হেৰোৱা বাটৰ আঁত-মৌচুমী হাজৰিকা
হাতত টিকটটো লৈ ভৈৰৱীয়ে আকৌ ভাবিলে যোৱা উচিত হ’বনে ইমান দিনৰ মুৰত!! তাই নিজৰ বিবেক আবেগেৰে বুজায়।সকলো মানুহ এতিয়াও যন্ত্ৰ হোৱা নাই, তাইৰ আবেগ-অনুভূতিবোৰ সিহঁতে বুজিব। আজিকালি তাইৰ ৰাতি টোপনি নহা হৈছে; অকণমান আহিলেই তাইক গাঁৱৰ সেই শৈশৱৰ দিনবোৰৰ সপোনে আমনি কৰে। তাই যাব…… আহিয়েই তাই পথাৰলৈ লৰ মাৰিলে।চেন্দেলযোৰ খুলি তাই সেউজীয়া আলিটোত খোজ দিলে। সেই মুহূৰ্তটোত তাই অনুভৱ কৰিলে—বহুদিনৰ পিছত তাই প্ৰকৃততে মাটিক স্পৰ্শ কৰিছে। চহৰৰ কংক্ৰিটৰ পথত খোজ দি দি তাই যেন তাইৰ ভৰিৰ সংবেদনশীলতা হেৰুৱাই পেলাইছিল।আজি কোমল
Read more