পৱিত্ৰ পাপী-ড°জুমি বৰুৱা গগৈ 

মুনুৰ বিছনাৰপৰা উঠিবলৈকে শক্তি নাইকিয়া যেন লাগিছে। ভাগৰ ভাগৰ লাগি আছে কেইবাদিনৰেপৰা। কিন্তু বাহিৰত চৰাইজাকে অথনিৰেপৰা হুলস্থুল কৰি আছে। উঠিবই লাগিব।নহ’লে সিহঁত নোখোৱাকৈয়ে গুচি যাব।উঠি গৈ মুনুয়ে  চাউল এবাতি চোতালত ছটিয়াই দিলে।চাউলখিনিৰ ওপৰত গোটেইজাক উবুৰি খাই পৰিল।সিহঁতৰ উলাহ দেখি মুনুৰ মুখত হাঁহি বিৰিঙিল, দেহ আৰু মনলৈও শক্তি অহা যেন লাগিল। আজি সদায় কৰা কামৰ উপৰিও এটা বিশেষ কাম আছে। সি দিনটোৰ কামবোৰ  মনতে জুকিয়াই ল’লে। মুনু খাম্ফাৰ ঘৰলৈ গ’ল। খাম্ফা মহিলাৰী।সি তাৰ ঘৰৰ চৌহদটোলৈ চালে।গোটেইখন হাবি-জংঘলেৰে ছানি ধৰিছে।আজি চাৰি মাহৰ

Read more

মিনু মাহী-সঙ্গীতা পাচনি 

মিনু মদাৰগুৰি গাঁৱলৈ বিয়া হৈ আহোঁতে ২১বছৰ।বিয়া মানে এজন আধা পুৰণি মানুহলৈ বিয়া হ’ব লগা হ’ল।মানুহজন মিনুৰ বায়েকৰ মানুহজনহে।অৰ্থাৎ আগতে তেওঁ তাইৰ ভিনিহিয়েক আছিল।বায়েক এক অচিন ৰোগত ঢুকোৱাত তাই ভাগিনীয়েকক চোৱা-চিতা কৰাৰ বাবে প্ৰায়েই তাত থাকিব লগাত পৰিছিল।ভিনিয়েক বৃকোদৰে চাকৰিৰ তাগিদাত প্ৰায়ে ইফালে সিফালে গৈ থাকিব লগাত পৰিছিল।মিনুহঁতৰ ছোৱালী পাঁচজনী,ল’ৰা এটা,সিও একেবাৰে সৰু….পাঁচজনী বায়েকৰ তলৰ।মিনুৰ বায়েক অণু তাইতকৈ চাৰিবছৰৰ ডাঙৰ।মিনুৰ তলত জুনু,ৰাণু,আৰু ভানু।ভানুতকৈ ভায়েক বেণু আকৌ পাঁচবছৰৰ সৰু।বেণু আৰু অণুৰ পুত্ৰ বেদান্ত বিকাশ প্ৰায় সমনীয়াৰ দৰেই।অণুক বিয়া দিওঁতে বেণু মুঠেই

Read more

সহোদৰা-চিত্ৰলেখা দেৱী

“এহ, ইহঁত দুজনীৰ কোনোবা এজনীয়ে অহা হলেও….” বহুত দিনৰ মূৰত অলকাই এনেকুৱা এটা কথা ভাবিলে। ভাবিলে মানে…ভাবিবলৈ বাধ্য হ’ল।এনেকৈ শেষৰবাৰ ভবাও বাইশ বছৰ পাৰ হৈ গ’ল,মুঠেই কম সময় নহয়। ল’ৰা-ছোৱালীহালৰ জন্মৰ সময়তে ইহঁত দুজনীক মানে দীপিকা আৰু লিপিকাক বৰ দৰকাৰ হৈছিল অলকাৰ। তাই হস্পিতালত এডমিট হওঁতে লগত থকাৰেপৰা ঘৰ চম্ভলালৈকে সকলোখিনি জঞ্জাল মাৰিবলৈ নিজৰ সহোদৰা ভনীয়েকতকৈ কোন উপযুক্ত হব?ৰাজা জন্ম হওঁতে দীপিকাক তাই অকলে মাতি আনিছিল।তিনি বছৰৰ পাছত ৰাণী জন্ম হওঁতে আকৌ ৰাজাকো বেলেগে চোৱা-চিতা কৰিবলগা হোৱাত দুয়োজনীয়েই আহিব লগা

Read more

অগ্নিস্নান-জয়ন্ত গগৈ 

ক্ৰিং ক্ৰিং কৈ ম’বাইলৰ ৰিংট’নটো বাজি থকা বাবে শইকীয়াই ভাতৰ টেবুলৰ পৰা আধা খোৱাকৈ উঠি আহি ফোনটো তুলি অচিনাকী নম্বৰ দেখি ৰিচিভ কৰিবলৈ ইচ্ছা নকৰি পুনৰ ভাতৰ টেবুলত ওচৰ বহিলেহি।সানি লোৱা ভাত গৰাহ মুখত ভৰাবলৈ লওঁতেই পুনৰ ম’বাইলৰ ৰিংট’নটো বাজি উঠাত খোৱা হাতেৰে পুনৰ উঠি গৈ আগৰ সেই অচিনাকী নম্বৰৰ ডায়েল ক’ললিষ্টত জিলিকি আছিল।শইকীয়াই ম’বাইলটো হাতত লৈ ৰিচিভ কৰি হেল্ল’ বুলি কোৱাৰ লগে লগেই সিফালৰ পৰা একো নকৈ মাথোঁ মহিলা গৰাকীয়ে শোক শোকাই ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে।শইকীয়াই কান্দোন শুনিয়েই বুজিবলৈ

Read more

এধানি আকাশ,এধানি পোহৰ-চন্দামিতা শৰ্মা 

বেলিটোৱে পৃথিৱীলৈ পোহৰ ছটিয়াবৰ সময়।জীৱনৰ হিচাপ-নিকাচ তথা উশাহৰ ঘনত্বৰ জোখ-মাপ লোৱা ঠাইখিনিৰ এটা নিৰ্দিষ্ট কোঠাৰ বেৰত ওলমি থকা দেৱাল ঘড়ীটোৰ টং টং শব্দত সাৰ পাই গ’লোঁ।   গাটো সামান্য লৰচৰ কৰি বিছনাৰ পৰা হাতে ঢুকি পোৱা দূৰৈত থকা মণিটৰটোত ৰেখাংকিত হৈ থকা নিজৰে হৃদয়ে সৃষ্টি কৰা অনুপ্ৰস্থ তৰংগবোৰলৈ একেথিৰে চাই ৰ’লোঁ।কি যে আচৰিত কথা!সকলোৱে জীৱন যাত্ৰাৰ পথটো একা-বেকা নহৈ এডাল পোন সৰলৰেখা হোৱাটো বিচাৰে অথচ জীয়াই থকাৰ ছন্দক পতন হ’ব নোৱাৰাকৈ ধৰি ৰখা ৰেখাডাল কিন্তু  একেবাৰেই সৰল নহয়।সাগৰত উঠা জোৱাৰ-ভাটা সদৃশ।সৰল

Read more

পানীৰ তলৰ কাঁইট-হৰিচন্দ্ৰ ডেকা

সেই অঞ্চলত দেৱী মহাজন বুলিয়ে সকলোৱে তেখেতক জানে৷মাটি-বাৰীৰে সমৃদ্ধ এজন আঢ্যৱন্ত খেতিয়ক৷বন্ধা ৰাখি খেতি-বাতি চলায়৷মহাজনৰ চাৰিটা ল’ৰা-ছোৱালী৷সনাতন ডাঙৰ; তাৰ পাছত ছোৱালী দুজনী৷দিগন্ত সকলোতকৈ সৰু৷ল’ৰা দুটা স্বভাৱতে একেবাৰে বিপৰীতমুখী।দিগন্ত সহজ-সৰল মিষ্টভাষী; সকলো সিদ্ধান্ত ধীৰে-সুস্থিৰে লয়।সকলোৰে লগত মিলা-প্ৰীতিৰে থাকি ভালপোৱা বিধৰ৷বিপৰীতে সনাতন একেবাৰে উতনুৱা প্ৰকৃতিৰ,আলাসত চাংপাতি ভালপোৱা এক সপোন কোঁৱৰ৷আলাসতে তাক সকলো লাগে৷ইটো লাগে সিটো লাগে বুলি পিতাকৰ থৰকাচুটি হেৰুৱায়৷পঢ়া-শুনাত অলপো মতি গতি নাই৷মেট্ৰিক পাছ কৰি উঠি সি কেইদিনমান কলেজলৈ অহা-যোৱা কৰিলে যদিও পিছলৈ কিতাপে তাক আমুৱালে৷তাৰ নামতে ইতিমধ্যে উদং হৈ থকা

Read more

দিকভ্ৰষ্ট-মৌচুমী হাজৰিকা 

ঔম।। ভূৰ্ভুবঃ স্বঃ।  তৎসৱিতুৰ্বৰেণ্যম।  ভৰ্গো দেৱস্য ধীমহী।  ধিয়ো য়োনঃ প্ৰসোদয়াত্।    একেৰাহে বাজি থকা দেৱী  বন্দনা সংগীত নিশাৰ শুনি শুনি মুখস্থ হৈছিল।এই কেইদিন ঘূৰাই ঘূৰাই বাজি থাকিব।এইকেইদিন মনটো পৱিত্ৰ ভাল ভাৱ এটাৰে ভৰি থাকে।প্ৰকৃতিৰ পৰিৱেশো কিবা এটা ভাল লগা হৈ পৰে।আগচোতালৰ শেৱালীজোপাও ফুলি গোটেই  বাতাবৰণটোকে উদ্ভাসিত কৰি তুলিছে মন-প্ৰাণ ভৰাই দিয়াকৈ।সৰুকালৰ স্মৃতিবোৰে আজিকালি বৰকৈ আমনি কৰে,মাকৰ আৰু ওচৰ চুবুৰীয়াৰ লগত পূজা চাবলৈ যোৱা,আৰু আহোতে সমনীয়াহঁতৰ লগত ডাঙৰ বেলুন এটালৈ বাদাম চোবাই চোবাই খোজকাঢ়ি ঘৰলৈ অহা..!কি যে মধুৰ সময় আছিল সেইবোৰ!কিন্তু

Read more

জীৱনৰ উশাহ -শেৱালি বৰুৱা শইকীয়া

মোৰ এসময়ৰ কলেজীয়া বান্ধৱী মেঘৰঞ্জনীক  কলাক্ষেত্ৰৰ এটা নৃত্যৰ অনুষ্ঠানত কালি হঠাতে মঞ্চত দেখা পাই মই অভিভূত হৈ পৰিছিলো।অনুষ্ঠানৰ শেষত  তাইক লগ পাবলৈ মই উদবাউল হৈ পৰিছিলো। অনুষ্ঠানৰ শেষত গ্ৰীণ ৰুমত তাই কাপোৰ সলাই থাকোঁতেই মই গৈ পিছফালৰপৰা তাইৰ চকুযুৰি ঢাকি ধৰিছিলোঁ।তাই উমানতে মোৰ হাতখন স্পৰ্শ ধৰি মোক নিৰিবিলি বুলি সাৱটি ধৰিছিল।ইজনীয়ে সিজনীক তেনেকৈয়ে বহু সময়  সাৱটি ধৰি আছিলোঁ। আমি নজনাকৈয়ে তাইৰ পুত্ৰ অভীকে আহি দুয়োৰে সেই অন্তৰংগ মুহূৰ্তক মোবাইলৰ কেমেৰাত আৱদ্ধ কৰি পেলাইছিল। কলাক্ষেত্ৰত মেঘাক লগ পোৱা  কালিৰ দিনটোৰ সেই

Read more

জীৱনৰ বাটে-ঘাটে-নমী ফুকন বৰা 

বিয়াখনলৈ যাবলৈ স্বাস্থ্যটোৱে নক’লেও মনৰ আপাহতে,ল’ৰা-বোৱাৰীৰ বাধা নেওচি এৰাতি থকাকৈ বুলি খুড়াহঁতৰ ঘৰ পালোঁহি।আধুনিকতাই গ্ৰাস কৰা গাঁওখনি বহুত কিবা সলনি হ’ল যদিও পুৰণি স্মৃতিবোৰে মনত বাৰুকৈয়ে দোলা দিয়াত কিছু চঞ্চলতাই আৱৰি ধৰিলে।জোৰোণৰ দিনা গোট খোৱা মানুহ সকলোবোৰকে চিনি পোৱা নাই যদিও পুৰণি মানুহ কিছুমানক লগ পাই অভিভূত হৈ পৰিছোঁ। শৈশৱৰ লগৰী বীণাক লগ পাবলৈ মনটোৱে হাঁহাকাৰ কৰি ফুৰিছে।তাইক বা বিয়ালৈ নিমন্ত্ৰণ কৰিছেনে নাই? কাকনো সুধিম?সকলোবোৰ দেখোন কামতেই ব্যস্ত। মনতে থকা প্ৰশ্নটোৰ উত্তৰ পাম বুলি ৰভাৰ তলত থকা চকীতে বহি পৰিলো।কিমান

Read more

কথাগল্প-পূৰ্ণিমা শইকীয়া গগৈ

: মা, তোমাক কথা এটা ক’ব লগা আছিল। : কি কথা? : মা, মই কিশোৰক সহ্য কৰিব নোৱাৰা হৈ আহিছোঁ। সেয়ে ভাবিছোঁ আমি বেলেগ বেলেগ হৈ থকাই ভাল। : তুমি এইবোৰ কি কৈছা?এইবোৰ কথা শুনিলে দেউতাৰৰ অৱস্থা কি হ’ব সেই কথা ভাবি চাইছানে? আৰু লইনাৰ কি হ’ব?তাই দেউতাকক এৰি থাকিব পাৰিবনে? : মা, মই নিজৰ কথা ভাবিম নে আনৰ কথা ভাবিম? : তুমি সকলোৰে কথা ভাবিব লাগিব। : কিন্তু মই কিশোৰৰ লগত থাকিব লাগিলে এদিন নিজকে শেষ কৰিব লাগিব। :

Read more
1 2 3 4 5 6 13