বিধাতাৰ লিখন-গীতামণি দত্ত
যশোদাৰ আজি ৰতনলৈ বৰ মনত পৰিছে।হাতত তুলি লোৱা কামখিনি যেন কৰিবলৈ তাই অপৰাগ।আজি দিনটোতে তাই ৰতনৰ লগত মুখামুখি হৈছিল আৰু দুয়োৰে মাজত চাৰিচকুৰ মিলন হৈছিল। যশোদাহঁতৰ গাৱঁখনৰ ভিতৰত ৰতনহঁতেই আটাইতকৈ ধনী।লক্ষী-সৰস্বতী দুয়োজনৰে যেন বসতি স্থান ৰতনহঁতৰ ঘৰখন।ৰতন ঘৰখনৰ ডাঙৰ ল’ৰা। সৰুৰেপৰাই ৰতন খেলা-ধূলা পঢ়াশুনা সকলো পিনে আগৰনুৱা।সৰুৰেপৰাই ৰতনে টাউনৰ স্কুলতে পঢ়া শুনা কৰা।সেইবাবে যশোদাহঁতে ৰতনক চিনি নাপায়,যদিও একেখন গাৱঁৰে আছিল। ৰতনৰ পৰিয়ালৰ লগত যশোদাহঁতৰ পৰিয়ালটো নিমিলে।একেবাৰে সাধাৰণ পৰিয়ালৰ ছোৱালী যশোদা। যশোদাৰ মাকে ৰতনৰ ঘৰত দিন হাজিৰা কৰিছিল। তাৰে সিহঁতৰ পৰিয়ালটো
Read more