এটুকুৰা বগা দাগ-গীতামণি দত্ত

নিজৰাহঁত আজি যোৰহাটলৈ আহিছে ।খুড়াকৰ ছোৱালী দীপাৰ বিয়া।জোৰণ আৰু বিয়া একেদিনাই পৰিছে।সেয়েহে নিজৰাহঁতে পুৱাই গোলাঘাটৰপৰা আহি যোৰহাট পালেহি।সোনকালে নাহিলে নহয় কাৰণ এদিনীয়া বিয়া,জোৰণ  পিন্ধোৱাৰ সময় বাৰটা বজাৰ আগতেই। নিজৰাৰ আহিবলৈ অকণো ইচ্ছা নাছিল।মাক ৰমলাইহে তাইক বুজাই বঢ়াই জোৰ কৰি লৈ আহিছে।নিজৰাই দীপাক খুব মৰম কৰে । তথাপি তাইৰ বিয়াখনলৈ আহিবলৈ অকণো ইচ্ছা নাছিল। আজি দহ বছৰে নিজৰাই বিয়া-সবাহ ক’তো যোগদান কৰা নাই।কেৱল স্কুললৈ যোৱা আৰু ৰাতুলক চোৱা-চিতা কৰাটোৱেই তাইৰ জীৱন।মাকে জোৰ কৰিলত নিজৰাই দীপাৰ বিয়ালৈ নহাকৈ থাকিব নোৱাৰিলে।অৱশ্যে বিয়াঘৰত উপস্থিত

Read more

সফল মানুহৰ অসফল কাহিনী-স্বপ্না সৰকাৰ

“পাপা, মই কাইলৈ যাবগৈ লাগিব।প্ৰজেক্টৰ কাম বাকী আছে।”  অষ্টম শ্ৰেণীত পঢ়া মিন্টুয়ে সন্মুখৰ ধোঁৱা উঠা ডাঙৰ পিৰিচখনৰ ফালে চাই খুব  সাধাৰণ ভাৱেই   কথাষাৰ কয়। খোৱাৰ মেজত তাৰ মুখামুখিকৈ বহি খাই থকা চিভিল ইঞ্জিনীয়াৰ ৰূপম কলিতাৰ লুচি ছিঙা হাতখন ৰৈ যায়। মিন্টুয়ে চকু তুলি নাচালেও দৃশ্যটো চকুত পৰে। পাকঘৰত হেতা খন্তিৰ শব্দও হঠাৎ বন্ধ হৈ পৰে। দুয়োৰে প্ৰতিক্ৰিয়াত সি কিবা এক তৃপ্তি পায়। যোৱা ৰাতিৰপৰাই সি এনেকুৱা এক গোমা পৰিবেশৰ কামনা কৰি আছিল। মনৰ আনন্দ সম্পূৰ্ণ গোপন কৰি নিৰ্লিপ্ত ভাৱে মিন্টুয়ে এখন

Read more

 সময়ৰ আহ্বান-প্ৰদীপ বৰা 

জ্যোতিৰূপাই হট ৱাটাৰ বেগটো লৈ প্ৰকাশৰ কাষ চাপি গ’ল।   “চাওঁ কোনখিনিত বিষাইছে ?”  প্ৰকাশে এটি মৃদু কেঁকনি মাৰি ক’লে—- ‘তল পেটৰ সোঁফালে ঠিক এইখিনিতে,উস! সাংঘাটিক বিষ।বিষ আৰম্ভ হ’লে হাগিমেই নে মুতিমেই নে ব’মিয়েই কৰিম একো ধৰিব নোৱাৰা হওঁ হে!’ ‘চাওঁ তলফালে পেট পেলাই শোৱক আৰু এই গৰম পানীৰ বেগটোত পেটৰ হেঁচা দিয়ক।চিন্তা নকৰিব, ভাল হৈ যাব ৷প্ৰকাশে যেন এটি মধুৰ স্পৰ্শানুভুতি লাভ কৰিলে,মনত পৰি গ’ল এক দীঘলীয়া যুগ্ম জীৱনৰ  সুখানুভুতিলৈ।জীৱন সংগ্ৰামৰ অক্লান্ত শ্ৰমিক প্ৰকাশৰ অলিখিত হৃদয়ৰ দিনপঞ্জীত খোদিত হৈ আছে

Read more

বিশ্বাস অবিশ্বাসৰ মাজেদি-সংহিতা ভট্টাচাৰ্য্য

“অ’ মা আমাৰ ক’লীজনী যে ইমান ধুনীয়া! ইমান মৰম লগা ন?”  তৰাৰ কথা শুনি মাক ৰমলাই ঘূৰি চালে ছাগলী পোৱালীটোলৈ। সঁচাকৈয়ে বৰ মৰম লগা।  “এইটো ল’ৰা হে ,ক’লীজনী বুলি কিয় কৈছ?” হাঁহি হাঁহি ৰমলাই জীয়েক তৰাক ক’লে। নাম দুটা বৰ মৰমত দিছে তৰাই। মাকৰ নাম লক্ষ্মী আৰু পোৱালীটোৰ নাম ক’লী।ৰাতিপুৱাৰপৰা ৰাতিলৈকে ছাগলী দুটাৰ লগতে ব্যস্ত তৰা। কি খুৱাম কি নুখুৱাম কিমান যে চিন্তা তাইৰ!পোৱালীটো হোৱাৰপৰা তাইৰ আনন্দ- উলাহত গাত একেবাৰে তত নোহোৱা হৈছে। “ৰমলা, অ’ ৰমলা এইফালে পানী এঘটি লৈ

Read more

জীৱন বৰ অনুপম -নন্দিতা ভাণ্ডাৰ কায়স্থ

‘ময়ো যাম দিয়া তোমাৰ লগত।বহুদিন ঘৰৰপৰা ক’তো ওলায়েই যোৱা নাই।’ চাদৰৰ আঁচলত হাতৰ আঙুলিৰে বৃত্ত বনাই বনাই ৰুনাই স্বামী নিলয়ক আদৰুৱা মাতেৰে কয়। ‘তুমি! তুমি গৈ কি কৰিবা? মোৰ কলিগৰ পাৰ্টি। তোমাৰ তাত কোনো প্ৰয়োজন নাই। আৰু তুমি সেইখন সমাজৰ কথা কি জানানো? স্বামীৰ মুখেৰে যেন সেয়া কথা নহয় তাইৰ হৃদয়ক ক্ষত বিক্ষত কৰা এপাট জোঙা শব্দভেদী শৰহে।  আস! কি ক’লে মানুহজনে! তাই তেওঁৰ সমাজৰ কথা বুজি নাপায়!ইমান কেঁচা নেকি তাইৰ মগজু!কোনো দিনে দ্বিতীয় স্থানলৈ নামিবলগীয়া নোহোৱা মেধাবী বুলিয়েই জনাজাত

Read more

সোণৰ কণীপৰা হাঁহ-হৰিচন্দ্ৰ ডেকা

চয়নিকা তাইৰ নাম।দেখাই শুনাই যিদৰে মৰমলগা, কথা বতৰাও তাইৰ হিয়া শাঁতপৰা।দেউতাক জীৱন বৰুৱাৰ একমাত্ৰ সন্তান, মাক-দেউতাকৰ আলাসৰ লাৰু। বৰুৱা কলেজ এখনৰ অধ্যাপক ৷ মাকেও স্কুলত চাকৰি কৰিছিল।ছোৱালীজনীৰ লালন- পালনত প্ৰতিবন্ধকতা সৃষ্টি হোৱাৰ ভয়তে তেওঁ স্কুলৰ চাকৰি এৰি দিলে।জীৱন বৰুৱা মানুহজনে লিখা মেলা কৰে, অনবৰতে নিজৰ জগতখনতে থাকে ৷ পিছে জীয়েকৰ মৰমেহে তেওঁক বাহিৰৰ পৃথিৱীখনলৈ লৈ আহে।সহজ সৰলভাবে চলি থকা এখন সুখৰ সংসাৰ ৷ ছোৱালীজনীয়ে আই.আই.টিৰপৰা কম্পিউটাৰ ইঞ্জিনীয়াৰিঙত মাষ্টাৰ্চ কৰি পি. এইচ.ডি.কৰাৰ অপেক্ষাত ঘৰতে আছে ।দেউতাকৰ চাকৰি থাকোঁতেই ছোৱালীজনীক বিয়া দিবলৈ 

Read more

দেৱকন্যা-শিখামণি গগৈ

কেঁউ– কেঁউ– কেঁউ খৰি লুৰি থকা লাচিত উচপ খাই উঠিল।খৰি নুৰা হাতত লৈয়ে ইফালে-সিফালে চালে সি।তাৰ ভ্ৰম হোৱা নাইতো!এইখন হাবিত কেঁচুৱাৰ কান্দোন!নাই এনেয়ে কিবা শুনিলে চাগে’ সি। উস্‌!শুকান বগৰীৰ ডাল এটাকে খামোচ মাৰি ধৰি ভাঙিব লওঁতে, কাঁইট এটাই তলুৱাতে বৰ বেয়াকৈ বিন্ধিলে তাক।তেজ অকণো ওলালে।এইবোৰ সময়তে তাৰ জেতুকীলৈ বৰ খং উঠে।ইমান খৰি গোটাই দিলেও তাইক খৰিৰে নোজোৰে।পুৱাই ৰিক্সাখন উলিয়াই লৈ পেডেলডালত ভৰিখন থ’বলৈ পায়হে।ক’ৰবাৰপৰা জাঁপ মাৰি আহি তাই,  চাউল-দাইল-আলুৰ কথা নক’লেও, খৰি কেইডালমান আনিবলৈ ক’ব নাপাহৰে।ঘৰখনত পাঁচোটি মানুহ।সেই পাঁচোটি মানুহলৈ

Read more

যোগ -উৰ্ব্বশী ভাগৱতী

মহীধৰৰ জীয়েক মামনিৰ বিয়া।চহৰৰ ল’ৰা।বৰকেৰাণী চাকৰি। তাতে এটাই ল’ৰা। মাটিয়ে-সম্পত্তিয়ে উভৈনদী। মামনিৰ কপাল ফুলিল বুলিহে গাঁৱত এতিয়া আলোচনা। এৰা,কাৰ ভাগ্যত কি লিখা থাকে কোনে জানে সকলোবোৰ বিধাতাৰ লিখন। চহৰত থাকিলেও ল’ৰাৰ মাক-দেউতাকে পুৰণিকলীয়া নীতি-নিয়মবোৰ এৰি দিয়া নাই। ছোৱালী পছন্দ হ’লেও দুয়োৰে জোৰা মিলাবলৈ মামনিৰ সোঁৱৰণীখন বিচাৰিলে তেওঁলোকে। ঘৈনীয়েকৰ যৌতুকত দিয়া লোৰ বাকচটোৰ তলিত সযতনে মেৰিয়াই থোৱা মামনিৰ সোঁৱৰণীখন লৈ দেউতাকে চহৰৰ ল’ৰাৰ ঘৰ পালেগৈ। আথে-বেথে বহুৱাই চাহ-জলপানেৰে আপ্যায়ন কৰিলে ল’ৰাৰ মাকে। তেনেতে দেউও আহি পালেহি হাতত মোনা এটা লৈ… “পিছে

Read more

নিশাৰ প্ৰহৰী-প্ৰণামিকা গগৈ

ব’হাগ বিহুৰ সময়ৰ কথা।মই মোৰ মানুহজন আৰু আমাৰ ছোৱালীজনীক লৈ মাহতঁৰ ঘৰৰপৰা ভাত খাই উভতি আহিছোঁ।নিশা প্ৰায় এঘাৰ বাজিছে।মোৰ মাৰ ঘৰৰপৰা মোক বিয়া দিয়া ঘৰলৈ দূৰত্ব নিচেই কম।খোজকাঢ়ি গ’লেও বৰ বেছি দহমিনিটমান লাগে।কিন্তু যিহেতু বিহুৰ সময় গতিকে আমি সেইদিনা ঘূৰি ঘূৰি বিহু চাই চাই যোৱাৰ বাবে ঘৰলৈ গাড়ী লৈয়েই গৈছিলো। ঘৰ পাই দেখিলো ঘৰৰ পৰিবেশ নিমাওমাও।মানে সকলোবোৰ শুই নিঃপালি দিলে।মোৰ মানুহজনে গাড়ীখন গেৰেজত ভৰাই মানে আমি মাক জীয়েক দুয়োজনী ঘৰৰ পাচফালে গ’লো,পাচফালৰ বাৰাণ্ডাত উঠি বোৱাৰীজনীক মাতিম বুলি।যিহেতু সকলো টোপনিত, গতিকে

Read more

ধুমকেতু -দীপাংকৰ মল্ল বৰুৱা

“খুব বেছি এমাহ”, মই চকু দুটা মুদি দিলোঁ। এমাহৰ পাছত কি হ’বগৈ কল্পনা কৰিবলৈও টান লাগে। জুহিৰ মুখ শুকাই গ’ল। তাই উচুপি উচুপি কান্দিবলৈ ধৰিলে। সকলোপিনে ভয় আৰু ত্ৰাসৰ পৰিৱেশ। মানুহবোৰ জাকে জাকে ৰাস্তালৈ ওলাই আহিছে। কি কৰিব, ক’লৈ যাব কোনেও উৱাদিহ পোৱা নাই। সকলো অফিছ, স্কুল বন্ধ হৈ পৰিছে। চৰকাৰে মানুহক আন ৰাজ্যলৈ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিমানকোঠ সমূহত মানুহৰ অসম্ভৱ ভীৰ হৈছে। ৰে’ল ষ্টেচনত জনসমুদ্ৰ। সকলোৱে যি পাৰে লাম- লাকটু লৈ নিজৰ প্ৰাণৰক্ষা কৰাৰ কাৰণে দৌৰা দৌৰি

Read more
1 8 9 10 11 12 13