কঠিন শিলত কটা  এক নিৰ্লোভ ভাস্কৰ্য…..” জন্ম যিদৰে সঁচা মৃত্যুও ঠিক তেনেদৰে সঁচা। সেইবাবেই উপলব্ধি হয় আমাৰ জীৱনৰ হাঁহি আৰু চকুলোৰ যেন কোনো দাম নাই। মোৰ গৃহস্থৰ কথা কৈছোঁ। আজি তেওঁ আৰু হুলস্থূল নকৰে। এইটো কাম কৰিবলৈ আছে, সেইটো কাম কৰিবলৈ আছে বুলি চিঞৰ-বাখৰ কৰি কোনোজনকে আৰু কোনোদিনেই আমনি নকৰে। প্ৰাইভেট নাৰ্চিংহ’মৰ এটি কোঠাত শুই আছে প্ৰশান্তিৰে। আজি তেওঁৰ কাৰো ওচৰত আক্ষেপ নাই। এযোৰ উজ্জ্বল চকু, গাখীৰত সেন্দূৰ মিহলোৱা যেন শৰীৰৰ ৰং, সকলোৰে বাবে এটা চিনাকি

Read more

তুমিয়েই সকলো, তোমাৰেই অপাৰ শক্তি!-ৰিমঝিম বৰঠাকুৰ

– কোন দিগে যাবি ৰে আইজনী?  – উইদিগে যাব ৰে আমি।।  কথাকেইটা কৈ দুয়ো ঢেকঢেকাই হাঁহি উঠিল। – কি যে হব ৰে তৰ। ইমান দিনে আমাৰ চাথে থাকি ভী আমাৰ ভাচাটো ছিকিব নোৱাৰিলি।  সদায় কোৱাৰ দৰে আজিও জিতেন কায়ে পৰীক কথাটো ক’লে।  – সেইবোৰ বাদ দিয়ক আপোনাৰ মুখেৰে বেয়া বেয়া হাৱা আহিছে যে কিয়? পৰীয়েও সদায় সোধা কথাটোকে তেওঁক সুধিলে। – কি ক’বি ৰে দুখতে অকণমান খাই দিওঁ আৰু। গোন্ধটো একদম আমাৰ মুখতে বহি যায়। পৰী ঘৰলৈ আহিলে এবাৰ সিহঁতৰ

Read more

বাৰাণ্ডা-নন্দিতা ভাণ্ডাৰ কায়স্থ 

দীঘলে প্ৰায় বিশ ফুট আৰু বহলে আঠ ফুটৰ এখন ডাঙৰ বাৰাণ্ডা। মোজাইক কৰা আহল-বহল বাৰাণ্ডাখন জ্যোতি আৰু ৰেখাৰ গোটেই ঘৰটোৰ ভিতৰতে এখন প্ৰিয় ঠাই বুলি ক’লেও ভুল কোৱা নহ’ব। কি কি নকৰে দুয়ো বাৰাণ্ডাখনত। শাক-পাচলি কুটা, কাপোৰত ফুল তোলা, আলোচনীৰ পৃষ্ঠাত ডুবি থকা মুঠতে দিনটোৰ চৌবিশ ঘন্টাৰ পাঁচ-ছয় ঘণ্টা দুয়ো বাৰাণ্ডাখনতে সময় অতিবাহিত কৰে।  জ্যোতিৰ হাতৰ পৰশত যেনেদৰে ছিজন ফুলবোৰে জকমকাই ফুলি উঠে, তেনেদৰে ৰেখাৰ কৰ্মঠ হাতৰ আদৰত বাৰাণ্ডাৰ মজিয়া জিলিকি উঠে। জহকালি দুয়ো বিচনী লৈ বাৰাণ্ডাতে মনৰ কথা পাতে।

Read more

উপহাৰ-শুভ বৰা শইকীয়া

“মা, তুমিনো আজি ৰাতিপুৱাৰ পৰা ইমান মন মাৰি কি চিন্তা কৰি আছা? তুমি এনেদৰে মন মাৰি থকা দেখিলে মই অলপো সহ্য কৰিব নোৱাৰোঁ। তোমাৰ গা বেয়া নেকি মা? নে মোক কিবা কথাত বেয়া পাইছা? তোমাৰ কি হৈছেনো কোৱাচোন মা।” “মোৰ একো হোৱা নাই বাবা। তোমাকনো মই কি কথাত বেয়া পাম বাৰু? মোৰ গা বেয়া লগা নাই। মনটোহে বেয়া লাগিছে। আজি দিনটোতে তোমাৰ দেউতাৰা আমাৰ মাজৰ পৰা কোনোদিনে উভতি নহাৰ বাটেৰে গুচি গৈছিল। অতীতৰ সেই দুখৰ দিনটোৰ কথা আজি বৰকৈ মনত

Read more
1 2 3 4 13