এটা ধোঁৱা ৰঙৰ সন্ধিয়া-সংহিতা ভট্টাচাৰ্য্য
জিতেন বৰুৱাই মিনতিৰ শিৰত সেন্দূৰকণ দি বহুসময় ৰ লাগি চাই থাকিল।একা-বেঁকা যেন লগা দীঘলীয়া অলিবাটটি যেন কোনোবাখিনিত আহি আহি ৰৈ গৈছেহি…! কিমানদিনৰ মূৰত ইমান ওচৰৰপৰা চাইছে মানুহগৰাকীক। কিবা যেন মনত পৰা নাই বৰুৱাৰ। ফোঁটটো কপালত দিবলৈ লওঁতেই দূৰৰপৰা কোনোবাই খিলখিলকৈ হাঁহা শুনিলে তেওঁ…। কেইগৰাকীমান মহিলাই মিনতিক ৰুমটোলৈ লৈ আহিছে। উৰণিৰ তলৰ মুখখন ভালকৈ মনিব নোৱাৰি। চাবলৈ বৰ মন গ’ল যদিও কিবা এটা লাজত তেওঁ আঁতৰি আহিল। এনে দেখুৱালে যেন তেওঁ একো মনেই কৰা নাই।গোটেই জীৱনটোত এই লাজ সংকোচ কৰি থাকোঁতেই
Read more