যাত্ৰা-চিৰঞ্জীত বড়া

“We are in the same boat brother We are in the same boat brother, If you tip one end you gonna To rock the other,  We are  in the same boat brother.” আমেৰিকাৰ কৃষ্ণাংগ শিল্পী পল ৰবচনৰ বিখ্যাত গীতটিৰ সান্নিধ্যতে আমাৰ ভূপেন হাজৰিকাদেৱে গাইছে “আমি একেখন নাৱৰে যাত্ৰী” গীতটো। গীতটো মোৰ বৰ প্ৰিয়। সেয়ে কেতিয়াবা অকলে থাকিলে এই গীতটিকে গুণগুণাই থাকোঁ। মই বৰ্তমান স্নাতকোত্তৰৰ শেষ পৰীক্ষাটো দিলোঁ। পৰীক্ষাবোৰ ভালেই গৈছে। জুলাই মাহৰ আৰম্ভণিতে গৰম অলপ বেছিয়েই। সেয়েহে কেইদিনমানৰ বাবে ঘৰলৈ

Read more

বৃত্ত-নীলাক্ষী ভট্টাচাৰ্য্য

ফাগুণ মাহ, ইফালে বৰষুণ নাই বাবে চাৰিওফালে ধূলি। গছবোৰো লঠঙা হ’ল। সঁ‌চাকৈ বৰষুণ এজাকৰ বৰ প্ৰয়োজন হৈছে।  বাহিৰৰ হেলনীয়া চকীখনত বহি তৰালী অধিকাৰীয়ে সন্মুখৰ পদূলিটোলৈ লক্ষ্য কৰি আছে। আবেলি সময়ত তৰালী অধিকাৰী এনেকৈ বহি থকাটো দৈনন্দিন কৰ্মৰাজিৰ ভিতৰতে পৰে বুলি ক’ব পাৰি। ভিতৰত ভৱদেৱ অধিকাৰী শুই আছে নিজৰ কোঠাত। গা ভাল নহয় তেখেতৰ। গা ভাল নহয় বুলিও ক’ব নোৱাৰি যিহেতু তেওঁৰ মনৰ হে বেমাৰ। মানুহজন দুদিন হ’ল এনেকৈ কোঠাটোত সোমাই থকা। তৰালী অধিকাৰীয়ে বহুত চেষ্টা কৰিছিল মানুহজনক বুজাবলৈ কিন্তু নাই

Read more

সখি-মৃদুস্মিতা ফুকন

এইকেইদিন ৰাতিপুৱাই বেলিটো দুপৰীয়াৰ দৰেই তমোময় ৰূপত ওলাইছে। দিনটো যিহে গৰম! সেয়ে পুৱা শুই উঠিয়েই জোনাকে ঘৰৰ দুৱাৰ-খিৰিকীবোৰ খুলি দি ঘৰৰ বেলকনিলৈ ওলাই আহিল। কাষৰ নিমজোপাত সৌটো পালোৱান। জোনাকৰ সখি। নামটো জোনাকে দি লোৱা। সিহঁতৰ ঘৰৰ ওচৰত নিম, তামোল, নাৰিকল আদি সকলো গছতে সি নোদোকা চেহেৰাৰে অ’ৰ পৰা ত’লৈ জঁপিয়াই থাকে বাবে জোনাকে তাক এই নামটো দিছে। জোনাকে পালোৱানৰ সৈতে অকলে অকলেই কথা-বতৰা পাতি সখি পাতি লৈছে। পালোৱানেও যেন জোনাকৰ ভাৱনা-চিন্তাবোৰ বুজি পায়! আজি পিছে জোনাকহঁতৰ কাষৰ এপাৰ্টমেণ্টটোৰ ছাদত পালোৱান

Read more

ফেঁহুজালি-চন্দামিতা শৰ্মা

মাজে সময়ে কোনো বিশেষ উদ্দেশ্য বা বিশেষ কাৰণ নোহোৱাকৈও অচিন অজানা বনপথ এটাৰে আগবাঢ়ি গৈ থাকিব পাৰি।আজি পিছে কথাটো ঠিক তেনেকুৱা নহয়।মোৰ মগজুক কোনো বিশেষ চিন্তাই ব্যতিব্যস্ত কৰা নাছিল বা চিন্তাশূন্য ভেকুৱাম অৱস্থা এটাও সৃষ্টি হোৱা নাছিল যদিও এক বিশেষ কাম আগত ৰাখি আজি এই বনপথেৰে আগবাঢ়িলো। ফাগুন মাহৰ আকাশ।কোনে কয় ফাগুন কেৱল লঠঙাৰ সমাহাৰ।ফাগুনৰ আছে নিজস্ব এক সুকীয়া সৌন্দর্য।আজি চৌপাশৰ পৰিৱেশে তাকেই কয়চোন। বহুক্ষেত্ৰত নতুনৰ আৰম্ভণিও ফাগুন।  ৰাতিপুৱাৰ সময়।চহৰত সততে  অনুভৱ কৰা গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰভাৱ,ইয়াত বাৰু বৰকৈ অনুভূত

Read more

সৰাপাতৰ উচুপনি-হৰিচন্দ্ৰ ডেকা

অনিতাৰো বিয়াখন ধুমধামেৰেই হৈ গ’ল, ঠিক যেনেকৈ পাঁচ বছৰ আগতে ডাঙৰজনী ছোৱালী নমিতাৰ বিয়াখন উলহ-মালহেৰে সম্পন্ন হৈছিল৷ এইবাৰ যেনিবা জোঁৱাইয়েও দায়িত্ব কান্ধ পাতি লোৱাত কষ্টৰ বোজা কিছু লাঘৱ হ’ল৷ আঠমঙলাৰ দিনা ভনীয়েকক বিদায় দি যেতিয়া নমিতাও কৰ্তব্যৰ খাতিৰত যাবলৈ ওলাল, দুয়োজনী আলাসৰ জীয়ৰীক বিয়া দি উলিয়াই দিয়া দুখটোৱে বৰাক এতিয়াহে যেন হেঁচা মাৰি ধৰিলে৷ সুদীৰ্ঘ বৈবাহিক জীৱনত কোনোদিনে চকুপানী উলিয়াই দেখুৱাব নোখোজা মানুহজনৰ সেমেকা চকুহালে পত্নী আৰোহীৰো মন বাৰিষাৰ মেঘে ঢাকি ৰখা আকাশখনৰ দৰে হ’ল৷ অনবৰতে মাক-দেউতাকৰ মৰম বিচাৰি হুলস্থূল

Read more

বিশ্বাস-গীতামণি দত্ত

বিশ্বাস কিমান সুমধুৰ শব্দ।গোটেই বিশ্বখন  বিশ্বাসতেই চলি আছে । বিশ্বাসে মিলয় হৰি, এনেই কথাফাঁকি কোৱা নাই হয়তো। ইয়াৰ অন্তৰালত আমাৰ জীৱনৰ বহু কথাই সোমাই আছে।বিশ্বাসৰ ওপৰতেই আমাৰ ভৱিষ্যত নিৰ্ভৰ কৰে।কিন্তু যেতিয়া এই সুমধুৰ শব্দটো ‘বিশ্বাসঘাতকতা’লৈ ৰূপান্তৰিত হয় তেতিয়া মানুহৰ অন্তৰাত্মা ভাগি পৰে আৰু দিক্ হাৰা হৈ পৰে। এনে উদাহৰণ এই পৃথিৱীত বহু আছে।তথাপি আমি বিশ্বাসৰ ওপৰতেই জীয়াই আছোঁ আৰু থাকিম। সোণপাহীৰ আইতাও ইমান দিনে এই বিশ্বাসকণ লৈয়ে জীয়াই আছে।সকলোকে সম দৃষ্টিৰে চোৱা সোণপাহী আইতাও এটা সময়ত চালে চকুৰোৱা এজনী ৰাংঢালী

Read more

আকৰ্ষণ -ঋতুপৰ্ণা দত্ত

“তোক নাপালে মই মৰি যাম।”  তাই মোক কাকুতি কৰি ক’লে। কিন্তু…তাই কোৱা কথাবোৰক গুৰুত্ব দিব লগা কথা বুলি মনে নকʼলে।ইমান দূৰ সম্পৰ্কটোত আগবাঢ়ি গৈয়ো মই বেলেগ এটা বাট ল’বলৈ কুন্ঠাবোধ নকৰিলোঁ। নতুন চহৰ,নতুন কলেজ আৰু নতুন আৱেগক জীৱনত প্ৰাধান্য দিয়াটোকে প্ৰয়োজনীয় যেন লাগিল।মই ন আৱেশত ডুব গʼলোঁ।সেই আৱেশৰ নাম আছিল…মৃদু। ঘৰলৈ মাত্ৰ বন্ধবোৰত যাওঁ।তাইৰ লগত মুখামুখি হোৱাৰ আশংকাত গাঁও ফুৰিবলৈ নাযাওঁ।মোৰ লগত প্ৰেম প্ৰেম খেলি সময় নষ্ট কৰি কোনোমতে চুচৰি বাগৰি মেট্ৰিক পাছ কৰা শেৱালীক মই জোৰ কৰি মন মগজুৰপৰা

Read more

কিৰণ-নন্দিতা ঠাকুৰীয়া

শুধ বগা চেলোৱাৰ কামিজযোৰ পৰিধান কৰিলে স্বপ্নাই। মূৰটো আঁচুৰি সৰুকৈ খোপা এটাও বান্ধিলে। পাউদাৰ লাগি ধোঁৱা বৰণীয়া হৈ যোৱা ফোঁটটো সলাই নতুন ফোঁট এটা লগাই ল’লে কপালৰ সোঁমাজতে থকা মাহটোৰ ঠিক তলতে।সামান্য লিপষ্টিক অকণ ওঁঠত বুলাই তাই যাবলৈ সাজু হ’ল পঁচিশ কিলোমিটাৰ আঁতৰৰ টাউনৰ নিজৰ কৰ্মক্ষেত্ৰ চিভিল হাস্পতালখনলৈ বুলি। বৃত্তিত এগৰাকী নাৰ্চ হিচাপে সুদক্ষ তাই। এদিনতে দক্ষতা অৰ্জন নহয় সেয়া। দহ বছৰৰ অভিজ্ঞতাই  বহুত শিকালে তাইক। হাত দুখন হৈ পৰিল নিপুণ। ৰুগীয়াজনৰ  তাইৰ পৰশ পালেই বেমাৰ বহুখিনি উপশম হয়।  স্বপ্নাৰ

Read more

সুখবোৰ কেনেকৈ বিচাৰি পাওঁ-উপাসা ভাগৱতী

“মাঘৰ ষষ্ঠী তিথিটো এইবাৰ আগুৱাইছে,চাবাচোন”…. বাণী বৌৱে ফোনতে কৈ উঠিল।মনটো ষষ্ঠী তিথিটোত সোমাই পৰিল।কেৰাহীত এটা ছন্দত লৰি থকা হাতখনে যেন ছন্দ হেৰুৱালে।লাহেকৈ ঘূৰি পাকঘৰত বিভিন্ন হিচাপ-নিকাচ কৰিবলৈ থোৱা ডাঙৰ ডাঙৰকৈ তাৰিখবোৰ লিখা কেলেণ্ডাৰখনলৈ চকু দিলে।এৰা মাঘৰ ষষ্ঠী এইবাৰ জানুৱাৰীত।সৰস্বতী পূজা তাৰমানে ফেব্ৰুৱাৰীত পৰিছে।এই তাৰিখত পূজা বুলি লিখি থোৱা নাই দেখোন।পাতটো লুটিয়াই ফেব্ৰুৱাৰীত চকু পৰিল… ১৪ফেব্ৰুৱাৰী।লগতে বুধবাৰ আৰু ফাগুন মাহ পৰা দেখিয়েই মনলৈ আহিল–আলি-আই-লৃগাং উৎসৱো এই একেটা দিনতে–যেন ত্ৰিবেণী সংগম।ভাল লাগি গ’ল মনটো।গুণগুণাই গান এটি গাই উঠিল মানসীয়ে।মনটো যেন পাতল হৈ

Read more

জোনৰ আগমন-নন্দিতা ভাণ্ডাৰ কায়স্থ

শিয়ালীয়ে এ নাহিবি ৰাতি            তোৰে কাণে কাটি লগামে বাতি                 এ শিয়ালী নাহিবি ৰাতি।।     তিনিবাৰ নিচুকণি গীতটি গোৱাৰ অন্তত ভনিতাৰ সোণে টোপনিত ঢলি পৰে।ডেৰ বছৰীয়া সোণক টোপনি নিয়াবলৈ ভনিতাই সদায়ে তিনি-চাৰিটা নিচুকণি গীত গাবলগীয়া হয়। কিন্তু শেষত “শিয়ালীয়ে এ নাহিবি ৰাতি” গীতটো গালেহে সোণৰ চকু জাপ খায়।সোণৰ দুয়োকাষে গাৰু দি ভনিতা লাহেকৈ বিচনাৰপৰা নামি আহে। ৰাতিপুৱা জলপান অকণ খাই সোণে সদায়ে টোপনি যায়। কণমানিজনী শুলে ভনিতাইও অলপ সকাহ পায়।নহ’লে তাইক একেবাৰে থৰকাছুটি হেৰুৱাই পেলাবলগীয়া অৱস্থা কৰে। ঘৰুৱা কাম কেইটা অন্ততঃ

Read more
1 2 3 4 5 13