বুকুতো বাহ লয় শেলুৱৈ ধৰা এচপৰা শিল-নবনীতা বৰুৱা
……..”চুলিখিনিত তেল অলপ ঘঁহি টানি টানি বান্ধি ল’বি, নহ’লে কুটকুৰা চুলিখিনিয়ে মুখখন ঢাকি দিয়ে।গোৰোহাটোত চাবোন অলপ দি খহটা শিল এটাত ঘঁহি- ঘঁহি ধুবি। হাতখনতো নেমু অকণ দি ধুবিছোন..ক’লা খিনি যোৱাকৈ।” মাকৰ কথাখিনিত মৰমেই নে,বেজাৰেই নে,খঙেই সোমাই আছে,একো ধৰিব নোৱাৰিলে মাইনিয়ে। মাকৰ লগ লাগি বিভিন্ন ব্যঞ্জনেৰে ভাত ,মাছ ,মাংস বনাই আজৰি হৈছেহে।হ’লেও মাকৰ কথামতেই পাতল হালধীয়া ৰঙৰ কাপোৰ এযোৰ পিন্ধি সাজু হয় আকৌ এখন মনৰ যুঁজলৈ…। এইবাৰ ভগৱন্তই চকু মেলি চালেই হ’ল আৰু! মাকৰ নেদেখাজনক কৰা কাকুতিত তাই অভ্যস্ত। আজি মাইনিক
Read more