ভাই-হৰিচন্দ্ৰ ডেকা

হৰ আৰু নীৰেন দুয়ো ভাই-ককাই ৷ পিছে মানুহে  দেখিলে দুয়োজনকে বাপেক-পুতেক বুলিহে ক’ব।ইয়াৰো কাৰণ আছে।হৰৰ জন্মৰ পিছত মাক শাৰীৰিকভাৱে অসুস্থ হৈ পৰিল।সেয়েহে তাক লৈয়ে সংসাৰখন আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰি কোনোমতে পেটে ভাতে খাই থকা পিতাকে পত্নীৰ শুশ্ৰূষা আৰু হৰক অসুবিধা নোপোৱাকৈ প্ৰতিপালন কৰাত মনোনিৱেশ কৰিলে ৷ এইদৰেই তিনিওজনৰ সংসাৰৰ জীৱনচক্ৰ আগবাঢ়ি গৈ থাকিল।পাঁচ বছৰীয়া হোৱাৰেপৰা হৰই পঢ়া-শুনা আৰম্ভ কৰাৰ লগতে পিতাকক খেতি পথাৰত আৰু দুৰ্বল শৰীৰৰ মাকক ঘৰুৱা কামত সহায় কৰিব পৰা হ’ল ৷ইমান ভাল ল’ৰা এজন পুত্ৰ হিচাপে পাই

Read more

সুৰ সন্ধান-ড° শিখামণি শৰ্মা

              (১)           “গৰখীয়া হেৰ’ গৰখীয়া            কি সুৰ বজালি           কি সুৰ বজালি  দুপৰীয়া  …” বাঁহীৰ সুৰটিত কৃষাণু উতলা হৈ উঠে।সি এইকেইদিন ৰাতি এপৰতো শুনিছে মন মুহি নিয়া এই সুৰ ৷ ইমান মধু আছে সুৰটিত ! ইমান মোহনীয় ! কোনে বজায় সপ্ত সুৰৰ এই বাঁহী ! বাঁহীৰ সুৰটিয়ে তাক মতলীয়া কৰি তোলে। মনতে ঠিৰাং কৰে সি, “এই সুৰৰ সন্ধান কৰিব লাগিব।” ” কি ভাবি আছা কৃষাণু দাদা?” মঞ্জুৰীৰ মাতত সি থতমত খাই উঠে

Read more

ছায়া-নন্দিতা ভাণ্ডাৰ কায়স্থ

বিল ক্লিয়াৰেঞ্চ, পেমেন্ট, বাজেট শব্দবোৰ মূৰৰপৰা উলিয়াই দেহৰ চাৰিওফালে জমা হ’বলৈ ধৰা চৰ্বিখিনি কেঁকো জেঁকো কৈ ডাঙি ভাগৰে বৰকৈ আগুৰি ধৰা প্ৰণীতাই প্ৰথম মহলাত থকা ঘৰৰ কলিং বেলটো সজোৰে টিপি দিলে।কান্ধত ভেনিটি বেগ, বাওঁহাতত ফল-মূলৰ টোপোলা লৈ বাহিৰৰ লহপহকৈ বাঢ়ি অহা এলোভেৰা জোপালৈ তাই চকু দিয়ে।দেখিয়েই তাইৰ মনটো কিবা এটা ভাল লাগি গ’ল। : মা, আহিলা।আজিও দেৰি হ’ল ন?ভাগৰেই লাগিছে ন তোমাৰ?টোপোলাটো মোক দিয়া। চতুৰ্থ শ্ৰেণীত পঢ়া জুহিয়ে দুৱাৰ খুলি মাকৰ হাতৰপৰা টোপোলাটো লৈ মাকক বৰ আথে বেথে ভিতৰলৈ সোমাবলৈ

Read more

একাকীত্ব-মৌচুমী হাজৰিকা

কেৰ্ কেৰ্ শব্দটি শুনি অতবোৰ খেলি মেলি চিন্তাভাৱনাৰ মাজতো আহিব ধৰা টোপনিটো ভাগি গ’ল। এতিয়া ৰাতিটো বিচনাখনত ইকাটি সিকাতিকৈ পাৰ কৰিব লাগিব।দেউতাক  জীয়াই থকা হ’লে পানী যোগান ধৰা,পেচাপ কৰোৱা আদি নানান  কাম কৰোঁতে  কেতিয়ানো ৰাতিপুৱায় গমেই নাপায়।কামবোৰ নোহোৱা  কৰি  থৈ মানুহজনৰ  যোৱা আজি কেইবাদিনো হ’ল। আকৌ কেৰ্ কেৰ্ শব্দত মন্দিৰাৰ চিন্তাত যতি পৰিল।শব্দটিৰ আত ধৰি ৰেক্ খনৰ ওচৰ পালেগৈ।ইচ্!ঘুণ্ গুড়ি দম হৈ আছে।আৰু বেছিকৈ খালে দেখোন পেৰাটো খহি পৰিব!!কালিলৈ  কেৰাচিন তেল অলপ আনি সানি  দিব লাগিব।আজিকালি  কেৰাচিন তেল পাবলৈও নোহোৱা

Read more

এটা ধোঁৱা ৰঙৰ সন্ধিয়া-সংহিতা ভট্টাচাৰ্য্য

জিতেন বৰুৱাই মিনতিৰ শিৰত সেন্দূৰকণ দি বহুসময় ৰ লাগি চাই থাকিল।একা-বেঁকা যেন লগা দীঘলীয়া অলিবাটটি যেন কোনোবাখিনিত আহি আহি ৰৈ গৈছেহি…! কিমানদিনৰ মূৰত ইমান ওচৰৰপৰা চাইছে মানুহগৰাকীক। কিবা যেন মনত পৰা নাই বৰুৱাৰ। ফোঁটটো কপালত দিবলৈ লওঁতেই দূৰৰপৰা কোনোবাই খিলখিলকৈ হাঁহা শুনিলে তেওঁ…। কেইগৰাকীমান মহিলাই মিনতিক ৰুমটোলৈ লৈ আহিছে। উৰণিৰ তলৰ মুখখন ভালকৈ মনিব নোৱাৰি। চাবলৈ বৰ মন গ’ল যদিও কিবা এটা লাজত তেওঁ  আঁতৰি আহিল। এনে দেখুৱালে যেন তেওঁ একো মনেই কৰা নাই।গোটেই জীৱনটোত এই লাজ সংকোচ কৰি থাকোঁতেই

Read more

অগ্নি-নৃত্য‌-কমল চন্দ্ৰ চেতিয়া

(এই লেখাটি ডাইনী হত্যাৰ এক নিৰ্মম সত্য কাহিনীৰ ওপৰত আধাৰিত‌। তথ্যগত গোপনীয়তাৰ বাবে চৰিত্ৰ দুটিৰ নাম ইয়াত সলনি কৰি ব্যৱহাৰ কৰা হৈছে‌। এই লেখাটোৰ জড়িয়তে কাৰো অন্তৰত আঘাত দিয়া লেখকৰ উদ্দেশ্য নহয়‌।)    (১) কাহিনীটোৰ আৰম্ভণি এনেদৰেওতো ঘটিব পাৰিলেহেঁতেন – কাহিলীপাৰাৰ এটা নিৰ্জন পদপথত পুৱাৰ নিয়ৰ খচকি হাতত ধৰা-ধৰিকৈ আগ বাঢ়িছে এহাল তৰুণ-তৰুণী‌। ধৰাহ’ল সিহঁত নৱযৌৱনা প্ৰণয়ীযুগল‌। তৰুণীৰ মুখৰ আৰ্যাত কিছু পৰিমাণে লাজৰ আভা‌। ফুটো-  নুফুটোকৈ ওঁঠত ওলমি ৰোৱা মিচিক-মাচাকখিনি বাৰুকৈয়ে তুলি ধৰিছে সুকোমল গালৰ সোঁমাজৰ দুটা মৰমলগা টোলে‌। তৰুণৰ

Read more

চাকৰি-হৰিচন্দ্ৰ ডেকা

ৰাকেশ তাৰ নাম।ৰাকেশ দাস। গড়কাপ্তানি বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা কিশোৰী মোহন শইকীয়াৰ ঘৰত কামকৰা লগুৱা হিচাপে থকা আজি তাৰ বিশ বছৰেই হ’ল।দহ বছৰ বয়সতে পঢ়ুৱাম বুলি আনি তাক ঘৰুৱা লাচনি-পাচনি কৰা লিগিৰা কৰি ৰাখিলে।তাৰ এটা সুন্দৰ  মনৰ সৈতে পৰিষ্কাৰ পৰিচ্ছন্নতা তথা কাম কৰাৰ প্ৰতি থকা  ধাউতিয়ে স্কুলত নাম ভৰ্ত্তি কৰি দিয়াৰপৰা শইকীয়াক বিৰত কৰি ৰাখিলে।অজুহাত হিচাপে সি পঢ়িবলৈ কোনোপধ্যেই ৰাজী নহয় বুলি ঘৰলৈ নিবলৈ অহা দেউতাকক পতিয়ন নিয়ালে। : সি পঢ়া-শুনাত বৰ আগ্ৰহী আছিল দেখোন চাৰ! কেলেই বা স্কুললৈ যাবলৈ

Read more

অপবাদ-পাৰুল ফুকন(কলিতা)

বীণাই পৱন বৰুৱাৰ ঘৰত কাম  কৰা আজি প্ৰায় পোন্ধৰ বছৰমানেই হ’ল। বৰুৱাৰ ঘৰখন তাই বৰ আপোন কৰি লৈছিল। নিজৰ  বুলিবলৈ  যি বা ককায়েক এটা আছিল সিও এতিয়া মিছা অপবাদ লৈ জেলত  সোমাই  আছে।বৰুৱা-বৰুৱানী দুয়ো চাকৰিলৈ ওলাই যায়। ঘৰখনৰ দায়িত্বৰ লগতে ৰণ আৰু ৰীমাৰ সকলো দায়িত্ব তায়েই লৈছিল।  এতিয়া ৰণ আৰু ৰীমা ডাঙৰ হ’ল যদিও বীণা নহ’লে ঘৰখনৰ একো কামেই নোহোৱা হ’ল। ঘৰখনৰ সকলো দায়িত্বৰ লগতে ঘৰৰ বজাৰৰ বস্তুৰ হিচাপো বীণা নহ’লে নহয়। সকলো বস্তুৰ হিচাপ বীণাইহে দিব লাগে। মুঠতে সকলো

Read more

আজি নিজকে স্বাৰ্থপৰ যেন লাগিল-গীতামণি দত্ত

নয়নাই লৰালৰিকৈ ল’ৰা-ছোৱালীহালক স্কুললৈ পঠিয়াবলৈ উথপথপ লগালে।স্কুলৰ পৰীক্ষা চলি আছে, তাই নাথাকিলে বিকাশৰ অলপ অসুবিধা হ’ব।নিজেও অফিচলৈ যাব লাগিব লগতে ল’ৰা ছোৱালীকো চাব লাগিব।উপায় নাই,পৰীক্ষা চলি থাকিলেও তাই যাবই লাগিব।এদিনৰ কাৰণেহে,পৰীক্ষা যি হয় হ’ব।কাৰণ সিহঁত দুয়োটাৰে পঢ়া শুনা চোৱা চিতা কৰাৰ দায়িত্ব সকলো তাইৰ ওপৰত।দেউতাক হিচাপে বিকাশেও দায়িত্ব ল’ব লাগে কিন্তু বিকাশে সৰু ল’ৰা-ছোৱালী পঢ়াই আমনি পায়।বিকাশে সিহঁত দুয়োটা নৱম-দশম শ্ৰেণী পালেহে পঢ়াব,এতিয়া নহয়।গতিকে তাই এই পৰীক্ষাৰ বতৰত এদিনৰ কাৰণে আঁতৰি গ’লেও সিহঁতে পৰীক্ষা কি কৰিব,সেয়া তাই জানে।তথাপি তাই যাবই

Read more

এই সময়, সেই সময়-কমলা দাস

নন্দিনীয়ে আজিও যেনেতেনেকৈহে বাছখন ধৰিব পাৰিলে।যাবলৈ সময় হোৱাৰ পাচতো বাছখনে ষ্টাৰ্ট দি অলপ অগাপিচা  কৰাৰ ছেগতে বাট চাইছিল কোনোবা যাবলগীয়া চিনাকি মানুহ আহিবলৈ ৰৈ গ’ল নেকি!সেই খিনি সময়তে আহি পোৱা নন্দিনীয়ে গিৰীয়েকৰ বাইকৰ পৰাই হাতখন জোকাৰি গাড়ীখন ৰ’বলৈ ইঙ্গিত দিলে। বাইকৰপৰা নামি লৰালৰিকৈ বাছত উঠি চিট এটা লৈ বহিহে ৰক্ষা।খিড়িকীৰে হাতখন উলিয়াই তেতিয়াও ৰৈ থকা নীৰোজক অৰ্থাৎ গিৰীয়েকক বাই দি ঘৰলৈ যাবলৈ ইঙ্গিত দিলে।তেওঁ নন্দিনীৰ ইঙ্গিত বুজি মূৰটো দুপিয়াই  বাইকখন ঘূৰাই  গুচি গ’ল।  নীৰোজ যোৱাৰ পাছত নন্দিনীয়ে মূৰটো ঘূৰাই ইফালে-সিফালে

Read more
1 6 7 8 9 10 15