আবিয়ৈ-নমী ফুকন বৰা

”মই গৈ আছোঁ পী ,তই  সাজু হৈ থাক।” —-ভতিজাক জুমনৰ ফোনটো পায়েই নীলিমা বাইদেউৰ মনটো সুখেৰে উপচি পৰিল যদিও এক দুখবোধে তেওঁক কোঙা কৰি পেলালে । শংকিত হৈ পৰিল তেওঁ । পাৰিবনে জুমনৰ সিদ্ধান্তত সহমত প্ৰদান কৰিব ! এক গভীৰ ধৰ্মসংকটত পৰি তেওঁ বিছনাখনতে বাগৰ দিলে । ককায়েকৰ দুই সন্তান জুমন আৰু সুমন।কৰ্মৰ তাগিদাত ককায়েক আৰু বৌৱেক দুয়ো ঘৰৰ বাহিৰত। মাকৰ লগত নীলিমা গাঁৱৰ পুৰণি ঘৰতে আছিল।কিন্তু  কেইবছৰমানৰ আগতে  মাকজনী কোনোধৰণৰ অসুখ -বিসুখ নোহোৱাকৈ হঠাৎ অজান মুলুকলৈ গুচি যোৱাৰ পৰা

Read more

অংগীকাৰ-ইলি তালুকদাৰ

কলিং বেলটো বাজি বাজি ৰৈ গ’ল। হাতত থকা মোবাইলটোত সময় চালোঁ। আবেলি ৩ বাজিছে। কোন হ’ব পাৰে? অনিচ্ছা স্বত্বেও বিছনাৰ মোহ এৰি দুৱাৰখন খুলি দেখিলোঁ  সুন্দৰ পৰিপাটি পোছাকেৰে দীৰ্ঘকায় মানুহ এজন। মুখখন চিনাকি যেন লাগিল। : ইমন , চিনি পোৱা নাই মোক ? মই নীলকান্ত দাস। তুমি কলেজত কাম কৰি থাকোতে যে মোৰ ঘৰত ভাৰা কৰি আছিলা?”   মানুহজনে একে উশাহে কোৱা কথাখিনি শুনাৰ লগে লগে চাতকৈ মনত পৰি গ’ল। : দাদা, আহক আহক, মনত পৰিছে মোৰ… বুলি ঘৰৰ ভিতৰলৈ মাতি

Read more

হৃদয়ৰ আহ্বান-ৰঞ্জিত কুমাৰ শৰ্মা

‘আজি তই যোৱাৰ পাচত ছোৱালীজনীক লৈ কল্পনা আহিছিল৷’— নিশাৰ সাঁজ খাবলৈ বহা দিগন্তলৈ দাইলৰ বাতিটো আগুৱাই দি মাকে ক’লে৷ ‘কিয়? কিবা কামৰ কথা কৈছে নেকি?’— দাইল অকণমান কাঁহীখনত বাকি লৈ দিগন্তই সুধিলে৷ ‘কাম থাকিলেহে আহিব পাৰে নেকি? এনেই আহিছিল৷ ছোৱালীজনীক আৰ্ট স্কুলৰপৰা আনোতে দুয়ো সোমাইছিল৷ ভালেদিনেই হ’ল কল্পনাৰ তালৈ যোৱা নাছিলোঁ, আজি দুয়োৰে লগত ময়ো সিহঁতৰ ঘৰ পালোগৈ৷’ ‘তই গৈছিলি? কিয়?’— প্ৰথম গৰাহ ভাত মুখত ল’বলৈ লৈও ৰৈ যোৱা দিগন্তই মাকক সুধিলে৷ ‘একো কাৰণ নাই অ’৷ তাই ফোন কৰি মাতিয়েই

Read more

এথোপা_ৰঙা_গোলাপ-প্ৰণীতা গোস্বামী বৰঠাকুৰ

: আজি ৰঙা গোলাপৰ দিন! বিদ্যুতে মুখৰ ভিতৰতে কথাষাৰ ক’লে যদিও ৰঞ্জনাই শুনিলে। পুৱা ঘৰ সাৰি থকাৰপৰাই মুখখন ঘূৰাই তালৈ চাই তাই সুধিলে, : কি, কি কৈছা? : নাই, একো নাই! বিদ্যুতৰ নিৰুত্তাপ উত্তৰ। তাই আৰু সেইখিনিত ৰৈ নাথাকিল, ঝাড়ুটো লৈ তাই ভিতৰ সোমাই গ’ল। পুৱা ঘৰখনত তাইৰ অলেখ কাম। আজি দেওবাৰ, জানমণিৰ স্কুল নাই। তথাপিও ঘৰখনত জানো কমখন কাম! ৰাতিপুৱা শুই উঠিয়েই যে ঝাড়ুটো হাতত লয় সেই হাত আৰু যেন থমকি নৰ’বই। কোনো বনকৰা মানুহ নোহোৱাকৈয়ে তাই ঘৰখনৰ আল

Read more

শিপা-পল্লৱী কৌশিক

প্ৰায় ডেৰবছৰৰ মূৰত এয়া , পুনৰ উভতি আহিছোঁ মোৰ কৰ্মজীৱনলৈ। অভিমন্যু অবিহনে পাৰ কৰি অহা নিসংগতাৰ সময় এছোৱাৰ পৰা নিজকে উদ্ধাৰ কৰি এই ব্যস্ততা মোৰ বাবে উপভোগ্য হৈ উঠিছে যদিও জীউক ঘৰখনত অকলে এৰি থৈ অহাটোহে এটা চিন্তনীয় বিষয় হৈ পৰিছে । কেতিয়াবা ভাবোঁ , গাঁথনিৰ বাবে তৈয়াৰ কৰা মিশ্ৰণটোত চিমেণ্ট আৰু বালিৰ অনুপাত ঠিকে আছে নে নাই , অথবা এচপৰা এচপৰা ইটাৰে ৱালখন গাঁথি যাওঁতে উলম্ব ৰেখাডালে সঠিক দিশে গতি লৈছে নে নাই , ঠিকেই মন কৰিছোঁ যদিও জীউৰ

Read more

কথাবোৰ গল্পৰ দৰেই-দুলুমণি শইকীয়া

‘বৌটি মোক ইমান ভাত দিছা কিয়?মোৰ মূৰটোহে ভাঙৰ পেটতো নহয় নহয়।’ কথাষাৰ মনত পৰাৰ লগে লগে তৰালীৰ ওঁঠলৈ অজানিতে হাঁহি এটা  আহিল।ক’ত আছে বাৰু এতিয়া সি।জীয়াই আছে বা নাই!মনটো বেয়া লাগিল তাইৰ।ইমান সহজ সৰল আছিল সি!তাক জোকালেহে তাৰ খংটো টিঙিচ কৈ উঠিছিল।যত যিমান বেয়া মাত আছে সেইবোৰেৰে গালি দিছিল।  এইটোও ঠিক যে সেইখিনি মাত শুনিবলৈকে ইচ্ছা কৰিয়েই তাক ল’ৰা-ছোৱালী বোৰে জোকাইছিল। হাঁহি হাঁহি সৱ পাগল হৈ গৈছিল।কথাবোৰ তাই কাৰোবাক কবলৈ মন গ’ল। সেয়ে , তাই বন্ধু পলাশলৈ ফোনটো লগালে।  :

Read more

আপদীয়া সোঁত-ভনিতা শৰ্মা

’ধপং!!’ কপাহীৰ বুকুখন মোচৰ খাই উঠিল৷ক’ত জানো কিহৰ শব্দ হ’ল!গাৰ কাষৰ জেগাকণ খেপিয়াই চালে৷—“আছে,পোনাকণ গাৰ কাষতে আছে”— বুলি তাই স্বস্তিৰ নিশ্বাস পেলালে৷তাই পোনাকণৰ ফালে কাটি হৈ পিয়াহটো তাৰ মুখত লগাই দিলে৷ঘোৰ টোপনিৰ মাজতো দুবছৰীয়া ল’ৰাকণে পিয়াহটো মুখত লৈ চুপিবলৈ ল’লে লাহে লাহে৷কপাহীৰ চকুত তন্দ্ৰা নামি আহিল৷কিবা এক আৱেশে দেহাটো শাঁত পেলাই দিলে৷তাইৰ চকু দুটি মুদ খাই আহিল৷ প্ৰতিবছৰৰ দৰে এইবছৰো বানে কপাহীহঁতৰ গাওঁখনক নিস্তাৰ দিয়া নাই৷এইবাৰ আকৌ বৰষুণজাক চ’তৰপৰাই আৰম্ভ হৈছিল৷কপাহীহঁতো সেয়ে আগতীয়াকৈয়ে বানৰ উপদ্ৰৱৰপৰা ৰক্ষা পৰাৰ হাজাৰ চিন্তাত মূৰ

Read more

অব্যক্ত-জয়শ্ৰী কলিতা

গোৱা যাত্ৰাৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত দেউতাই তাইৰ লগত চিনাকি কৰাই দিয়াৰ লগে লগে খন্তেক সময়ৰ বাবে শিল পৰা কপৌৰ দৰে থৰ লাগিলোঁ মই। অন্বেষা! অন্বেষা! দুবাৰমান মনৰ ভিতৰতে নামটো আওৰাই মনত পেলাবলৈ চেষ্টা কৰিলোঁ ক’ত লগ পাইছিলোঁ তাইক! কিছু মুহূৰ্ত মগজুটোক কষ্ট দিয়াৰ পিছত হঠাতে তাহানিৰ স্মৃতি এখিনিয়ে চোঁচা মাৰি আহি স্মৃতিকাতৰ কৰি তুলিলে মোক। এইখনেই! হয়, এইখনেই সেই মুখখন! ল’ৰালি গচকি কৈশোৰত ভৰি দিয়া সময়ত প্ৰিয় বন্ধুৰ পেহীয়েকৰ বিয়াত মাত্ৰ পোন্ধৰ মিনিটমানৰ

Read more

স্বৰ্ণ-মৃগ-চন্দামিতা শৰ্মা

জোন-তৰাৰ শ্যামবছা আকাশ। গলা ৰূপ হৈ পৃথিৱী বুৰাই পেলোৱা জোনাক৷ কোনোবা প্ৰখ্যাত চিত্ৰকৰে অঁকা এখন যেন নিখুঁত চিত্ৰ–য’ত জোনাকত ওপঙি আছে গোদাবৰী নৈ, পঞ্চৱটীৰ  সুশোভিত সৌন্দৰ্য৷ পূৰ্ণ চন্দ্ৰটো গোদাবৰীৰ পানীত এখন ৰূপৰ কাঁহীৰ দৰে  জিলিকি আছে। নৈৰ পানীত জিলিকি উঠা উজ্জ্বল জোনটো একুৰা জুই হৈ বিয়পি গৈছে কিন্তু এই জুই শান্ত, সমাহিত, শীতল, চকুক বিমুগ্ধ কৰিব পৰা৷ একো একোটা তৰাই সোণালী মুকুতাৰ ৰূপ লৈ নৈখনত সাঁতোৰ মেলিছে যেন জলকেলি  কৰি থকা কোনোবা অপ্সৰাৰ জাক৷ গলা ৰূপ হৈ পৃথিৱীক বুৰাই  পেলোৱাৰ

Read more
1 11 12 13