বুকুতো বাহ লয় শেলুৱৈ ধৰা এচপৰা শিল-নবনীতা বৰুৱা

……..”চুলিখিনিত তেল অলপ ঘঁহি টানি টানি বান্ধি ল’বি, নহ’লে কুটকুৰা চুলিখিনিয়ে মুখখন ঢাকি দিয়ে।গোৰোহাটোত চাবোন অলপ দি খহটা শিল এটাত ঘঁহি- ঘঁহি ধুবি। হাতখনতো নেমু অকণ দি ধুবিছোন..ক’লা খিনি যোৱাকৈ।”  মাকৰ কথাখিনিত মৰমেই নে,বেজাৰেই নে,খঙেই সোমাই আছে,একো ধৰিব নোৱাৰিলে মাইনিয়ে। মাকৰ লগ লাগি বিভিন্ন ব্যঞ্জনেৰে ভাত ,মাছ ,মাংস বনাই আজৰি হৈছেহে।হ’লেও মাকৰ কথামতেই পাতল হালধীয়া ৰঙৰ কাপোৰ এযোৰ পিন্ধি সাজু হয় আকৌ এখন মনৰ যুঁজলৈ…। এইবাৰ ভগৱন্তই চকু মেলি চালেই হ’ল আৰু! মাকৰ নেদেখাজনক কৰা কাকুতিত তাই অভ্যস্ত। আজি মাইনিক

Read more

বিচ্ছেদ-পল্লৱী কৌশিক শৰ্মা

আকাশখনে দুপৰ নিশাৰেপৰা ফেঁকুৰিয়েই আছে।  বৰষুণৰ শীতাৰ্ত সিক্ততাত ডুবাৰ ইচ্ছাক মনতে সামৰি, বিছনাৰপৰাই খিড়িকীৰে বাহিৰলৈ ভুমুকিয়াই চালে বৰ্ণালীয়ে । এসময়ত যে কিমান প্রিয় আছিল এনে এজাক বৰষুণ ! পিছে সময়ে বৰ ৰূঢ়তাৰে চুই গ’ল অনুভৱবোৰক। আজিকালি বৰষুণজাকে ভালপোৱাৰ গীত নুজুৰে। বৰঞ্চ বৰষুণৰ টোপ-টোপ শব্দবোৰ কাঁইটৰ খোঁচ একোটা হৈ বুকুখনতে বিন্ধিবলৈ ধৰে তাইৰ । এনেকুৱা এজাক বৰষুণতে এদিন কলেজৰ সন্মুখত মিৰ’নলৈ অপেক্ষা কৰিছিল বৰ্ণালীয়ে। ববিতাই তাইক দেখি.. ‘ ঐ পাগল হ’লি নেকি? গুচি আহ ‘ – বুলি খিকখিকাই হাঁহিছিল। পিছে বৰষুণজাকৰ

Read more

শিপা-কমলা দাস

ৰাস উৎসৱ অনুষ্ঠিত হোৱাৰ ভালে কেইদিনমান আগৰে পৰাই চেমনীয়া ল’ৰা ছোৱালীহঁতৰ আবেলিতো ৰাস মন্দিৰৰ সন্মুখৰ পথাৰখনতে পাৰ হয়। ল’ৰাহঁতে ফুটবল আদি খেলে আৰু ছোৱালীবোৰে হয় হাউ, কাবাদী খেলিব নাইবা ঘূৰণীয়া কৈ বহি অন্ত নোহোৱা কথা পাতিব। তাৰ মাজতে ছোৱালীহঁতৰ হাঁহিৰ নিজৰা বয় আৰু ল’ৰাহঁতৰ কিৰীলিয়ে কাণৰ পৰ্দা ঠেলি সোমাব খোজে। সিমানখিনি ব‍্যস্ততাৰ মাজতো কিন্তু সিহঁতে মূৰ্তি বনোৱা কাম কিমানখিনি আগবাঢ়িল চাবলৈ নাপাহৰে। গধুলি হ’লে ঘৰলৈ উভতাৰ সময়ত সদায়েই আঙুলিৰ মূৰত গণি গণি হিচাপ কৰে ৰাসলৈ আৰু কেইদিন আছে বুলি! স্কুলৰপৰা

Read more

উপল ধৰা-চন্দামিতা শৰ্মা

“Raped and murder”- শব্দ দুটাৰে পোষ্টমৰ্টেমৰ কাগজখন দাঙিব নোৱাৰাকৈ গধূৰ হৈ পৰিছে।নিস্তব্ধ- নিতাল সময়।যেন মৃত্যুমুখী মানুহ এজনৰ শেষ হ’বলৈ উপক্ৰম হোৱাৰ উশাহ। চুমকীৰ অন্ত্যেষ্টিক্ৰিয়া সমাপনৰ পিচত ঘৰ সোমাই দেখিলোঁ- সকলো যেন কিবা উদং।অনুভৱ কৰিলোঁ নিস্তব্ধতাৰ একধৰণৰ তীক্ষ্ণ দংশনৰ দৰে প্ৰভাৱ আছে। চুমকীৰ অনুপস্থিতিয়ে  এক দৃঢ় উপস্থিতিৰ সঞ্চাৰ কৰিছে। শেষ হৈও শেষ নোহোৱাৰ স্থিতি। -চুমুকী বা ক’ত দেতা? ঋতুৰ প্ৰশ্ন।  চুমকী বা ঋতুৰ কথা পতা আৰু খেল-ধেমালিৰ একান্ত সংগী।ঋতুৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মই ৰৈ দিলোঁ- সময়ে উত্তৰ দিব।সময়ত নিজৰ উত্তৰ

Read more

স্নেহ বন্ধন -জয়ন্ত গগৈ

গাড়ীখন বেক কৰি গেৰেজত সুমুৱাইছোঁহে,মাইনাজনীয়ে ওচৰলৈ আহি – ” পাপা আহিলা? আজি আইতা আহিছিল দেই। আইতা কোনোবা স্কুল এখনলৈ যাব হেনো।”…..বুলি মোক কৈ গ’ল। বাহিৰৰ টেপটোতে হাত-মুখ ধুই ভিতৰত সোমালোঁগৈ। শ্ৰীমতীয়ে আগবঢ়াই দিয়া পানী গিলাছ খোৱাৰ লগে লগেই দেহাটো শাঁত লাগিল । গাড়ীৰ ভিতৰত এনেয়ে গুপগুপীয়া গৰমভাৱ এটি থাকেই। গাড়ীত এ চি থাকিলেও অনবৰতে এ চি চলাবলৈ মন নাযায়। ভাড়াত যোৱা যাত্ৰীসকলে এ চি বিচাৰিলে চলোৱা হয়। দেউতাই অৱসৰ গ্ৰহণ কৰাৰ পিচতে নতুনকৈ এ চি থকা গাড়ী এখন লোৱা হ’ল।

Read more

এনাজৰী-কমলা দাস

নিৰজা দেৱীয়ে গৰম টাৱাখনত ৰুটিখন দুই ফালে লুটিয়াই সেকি লৈ চেপেনা ডালেৰে চেপি ধৰি টাৱাখনৰ পৰা উঠাই গেছৰ চুলাটোৰ ওপৰত লাহেকৈ পেলাই দি ধৰি থাকিল। আধা সেকা শুকান ৰুটিখনে জুইৰ তাপ পাই ফুটবলটোৰ দৰে ফুলি উঠিলত জুইৰ পৰা উঠাই আনিলে। তেওঁৰ ভাগৰ ৰুটি দুখন তেনেদৰে বনাই হটকেচটোত সাঁফৰ মাৰি থলে। শুকান ৰুটি হটকেচত গৰমে গৰমে তেনেদৰে কিছু সময় ভৰাই থলে কোমল হয়। ৰুটি দুখন বনাই থৈ তেওঁ পাকঘৰৰপৰা ওলাই আহিল। ৰাতিৰ আহাৰ খোৱা সময়ত সকলোৰে লগত একেলগে খাব।  বোৱাৰীয়েকে ভাত

Read more

অবিনাশী প্ৰেম-কুমকুম দেৱী শৰ্মাবৰুৱা

“প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূমণ্ডল।”                            -ৰসৰাজ বেজবৰুৱা।     বতৰটো বৰ ঠাণ্ডা।এনেয়েও মাঘৰ ঠাণ্ডা যোৱাই নাই,তাতে আকৌ চিপচিপীয়া বৰষুণ।আজি বাগ্ দেৱী বীণাপাণি সৰস্বতী দেৱীৰ পূজা।সৰুৰপৰা ডাঙৰলৈ ছোৱালীবিলাক সাজি-কাচি বিদ্যালয়লৈ যোৱা দৃশ্যটো বৰ মনোৰম।কিমান দিনৰ পৰা যে জল্পনা-কল্পনা কৰে কোনে কি পিন্ধিব।চুলি মেলি পুষ্পাঞ্জলি দিব।পুৰোহিতৰ লগে লগে উচ্চাৰণ কৰে পুষ্পাঞ্জলিৰ মন্ত্ৰ। ” ওম সৰস্বত্যৈ নম: নিত্যং ভদ্ৰকালৈ নমো নম:। বেদ বেদাঙ্গ বেদান্ত বিদ্যাস্থানেভ্য এবচ: এশ পুষ্পাঞ্জলি ওম সৰস্বত্যৈ দেব্যৈ নম:।”  তাৰ পিছত ওচৰৰ স্কুল-কলেজতো এপাক মাৰি নিজৰখনত খাবলৈ অহা হয়।কেতিয়াবা লগৰ ছোৱালীৰ

Read more

তেজীমলাৰ সৈতে অলপ বাঙ্ময় সময়-জ্যোতিমণি দেৱী

 (১) অলপ স্বগতোক্তিৰে—হাতো নেমেলিবি ফুলো নিচিঙিবি ক’ৰে বাটৰুৱা তইঃ গোটেই ৰাস্তাটোৱেই ভীৰ, বহুত ভীৰ৷ ভীৰ ঠেলি ঠেলি এক যান্ত্ৰিক অৱয়ব গোটেই শ্ৰী-চেহেৰাত সানি গৈ থাকোঁ। গোলকীকৰণৰ বাবে আজিকালি একো বস্তুৰেই অভাৱ নোহোৱাকৈ দোকানেই দোকান , যেন নানান বৰণৰ সমাহাৰেৰে সজা একো একোখন দলিচাহে আৰি থোৱা থাকে সমস্ত পথৰ দাঁতিত ৷ পথৰ দাঁতিয়ে দাঁতিয়ে বহা পাচলি বেপাৰীবোৰে আকৌ ৰাস্তাৰ কাষবোৰ একৰকম নানাৰঙী পাচলিৰে উদ্যানহেনকৈ  ফুল ফুলাই থয় ৷ মোৰ কৰ্মথলীৰ পৰা মাত্ৰ পঞ্চাশ মিটাৰমান দূৰৈৰপৰাই আৰম্ভ হয় এই পাচলি বজাৰখন৷ বজাৰখনৰ

Read more

মন্দাগ্নি-নন্দিতা ভাণ্ডাৰ কায়স্থ

পাতল গুলপীয়া ৰঙৰ আশী সূতাৰ চাদৰখনেৰে কপালৰ ঘাম মচি ক’লা ৰঙৰ ডাঙৰ গেটৰ ওচৰতে থকা নামটো পঢ়ি চালে তৰাই,            “জয়ন্ত ফুকন           প্ৰেৰণা ফুকন” অ’হ! ঠিকেই চিনি উলিয়াইছে তাই। এয়াই তৰাৰ চেনেহৰ ভাতৃৰ আলয়। ঘৰ লোৱা নিমন্ত্ৰণ তাইলৈ পঠিয়াইছিল যদিও স্বামীহাৰা মানুহগৰাকীয়ে সময়ত উপস্থিত থাকিব নোৱাৰিলে। মনতে গণি চালে প্ৰায় এবছৰ হৈ গ’ল, সময় অৱশ্যে কাৰো বাবেই ৰৈ নাথাকে । চালে চকু ৰোৱা ঘৰ বনাইছে দেই জয়ন্তই। সি যি কি নহওক আজি তাই ভায়েকৰ ঘৰলৈ আহিছে। মানে তাই আহিবলগীয়া হ’ল। ল’ৰা

Read more

সুহৃদ-ড° মৃদুস্মিতা ফুকন    

গুৱাহাটী কোনোবা এটা সময়ত ভোগপুৰৰ গোলাপ পণ্ডিতে গাঁৱৰ আলি-কেঁকুৰিটোৰ আঁহতজোপাৰ তলতে ল’ৰা-ছোৱালী চাৰিটামান গোটাই আখৰ দুটামান শিকাবলৈকে বুলি সূচনা কৰিছিল এখন বিদ্যালয়ৰ৷ বুঢ়া আঁহতজোপাৰ তলত পতা এই বিদ্যালয়খন এসময়ত আঁহতৰ তলৰপৰা গৈ খেৰৰ চালি এখনৰ তল পালেগৈ আৰু তাৰ পাছত টিনপাতৰ তললৈ গৈ গপগপীয়া হ’ল যদিও সি আঁহতগুৰি বিদ্যালয় নামেৰেই পৰিচিত হৈ থাকিল৷ বছৰে বছৰে তাত শিক্ষাৰ্থীৰ সংখ্যা বাঢ়িবলৈ ধৰিলে।তাতে এদিন যোগেশ্বৰ গাঁওবুঢ়াই পুতেক অশোকৰ নাম লগালে৷ গাঁওবুঢ়াই বিদ্যালয়ৰ পিৰালিত পুতেকৰ হতুৱাই সেৱা এটা কৰাই, তাৰ হাতত চিলট-কিতাপ আৰু কঠখন

Read more
1 9 10 11 12 13