ছায়া,মূল লেখক: মঞ্জিল সেন,ভাবানুবাদ-অঞ্জু মহন্ত

অসমৰ পৰা বন্ধু এজনে ঘনাই চিঠি লিখিছিল: এবাৰ ইয়ালৈ ফুৰিবলৈ আহাঁ, তেতিয়া বুজিবা প্ৰকৃতিক কিয় লীলাচঞ্চলা বুলি কোৱা হয়।অলপ ঠাট্টা কৰিয়েই লিখিছিল, তোমালোকে পাহাৰ-পৰ্বতৰ কল্পনা কৰা আৰু তাৰেই বৰ্ণনা পাঠক-পাঠিকাক উপহাৰ দিয়া……অথচ ইটা,কাঠ,শিলৰ বাহিৰে একোৱেই তোমালোকে নেদেখা। ভাবি চালো অপবাদটো একেবাৰে মিছা নহয়, সেয়ে অপবাদটো নোহোৱা কৰিবলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। বন্ধুৱে যে অলপো বঢ়াই কোৱা নাই সেয়া ট্ৰেইনত গৈ থাকোঁতেই অনুভৱ কৰিলোঁ। খিৰিকীৰ কাষত বহি ঘন সেউজীয়াৰ শোভা আৰু পাহাৰৰ শাৰীবোৰে অ-কবিৰ মনলৈও কবিত্ব অনাটোত আচৰিত হবলগীয়া একো নাই। বন্ধুৱে 

Read more

শাহুৰ সংসাৰ,মূলঃ জান্নাতুল আক্ততাৰ মুন্নি,অনুবাদ-বিজয়া শৰ্মা

মই দক্ষিণ অঞ্চলৰ ছোৱালী।বিয়া হৈ যেতিয়া ওলোটা পথ ধৰি উত্তৰাঞ্চললৈ যাওঁ তেতিয়া মোৰ বয়স বিশ বছৰ। দেউতাৰ এজন  সহকৰ্মীৰ পুত্ৰৰ লগত  মোৰ বিয়া হয়। মোৰ স্বামী ৰিফাতৰ দেউতাকৰ যেতিয়া মৃত্যু হৈছিল ৰিফাত তেতিয়া প্ৰাথমিক স্কুলৰ ছাত্র আছিল।গতিকে  ল’ৰাৰ মুখলৈ  চাই শাহুৱেও দ্বিতীয়বাৰ বিয়াত নবহিল।ৰিফাতৰ কোনো ভাই-ভনী নাই।শাহুয়ে অকলেই ৰিফাতক মানুহ কৰিছে। মোৰ দেউতাই ভাবি চাই দেখিলে যে- একমাত্ৰ ল’ৰা, ননদ-দেৱৰৰ সমস্যা নাই।কেৱল মাত্ৰ মাৰ বয়সৰ শাহু। তাতে আমাৰ শাহু সাহসী, দৃঢ় মহিলা।দেউতাৰ তাতেই ভৰসা পাইছিল নিজৰ বিশ বছৰীয়া ছোৱালীক ইমান

Read more

নদী আৰু সমুদ্ৰ,মূলঃ চন্দন চৌধুৰী: অনুবাদ-মামণি কলিতা

এদিন সমুদ্ৰ আৰু নদীয়ে কথা পাতিছিল। সমুদ্ৰ‌ই ক’লে…… “বন্ধু তোমাৰ ফালে চালে মোৰ বৰ দুখ লাগে। আমি দুয়োজনেই পানী।অথচ তুমি ইমান সৰু।অতি ক্ষুদ্ৰ। আৰু মোক চোৱা , মই কিমান বিশাল। অতিশয় বিশাল। নদীয়ে ক’লে….. “তোমাৰ ফালে চালে মোৰো বৰ দুখ লাগে বন্ধু।” এই কথা শুনি সমুদ্ৰ একেবাৰে আচৰিত হৈ পৰিল। মনে মনে ভাবিলে “কি কথা কয় এই  ক্ষুদ্ৰ নদীয়ে”। নদীয়ে ক’লে……. “ইমান বিশাল জলধাৰ তুমি! অতি বিশাল। কিন্তু তোমাৰ পানী কোনেও অকণমানো খাব নোৱাৰে আৰু মোক চোৱা, ইমান ক্ষুদ্ৰ মই।

Read more

মাচাউকি খাতাঁওৰা,লিখক: হুমায়ূন আহমেদ,ভাবানুবাদ-অঞ্জু মহন্ত 

মধ্যবিত্তসকলৰ জীৱনত উত্তেজনা সৃষ্টি কৰিবপৰা ঘটনা খুব এটা নঘটে। তেওঁলোকৰ জীৱন যাত্ৰা খোৱা,শোৱা, টিভি চোৱা এইবোৰৰ মাজতেই মোটামুটি সীমাবদ্ধ। কিন্তু মোৰ সৰু ভাইটিৰ ঘৰত ব্যতিক্ৰম হ’ল। সিহঁতৰ ঘৰত উত্তেজনা সৃষ্টি কৰিবপৰা এটা ঘটনা ঘটাৰ উপক্ৰম হ’ল। শুনিলোঁ, এজন জাপানী যুৱক হেনো ভাইটিৰ ঘৰত এমাহ থাকিব। জাপান-বাংলাদেশ টেকনিকেল এচিচটেণ্ট প্ৰোগামৰ তেওঁ এজন কৰ্মী। বাংলাদেশৰ গাঁৱত দুবছৰ থাকিব। অৱশ্যে পোষ্টিং হোৱাৰ আগেয়ে বাংলাদেশৰ কোনো এঘৰ মধ্যবিত্ত পৰিয়ালৰ লগত তেওঁ এমাহ কটাব লাগিব, যাতে তেওঁ আমাৰ ৰীতি-নীতি, আচাৰ-আচৰণ সম্পৰ্কে এটা প্ৰাথমিক ধাৰণা পাব

Read more

অমৰা  আৰু ক্ৰেব নেবুলা,মূল(বাংলা): মুহম্মদ জাফৰ ইকবাল::অনুবাদ-ৰঞ্জনা দত্ত 

তাৰ এই অভ্যাসটো আৰম্ভ হৈছিল একেবাৰে সৰু কালৰেপৰা। ৰঞ্জুৰ বয়স তেতিয়া চাৰি বছৰ। তাৰ মাক দেউতাকে ভাবিলে সি এতিয়া ডাঙৰ হৈছে গতিকে অকলে শোৱা দৰকাৰ। বায়েক শেৱালীৰ কোঠাত তাৰ কাৰণেও সৰু বিছনা এখন ঠিক কৰা হ’ল, তাত ৰংচঙীয়া বিছনা চাদৰ আৰু কোমল গাৰু এটা দি সজাই দিলে। মাজৰাতি টোপনিৰপৰা সাৰ পাই গ’লে যাতে অকলশৰীয়া নালাগে তাৰবাবে মূৰৰ কাষত তাৰ প্ৰিয় খেলনা ভালুকটোও থৈ দিলে। মাজৰাতি মাকে দেখিলে ৰঞ্জুৱে নিজৰ কোঠাৰপৰা হাতত সাৰে ভৰিত সাৰে উঠি আহিছে। মাকে সুধিলে- “ কি

Read more

বমি,লেখক:অভীক দত্ত,অনুবাদ-মামণি কলিতা

ডাউন কালকা মেইল ৰেলগাড়ীখন গয়া পোৱাৰ সময়ত অনিৰ্বাণ বাবুৰ এনে লাগিল যেন কোনোবাই তেওঁৰ ভৰিত ধৰি টানিছে।স্লিপাৰ কোচৰ একেবাৰে ওপৰৰ বাৰ্থত শুইছিল তেওঁ। “কি লাগে?”…. বুলি বিৰক্তিৰে প্ৰশ্ন কৰোঁতে‌ই টিটিৰ মাত শুনিবলৈ পালে “টিকট দেখুৱাওক।” অনিৰ্বাণ বাবুৱে কন্ঠত বিৰক্তিৰ ৰেশ লৈয়ে টিটিক ক’লে যে তেওঁ দিল্লীৰপৰা আহিছে আৰু বাটতে তেওঁৰ টিকট চেক কৰা হৈ গৈছে। তথাপিও টিটিয়ে তেওঁৰ কথা নুশুনিলে। উপায়ন্তৰ হৈ অনিৰ্বাণ বাবুৱে শুৱাৰপৰা উঠি পকেটৰপৰা টিকটটো টিটিৰ হাতত দিলে।টিটিয়ে টিকট চেক কৰি ঘূৰাই দিলে।কেঁচা টোপনি ভঙাৰ বাবে টিটিৰ

Read more

ঘৃণা,মূল লেখক : জেচমিন,ভাবানুবাদ-অঞ্জু মহন্ত

পাঁচ বছৰ, তিনি মাহ,বাৰদিন পিছত মোৰ স্বামী আবিৰক আকৌ দেখিলোঁ।স্বামী বুলি নকৈ প্ৰাক্তন স্বামী বুলি কোৱাহে ঠিক হ’ব।যদিও অফিচিয়েলি এতিয়াও আমাৰ বিবাহ বিচ্ছেদ হোৱা নাই।আবিৰ এতিয়া মোৰ ড্ৰইং ৰুমত বহি আছে।ভাবি অবাক লাগিছে,এই মানুহজনক এটা সময়ত পাগলৰ দৰে ভাল পাইছিলো। মোৰ ধাৰণা আছিল, মোৰ দৰে ইমান নহ’লেও,সিও মোক ভালপায়।যদিও তাৰ প্ৰকাশটো কেতিয়াও দেখা নাছিলোঁ।কিন্তু ভাবিছিলো, সকলোৰে প্ৰকাশ কৰা ক্ষমতা একে ধৰণৰ নহয়। ভালপোৱা কেতিয়াবা কেতিয়াবা মানুহৰ সৰ্বনাশৰ কাৰণো হয়।মোৰো সেয়াই হ’ল।মোৰ জৰায়ুত এটা সৰু টিউমাৰ হৈছিল।সৰু হলেও দুৰ্দান্ত গতিৰে ৰক্তক্ষৰণ

Read more

অন্ধকাৰ দিন,ৰচনা : ৱাল্টাৰ কফমেন,ভাৱানুবাদ-ড. মৃদুস্মিতা ফুকন

জৰ্জ মোৰ বন্ধু। কিন্তু এতিয়া আৰু তাক দেখা নাপাওঁ। বহুদিন আগতেই মই তাক হেৰুৱাই পেলাইছোঁ। হয়তো এতিয়া আৰু সি ইহ সংসাৰত নাই। তথাপিও সি মোৰ বন্ধু। যিমান দিন মই জীয়াই থাকিম, সিমান দিন এই বন্ধুত্ব অক্ষুণ্ণ ৰাখি যাম। আমাৰ ঘৰটো বৰ সুন্দৰ আছিল। বগা মাৰ্বলৰ ছিৰিকেইটাৰে অলপ উঠি মূল দুৱাৰখনৰ কাষতে কলিং বেলটো। বেলটোৰ মাতটো শুনিলেই আমাৰ পৰিচাৰিকা কেটি খৰ খোজেৰে আগবাঢ়ি আহে। হলটোৰ দামী কাৰ্পেটৰ ওপৰেদি আহি তেওঁ স্প্ৰিং লগোৱা গধুৰ কাঁচৰ দিৱাৰখন খুলি দিয়েহি। দেউতাই পিয়ানো বজায়। দেউতাক

Read more

তুষাৰ মানৱ,মূল:: হাৰুকি মুৰাকামি,অনুবাদ-ৰঞ্জনা দত্ত

মই এজন তুষাৰ মানৱক বিয়া কৰাইছো।  তেওঁৰ সতে মোৰ প্ৰথম দেখা হৈছিল এটা স্কি ৰিজ’ৰ্ট কেন্দ্ৰত। তুষাৰ মানৱৰ সাক্ষাত পাবৰ বাবে বোধহয় এইখনেই প্ৰকৃত ঠাই। তাত থকা হোটেলৰ লবীত উচ্ছল প্ৰাণৱন্ত ডেকা গাভৰুবোৰৰ ভিৰ। কিন্তু তুষাৰ মানৱজন ফায়াৰ প্লেছৰপৰা বহুত দূৰত থকা এখন চোফাত অকলে বহি বহি এখন কিতাপ পঢ়ি আছিল। যদিও তেতিয়া ভৰ দুপৰীয়া, কুঁৱলী ফালি ওলাই অহা জাৰকালিৰ ৰ’দৰ পোহৰজাক তেওঁৰ ওপৰত আহি পৰিছিলহি। “চোৱা সৌজন তুষাৰ মানৱ।” মোৰ বান্ধবীয়ে ফুচফুচাই ক’লে।  সেই সময়লৈকে তুষাৰ মানৱ সম্পৰ্কে মোৰ

Read more

পঢ়ক আৰু হাঁহক-লেখক: অজ্ঞাত,ভাবানুবাদ-অঞ্জু মহন্ত

অৱশেষত গৃহিণী আৰু কণ্যাৰ যৌথ চাপত হাতত বজাৰৰ মোনাখন লৈ ওলাই গলো। ইলিচৰ সন্ধানত। ভাইটি বা ভণ্টী ইলিচ হ’লে নচলিব,ডাঙৰ ডাঙৰ ৰাউণ্ড পিচ কৰি আনিব লাগিব,গৃহিণীৰ কাঢ়া অৰ্ডাৰ। প্ৰেচাৰৰ টেবলেট এটা লগত লৈ মামা শহুৰৰ দৰে গম্ভীৰ মুখেৰে বজাৰলৈ গলো।গোটেই মাছৰ বজাৰখন তিনিবাৰ ঘূৰি-পকি প্ৰতিজনকে দুই তিনিবাৰকৈ দাম সুধি অৱশেষত এটা ঠাইত স্থিৰ হলো।তেতিয়ালৈকে মাছ বজাৰৰ বিক্ৰেতাবোৰে গম পাই গৈছে,এজন মহা কৃপণে ইলিচ কিনিবলৈ আহিছে। কেজি ১৬০০ টকা দামৰ মাছ বহুতো দৰদাম কৰাৰ পিছত ১৫৫০ টকাত দিবলৈ সন্মত হ’ল।৭২৫ গ্ৰাম

Read more
1 2 3 4 5 6