দেৱকন্যা-শিখামণি গগৈ
কেঁউ– কেঁউ– কেঁউ খৰি লুৰি থকা লাচিত উচপ খাই উঠিল।খৰি নুৰা হাতত লৈয়ে ইফালে-সিফালে চালে সি।তাৰ ভ্ৰম হোৱা নাইতো!এইখন হাবিত কেঁচুৱাৰ কান্দোন!নাই এনেয়ে কিবা শুনিলে চাগে’ সি। উস্!শুকান বগৰীৰ ডাল এটাকে খামোচ মাৰি ধৰি ভাঙিব লওঁতে, কাঁইট এটাই তলুৱাতে বৰ বেয়াকৈ বিন্ধিলে তাক।তেজ অকণো ওলালে।এইবোৰ সময়তে তাৰ জেতুকীলৈ বৰ খং উঠে।ইমান খৰি গোটাই দিলেও তাইক খৰিৰে নোজোৰে।পুৱাই ৰিক্সাখন উলিয়াই লৈ পেডেলডালত ভৰিখন থ’বলৈ পায়হে।ক’ৰবাৰপৰা জাঁপ মাৰি আহি তাই, চাউল-দাইল-আলুৰ কথা নক’লেও, খৰি কেইডালমান আনিবলৈ ক’ব নাপাহৰে।ঘৰখনত পাঁচোটি মানুহ।সেই পাঁচোটি মানুহলৈ
Read more