আউল জীৱনৰ-ৰিমঝিম বৰঠাকুৰ

খবৰটো পাই অনামিকা কথমপি নপৰাকৈ থাকিল। কি শুনিছে এয়া তাই! কোনোপধ্যেই তাই নিজৰ আৱেগক ধৰি ৰাখিব নোৱাৰিলে। হুকহুকাই কান্দি উঠা অনামিকাৰ কান্দোন পিছলৈ উচুপনিলৈ ৰূপান্তৰিত হ’ল। তেনেদৰে তাই কিমান সময় কান্দি থাকিল গম নাপায়। বাহিৰত কোনোবাই কলিং বেল টিপাৰ শব্দতহে অনামিকাৰ সম্বিত ঘূৰি আহিল। হাততে থকা ম’বাইলটোত সময় চাই দেখিলে মানস আৰু ৰিহা ঘূৰি অহাৰ সময় এয়া। অনামিকাই লৰালৰিকৈ বাথৰূমটোলৈ দৌৰি গৈ বেচিনত নিজৰ মুখখন ধুই বেচিনৰ কাষতে আঁৰি থোৱা টাৱেলখনৰেই মুখখন মুচি বাথৰূমৰপৰা ওলাই আহিবৰ সময়তে আকৌ কলিং বেলটো

Read more

প্ৰাপ্তি -জয়ন্ত গগৈ

নিজৰা বৌৱে প্ৰায়ে… “ঐ মৌচুমী, তোমাক আমাৰ ঘৰৰ বোৱাৰী হিচাপে পাবলৈ বৰ মন যায় অ’ “….. বুলি কোৱা কথাৰ প্ৰত্যুত্তৰত ময়ো….”সময়ত হে দেখিম দেই বৌ”…. বুলি কৈ দুয়োজনীয়ে হাঁহি ধেমালিবোৰ কৰি থাকোঁ । ভালো লাগে মনে-মিলা কাৰোবাৰ সতে হাঁহি ধেমালিৰ মাজেৰে দিনৰ সময়কণত কথা বতৰাত বিলীন হৈ থাকিবলৈ । মনটো ফৰকাল লাগে।সেইদিনা ক্লাছটো শেষ কৰি নিজৰা বৌ কমনৰূমত সোমায়েই মোক কিবা অফ্ মুডত বহি থকা দেখি মোৰ কাষতে বহি….”ঐ ছোৱালী কি হ’ল?আজি মুড অফ্ নেকি?”… বুলি ক’বলৈহে পালে মোৰ মনৰ

Read more

সময়-হৰিচন্দ্ৰ ডেকা

“এয়া মজিদ নহয়নে?” চিনাকি মাত এটা যেন ক’ৰবাৰ পৰা ভাঁহি আহিছে৷ ইফালে সিফালে চাই দেখোঁ হাহোঁ হাহোঁ কৰা মুখ এখনে ফুটপাথৰ সিটো পাৰৰপৰা মোলৈ চাই আছে৷ ওচৰ চাপি অহাত ভৰিৰপৰা মূৰলৈ মানুহজনক ভালদৰে নিৰীক্ষণ কৰিলোঁ৷ চিনাকি চিনাকি যেন লাগিছে  কিন্তু কোন হ’ব পাৰে সেয়া ঠাৱৰ কৰিব পৰা নাই৷ এসময়ৰ  কলেজ সহপাঠী যেন অনুভৱ  হয়, কিন্তু এই মুহূৰ্তত অসংখ্য সহপাঠীৰ মাজৰ এইজন কোন হ’ব পাৰে সেইটোহে ধৰিব নোৱাৰি বিবুধিত পৰিছোঁ৷ “কি চিনি পোৱা নাই?” হাতখনত জোৰকৈ খামুচি ধৰি আগন্তুকে পুনৰ ক’লে…

Read more

মোহ-প্ৰণীতা গোস্বামী বৰঠাকুৰ

চহৰখনৰ মূল পথৰপৰা বাওঁফালে এক ফাৰ্লংমান গৈয়েই সোঁফালে ঘূৰা কেঁকুৰিটোৰ চুকতে তেখেতৰ ঘৰ। আহল-বহল বাৰীখনৰ সোঁমাজতে এটা অসম আৰ্হিৰ ধুনীয়া ঘৰ। সমুখৰ বাৰান্দাত বেতৰ টেবুল-চকী এযোৰ। দীঘল পদূলিটো পাৰ হৈয়েই বহল বাৰান্দাখনে দৃষ্টি আকৰ্ষণ কৰে। ঠায়ে ঠায়ে ৰখা সতেজ পাতৰ টাবকেইটাই বাৰুকৈয়ে শোভাবৰ্ধন কৰিছে। বাৰীখন যথেষ্ট পৰিষ্কাৰ। সোঁফালে চুকলৈ থকা লিচু গছডালৰ ঠাল-ঠেঙুলীয়ে এক বৃহৎ অংশ আৱৰি আছে। তলতে বেঞ্চৰ দৰে কাঠৰ কুণ্ডা এটা ফালি বহাৰ ব্যৱস্থাও ৰাখিছে। ঠায়ে ঠায়ে জবা, খৰিকাজাঁই, তগৰ, গোলাপ আদি দেশী ফুলৰ গছবোৰে চোতালখন মনোমোহা

Read more

অন্তঃসলিলা-চন্দামিতা শৰ্মা

তিনিদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ পিছত ওলোৱা প্ৰখৰ ৰ’দ। দেহা দহি নিয়া গৰম। শাৰী শাৰী অট্টালিকাৰ মাজত সাপৰ দৰে শুই থকা পথেৰে কালি ৰাতিও প্ৰৱাহিত হৈছিল পথৰ দাঁতিৰ নৰ্দমা,  সুশোভিত অট্টালিকাসমূহৰ পিছফালৰ পিটনি আৰু নলাত বহুদিন ধৰি গোট খাই থকা আৱৰ্জনা আদি একাকাৰ কৰি সৃষ্টি হোৱা  জলধাৰা আৰু আজি এয়া শুকাই গৈছে পানী এবেলাৰ ৰ’দতে।  স্পষ্টত: অৰ্ধ শুকান জাবৰ-ময়লাৰ দুৰ্গন্ধই ছানি ধৰিছে চৌদিশ।পথৰ কাষত দমাই থোৱা শিল, নলাৰ পানীৰ লগত ওলাই আহি পথত অবাধে বিচৰণ কৰি থকা তথা   কেতিয়াও ক্ষয়

Read more

সৰ্বতীৰ্থময়ী মাতা-পূৰ্ণিমা শইকীয়া গগৈ

সঞ্জীৱে নিশাক গাড়ীৰপৰা নামিবলৈ ক’লে। তাই নামিল। তাই ঘৰৰ ভিতৰলৈ চালে। নাই,তাইক আদৰিবলৈ কোনো ৰৈ থকা নাই।কোনো নীতি-নিয়ম নকৰাকৈ তাই সঞ্জীৱৰ পাছে পাছে ভিতৰলৈ সোমাই আহিল।সঞ্জীৱে তাইক ভিতৰলৈ লৈ গ’ল।এগৰাকী বয়সীয়াল মহিলাই তাইক বহিবলৈ চকী এখন দিলে।চকীখনত বহি তাই ভাবিলে আৰু কোনো মানুহ নায়েই নেকি?মহিলাগৰাকীয়ে তেওঁৰ পৰিচয় দিলে সঞ্জীৱৰ মাহীয়েক বুলি । নিশাৰ ঘৰলৈ বৰকৈ মনত পৰিল।বৰ আশা কৰিছিল মাকে তাইৰ বিয়াখনৰ বাবে।কিন্তু সকলো কথা ভবাৰ দৰে নহয়গৈ। সঞ্জীৱৰ মানসিক অৱস্থা তাই বুজি পালে। সেয়ে ক’ৰ্টতে বিয়া হোৱাৰ প্ৰস্তাৱ দিলে

Read more

যাত্ৰা-নন্দিতা ভাণ্ডাৰ কায়স্থ

আজি মোৰ বাবে এটা বিশেষ দিন। জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ গৈ আছোঁ। আজি মোৰ বিয়া। দুচকুত মোৰ বহুত সপোন। আৰু মা-দেউতাৰ  চকুত মই কি দেখিছোঁ? এফালে সুখ,আনন্দ আৰু আনফালে হয়তো কন্যাক এঘৰলৈ উলিয়াই দিয়াৰ বেদনা বিষাদ। কালিয়ে ঘৰত মাহী,জেঠাই, খুৰী, বাইদেউসকল আহি ভিৰ কৰিছেহি। আহিবই, মই যে ঘৰৰ একমাত্ৰ কন্যা সন্তান। ৰাতিপুৱা সকলো সোনকালেই শুই উঠিল।আটায়ে দায়িত্ববোৰ ভাগে ভাগে লৈছে। মায়ে গা-পা ধুই ৰন্ধা-বঢ়া কৰা ঠাইত চাকি এগচি জ্বলাই দিছে।দেউতাই  ৰান্ধনিজনক দিহা-পৰামৰ্শ দি আছে।মামা,খুৰা পেহাহঁত মাছ-মাংসবোৰ কটা-বছাৰ তদাৰকত থাকিল।

Read more

ক্ষোভ-ঋতুপৰ্ণা দত্ত

সকলো সম্পৰ্ক মানুহৰ হৃদয়ত বাহ সাজিবলৈ নাহে। কিছুমান আহে নিজে সাজি লোৱা বাহটো ভাঙি চিঙি চূড়মাৰ কৰিবলৈও। উমান পালে তেনে সম্পৰ্কবোৰক জোৰকৈ ধৰি বান্ধি ৰাখিব নালাগে। তেওঁলোকক এৰি দিব লাগে হৃদয়ৰ পৰা। নিৰ্ভাৰ হ’বলৈ কত কচৰৎ কৰিব লাগে। কিমান মগজুৰ তৰ্কা তৰ্কিবোৰ নেওচা দি নিৰ্ভাৰ কৰিব পাৰি নিজৰ মনক! কিমান অতীতৰ স্নেপশ্বতবোৰক মগজুৰ গভীৰতাৰপৰা তুলি আনি তাক পʼষ্ট মৰ্টেম কৰিব লাগে! কোনে বুজে? বাহিৰৰ অৱয়বটো বুজিবলৈওতো তেনেই সহজ। যেনেকৈ সহজ ভাতৰ লগত এঢোক পানী খোৱাত। তেনেকৈ জানো সহজ কাৰোবাৰ ভিতৰত

Read more

দুখীয়াৰ দুখ-প্ৰদীপ বৰা

অফিচৰ পৰা আহিয়েই হৰেণ কলিতাই দ্ৰেছ জোৰ সলাই গাধোৱা তিয়নীখন পিন্ধি মিতালীক ক’লে, “শুনিছানে হেৰা চাহ এটোপা দিয়াচোন , মই সাউতকৈ গাটো তিয়াই নামঘৰৰ পৰা আহোগৈ ৷” খং আৰু মৰম মিশ্ৰিত মাতেৰে মিতালীয়ে ক’লে’ “হয়নে?দিনৰ দিনটো অফিচত পৰিশ্ৰম কৰাৰ উপৰিও ইমানখিনি বজাৰ-সমাৰ কৰি আহি এইমাত্ৰ ঘৰ সোমাইছেহিহে  আকৌনো নামঘৰত কি লেথাটো ওলাল?” “কেলেই সেইদিনা যে দেহিৰাম দাইটিয়ে মোক মাতি যোৱা নাছিল ! ন বোৱাৰীয়েকে যে পুতেকক অপঘাত কৰিছিল তাৰে আজি বিচাৰ আছে। মিতালীঃ কিয়নো যাব লাগে অশৌচ পদ্ধতিৰ মতে কৰ্ম

Read more

যাত্ৰা-কমলা দাস

আজিকালি  সৰুবিধ চুবলৈ আইতাই প্ৰায়েই ৰাতি উঠিব লগা হয়। ভাত ঘুমুটি মাৰি শেষ হয় কি নহয়, যি হে পীড়া দিবলৈ ধৰে নহয়, টোপনিৰ ভৰত  চকু মেল নাখালেও উঠিব লগা হয়েই।  আইতাৰ বাবে কথাটো বৰ বিৰক্তিকৰ হৈ পৰিছে।  ডেকা কালতেই ভাল আছিল।  নিশা ভাত-পানী খাই শুৱাৰ পাছত একেবাৰে ৰাতিপুৱা হে সাৰ পাইছিল। ৰাতি সেই ভৰ ঘুমতিৰপৰা উঠি সৰুপানী চুৱাতো দূৰৰে কথা, আনকি চোৰে ডাঙি লৈ গ’লেও সাৰ নোপোৱা গভীৰ টোপনি আছিল। পিছে বয়স বাঢ়ি অহাৰ পাছত কি জানো হ’ল! এঘুমতি মৰাৰ

Read more
1 7 8 9 10 11 15