অবিনাশী প্ৰেম-কুমকুম দেৱী শৰ্মাবৰুৱা

“প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূমণ্ডল।”                            -ৰসৰাজ বেজবৰুৱা।     বতৰটো বৰ ঠাণ্ডা।এনেয়েও মাঘৰ ঠাণ্ডা যোৱাই নাই,তাতে আকৌ চিপচিপীয়া বৰষুণ।আজি বাগ্ দেৱী বীণাপাণি সৰস্বতী দেৱীৰ পূজা।সৰুৰপৰা ডাঙৰলৈ ছোৱালীবিলাক সাজি-কাচি বিদ্যালয়লৈ যোৱা দৃশ্যটো বৰ মনোৰম।কিমান দিনৰ পৰা যে জল্পনা-কল্পনা কৰে কোনে কি পিন্ধিব।চুলি মেলি পুষ্পাঞ্জলি দিব।পুৰোহিতৰ লগে লগে উচ্চাৰণ কৰে পুষ্পাঞ্জলিৰ মন্ত্ৰ। ” ওম সৰস্বত্যৈ নম: নিত্যং ভদ্ৰকালৈ নমো নম:। বেদ বেদাঙ্গ বেদান্ত বিদ্যাস্থানেভ্য এবচ: এশ পুষ্পাঞ্জলি ওম সৰস্বত্যৈ দেব্যৈ নম:।”  তাৰ পিছত ওচৰৰ স্কুল-কলেজতো এপাক মাৰি নিজৰখনত খাবলৈ অহা হয়।কেতিয়াবা লগৰ ছোৱালীৰ

Read more

তেজীমলাৰ সৈতে অলপ বাঙ্ময় সময়-জ্যোতিমণি দেৱী

 (১) অলপ স্বগতোক্তিৰে—হাতো নেমেলিবি ফুলো নিচিঙিবি ক’ৰে বাটৰুৱা তইঃ গোটেই ৰাস্তাটোৱেই ভীৰ, বহুত ভীৰ৷ ভীৰ ঠেলি ঠেলি এক যান্ত্ৰিক অৱয়ব গোটেই শ্ৰী-চেহেৰাত সানি গৈ থাকোঁ। গোলকীকৰণৰ বাবে আজিকালি একো বস্তুৰেই অভাৱ নোহোৱাকৈ দোকানেই দোকান , যেন নানান বৰণৰ সমাহাৰেৰে সজা একো একোখন দলিচাহে আৰি থোৱা থাকে সমস্ত পথৰ দাঁতিত ৷ পথৰ দাঁতিয়ে দাঁতিয়ে বহা পাচলি বেপাৰীবোৰে আকৌ ৰাস্তাৰ কাষবোৰ একৰকম নানাৰঙী পাচলিৰে উদ্যানহেনকৈ  ফুল ফুলাই থয় ৷ মোৰ কৰ্মথলীৰ পৰা মাত্ৰ পঞ্চাশ মিটাৰমান দূৰৈৰপৰাই আৰম্ভ হয় এই পাচলি বজাৰখন৷ বজাৰখনৰ

Read more

মন্দাগ্নি-নন্দিতা ভাণ্ডাৰ কায়স্থ

পাতল গুলপীয়া ৰঙৰ আশী সূতাৰ চাদৰখনেৰে কপালৰ ঘাম মচি ক’লা ৰঙৰ ডাঙৰ গেটৰ ওচৰতে থকা নামটো পঢ়ি চালে তৰাই,            “জয়ন্ত ফুকন           প্ৰেৰণা ফুকন” অ’হ! ঠিকেই চিনি উলিয়াইছে তাই। এয়াই তৰাৰ চেনেহৰ ভাতৃৰ আলয়। ঘৰ লোৱা নিমন্ত্ৰণ তাইলৈ পঠিয়াইছিল যদিও স্বামীহাৰা মানুহগৰাকীয়ে সময়ত উপস্থিত থাকিব নোৱাৰিলে। মনতে গণি চালে প্ৰায় এবছৰ হৈ গ’ল, সময় অৱশ্যে কাৰো বাবেই ৰৈ নাথাকে । চালে চকু ৰোৱা ঘৰ বনাইছে দেই জয়ন্তই। সি যি কি নহওক আজি তাই ভায়েকৰ ঘৰলৈ আহিছে। মানে তাই আহিবলগীয়া হ’ল। ল’ৰা

Read more

সুহৃদ-ড° মৃদুস্মিতা ফুকন    

গুৱাহাটী কোনোবা এটা সময়ত ভোগপুৰৰ গোলাপ পণ্ডিতে গাঁৱৰ আলি-কেঁকুৰিটোৰ আঁহতজোপাৰ তলতে ল’ৰা-ছোৱালী চাৰিটামান গোটাই আখৰ দুটামান শিকাবলৈকে বুলি সূচনা কৰিছিল এখন বিদ্যালয়ৰ৷ বুঢ়া আঁহতজোপাৰ তলত পতা এই বিদ্যালয়খন এসময়ত আঁহতৰ তলৰপৰা গৈ খেৰৰ চালি এখনৰ তল পালেগৈ আৰু তাৰ পাছত টিনপাতৰ তললৈ গৈ গপগপীয়া হ’ল যদিও সি আঁহতগুৰি বিদ্যালয় নামেৰেই পৰিচিত হৈ থাকিল৷ বছৰে বছৰে তাত শিক্ষাৰ্থীৰ সংখ্যা বাঢ়িবলৈ ধৰিলে।তাতে এদিন যোগেশ্বৰ গাঁওবুঢ়াই পুতেক অশোকৰ নাম লগালে৷ গাঁওবুঢ়াই বিদ্যালয়ৰ পিৰালিত পুতেকৰ হতুৱাই সেৱা এটা কৰাই, তাৰ হাতত চিলট-কিতাপ আৰু কঠখন

Read more

বিলম্বিত লয়- সুভাষ শৰ্মা

মদন চৌধুৰীৰ মনটো আজি অস্থিৰ। অফিচৰ কামত একেবাৰেই মন বহুৱাব পৰা নাই । ফাইল দুটামান খুলি চাই পুনৰ জপাই থৈছে। এনেতে পিয়নটোৱে  আহি  চাহ একাপ দি গ’লহি। এৰা, এই সময়ত চৌধুৰীৰ চাহ একাপৰ বৰ প্ৰয়োজন হৈছিল। চকু দুটা জ্বলি আছে। মূৰটোও কামুৰি আছে। যোৱা নিশা চকুৰে টিপ এটা নমৰাকৈ পাৰ হৈ গ’ল। দৰা পক্ষৰ মানুহখিনিৰ সেৱা শুশ্ৰূষাত যাতে কোনো বেমেজালি নঘটে ,তাৰ তদাৰক কৰি থাকোঁতে ৰাতি পুৱাবৰেই হ’ল। ভাবিলে আচৰিত লাগে– সৌ সিদিনাখনলৈ কোলাই-বোকোচাই উঠি ডাঙৰ হোৱা চৌধুৰীৰ ককায়েকৰ ছোৱালী

Read more

এটা সপ্তাহৰ চিঠি-মিনাৰা হুছেইন

ইয়াত জীৱন বৰ সহজ। বহুত শান্ত। বহুত স্থিৰ। ক’লা-বগা ছবিৰ দৰে।কোনো ধামাকা নাই। ধীৰগতিত জীৱনটো চলি যায়। এটা শান্তিৰ গতি আছে।  সূৰ্যৰ পোহৰৰ সন্ধানত থকাসকলে বিচাৰি পায় ক’ৰবাত ক’ৰবাত এচেৰেঙা বগা পোহৰ। জীৱনৰ ঘিটমিটীয়া আন্ধাৰখিনি সামৰি  লৈ আগবাঢ়ি যাওঁ প্ৰতিদিনেই এছাটি পোহৰৰ সন্ধানত।  এয়াই হৈছে জীৱনৰ মোহ! মায়াজাল! তথাপিও জীৱন বৰ সুন্দৰ। ম’বাইলটো বাজি উঠিল। টেবুলত চালোঁ নাই, বিছনাতো নাই। ক’ত  থলোঁ বাৰু? আকৌ বাজি উঠিল। ৰাতিপুৱা বজাৰলৈ যাওঁতে বেগতে ৰাখিছিলোঁ। বেগৰ পৰা উলিয়াই ফোনটো চালোঁ। চাৰিটা মিচড কল ।

Read more

জীৱন তৃষ্ণা-সংহিতা ভট্টাচাৰ্য্য

আইমানু, কাইলৈ আইতা আহিব। হয় নেকি মা। আইতা বুলি ক’লেই ধকধকীয়া বগা কাপোৰ এজোৰেৰে ওৰণি এখন লৈ থকা সাদৰী মানুহ এগৰাকীৰ কথা মনলৈ আহে তাইৰ। মনত থকা দিনৰেপৰা আইতাকক তাই এইদৰেই দেখি আহিছে। ৰঙা সেন্দূৰৰ ফোঁটটিৰে সৈতে আইতাজনীনো কেনেকুৱা আছিল জানিবলৈ বৰ মন যায় তাইৰ। কিন্তু ফটো একপিওতো নাই চাবলৈ। তেতিয়াৰ দিনতনো ক’ত ইমান ফটো উঠিছিল মানুহে। ভাবিলে মনটো কেনেবাখন লাগি যায় তাইৰ। কাৰ লগত আহিব মা? মাকক সুধিলে তাই। খুড়াৰে ৰাতিপুৱাই থৈ যাবহি। আইতা খুড়াৰ লগত গাঁৱৰ ঘৰখনত থাকে।

Read more

দিনলিপিত এটুকুৰা বাস্তৱ-পল্লৱী কৌশিক শৰ্মা

হস্পিটেলৰ পৰা ওলাই আহি খৰধৰকৈ বাছ ষ্টেণ্ডৰ দিশে খোজ দিলোঁ মই । সম্প্ৰতি মোৰ মন আৰু মগজুৰ সমস্ত চিন্তাশক্তি হিম’গ্লবিনৰ অভাৱত শেঁতা পৰা এখন মুখ আৰু গাঁতত পোত খোৱা অনুজ্জ্বল চকু এযুৰিয়েহে অধিকাৰ কৰি লৈছে। উশাহটো যেন কিহবাই চেপি ধৰিছে মোৰ ! হাতৰ ঘড়ীটোত ঘণ্টাৰ কাটাডাল দুইৰ ঘৰত লাগিবলৈ এতিয়াও সম্পূৰ্ণ এঘণ্টা বাকী। মানে,পৰীৰো স্কুল ছুটীৰ সময় হোৱা নাই। অঙ্গীম কলেজৰপৰা বাহিৰে বাহিৰে হস্পিটেললৈকে যোৱাৰ কথা। এবাৰ দুয়োকে লগ কৰি যাব পৰা হ’লেও ! পিচে , অফিচলৈ গৈ হেড এচিষ্টেণ্টৰপৰা

Read more

অন্য এক দুৰ্গা-ইলি তালুকদাৰ

মোৰ বিয়াৰ আজি পাঁচ দিন। সময় যেন বহুত দীঘলীয়া হৈ গৈ আছে। কি কৰিম, কি কৰিলে ভাল হ’ব সেয়াও ভাবি উলিয়াব পৰা নাই। মনত পেলালোঁ কইনা হৈ স্বামীৰ ঘৰলৈ বুলি অহা দিনটো।বিয়াৰ দিনা নিশাই মোৰ ঘৰখনে মোক বিদায় দিছিল। চাউল চটিয়াই পিছলৈ ঘূৰি নাচাই বাছ এখনত  উঠিছিলোঁ। সৰু গাড়ী থকা স্বত্বেও মোক দৰাঘৰৰপৰা যোৱা বাছত উঠাই আনিছিল। অচিনাকি ডেকা গাভৰুৰ হাঁহি মাতত নিদ্ৰাহীন দেহাটো এৰি দি  নিচেই পুৱাতে শহুৰৰ পদূলি পাইছিলোঁহি। শাহু আয়ে মিঠাতেলৰ চাকি এটি জ্বলাই পাণ এখনেৰে বা

Read more

অসমৰ “জাৰোৱাৰ”সকল-হৰিচন্দ্ৰ ডেকা 

“অ’ ডেকা! কিনো  হচংহচংকৈ পোনেপোনে চাই গৈ আছেহে? অলপ ইফালে-সিফালে চাবচোন, আপুনি অহালৈকে বাট চাই আছোঁ৷ ময়ো আপোনাৰ লগত গৈ আছোঁ ৰ’ব৷” ঘূৰি চাই দেখোঁ দাস খৰধৰকৈ তেখেতৰ ঘৰৰপৰা ওলাই আহিছে৷ আমি দুয়ো বন্ধু একেলগে প্ৰাতঃভ্ৰমণলৈ যোৱা এটা পুৰণি অভ্যাস৷ পিছে তেখেতৰ আন্দামান ভ্ৰমণৰ কাৰণে আমাৰ এই প্ৰাতঃ ভ্ৰমণৰ যুটীত এটা সাময়িক যতি পৰিল; সেয়েহে মই নিজেই এইকেইদিন নিজৰ বন্ধু হৈ প্ৰাতঃভ্ৰমণৰ মজা অনুভৱ কৰি আছোঁ৷ “পিছে দাস, কওকচোন কেনেকুৱা হ’ল আপোনাৰ কলীয়াপানী ভ্ৰমণ?” “থওকহে কলীয়াপানী, তাৰ জাৰোৱাৰসকলৰ কথা সোধক

Read more
1 11 12 13 14 15