এয়া কেনেকুৱা অলসতা,বাংলা: গৌৰীশঙ্কৰ বন্দোপাধ্যায়,অনুবাদ- বকুলিকা গোস্বামী
এয়া কেনেকুৱা অলসতা যি মোক গোটেই দিনটোৱেই সাবটি আছে। সময়ক লগত লৈ একো কামতে একাগ্ৰতা নাই যেন ভুল হয় সকলো কামত কেনেকুৱা এই অবহেলা গোটেই দিনটো ভিতৰি ভিতৰি চুচি খায় যেন ভুল হয় মোৰেই ছায়াক লক্ষ্য কৰি কোনে কোনে বাৰুদ আৰু বতাহৰ সাক্ষী হ’ব বিচাৰে যেন জলাশয় জলাশয় তোমাৰ শৰীৰ গোটেই দিনটো ঢৌ খেলে উৰ্মিমুখৰ গোটেই দিনটো জাগৰণ আৰু গোটেই দিনটো বতাহ কেৱল অবাক ভূবনৰপৰা আঁতৰি যায় মোহিনীৰ আঁৰেদি যেন ভুল হৈ যায় এয়া কেনেকুৱা লাবণ্য কুসুম যাৰ পোহৰে মনলৈ
Read more