অন্তঃসলিলা-চন্দামিতা শৰ্মা

তিনিদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ পিছত ওলোৱা প্ৰখৰ ৰ’দ। দেহা দহি নিয়া গৰম। শাৰী শাৰী অট্টালিকাৰ মাজত সাপৰ দৰে শুই থকা পথেৰে কালি ৰাতিও প্ৰৱাহিত হৈছিল পথৰ দাঁতিৰ নৰ্দমা,  সুশোভিত অট্টালিকাসমূহৰ পিছফালৰ পিটনি আৰু নলাত বহুদিন ধৰি গোট খাই থকা আৱৰ্জনা আদি একাকাৰ কৰি সৃষ্টি হোৱা  জলধাৰা আৰু আজি এয়া শুকাই গৈছে পানী এবেলাৰ ৰ’দতে।  স্পষ্টত: অৰ্ধ শুকান জাবৰ-ময়লাৰ দুৰ্গন্ধই ছানি ধৰিছে চৌদিশ।পথৰ কাষত দমাই থোৱা শিল, নলাৰ পানীৰ লগত ওলাই আহি পথত অবাধে বিচৰণ কৰি থকা তথা   কেতিয়াও ক্ষয়

Read more

সৰ্বতীৰ্থময়ী মাতা-পূৰ্ণিমা শইকীয়া গগৈ

সঞ্জীৱে নিশাক গাড়ীৰপৰা নামিবলৈ ক’লে। তাই নামিল। তাই ঘৰৰ ভিতৰলৈ চালে। নাই,তাইক আদৰিবলৈ কোনো ৰৈ থকা নাই।কোনো নীতি-নিয়ম নকৰাকৈ তাই সঞ্জীৱৰ পাছে পাছে ভিতৰলৈ সোমাই আহিল।সঞ্জীৱে তাইক ভিতৰলৈ লৈ গ’ল।এগৰাকী বয়সীয়াল মহিলাই তাইক বহিবলৈ চকী এখন দিলে।চকীখনত বহি তাই ভাবিলে আৰু কোনো মানুহ নায়েই নেকি?মহিলাগৰাকীয়ে তেওঁৰ পৰিচয় দিলে সঞ্জীৱৰ মাহীয়েক বুলি । নিশাৰ ঘৰলৈ বৰকৈ মনত পৰিল।বৰ আশা কৰিছিল মাকে তাইৰ বিয়াখনৰ বাবে।কিন্তু সকলো কথা ভবাৰ দৰে নহয়গৈ। সঞ্জীৱৰ মানসিক অৱস্থা তাই বুজি পালে। সেয়ে ক’ৰ্টতে বিয়া হোৱাৰ প্ৰস্তাৱ দিলে

Read more

যাত্ৰা-নন্দিতা ভাণ্ডাৰ কায়স্থ

আজি মোৰ বাবে এটা বিশেষ দিন। জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ গৈ আছোঁ। আজি মোৰ বিয়া। দুচকুত মোৰ বহুত সপোন। আৰু মা-দেউতাৰ  চকুত মই কি দেখিছোঁ? এফালে সুখ,আনন্দ আৰু আনফালে হয়তো কন্যাক এঘৰলৈ উলিয়াই দিয়াৰ বেদনা বিষাদ। কালিয়ে ঘৰত মাহী,জেঠাই, খুৰী, বাইদেউসকল আহি ভিৰ কৰিছেহি। আহিবই, মই যে ঘৰৰ একমাত্ৰ কন্যা সন্তান। ৰাতিপুৱা সকলো সোনকালেই শুই উঠিল।আটায়ে দায়িত্ববোৰ ভাগে ভাগে লৈছে। মায়ে গা-পা ধুই ৰন্ধা-বঢ়া কৰা ঠাইত চাকি এগচি জ্বলাই দিছে।দেউতাই  ৰান্ধনিজনক দিহা-পৰামৰ্শ দি আছে।মামা,খুৰা পেহাহঁত মাছ-মাংসবোৰ কটা-বছাৰ তদাৰকত থাকিল।

Read more

ক্ষোভ-ঋতুপৰ্ণা দত্ত

সকলো সম্পৰ্ক মানুহৰ হৃদয়ত বাহ সাজিবলৈ নাহে। কিছুমান আহে নিজে সাজি লোৱা বাহটো ভাঙি চিঙি চূড়মাৰ কৰিবলৈও। উমান পালে তেনে সম্পৰ্কবোৰক জোৰকৈ ধৰি বান্ধি ৰাখিব নালাগে। তেওঁলোকক এৰি দিব লাগে হৃদয়ৰ পৰা। নিৰ্ভাৰ হ’বলৈ কত কচৰৎ কৰিব লাগে। কিমান মগজুৰ তৰ্কা তৰ্কিবোৰ নেওচা দি নিৰ্ভাৰ কৰিব পাৰি নিজৰ মনক! কিমান অতীতৰ স্নেপশ্বতবোৰক মগজুৰ গভীৰতাৰপৰা তুলি আনি তাক পʼষ্ট মৰ্টেম কৰিব লাগে! কোনে বুজে? বাহিৰৰ অৱয়বটো বুজিবলৈওতো তেনেই সহজ। যেনেকৈ সহজ ভাতৰ লগত এঢোক পানী খোৱাত। তেনেকৈ জানো সহজ কাৰোবাৰ ভিতৰত

Read more

দুখীয়াৰ দুখ-প্ৰদীপ বৰা

অফিচৰ পৰা আহিয়েই হৰেণ কলিতাই দ্ৰেছ জোৰ সলাই গাধোৱা তিয়নীখন পিন্ধি মিতালীক ক’লে, “শুনিছানে হেৰা চাহ এটোপা দিয়াচোন , মই সাউতকৈ গাটো তিয়াই নামঘৰৰ পৰা আহোগৈ ৷” খং আৰু মৰম মিশ্ৰিত মাতেৰে মিতালীয়ে ক’লে’ “হয়নে?দিনৰ দিনটো অফিচত পৰিশ্ৰম কৰাৰ উপৰিও ইমানখিনি বজাৰ-সমাৰ কৰি আহি এইমাত্ৰ ঘৰ সোমাইছেহিহে  আকৌনো নামঘৰত কি লেথাটো ওলাল?” “কেলেই সেইদিনা যে দেহিৰাম দাইটিয়ে মোক মাতি যোৱা নাছিল ! ন বোৱাৰীয়েকে যে পুতেকক অপঘাত কৰিছিল তাৰে আজি বিচাৰ আছে। মিতালীঃ কিয়নো যাব লাগে অশৌচ পদ্ধতিৰ মতে কৰ্ম

Read more

যাত্ৰা-কমলা দাস

আজিকালি  সৰুবিধ চুবলৈ আইতাই প্ৰায়েই ৰাতি উঠিব লগা হয়। ভাত ঘুমুটি মাৰি শেষ হয় কি নহয়, যি হে পীড়া দিবলৈ ধৰে নহয়, টোপনিৰ ভৰত  চকু মেল নাখালেও উঠিব লগা হয়েই।  আইতাৰ বাবে কথাটো বৰ বিৰক্তিকৰ হৈ পৰিছে।  ডেকা কালতেই ভাল আছিল।  নিশা ভাত-পানী খাই শুৱাৰ পাছত একেবাৰে ৰাতিপুৱা হে সাৰ পাইছিল। ৰাতি সেই ভৰ ঘুমতিৰপৰা উঠি সৰুপানী চুৱাতো দূৰৰে কথা, আনকি চোৰে ডাঙি লৈ গ’লেও সাৰ নোপোৱা গভীৰ টোপনি আছিল। পিছে বয়স বাঢ়ি অহাৰ পাছত কি জানো হ’ল! এঘুমতি মৰাৰ

Read more

সময়ৰ নিচুকণি-প্ৰণীতা গোস্বামী বৰঠাকুৰ

“সময়ে মানুহক পৰিপক্ক কৰি তোলে। সময়ৰ মেৰপেচত মানুহ অভিজ্ঞ হয়।”  — আৰামী চকীখনত হেলান দি খুৰাই বৰ গম্ভীৰভাৱে ক’লে।‌ ডিচেম্বৰ মাহৰ এটি পুৱা। আগফালৰ বাৰাণ্ডাখনত পুৱাৰ ৰ’দকণৰ আমেজ লৈ খুৰা আৰু মই বহি আছোঁ। হাতত দুকাপ গৰম চাহ আৰু বিস্কুট। পুৱাৰ কুঁৱলী ফালি সূৰুজৰ হেঙুলী কিৰণে আমাৰ শৰীৰ আৰু মনৰ জঠৰতা আঁতৰাই পেলাইছে। পাতল এৰী চাদৰখনেৰে গাটো ভালকৈ মেৰিয়াই ল’লে খুৰাই, মূৰত এটি হিমাচলী টুপী। ৰ’দ ওলাইছে যদিও ঠাণ্ডা ভাবটো আছেই। এইকেইদিন পুৱাৰ চাহকাপ এইদৰেই আমেজ লৈ খাইছোঁ খুৰাৰ লগত।

Read more

নিশাৰ ফুল-হৰিচন্দ্ৰ ডেকা

“পলাশী………. !” ছোৱালীজনীয়ে বিদিশাৰফালে ঘূৰি চালে।অচিনাকি মানুহ এগৰাকীয়ে আচম্বিতে এইদৰে তাইৰ বাহুত খামুচি ধৰি দুৰ্বোধ্য ভাষাত কিবাকিবি কৈ থকা দেখি আচৰিত হ’ল।কথা কোৱাৰ ধৰণ চাই মানুহগৰাকী মানসিকভাৱে অসুস্থ বুলিও পতিয়ন নিয়াব নোৱাৰি ৷ কিবা এটা  যে ভুল হৈছে কথাটো বুজিব পাৰি ছোৱালীজনীয়ে কোনো প্ৰতিক্ৰিয়া নেদেখুৱাই কেৱল আতুৰ মাতৃগৰাকীৰ চকুলৈ একেথৰে চাই থাকিল ৷ কাষতে থকা  ছোৱালীজনীৰ মাক উধাতু খাই দৌৰি আহিল ; কন্যাক মানুহগৰাকীৰ কবলৰপৰা উদ্ধাৰ কৰাৰ মানসেৰে তাইক আঁতৰাই নিবলৈ চেষ্টা কৰিলে।ইতিমধ্যে এজন আদবয়সীয়া লোক, বোধকৰো মানুহগৰাকীৰ স্বামী, বেগাবেগিকৈ

Read more

বে-হিচাপ-কৰবী দাস

দাইলখন ফোৰণ দি গেছটোৰ এফালে প্ৰেচাৰ কুকাৰটোত ভাতখিনি উঠাই দি দৌৰা-দৌৰিকৈ কাম খিনি কৰি শেষ কৰি ডাক্তৰৰ ওচৰলৈ যাবৰ বাবে সাজু হ’ল বাসৱীয়ে। যোৱা তিনি-চাৰি মাহৰপৰা হৈ থকা বুকুৰ বিষটোৱে অসহ্য কৰি দিছে বাসৱীক।ল’ৰা-ছোৱালী দুয়োটাকে স্কুললৈ পঠিয়াই তাই চিটি বাছত উঠিল হস্পিতাললৈ বুলি।দুঘণ্টা অপেক্ষাৰ অন্তত ডাক্তৰক দেখুৱালে।এসোপামান পৰীক্ষা কৰিব দিলে। কাউণ্টাৰত প্ৰেচক্ৰিপচনখন দেখুওৱাত ল’ৰাজনে পৰীক্ষাবিলাক কৰিবনে নকৰে বাসৱীক সুধিলে। একেলগে পৰীক্ষা বোৰ কৰিবৰ  মন আছিল যদিও সমস্যা হ’ল টকাৰ হিচাপটো শুনি। চিটিস্কেন, এক্সৰে, তেজৰ পৰীক্ষা সকলো মিলাই আঠ হেজাৰ টকা

Read more

প্ৰমূৰ্ত-অংকিতা বৰুৱা

: তুমি সুখী নে ৰাগিনী ? : সুখী প্ৰিয়ম।অন্ততঃ সুখী হোৱাৰ কৌশলবোৰ আয়ত্ব কৰি লবলৈ শিকিছোঁ। : কিমান বছৰৰ পাছত আমি লগ হৈছোঁ বাৰু আজি মনত আছেনে তোমাৰ? : পঁচিশ বছৰ।সেই যে দৰং কলেজত হায়াৰ ছেকেণ্ডেৰী শেষৰ পৰীক্ষাৰ দিনা তুমি মোৰ লগত তোমাৰ ৰঙা ৰেঞ্জাৰ চাইকেলখন হাফ পেডেল মাৰি মাৰি মোৰ হোষ্টেলৰ পদূলিলৈকে আহিছিলা!সেয়াই শেষ দেখা হৈছিল আমাৰ! জীৱনৰ সকলো সমীকৰণ সলনি হ’ব পৰাকৈ এক দীৰ্ঘ সময়ৰ ব্যৱধান আছিল এই পঁচিশটা বছৰ।অপলক নেত্ৰে চাই ৰ’ল প্ৰিয়মে তাইলৈ।ইমান সূক্ষ্মতাৰে তাই কথাখিনি

Read more
1 6 7 8 9 10 13