অপেক্ষা,মূল:হুমায়ুন আহমেদ,অনুবাদ-অঞ্জু মহন্ত
বছিৰ মোল্লাৰ সকলোতকৈ ডাঙৰ গুণ হৈছে তেওঁ কোনো কথাতেই খং নকৰে। খং উঠিবলগীয়া ঘটনা যেতিয়া কিবা ঘটে, তেওঁ সমগ্ৰ চকু-মুখমণ্ডলত একধৰণৰ উদাস ভাৱ প্ৰকাশ কৰি মৃদু কণ্ঠে কয়,”আচ্ছা,আচ্ছা।” খং নকৰা মহৎ গুণটিৰ বাবে তেওঁ একেৰাহে তিনিবাৰ ইউনিয়ন কাউন্সিলৰ চেয়াৰমেন হৈছে,পকীঘৰ সাজিছে। দহ বছৰ আগতে মাটিৰ পৰিমাণ যি আছিল আজি সেয়া বাঢ়ি তিনিগুণ হৈছে। সম্প্ৰতি এখন পাৱাৰ টিলাৰ কিনিছে। বহু দূৰ-দূৰণিৰ পৰা মানুহে চেয়াৰমেন চাহাবৰ ঘৰৰ বাৰান্দাত পলিথিন কাগজেৰে ঢাকি ৰখা যন্ত্ৰটি চাবলৈ আহে। বছিৰ মোল্লাই যন্ত্ৰটো এতিয়াও পথাৰলৈ নমোৱা নাই।
Read more