বিলম্বিত লয়- সুভাষ শৰ্মা

মদন চৌধুৰীৰ মনটো আজি অস্থিৰ। অফিচৰ কামত একেবাৰেই মন বহুৱাব পৰা নাই । ফাইল দুটামান খুলি চাই পুনৰ জপাই থৈছে। এনেতে পিয়নটোৱে  আহি  চাহ একাপ দি গ’লহি। এৰা, এই সময়ত চৌধুৰীৰ চাহ একাপৰ বৰ প্ৰয়োজন হৈছিল। চকু দুটা জ্বলি আছে। মূৰটোও কামুৰি আছে। যোৱা নিশা চকুৰে টিপ এটা নমৰাকৈ পাৰ হৈ গ’ল। দৰা পক্ষৰ মানুহখিনিৰ সেৱা শুশ্ৰূষাত যাতে কোনো বেমেজালি নঘটে ,তাৰ তদাৰক কৰি থাকোঁতে ৰাতি পুৱাবৰেই হ’ল। ভাবিলে আচৰিত লাগে– সৌ সিদিনাখনলৈ কোলাই-বোকোচাই উঠি ডাঙৰ হোৱা চৌধুৰীৰ ককায়েকৰ ছোৱালী

Read more

এটা সপ্তাহৰ চিঠি-মিনাৰা হুছেইন

ইয়াত জীৱন বৰ সহজ। বহুত শান্ত। বহুত স্থিৰ। ক’লা-বগা ছবিৰ দৰে।কোনো ধামাকা নাই। ধীৰগতিত জীৱনটো চলি যায়। এটা শান্তিৰ গতি আছে।  সূৰ্যৰ পোহৰৰ সন্ধানত থকাসকলে বিচাৰি পায় ক’ৰবাত ক’ৰবাত এচেৰেঙা বগা পোহৰ। জীৱনৰ ঘিটমিটীয়া আন্ধাৰখিনি সামৰি  লৈ আগবাঢ়ি যাওঁ প্ৰতিদিনেই এছাটি পোহৰৰ সন্ধানত।  এয়াই হৈছে জীৱনৰ মোহ! মায়াজাল! তথাপিও জীৱন বৰ সুন্দৰ। ম’বাইলটো বাজি উঠিল। টেবুলত চালোঁ নাই, বিছনাতো নাই। ক’ত  থলোঁ বাৰু? আকৌ বাজি উঠিল। ৰাতিপুৱা বজাৰলৈ যাওঁতে বেগতে ৰাখিছিলোঁ। বেগৰ পৰা উলিয়াই ফোনটো চালোঁ। চাৰিটা মিচড কল ।

Read more

জীৱন তৃষ্ণা-সংহিতা ভট্টাচাৰ্য্য

আইমানু, কাইলৈ আইতা আহিব। হয় নেকি মা। আইতা বুলি ক’লেই ধকধকীয়া বগা কাপোৰ এজোৰেৰে ওৰণি এখন লৈ থকা সাদৰী মানুহ এগৰাকীৰ কথা মনলৈ আহে তাইৰ। মনত থকা দিনৰেপৰা আইতাকক তাই এইদৰেই দেখি আহিছে। ৰঙা সেন্দূৰৰ ফোঁটটিৰে সৈতে আইতাজনীনো কেনেকুৱা আছিল জানিবলৈ বৰ মন যায় তাইৰ। কিন্তু ফটো একপিওতো নাই চাবলৈ। তেতিয়াৰ দিনতনো ক’ত ইমান ফটো উঠিছিল মানুহে। ভাবিলে মনটো কেনেবাখন লাগি যায় তাইৰ। কাৰ লগত আহিব মা? মাকক সুধিলে তাই। খুড়াৰে ৰাতিপুৱাই থৈ যাবহি। আইতা খুড়াৰ লগত গাঁৱৰ ঘৰখনত থাকে।

Read more

দিনলিপিত এটুকুৰা বাস্তৱ-পল্লৱী কৌশিক শৰ্মা

হস্পিটেলৰ পৰা ওলাই আহি খৰধৰকৈ বাছ ষ্টেণ্ডৰ দিশে খোজ দিলোঁ মই । সম্প্ৰতি মোৰ মন আৰু মগজুৰ সমস্ত চিন্তাশক্তি হিম’গ্লবিনৰ অভাৱত শেঁতা পৰা এখন মুখ আৰু গাঁতত পোত খোৱা অনুজ্জ্বল চকু এযুৰিয়েহে অধিকাৰ কৰি লৈছে। উশাহটো যেন কিহবাই চেপি ধৰিছে মোৰ ! হাতৰ ঘড়ীটোত ঘণ্টাৰ কাটাডাল দুইৰ ঘৰত লাগিবলৈ এতিয়াও সম্পূৰ্ণ এঘণ্টা বাকী। মানে,পৰীৰো স্কুল ছুটীৰ সময় হোৱা নাই। অঙ্গীম কলেজৰপৰা বাহিৰে বাহিৰে হস্পিটেললৈকে যোৱাৰ কথা। এবাৰ দুয়োকে লগ কৰি যাব পৰা হ’লেও ! পিচে , অফিচলৈ গৈ হেড এচিষ্টেণ্টৰপৰা

Read more

অন্য এক দুৰ্গা-ইলি তালুকদাৰ

মোৰ বিয়াৰ আজি পাঁচ দিন। সময় যেন বহুত দীঘলীয়া হৈ গৈ আছে। কি কৰিম, কি কৰিলে ভাল হ’ব সেয়াও ভাবি উলিয়াব পৰা নাই। মনত পেলালোঁ কইনা হৈ স্বামীৰ ঘৰলৈ বুলি অহা দিনটো।বিয়াৰ দিনা নিশাই মোৰ ঘৰখনে মোক বিদায় দিছিল। চাউল চটিয়াই পিছলৈ ঘূৰি নাচাই বাছ এখনত  উঠিছিলোঁ। সৰু গাড়ী থকা স্বত্বেও মোক দৰাঘৰৰপৰা যোৱা বাছত উঠাই আনিছিল। অচিনাকি ডেকা গাভৰুৰ হাঁহি মাতত নিদ্ৰাহীন দেহাটো এৰি দি  নিচেই পুৱাতে শহুৰৰ পদূলি পাইছিলোঁহি। শাহু আয়ে মিঠাতেলৰ চাকি এটি জ্বলাই পাণ এখনেৰে বা

Read more

অসমৰ “জাৰোৱাৰ”সকল-হৰিচন্দ্ৰ ডেকা 

“অ’ ডেকা! কিনো  হচংহচংকৈ পোনেপোনে চাই গৈ আছেহে? অলপ ইফালে-সিফালে চাবচোন, আপুনি অহালৈকে বাট চাই আছোঁ৷ ময়ো আপোনাৰ লগত গৈ আছোঁ ৰ’ব৷” ঘূৰি চাই দেখোঁ দাস খৰধৰকৈ তেখেতৰ ঘৰৰপৰা ওলাই আহিছে৷ আমি দুয়ো বন্ধু একেলগে প্ৰাতঃভ্ৰমণলৈ যোৱা এটা পুৰণি অভ্যাস৷ পিছে তেখেতৰ আন্দামান ভ্ৰমণৰ কাৰণে আমাৰ এই প্ৰাতঃ ভ্ৰমণৰ যুটীত এটা সাময়িক যতি পৰিল; সেয়েহে মই নিজেই এইকেইদিন নিজৰ বন্ধু হৈ প্ৰাতঃভ্ৰমণৰ মজা অনুভৱ কৰি আছোঁ৷ “পিছে দাস, কওকচোন কেনেকুৱা হ’ল আপোনাৰ কলীয়াপানী ভ্ৰমণ?” “থওকহে কলীয়াপানী, তাৰ জাৰোৱাৰসকলৰ কথা সোধক

Read more

হাট!-ৰিমঝিম বৰঠাকুৰ

অকণ হাটলৈ যাব আজি। আহ্, কিমান বছৰৰ মূৰত সি হাটলৈ যাব। সেই স্কুলত পঢ়ি থাকোঁতেই চাগে তাৰ শেষ হাটলৈ যোৱা। তাৰপিছত পঢ়িবলৈ বুলি ঘৰৰপৰা বাহিৰত থাকিবলৈ লোৱাৰপৰা এতিয়া চাকৰি কৰালৈকে তাৰ ঘৰলৈ যিকেইটা দিন থকাকৈ অহা হয় ইটো সিটো কিবাকিবি কৰোঁতেই গুচি যায়। দেউতাকে হাটত কিবাকিবি বেচি ঘৰ চলোৱা কাহিনীবোৰো বহুত পুৰণি হ’ল। হয়তো সি স্কুলৰ দেওনা পাৰ হোৱাৰ পিছৰেপৰা সেইবোৰ নোহোৱা হ’ল। পিছলৈ ঘৰৰ বস্তুকেইটাহে আনিবলৈ যায়। শেষত বজাৰলৈ যোৱা মানুহটো একেবাৰে নোহোৱা হোৱাৰ পিছত হাটৰ নামটো শুনিবলৈকে নোপোৱা

Read more

তুমি থকাহেঁতেন-ৰিমঝিম বৰঠাকুৰ

‘পাপা তুমি মোক ড্ৰপ কৰিবানে?’ ‘য়েছ বেবী।’ ‘তেন্তে ওলোৱা আকৌ। সদায় তুমি লেট মানে।’  দেউতাকলৈ চাই ভোৰভোৰাই প্ৰিয়ম ওলাই গ’ল। কাইলৈ সৰস্বতী পূজা, সেয়ে আজি তাই অকণমান বজাৰলৈ যায় বোলে। ঘূৰি আহোঁতে পাৰ্লাৰত সোমাই কিবা হেয়াৰ চেটিংছো কৰি আহিব বোলে। আজিকালিৰ ল’ৰা-ছোৱালী। স্কুলত পঢ়ি থাকোঁতেই সিহঁতৰ ফেশ্বনৰ ওপৰত যি জ্ঞান, সেয়া অসীমৰ দৰে মানুহে বুজিব নোৱাৰে। এইবাৰ স্কুলৰ শেষ বছৰ বুলি অকণমান ষ্টাইল কৰোঁ বুলি জীয়েকে টেনলৈ পোৱাৰ পৰাই লাগি আছিল। অসীমৰো বেছি না ক’বলৈ মন যোৱা নাই। মানে জীয়েকক

Read more

অভাগিনী ৰাধিকা-সদানন্দ ভূঞা

তিনিচুকীয়া জিলাৰ ধলাৰ ভীমপ্ৰসাদ উপাধ্যায় মোৰ নলে-গলে লগা বন্ধু। বন্ধুৰ বহুদিনৰ অনুৰোধত কালি তেখেতৰ বাসগৃহত উপস্থিত হৈছিলোঁ । তেখেতৰ সান্নিধ্য সঁচাকৈয়ে মোৰ বাবে পৰম সৌভাগ্য । অতিথি আপ্যায়নত অৱশ্যে নেপালী সম্প্ৰদায়ৰ লোকসকল এনেও আগৰণুৱা । আজি তেখেতে ধলাৰ দাঁতি কাষৰীয়া অঞ্চল ভজনীলৈ বুলি ফুৰাবলৈ লৈ আনিছে । আমি দুয়ো কথা পাতি পাতি মথাউৰিৰ ওপৰেৰে খোজ কাঢ়ি গৈ আছোঁ । বন্ধুবৰ উপাধ্যায় ডাঙৰীয়াই ক’লে… “সৌ যে নদীখন দেখিছে সেইখনেই অসমৰ মূল প্ৰাকৃতিক সম্পদ, আমাৰ অসমৰ গৌৰৱ ব্ৰহ্মপুত্ৰ নদ। মথাউৰিটোৰ দুয়োপাৰে যে

Read more

আত্মবিশ্বাস-কমলা দাস

দিনটোৰ কামবোৰ সামৰি, সন্ধিয়া পৰত ল’ৰাটোক পঢ়া টেবুলত বহাই থৈ শাহুৱেকক চাবলৈ কৈ  ময়ুৰী ওচৰৰ মানুহ ঘৰলৈ বুলি ওলাই গ’ল।  সেইখন ঘৰৰ গৃহিনী জনীক খুড়ী সম্বন্ধৰে মাতে ময়ুৰীয়ে। ছল চাই কঠীয়া পাৰিব জনা সেইজনী খুড়ীয়েকে বহুত দিনৰ আগতেই ময়ুৰীয়ে নিজ হাতে বোৱা পাটৰ কাপোৰ এযোৰ কিনি নিছিল। নিয়াৰ সময়ত দামটো কিস্তি কিস্তি কৈ দিয়াৰ কথা কৈছিল যদিও, এটা কিস্তি দিয়াৰ পাছত আজিলৈকে তেওঁৰ খবৰ নাই। ( চিনাকি মানুহ খিনিয়ে প্ৰায়েই কিস্তিত কাপোৰ বিচাৰে!)   ময়ুৰীয়ে খবৰ ল’লে তেওঁৰ হাতত টকা

Read more
1 10 11 12 13