এনেকৈয়ে আগুৱাই জীৱন-দুলুমণি শইকীয়া

: অনুৰাগ,তুমি কিয় এনেকুৱা কৰিছানো,কোৱাচোন কি হৈছে তোমাৰ?মই একো ধৰিব পৰা নাই দেই!!কি দেখিনো মৌন হৈ গ’লা তুমি!মোৰ উপস্থিতিয়ে তোমাক আনন্দ দিব পৰা নাই নেকি বাৰু?মই বৰ অশান্তি পাইছোঁ দেই এনেদৰে থাকি। ঠিক আছে তেন্তে। আজিলৈ যাওঁগৈ ব’লা।এনেদৰে থাকিব নোৱাৰি আৰু। অনুৰাগে তাইৰ হাতখনত থাপ মাৰি ধৰি ক’লে…. : অনামিকা,মোক ক্ষমা কৰিবা।তোমাক বহুত কথা ক’বলৈ আছে।এদিন সকলো ক’ম তোমাক ।কিন্তু আজি জোৰ নকৰিবা প্লিজ ।মোৰ মনটো কিবা এটা ভাল লগা নাই। : তোমাৰ মনটো বেয়া লগা বাবেই কৈছোঁ অনু,আজি যাওঁগৈ

Read more

চুনামী-নমী ফুকন বৰা

: হেল্ল’ বাইদেউ , হেল্ল’ —শুনিছেনে ? : শুনি আছো কোৱা গীতি। : বাইদেউ আজি ইমনক লৈ আমি এফালে যাবলগা আছে।অনুগ্ৰহ কৰি আপুনি বাৰু অলপ সোনকালে আহি মাঁহতৰ লগত থাকিব পাৰিবনে? : অঁ,ঠিক আছে।মই এয়া যাবলে লৈছিলোৱেই ।তুমি নিশ্চিন্ত মনেৰে যাব পাৰা। : বাইদেউ আপোনাক যে কি বুলি ধন্যবাদ দিম ——–। : নালাগে ধন্যবাদ,মাত্ৰ তুমি তোমালোকৰ কাম কৰি যোৱা।  ফোনটো কাটিয়েই মোৰ কামবোৰ সামৰি ছাৰক কৈ  লৰালৰিকৈ ই-ৰিক্সা এখন লৈ ঘৰ পালোহি।দেখিলো গীতুহঁতৰ গাড়ীখন সিহঁতৰ গাড়ী ৰখা জেগাতেই আছে। তাৰমানে

Read more

জুনুকা-পল্লৱী কৌশিক শৰ্মা

নাই,  এটা চৰম সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তাক জুনুকাই আৰু নুই কৰিব নোৱাৰে। বিশ্বাসৰ চিলাখন ভূলুণ্ঠিত হোৱাৰ পিছত, ভ্ৰম এটাকে সত্য বিবেচনা কৰি হাত সাবটি বহি ৰোৱাটো কোনোমতে যুক্তিসংগত নহয়।  প্ৰচণ্ড আক্ৰোশত যোৱা কেইবাদিনো ধৰি অৱহেলিতভাৱে পৰি ৰোৱা চাউল সিজোৱা চিলভাৰৰ চৰুটো দমকলৰ পাৰলৈ উলিয়াই নিলে তাই।চৰুটোৰ তলিৰ অৱশিষ্ট ভাতকেইটাৰ ওপৰত ইতিমধ্যে ভেঁকুৰে তৰপ বান্ধিছিল। ফলত অকটা গোন্ধ এটা বাহিৰ হৈ পেটটো পকাই ধৰিলে।এনেয়ো আজিকালি অদ্ভুত গোন্ধ কিছুমানে অহৰহ খেদি ফুৰা হৈছে মানুহজনীক। যেন পানীটোপাও ডিঙিৰে নসৰকিব! চাদৰৰ আঁচলেৰে নাকটো সোপা মাৰি

Read more

লগ পাম তোমাক ইপাৰে!-ৰিমঝিম বৰঠাকুৰ

আইতা….. সৱিতা….. আইতা….. সৱিতা…..      দহবছৰীয়া নাতিনীয়েক জিয়াই যিমান জোৰেৰে চিঞৰিছে ককাকে লগে লগে সমানে ঘৈণীয়েকৰ নাম ধৰি চিঞৰিছে। এই সময় সিহঁতৰ বাবে খুউব ধুনীয়া। ককাক আৰু নাতিনীয়েকৰ সময়। আবেলি প্ৰায় চাৰিমান বজাত জিয়াই ককাকক লৈ ওলাই যায় সিহঁতৰ ঘৰৰপৰা অলপ দূৰৈত থকা পাৰ্কখনৰ ওচৰলৈ। তাতেই দুয়োটাই এক, ডেৰঘণ্টামান কটাই আকৌ ঘৰলৈ উভতি আহে। জিয়াৰ দেউতাকে ককাকক একেবাৰে সিহঁতৰ ঘৰলৈ লৈ অনাত তাইৰ বিৰাট ফূৰ্তি। অন্তত: এতিয়া তাইৰ লগত সকলো সময়তে থাকিবলৈ কোনোবা এজন আছে।তাইৰ মাক-দেউতাকেও ভাল পাইছে তেওঁলোকেও তেওঁলোকৰ

Read more

পৰিবৰ্তনৰ ৰ’দ কাচলিত-প্ৰদীপ বৰা

দেৱজিৎ কলিতাই কেতিয়াও উপেক্ষা কৰিব নোৱাৰে পাপৰি বড়িৰ আন্তৰিকতাপূৰ্ণ নিমন্ত্ৰণ।দহোবন কাতি কৰি হ’লেও  পাপৰিৰ হৃদয়ৰ আহ্বান  ৰক্ষা কৰিব লাগিব।বহুত দিন পাৰ হৈ গ’ল দেখা নাই পাপৰিৰ গোলাপৰ পাহিৰ দৰে মুখখন। শুনা নাই তাইৰ মুখৰ মৌবৰষা মাত।কি যে আমেজ ভৰা যাত্ৰা!মন মোহা সেই পলসুৱা পথাৰবোৰৰ মাজে মাজে  একাবেঁকা গতিৰে  চিৰসেউজীয়া গছবিলাকৰ তলে তলে গৈ থকা নতুনকৈ ব্লেক তপিং কৰা ৰাষ্টাটো।আহিনমহীয়া গেলাবিলৰ দলংখন পাৰ হলেই কলিতাৰ মনত আনন্দৰ জোৱাৰ উঠে….আৰু কেইপলকমান সময় অতিক্ৰম কৰিলেই সি পাবগৈ পাপৰি বড়িৰ ঘৰ ৷ তাক হয়তো

Read more

পোহৰ বিচাৰি-কমলা দাস

সম্পূৰ্ণ প্ৰেক্ষাগৃহটোৱেই কাঁহ পৰি জিন যোৱা অৱস্থা। পাতলীয়া এন্ধাৰত ঠাহ খাই আসন গ্ৰহণ কৰি থকা দৰ্শকৰ চকু মাথোন বৰ্ণিল ৰঙেৰে উদ্ভাসিত মঞ্চত।তালে তালে নূপুৰৰ ৰুণজুণ,ৰুণজুণ শব্দ। নূপুৰৰ তালে তালে প্ৰাণ ঢালি ভাৰতনাট‍্যমৰ নৃত্যকলা প্ৰদৰ্শন কৰিছে শ্ৰীমতী অঞ্জুৰাণী দেৱীয়ে। একান্তমনে ভাব,ৰাগ আৰু তালৰ অপূৰ্ব সমন্বয়ত বিলীন  হৈ তেওঁ যেন এই জগততেই নাই! ধ‍্যানত মগ্ন ঋষিৰদৰে কেৱল অঙ্গ সঞ্চালন কৰি গৈছে। কাণত বাজিছে মাথোন গুৰুৱে বজাই যোৱা মৃদঙ্গৰ ধ্বনি ,তাল আৰু সঙ্গীত।  অন্তিমটো মুদ্ৰাৰ প্ৰদৰ্শনেৰে এটা সময়ত নৃত্যৰ সামৰণি পৰিল। অপূৰ্ব নৃত্যকলা

Read more

উত্তৰণ-হৰিচন্দ্ৰ ডেকা

(গল্পটোৰ পটভূমি সত্তৰ – আশী দশকৰ । গতিকে পঢ়ুৱৈয়ে সেই সময়ৰ গুৱাহাটী মহানগৰীখনৰ কথা কল্পনা কৰি পঢ়ে যেন) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় ভৱনৰ বাকৰি আজি লোকাৰণ্য, চাৰিওফালে দলদোপ-হেন্দোলদোপ৷ লাউড স্পিকাৰত বাজি থকা সুমধুৰ অসমীয়া গানে চৌদিশ ৰজনজনাই আছে৷ গোটেই মহানগৰীখনেই আলোকসজ্জাৰে সজাই তোলা হৈছে, যেন চহৰখনত আবতৰীয়া দেৱালীহে উৎযাপন কৰা হৈছে।সৰু সৰু ছোৱালীবিলাকে মাক-বায়েকৰ  পাট-মুগাৰ মেখেলা-চাদৰ পিন্ধি হাতত ফুলৰ তোৰা লৈ ইফালে সিফালে দৌৰি ফুৰিছে৷অসমীয়া তথা হিন্দী কথাছবি জগতৰ অপ্ৰতিদ্বণ্ডী গায়িকা মলয়া দেৱীক গুৱাহাটী বিশ্ববিদ্যালয়ে আজি কলা-সংস্কৃতিত তেখেতৰ অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে

Read more

ভগ্ন সপোন-নিবেদিতা শৰ্মা

দুৱাৰ খনত আউজি স্হবিৰ হৈ পৰিছিল মল্লিকা।অলপ আগতে পাৰ হৈ যোৱা ধুমুহাজাকে বিধ্বস্ত কৰি থৈ গ’ল তাইৰ সকলো আশা-আকাংক্ষা,ঘৰ-দুৱাৰ,হেঁপাহ…. সকলো।হেপাঁহৰ ঘৰখন সাজিবলৈ তাই বহুত কষ্ট কৰিছিল ,এটাই আশা আছিল অতীতৰ দুখ-যন্ত্ৰণাবোৰে যাতে মল্লিকা আৰু ৰাতুলৰ সংসাৰখনত অকণো আউল লগাব নোৱাৰে। ৰাতুলে এটা কোম্পানীত চাকৰি কৰি ঘৰখন নিয়াৰিকৈ চলাই নিছে যদিও মল্লিকাই সিহঁতৰ ল’ৰা-ছোৱালী দুটাই যাতে টকা পইচাৰ বাবে কষ্ট নাপায়,সেই নিমিত্তে ৰাতুলক সহায় কৰিবৰ বাবে ছাগলী,হাঁহ ,মুৰ্গী পোহাৰ লগতে কাপোৰ বোৱা,চিলাই কৰা কাম আদি কৰি দিনটো সেইবোৰৰ লগতে ব্যস্ত হৈ

Read more

অনুতাপ-গীতামণি দত্ত

মঞ্জুলাৰ আজি বিয়া ঠিক হ’ল।দৰাৰ ঘৰ শিৱসাগৰৰ দিচাংমুখত।ল’ৰাজন চৰকাৰী চাকৰিয়াল। চৰকাৰী চাকৰিয়াল ল’ৰা পাই ঘৰৰ আটায়ে আনন্দিত হ’ল।মঞ্জুলাৰ দেউতাকেও একমাত্ৰ ছোৱালীজনী চাকৰিয়াল ল’ৰা জনৰ ওচৰত গটাব পাৰি মনতে শান্তি পালে।দুজন ল’ৰাৰ মাজত এজনী ছোৱালী। বহুত মৰম-চেনেহৰ মাজত মঞ্জুলা ডাঙৰ দীঘল হৈছে।  চাকৰি কৰা ল’ৰা পাই ল’ৰাৰ বিষয়ে একো খবৰ খাতি নকৰাকৈ বিয়াখন ঠিক কৰি পেলালে।এনেদৰেই এদিন মঞ্জুলাই দিচাংমুখৰ হৰকান্তৰ লগত বিয়া হৈ আহিল। কলৰ তলৰপৰা হৰকান্তৰ মাকে আদৰি বোৱাৰীয়েকক ঘৰৰ ভিতৰলৈ লৈ গ’ল । অচিনাকি পৰিবেশ এটাত মঞ্জুলাই বৰ অকলশৰীয়া

Read more

প্ৰশান্তি-সংহিতা ভট্টাচাৰ্য্য

: ছাৰ,কামটো হ’বগৈনে? মহিলা গৰাকীৰ মাতত মই টেবুলখনৰপৰা ওপৰলৈ মূৰ তুলি চালোঁ। বগা মেখেলা চাদৰ এযোৰৰ সৈতে প্ৰায় ত্ৰিশ বছৰ মান বয়সৰ এগৰাকী মহিলা। কোলাত তিনিমহীয়া কেঁচুৱা এটা লৈ আছে। আৰু লগতে হাতত এটা ফাইল। মহিলা গৰাকীক দেখি বুজিবলৈ বাকী নাথাকিল। গিৰিয়েক ঢুকোৱা বেছি দিন হোৱা নাই। গিৰিয়েকৰ পেঞ্চনৰ কামতে অহা- যোৱা কৰি আছে। দুদিনমান লক্ষ্য কৰিছোঁ যদিও আজিহে ভালকৈ মন কৰিলোঁ মই। : দুদিনমান লাগিব। এইবোৰ কাম ইমান সোনকালে নহয়।—–গহীনভাবে মই উত্তৰ দিলোঁ। মানুহগৰাকী লাহে লাহে গুচি গ’ল। :

Read more
1 7 8 9 10 11 13