অৱৰোহণ-চন্দামিতা শৰ্মা

গে’টখনত খুটুংকৈ শব্দ এটা তুলি ভিতৰ সোমাব খোজোঁতে ক্ষীণ পোহৰে কিবাকৈ আন্ধাৰখিনিক দূৰ কৰিবলৈ চেষ্টা কৰি থকা ঘৰটোৰপৰা এটা মাত ভাহি আহিল…. “কোন? গে’টখন ভালকৈ বন্ধ কৰি আহিব।” একমুহূৰ্তৰ বাবে কিবা এটা চিন্তা কৰি গে’টখন ভালকৈ বন্ধ কৰিলোঁ আৰু চিধাই গৈ বাৰাণ্ডাখনত থিয় দিলোঁ। সেমেকা কেঁচা মজিয়াত ভৰি থোৱাৰ লগে লগে ধূপৰ গোন্ধ এটা আহি নাকত লাগিল। ডাঠ ফ্ৰেমৰ গধপা চছমাযোৰৰ মাজেদি শ্ৰীমতী বৰুৱাই মোৰ আপাদমস্তক লক্ষ্য কৰিলে আৰু পাছমুহূৰ্ততে কৈ উঠিল…. “অ’ আপুনি! আহক, আহক। বেয়া নাপাব দেই ,

Read more

সপোনৰ সমাধি-দীপালি বৰ্মণ

বৰষুণক লৈ কি জানো আমেজ পায় মানুহে,নাজানোঁ আৰু দেই। কবিতাও লিখে। মোৰচোন একো ভাল নালাগে। চাৰিওফালে পানী আৰু লেতেৰা দুৰ্গন্ধময় পৰিবেশ। নলাৰ বুকুৱেদি চহৰখনৰ সোপাকে জাবৰ উটি আহিছে।যেন কৈছে,চোৱা কি সুন্দৰ পৰিবেশত জীয়াই আছা তোমালোক? মই নহ’লে এইবোৰৰ মাজত কি কৰিলাহেঁতেন? পিছে মইনো বচাম কেনেকৈ তোমালোকক? এইবোৰ আকৌ পেলাই দিম নৈত। নৈয়ে নি পেলাব সাগৰত…. ভাৱসাগৰত ডুবি মই বাছ ষ্টপেজটোত ৰৈ আছিলোঁ।যেনে তেনে মই আজি কামটো কৰিবই লাগিব। দেউতাৰ পেন্সনৰ কামটো আজি শেষ হ’ব।কিমান দিন যে তাঁত-বাতি কাঢ়িলোঁ আৰু এতিয়া

Read more

চাদৰ-জ্যোতিমণি দেৱী

ডিভোৰ্চী মানুহৰ সততে বদনাম কিছুমান গাত লাগি থাকে৷ডিভোৰ্চী মানুহৰ উঠা-বহা কৰোঁতে বুকুত ভয় এটাও সোমাই থাকে কোনে কাৰ লগত সন্দেহ কৰে বুলি!মেলে মিটিঙে, আত্মীয়ৰ ঘৰে পৰে কোনো বিষয়ত মাত মাতিবলৈ মন থাকিলেও নিশ্চুপ হৈ ৰ’ব লগা হয় জানোচা ওফৰি আহে তেনে বাক্যবান যে ভাল কাৰণে ডিভোৰ্চ দিবলগীয়া হ’লনে বুলি! সেয়ে নিজকে কিছুমান অপ্ৰীতিকৰ পৰিবেশৰপৰা আঁতৰাই ৰখাই শ্ৰেয় বুলি ভাবে এনে লোকে৷ তেনেকৈ পিতৃৰ ঘৰখনো এনে লোকৰ কাৰণে সদায় অনুকুলে নাথাকে বিশেষকৈ মহিলা ডিভোৰ্চীৰ ক্ষেত্ৰত৷ সৱতে তেনে মহিলাৰ ক্ষেত্ৰত মানুহৰ প্ৰশ্নবোধক

Read more

চম্পাৱতী আৰু তাইৰ সাধু কথা-সংহিতা ভট্টাচাৰ্য্য

‘এই বিছনাখন সলনি কৰিবলৈ হ’ল আৰু বুজিছা।’ বিছনাৰ তলৰপৰা সাৰি অনা ঘূণে ধৰা গুড়িখিনিলৈ চাই চাই কোৱা অৰ্ণবৰ কথাখিনিৰ উত্তৰ দিওঁ নিদিওঁকৈ বিদিশাই দিলে..   ‘ও’। বিচনাখনৰ লগত যে কিমান স্মৃতি জড়িত হৈ আছে,তাইৰ অৰ্ণৱক ক’বলৈ অলপো মন নগ’ল। জানে তাই। সি কি উত্তৰ দিব। ‘কেৱল আৱেগ অনুভৱ সোপাকে অনবৰতে বুকুত গুজি থাকা তুমি।অলপ প্ৰেক্টিকেল হ’বলৈ মানুহে শিকিব লাগে।’ কিমান শুনিব আৰু তাই এইবোৰ কথা। সেইবাবে তাই আজিকালি একো নকয়।কেৱল শুনি থাকে কথাবোৰ। শুনে আৰু বুজে। তাৰ বাহিৰে একো নাই।দুখো

Read more

ডাৱৰৰ লাজ-চিত্ৰলেখা দেৱী

লণী কিমান সময় ধৰি কোঠাটোত সোমাই উচুপি আছে তাই নিজেও নাজানে। এটা সময়ত বিছনাতে তাই টোপনি গ’ল। ঘৰখনৰ ক’তো সাৰি-শব্দ এটাও নাই ; পাকঘৰৰ পৰাহে খুটুং-খাটাংকৈ ডাঙৰ বোৱাৰী জিতাই কাম-বন কৰি থকাৰ শব্দ ভাঁহি আহিছে। সাৰ পাই উঠি লণীয়ে কাণ উনাই গম লৈ চালে। ভোকো লাগিছে তাইৰ। সেই বুলি আজি তাই খাবলৈ হ’লেও কোঠাৰপৰা ওলাই নাযায়,লাগিলে ভোকতে নাখাই মৰিব। আজি অন্ততঃ নাযায়; পাছত কি হয় দেখা যাব। ইমান সাধাৰণ কথা এটাতে শাহুৱেকে এনেকৈ কথা শুনায়! শাহু হ’ল বুলিয়েই বোৱাৰীহঁতক এনেকৈ

Read more

অস্তৰাগ-বন্দিতা জৈন

“মৃত্যুওতো এটি শিল্প জীৱনৰ কঠিন শিলত কটা এটা নিৰ্লোভ ভাস্কৰ্য”_______হীৰেণ ভট্টাচাৰ্য কবৰটোৰ ওপৰত শিলেৰে লিখি শেষ কৰি  মজদুৰজনে  নিজৰ কামৰ মজদুৰি লৈ আঁতৰি গ’ল। বহি থাকিল ক্ৰিছটিনা,,,,,পল পল সময়বোৰ সাবটি কবৰটোৰ  কাষত। হাতত লৈ অহা এপাহ ৰঙা গোলাপ  কবৰটোৰ ওপৰতে দি কিছু সময় মুখেৰে বিৰবিৰাই থাকিল। হয়তো ভগৱান যীশুক সোঁৱৰণ কৰি অহা জন্মৰ বাবে তাক আকৌ লগ পোৱাৰ ইচ্ছা জনালে। শিলত লিখা বাক্যটোৰ ওপৰেৰে কেইবাবাৰো হাতখন মোহাৰি থাকিল। কিমান সময় তেনেকৈ বহি থাকিল তাইৰ অনুমান নহ’ল। কোনোবাই বাহুত ধৰি জোকাৰি

Read more

ভাই-হৰিচন্দ্ৰ ডেকা

হৰ আৰু নীৰেন দুয়ো ভাই-ককাই ৷ পিছে মানুহে  দেখিলে দুয়োজনকে বাপেক-পুতেক বুলিহে ক’ব।ইয়াৰো কাৰণ আছে।হৰৰ জন্মৰ পিছত মাক শাৰীৰিকভাৱে অসুস্থ হৈ পৰিল।সেয়েহে তাক লৈয়ে সংসাৰখন আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰি কোনোমতে পেটে ভাতে খাই থকা পিতাকে পত্নীৰ শুশ্ৰূষা আৰু হৰক অসুবিধা নোপোৱাকৈ প্ৰতিপালন কৰাত মনোনিৱেশ কৰিলে ৷ এইদৰেই তিনিওজনৰ সংসাৰৰ জীৱনচক্ৰ আগবাঢ়ি গৈ থাকিল।পাঁচ বছৰীয়া হোৱাৰেপৰা হৰই পঢ়া-শুনা আৰম্ভ কৰাৰ লগতে পিতাকক খেতি পথাৰত আৰু দুৰ্বল শৰীৰৰ মাকক ঘৰুৱা কামত সহায় কৰিব পৰা হ’ল ৷ইমান ভাল ল’ৰা এজন পুত্ৰ হিচাপে পাই

Read more

সুৰ সন্ধান-ড° শিখামণি শৰ্মা

              (১)           “গৰখীয়া হেৰ’ গৰখীয়া            কি সুৰ বজালি           কি সুৰ বজালি  দুপৰীয়া  …” বাঁহীৰ সুৰটিত কৃষাণু উতলা হৈ উঠে।সি এইকেইদিন ৰাতি এপৰতো শুনিছে মন মুহি নিয়া এই সুৰ ৷ ইমান মধু আছে সুৰটিত ! ইমান মোহনীয় ! কোনে বজায় সপ্ত সুৰৰ এই বাঁহী ! বাঁহীৰ সুৰটিয়ে তাক মতলীয়া কৰি তোলে। মনতে ঠিৰাং কৰে সি, “এই সুৰৰ সন্ধান কৰিব লাগিব।” ” কি ভাবি আছা কৃষাণু দাদা?” মঞ্জুৰীৰ মাতত সি থতমত খাই উঠে

Read more

ছায়া-নন্দিতা ভাণ্ডাৰ কায়স্থ

বিল ক্লিয়াৰেঞ্চ, পেমেন্ট, বাজেট শব্দবোৰ মূৰৰপৰা উলিয়াই দেহৰ চাৰিওফালে জমা হ’বলৈ ধৰা চৰ্বিখিনি কেঁকো জেঁকো কৈ ডাঙি ভাগৰে বৰকৈ আগুৰি ধৰা প্ৰণীতাই প্ৰথম মহলাত থকা ঘৰৰ কলিং বেলটো সজোৰে টিপি দিলে।কান্ধত ভেনিটি বেগ, বাওঁহাতত ফল-মূলৰ টোপোলা লৈ বাহিৰৰ লহপহকৈ বাঢ়ি অহা এলোভেৰা জোপালৈ তাই চকু দিয়ে।দেখিয়েই তাইৰ মনটো কিবা এটা ভাল লাগি গ’ল। : মা, আহিলা।আজিও দেৰি হ’ল ন?ভাগৰেই লাগিছে ন তোমাৰ?টোপোলাটো মোক দিয়া। চতুৰ্থ শ্ৰেণীত পঢ়া জুহিয়ে দুৱাৰ খুলি মাকৰ হাতৰপৰা টোপোলাটো লৈ মাকক বৰ আথে বেথে ভিতৰলৈ সোমাবলৈ

Read more

একাকীত্ব-মৌচুমী হাজৰিকা

কেৰ্ কেৰ্ শব্দটি শুনি অতবোৰ খেলি মেলি চিন্তাভাৱনাৰ মাজতো আহিব ধৰা টোপনিটো ভাগি গ’ল। এতিয়া ৰাতিটো বিচনাখনত ইকাটি সিকাতিকৈ পাৰ কৰিব লাগিব।দেউতাক  জীয়াই থকা হ’লে পানী যোগান ধৰা,পেচাপ কৰোৱা আদি নানান  কাম কৰোঁতে  কেতিয়ানো ৰাতিপুৱায় গমেই নাপায়।কামবোৰ নোহোৱা  কৰি  থৈ মানুহজনৰ  যোৱা আজি কেইবাদিনো হ’ল। আকৌ কেৰ্ কেৰ্ শব্দত মন্দিৰাৰ চিন্তাত যতি পৰিল।শব্দটিৰ আত ধৰি ৰেক্ খনৰ ওচৰ পালেগৈ।ইচ্!ঘুণ্ গুড়ি দম হৈ আছে।আৰু বেছিকৈ খালে দেখোন পেৰাটো খহি পৰিব!!কালিলৈ  কেৰাচিন তেল অলপ আনি সানি  দিব লাগিব।আজিকালি  কেৰাচিন তেল পাবলৈও নোহোৱা

Read more
1 4 5 6 7 8 13