এটা ধোঁৱা ৰঙৰ সন্ধিয়া-সংহিতা ভট্টাচাৰ্য্য

জিতেন বৰুৱাই মিনতিৰ শিৰত সেন্দূৰকণ দি বহুসময় ৰ লাগি চাই থাকিল।একা-বেঁকা যেন লগা দীঘলীয়া অলিবাটটি যেন কোনোবাখিনিত আহি আহি ৰৈ গৈছেহি…! কিমানদিনৰ মূৰত ইমান ওচৰৰপৰা চাইছে মানুহগৰাকীক। কিবা যেন মনত পৰা নাই বৰুৱাৰ। ফোঁটটো কপালত দিবলৈ লওঁতেই দূৰৰপৰা কোনোবাই খিলখিলকৈ হাঁহা শুনিলে তেওঁ…। কেইগৰাকীমান মহিলাই মিনতিক ৰুমটোলৈ লৈ আহিছে। উৰণিৰ তলৰ মুখখন ভালকৈ মনিব নোৱাৰি। চাবলৈ বৰ মন গ’ল যদিও কিবা এটা লাজত তেওঁ  আঁতৰি আহিল। এনে দেখুৱালে যেন তেওঁ একো মনেই কৰা নাই।গোটেই জীৱনটোত এই লাজ সংকোচ কৰি থাকোঁতেই

Read more

অগ্নি-নৃত্য‌-কমল চন্দ্ৰ চেতিয়া

(এই লেখাটি ডাইনী হত্যাৰ এক নিৰ্মম সত্য কাহিনীৰ ওপৰত আধাৰিত‌। তথ্যগত গোপনীয়তাৰ বাবে চৰিত্ৰ দুটিৰ নাম ইয়াত সলনি কৰি ব্যৱহাৰ কৰা হৈছে‌। এই লেখাটোৰ জড়িয়তে কাৰো অন্তৰত আঘাত দিয়া লেখকৰ উদ্দেশ্য নহয়‌।)    (১) কাহিনীটোৰ আৰম্ভণি এনেদৰেওতো ঘটিব পাৰিলেহেঁতেন – কাহিলীপাৰাৰ এটা নিৰ্জন পদপথত পুৱাৰ নিয়ৰ খচকি হাতত ধৰা-ধৰিকৈ আগ বাঢ়িছে এহাল তৰুণ-তৰুণী‌। ধৰাহ’ল সিহঁত নৱযৌৱনা প্ৰণয়ীযুগল‌। তৰুণীৰ মুখৰ আৰ্যাত কিছু পৰিমাণে লাজৰ আভা‌। ফুটো-  নুফুটোকৈ ওঁঠত ওলমি ৰোৱা মিচিক-মাচাকখিনি বাৰুকৈয়ে তুলি ধৰিছে সুকোমল গালৰ সোঁমাজৰ দুটা মৰমলগা টোলে‌। তৰুণৰ

Read more

চাকৰি-হৰিচন্দ্ৰ ডেকা

ৰাকেশ তাৰ নাম।ৰাকেশ দাস। গড়কাপ্তানি বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা কিশোৰী মোহন শইকীয়াৰ ঘৰত কামকৰা লগুৱা হিচাপে থকা আজি তাৰ বিশ বছৰেই হ’ল।দহ বছৰ বয়সতে পঢ়ুৱাম বুলি আনি তাক ঘৰুৱা লাচনি-পাচনি কৰা লিগিৰা কৰি ৰাখিলে।তাৰ এটা সুন্দৰ  মনৰ সৈতে পৰিষ্কাৰ পৰিচ্ছন্নতা তথা কাম কৰাৰ প্ৰতি থকা  ধাউতিয়ে স্কুলত নাম ভৰ্ত্তি কৰি দিয়াৰপৰা শইকীয়াক বিৰত কৰি ৰাখিলে।অজুহাত হিচাপে সি পঢ়িবলৈ কোনোপধ্যেই ৰাজী নহয় বুলি ঘৰলৈ নিবলৈ অহা দেউতাকক পতিয়ন নিয়ালে। : সি পঢ়া-শুনাত বৰ আগ্ৰহী আছিল দেখোন চাৰ! কেলেই বা স্কুললৈ যাবলৈ

Read more

অপবাদ-পাৰুল ফুকন(কলিতা)

বীণাই পৱন বৰুৱাৰ ঘৰত কাম  কৰা আজি প্ৰায় পোন্ধৰ বছৰমানেই হ’ল। বৰুৱাৰ ঘৰখন তাই বৰ আপোন কৰি লৈছিল। নিজৰ  বুলিবলৈ  যি বা ককায়েক এটা আছিল সিও এতিয়া মিছা অপবাদ লৈ জেলত  সোমাই  আছে।বৰুৱা-বৰুৱানী দুয়ো চাকৰিলৈ ওলাই যায়। ঘৰখনৰ দায়িত্বৰ লগতে ৰণ আৰু ৰীমাৰ সকলো দায়িত্ব তায়েই লৈছিল।  এতিয়া ৰণ আৰু ৰীমা ডাঙৰ হ’ল যদিও বীণা নহ’লে ঘৰখনৰ একো কামেই নোহোৱা হ’ল। ঘৰখনৰ সকলো দায়িত্বৰ লগতে ঘৰৰ বজাৰৰ বস্তুৰ হিচাপো বীণা নহ’লে নহয়। সকলো বস্তুৰ হিচাপ বীণাইহে দিব লাগে। মুঠতে সকলো

Read more

আজি নিজকে স্বাৰ্থপৰ যেন লাগিল-গীতামণি দত্ত

নয়নাই লৰালৰিকৈ ল’ৰা-ছোৱালীহালক স্কুললৈ পঠিয়াবলৈ উথপথপ লগালে।স্কুলৰ পৰীক্ষা চলি আছে, তাই নাথাকিলে বিকাশৰ অলপ অসুবিধা হ’ব।নিজেও অফিচলৈ যাব লাগিব লগতে ল’ৰা ছোৱালীকো চাব লাগিব।উপায় নাই,পৰীক্ষা চলি থাকিলেও তাই যাবই লাগিব।এদিনৰ কাৰণেহে,পৰীক্ষা যি হয় হ’ব।কাৰণ সিহঁত দুয়োটাৰে পঢ়া শুনা চোৱা চিতা কৰাৰ দায়িত্ব সকলো তাইৰ ওপৰত।দেউতাক হিচাপে বিকাশেও দায়িত্ব ল’ব লাগে কিন্তু বিকাশে সৰু ল’ৰা-ছোৱালী পঢ়াই আমনি পায়।বিকাশে সিহঁত দুয়োটা নৱম-দশম শ্ৰেণী পালেহে পঢ়াব,এতিয়া নহয়।গতিকে তাই এই পৰীক্ষাৰ বতৰত এদিনৰ কাৰণে আঁতৰি গ’লেও সিহঁতে পৰীক্ষা কি কৰিব,সেয়া তাই জানে।তথাপি তাই যাবই

Read more

এই সময়, সেই সময়-কমলা দাস

নন্দিনীয়ে আজিও যেনেতেনেকৈহে বাছখন ধৰিব পাৰিলে।যাবলৈ সময় হোৱাৰ পাচতো বাছখনে ষ্টাৰ্ট দি অলপ অগাপিচা  কৰাৰ ছেগতে বাট চাইছিল কোনোবা যাবলগীয়া চিনাকি মানুহ আহিবলৈ ৰৈ গ’ল নেকি!সেই খিনি সময়তে আহি পোৱা নন্দিনীয়ে গিৰীয়েকৰ বাইকৰ পৰাই হাতখন জোকাৰি গাড়ীখন ৰ’বলৈ ইঙ্গিত দিলে। বাইকৰপৰা নামি লৰালৰিকৈ বাছত উঠি চিট এটা লৈ বহিহে ৰক্ষা।খিড়িকীৰে হাতখন উলিয়াই তেতিয়াও ৰৈ থকা নীৰোজক অৰ্থাৎ গিৰীয়েকক বাই দি ঘৰলৈ যাবলৈ ইঙ্গিত দিলে।তেওঁ নন্দিনীৰ ইঙ্গিত বুজি মূৰটো দুপিয়াই  বাইকখন ঘূৰাই  গুচি গ’ল।  নীৰোজ যোৱাৰ পাছত নন্দিনীয়ে মূৰটো ঘূৰাই ইফালে-সিফালে

Read more

আউল জীৱনৰ-ৰিমঝিম বৰঠাকুৰ

খবৰটো পাই অনামিকা কথমপি নপৰাকৈ থাকিল। কি শুনিছে এয়া তাই! কোনোপধ্যেই তাই নিজৰ আৱেগক ধৰি ৰাখিব নোৱাৰিলে। হুকহুকাই কান্দি উঠা অনামিকাৰ কান্দোন পিছলৈ উচুপনিলৈ ৰূপান্তৰিত হ’ল। তেনেদৰে তাই কিমান সময় কান্দি থাকিল গম নাপায়। বাহিৰত কোনোবাই কলিং বেল টিপাৰ শব্দতহে অনামিকাৰ সম্বিত ঘূৰি আহিল। হাততে থকা ম’বাইলটোত সময় চাই দেখিলে মানস আৰু ৰিহা ঘূৰি অহাৰ সময় এয়া। অনামিকাই লৰালৰিকৈ বাথৰূমটোলৈ দৌৰি গৈ বেচিনত নিজৰ মুখখন ধুই বেচিনৰ কাষতে আঁৰি থোৱা টাৱেলখনৰেই মুখখন মুচি বাথৰূমৰপৰা ওলাই আহিবৰ সময়তে আকৌ কলিং বেলটো

Read more

প্ৰাপ্তি -জয়ন্ত গগৈ

নিজৰা বৌৱে প্ৰায়ে… “ঐ মৌচুমী, তোমাক আমাৰ ঘৰৰ বোৱাৰী হিচাপে পাবলৈ বৰ মন যায় অ’ “….. বুলি কোৱা কথাৰ প্ৰত্যুত্তৰত ময়ো….”সময়ত হে দেখিম দেই বৌ”…. বুলি কৈ দুয়োজনীয়ে হাঁহি ধেমালিবোৰ কৰি থাকোঁ । ভালো লাগে মনে-মিলা কাৰোবাৰ সতে হাঁহি ধেমালিৰ মাজেৰে দিনৰ সময়কণত কথা বতৰাত বিলীন হৈ থাকিবলৈ । মনটো ফৰকাল লাগে।সেইদিনা ক্লাছটো শেষ কৰি নিজৰা বৌ কমনৰূমত সোমায়েই মোক কিবা অফ্ মুডত বহি থকা দেখি মোৰ কাষতে বহি….”ঐ ছোৱালী কি হ’ল?আজি মুড অফ্ নেকি?”… বুলি ক’বলৈহে পালে মোৰ মনৰ

Read more

সময়-হৰিচন্দ্ৰ ডেকা

“এয়া মজিদ নহয়নে?” চিনাকি মাত এটা যেন ক’ৰবাৰ পৰা ভাঁহি আহিছে৷ ইফালে সিফালে চাই দেখোঁ হাহোঁ হাহোঁ কৰা মুখ এখনে ফুটপাথৰ সিটো পাৰৰপৰা মোলৈ চাই আছে৷ ওচৰ চাপি অহাত ভৰিৰপৰা মূৰলৈ মানুহজনক ভালদৰে নিৰীক্ষণ কৰিলোঁ৷ চিনাকি চিনাকি যেন লাগিছে  কিন্তু কোন হ’ব পাৰে সেয়া ঠাৱৰ কৰিব পৰা নাই৷ এসময়ৰ  কলেজ সহপাঠী যেন অনুভৱ  হয়, কিন্তু এই মুহূৰ্তত অসংখ্য সহপাঠীৰ মাজৰ এইজন কোন হ’ব পাৰে সেইটোহে ধৰিব নোৱাৰি বিবুধিত পৰিছোঁ৷ “কি চিনি পোৱা নাই?” হাতখনত জোৰকৈ খামুচি ধৰি আগন্তুকে পুনৰ ক’লে…

Read more

মোহ-প্ৰণীতা গোস্বামী বৰঠাকুৰ

চহৰখনৰ মূল পথৰপৰা বাওঁফালে এক ফাৰ্লংমান গৈয়েই সোঁফালে ঘূৰা কেঁকুৰিটোৰ চুকতে তেখেতৰ ঘৰ। আহল-বহল বাৰীখনৰ সোঁমাজতে এটা অসম আৰ্হিৰ ধুনীয়া ঘৰ। সমুখৰ বাৰান্দাত বেতৰ টেবুল-চকী এযোৰ। দীঘল পদূলিটো পাৰ হৈয়েই বহল বাৰান্দাখনে দৃষ্টি আকৰ্ষণ কৰে। ঠায়ে ঠায়ে ৰখা সতেজ পাতৰ টাবকেইটাই বাৰুকৈয়ে শোভাবৰ্ধন কৰিছে। বাৰীখন যথেষ্ট পৰিষ্কাৰ। সোঁফালে চুকলৈ থকা লিচু গছডালৰ ঠাল-ঠেঙুলীয়ে এক বৃহৎ অংশ আৱৰি আছে। তলতে বেঞ্চৰ দৰে কাঠৰ কুণ্ডা এটা ফালি বহাৰ ব্যৱস্থাও ৰাখিছে। ঠায়ে ঠায়ে জবা, খৰিকাজাঁই, তগৰ, গোলাপ আদি দেশী ফুলৰ গছবোৰে চোতালখন মনোমোহা

Read more
1 5 6 7 8 9 13