তুষাৰ মানৱ,মূল:: হাৰুকি মুৰাকামি,অনুবাদ-ৰঞ্জনা দত্ত
মই এজন তুষাৰ মানৱক বিয়া কৰাইছো। তেওঁৰ সতে মোৰ প্ৰথম দেখা হৈছিল এটা স্কি ৰিজ’ৰ্ট কেন্দ্ৰত। তুষাৰ মানৱৰ সাক্ষাত পাবৰ বাবে বোধহয় এইখনেই প্ৰকৃত ঠাই। তাত থকা হোটেলৰ লবীত উচ্ছল প্ৰাণৱন্ত ডেকা গাভৰুবোৰৰ ভিৰ। কিন্তু তুষাৰ মানৱজন ফায়াৰ প্লেছৰপৰা বহুত দূৰত থকা এখন চোফাত অকলে বহি বহি এখন কিতাপ পঢ়ি আছিল। যদিও তেতিয়া ভৰ দুপৰীয়া, কুঁৱলী ফালি ওলাই অহা জাৰকালিৰ ৰ’দৰ পোহৰজাক তেওঁৰ ওপৰত আহি পৰিছিলহি। “চোৱা সৌজন তুষাৰ মানৱ।” মোৰ বান্ধবীয়ে ফুচফুচাই ক’লে। সেই সময়লৈকে তুষাৰ মানৱ সম্পৰ্কে মোৰ
Read more