পৱিত্ৰ পাপী-ড°জুমি বৰুৱা গগৈ
মুনুৰ বিছনাৰপৰা উঠিবলৈকে শক্তি নাইকিয়া যেন লাগিছে। ভাগৰ ভাগৰ লাগি আছে কেইবাদিনৰেপৰা। কিন্তু বাহিৰত চৰাইজাকে অথনিৰেপৰা হুলস্থুল কৰি আছে। উঠিবই লাগিব।নহ’লে সিহঁত নোখোৱাকৈয়ে গুচি যাব।উঠি গৈ মুনুয়ে চাউল এবাতি চোতালত ছটিয়াই দিলে।চাউলখিনিৰ ওপৰত গোটেইজাক উবুৰি খাই পৰিল।সিহঁতৰ উলাহ দেখি মুনুৰ মুখত হাঁহি বিৰিঙিল, দেহ আৰু মনলৈও শক্তি অহা যেন লাগিল। আজি সদায় কৰা কামৰ উপৰিও এটা বিশেষ কাম আছে। সি দিনটোৰ কামবোৰ মনতে জুকিয়াই ল’লে। মুনু খাম্ফাৰ ঘৰলৈ গ’ল। খাম্ফা মহিলাৰী।সি তাৰ ঘৰৰ চৌহদটোলৈ চালে।গোটেইখন হাবি-জংঘলেৰে ছানি ধৰিছে।আজি চাৰি মাহৰ
Read more