প্ৰজাপতি,মূল গল্পঃ বনফুল,অনুবাদ -অঞ্জু মহন্ত

নীলা শ্বেড দিয়া ইলেকট্ৰিক বাল্বটোৰ ওপৰত কেইদিনমানৰ পৰা পখিলা এজনী আহি বহে। যিমান সময় মই টেবুলত বহি লেখা-পঢ়া কৰোঁ পখিলাজনীয়ে শ্বেডটোৰ ওপৰত শান্তভাৱে বহি থাকে। আশাৰ মৃত্যুৰ কিছুদিন পাছৰপৰাই পখিলাজনী মোৰ সন্ধিয়াৰ সঙ্গী হৈছে। বন্ধু সোমেশ্বৰ আহি কোঠাত প্ৰৱেশ কৰিছে। আজিকালি প্ৰায়ে আহে। তাক দেখিলে মোৰ ভয় লগা হৈছে। তাৰ ভনীয়েক বেলাৰ প্ৰতি আজিকালি মোৰ দুৰ্বলতা যে অনুভৱ হৈছে সেয়া সি ধৰিব পাৰিছে। নিৰুপায়ত পৰিছোঁ। সোমেশ্বৰে  আহিয়েই কথা আৰম্ভ কৰি দিলে…. “বেলা সম্বন্ধে কি ঠিক কৰিলা?” মনে মনে ৰ’লোঁ।  “যিয়েই

Read more

অব্যক্ত যন্ত্ৰণা,মূল : গী দ্য মোপাছাঁ,ভাৱানুবাদ-ড° মৃদুস্মিতা ফুকন

ফুলৰ বতৰ। ফুলনিখনত বসন্তৰ পৰশ সুষ্পষ্ট। মধ্যবয়সীয়া ভদ্ৰলোক দুজনে ফুলনিৰ মাজে মাজে খোজকাঢ়ি আছে। দুয়োজন ল’ৰালিৰে বন্ধু। এজন কেবিনেটৰ সদস্য আৰু আনজন চ’নেটৰ সভ্য। এওঁলোক দুয়োজনেই সম্ভ্ৰান্ত, প্ৰভাৱশালী, গম্ভীৰ আৰু চিন্তাশীল।  দুয়োৰে মাজত সমকালীন ৰাজনীতি লৈ আলোচনা চলিছিল সেই আলোচনাত কল্পনা লেখমাত্ৰও নাই — যথেষ্ট বস্তুনিষ্ঠ আলোচনা। কিন্তু অলপ সময়ৰ পাছতে বিষয়টো একান্ত ব্যক্তিগত হৈ উঠিল। যুক্তি-তৰ্কতকৈ সেইটোৱেই বেছি আকৰ্ষণীয় যেন লাগিল। কথাই কথাই দুয়ো এৰি অহা সোণালী দিনবোৰ সুঁৱৰিবলৈ ধৰিলে। বসন্তৰ  মধুৰ বতাহজাকত দুই আত্মবিভোৰ প্ৰাণী ফুৰি থাকিল।  দেৱালবোৰো

Read more

জন্মদিনৰ গল্প,মূল:অভীক দত্ত, ভাৱানুবাদ-মামনি কলিতা

মই তেতিয়া নৱম শ্ৰেণীত।পঢ়া-শুনা লাহে লাহে চেকেণ্ড গিয়েৰ পাইছে।এজন বন্ধুৰ ঘৰলৈ পঢ়িবলৈ যাওঁ। সি আমাৰ শ্ৰেণীৰ তিনি নম্বৰত থকা চোকা ল’ৰা।মই গোটেই বছৰটো নপঢ়াকৈয়ে থাকোঁ।যি পঢ়োঁ অকল পৰীক্ষাৰ আগৰ কেইদিনহে।তথাপিও কিবা এটা মেজিক কৰাৰ দৰে সদায় প্ৰথম দহটাৰ মাজতে থাকোঁ।মোৰ নিজৰ মাজতে এইটো লক্ষ্য স্থিৰ কৰি লৈছিলোঁ যে একৰ পৰা দহৰ ভিতৰত থাকিলেই হ’ব। ইয়াতকৈ ডাঙৰ একো লক্ষ্য মোৰ নাছিল।এবাৰ চাগে বাংলাত ৫৪ পাইছিলোঁ। ইমান কম নম্বৰ পাই মনটো বৰ বেয়া লাগিছিল। আটাইবোৰ বিষয়ত ৭০ নম্বৰকৈ পালেই বৰ ভাল লাগি

Read more

এজন অপ্ৰেমিকৰ সমীপেষু ,মূল: তছলিমা নাচৰিন,ভাবানুবাদ-মিনাৰা হুছেইন

এই চহৰতেই তুমি বাস কৰিবা, কাম-কাজত দৌৰিবা ইফালে সিফালে, ক’ৰবাত আড্ডাত বহিবা, মদ খাবা, তুমুল হৈ চৈ কৰিবা, ৰাতিটো শুই যাব, তুমি শুব নোৱাৰিবা। সুবিধা বুজি হয়তো কেতিয়াবা সন্ধিয়াত আনৰ ঘৰলৈ খাবলৈ যাবা, খেলিব যাবা, কোনে জানে হয়তো লাহেকৈ খুলিবা কোনো নাৰীৰ শাৰী.. এই চুবুৰীতে হয়তো দুইবেলা ঘূৰিবা, হয়তো কেতিয়াবা মোক জনাবা যে ওচৰতে আছা, কান্দি থাকিম, অস্থিৰ হৈ পৰিম, তোমাক নেদেখাৰ যন্ত্ৰণাত, তথাপিও নকওঁ আহা, এবাৰ আহা। কেতিয়াও নকওঁ, তোমাকো সুযোগ নিদিওঁ ক’বলৈ যে তোমাৰ সময় নাই, বা তুমি

Read more

বাংলা সাহিত্যৰ প্ৰখ্যাত গল্পকাৰ ‘বনফুল’ৰ “পাঠকৰ মৃত্যু” নামৰ  চুটি গল্পৰ অসমীয়া ভাৱানুবাদ- শ্ৰী চিত্ৰলেখা দেৱী 

(এক) প্ৰায় দহ বছৰ আগৰ কথা। আসানসোল ৰে’ল ষ্টেচনত ৰে’লৰ অপেক্ষাত বহি আছিলোঁ।ঠিক মোৰ কাষতেই আৰু এজন মানুহ বহি আছিল।তেওঁৰ হাতত আছিল এখন কিতাপ…যথেষ্ট ডাঠ কলেৱৰৰ এখন উপন্যাস।তেওঁৰ লগত কথা-বতৰা পাতি গম পালোঁ যে তেওঁ ৰে’লৰ বাবে গোটেই দিনটো অপেক্ষা কৰিব লাগিব। মোৰ ৰে’লৰ বাবেও তিনি ঘন্টামান ৰ’ব লাগিব। আমি দুয়োজনেই বেঙ্গলী।সেয়ে চা-চিনাকি হোৱাৰ পাঁচ মিনিট পাছতেই মই তেওঁক সহজেই সুধি পেলালোঁ, “আপোনাৰ কিতাপখন এবাৰ চাব পাৰিম নেকি?” “বাৰু, চাওক চাওক”……এনে এটা উত্তৰ পাম বুলি মই স্বাভাৱিকতে আশা কৰিছিলোঁ। অকণো

Read more

তিন্নি আৰু বন্যা,মূল বাংলালেখক: মুহম্মদ জাফৰ ইকবাল,ভাৱানুবাদ-ৰঞ্জনা দত্ত

ৰুণু বাইদেৱে ক্লাছত কবিতা এটা বুজাই বুজাই হঠাতে ৰৈ গৈ ক’লে, “মোৰ মনটো একেবাৰে ভাল লগা নাই জানা।” ৰুণু বাইদেউ স্কুলৰ  সকলোৰে আটাইতকৈ প্ৰিয় বাইদেউ।বাইদেউৰ মন ভাল নাই বুলি শুনি ক্লাছৰ আটাইৰে মনবোৰ বেয়া হৈ গ’ল।  তিন্নিয়ে ভয়ে ভয়ে সুধিলে,  “কিয় বাইদেউ?আপোনাৰ মনটো বেয়া কিয়?” ৰুণু বাইদেৱে হুমুনিয়াহ এটা পেলাই ক’লে, “দেখা নাই, চাৰিওফালে কি ভয়ংকৰ বানপানী হৈছে!” “অহ।”  তিন্নিয়ে মুখত এটা দুশ্চিন্তাৰ ভাব ফুটাই তুলিলেও মনে মনে নিশ্চিন্ত হ’ল। যদি ৰুণু বাইদেউৱে ক’লেহেঁতেন যে তেওঁ স্কুল এৰি অন্য ক’ৰবালৈ

Read more

আমি চৰকাৰী লোক,মূল লেখক: অজ্ঞাত,অনুবাদ-মামণি কলিতা। 

(বাংলা ভাষাৰ অনুবাদ গল্প) এবাৰ এজন গাঁৱলীয়া লোক খৰস্ৰোতা নদীত পৰিল।তেওঁ সাঁতুৰিব জানে,পিছে নদীৰ তীব্ৰ সোঁতৰ লগত যুঁজিও নদীৰ পাৰৰফালে আহিব পৰা নাই। শৰীৰৰ সমস্ত শক্তিৰে তেওঁ যদি এহাত আগুৱাই যায়, পানীৰ প্ৰবল সোঁতে তেওঁক তিনিহাত পিছুৱাই নিয়ে। এই বিপদৰ মাজতে তেওঁ নদীৰ চাকনৈয়াত সোমাই  নাকনি-কাণনি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল।প্ৰবল সোঁত, পানীৰ চাকনৈয়া, মেঘাছন্ন বতৰৰ তীব্ৰ বতাহৰ লগত যুঁজি পানীৰ পৰা ওলাই আহিব নোৱাৰি তেওঁ ‘বচোৱা বচোৱা’ বুলি চিঞৰিবলৈ ধৰিলে।কোনো সঁহাৰি নাপাই তেওঁ দ্বিতীয়বাৰ…..”ম‌ই চৰকাৰী মানুহ,পানীত ডুবিবলৈ লৈছোঁ; তোমালোকে মোক

Read more

কম্পাটিবল:মূল,ৰিচাৰ্ড আৰ স্মিথ (আমেৰিকা):অনুবাদ-ৰঞ্জনা দত্ত

ৰচনা কাল:আগষ্ট ১৯৫৮ চন লেখক পৰিচয়:  ১৯৩০ চনত জন্ম লাভ কৰা ৰিচাৰ্ড আৰ স্মিথে ১৯৪৯ চনৰে পৰা বিজ্ঞানভিত্তিক কল্প কাহিনী লিখা আৰম্ভ কৰে।তেওঁ ডেন এলিয়ট,ডেমন কাচল,ৰিচাৰ্ড ই স্মিথ, এন টেইলৰ আদি কেইবাটাও ছদ্মনামেৰে লিখা-মেলা কৰিছিল।তেওঁৰ কেইবাখনো গ্ৰন্থ পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে। (কিছুমান সমস্যা সমাধানৰ বাবে গিৰিয়েক বোৰৰ হাততে বিভিন্ন ধৰণৰ সমাধান থাকে.. কাচিৎ হত্যাৰ দৰে ঘটনাও সংঘটিত হয়।এইটো আকৌ তাতকৈও ডাঙৰ এটা ঘটনা!) জৰ্জ ফায়াৰ প্লেছৰ কাষত বহি আছে, তেওঁৰ মুখখন বিৰক্তিৰে ভৰা। “এইখন এখন নৰক।মই তোমাক কৈছো

Read more

মূল:সুধা মূৰ্তিৰ Life secret lessons: ভাৱানুবাদ:বিজয়া শৰ্মা

(মূল…সুধা মূৰ্তিৰ “The day I stopped drinking milk” গ্ৰন্থ খনৰ “Life secret lessons” ৰ  দহটা  জীৱনৰ শিক্ষাৰ পৰা পাঁচটা “জীৱনৰ শিক্ষা”ৰ ভাৱানুবাদ) মোৰ প্ৰথম শিক্ষা… এটা সময়ত মই উপলব্ধি কৰিব পাৰিলোঁ যে শিশুসকলেহে সঁচা কথা কয় আৰু এজনৰ বুদ্ধিদীপ্ততাৰ ওপৰত প্ৰকৃত ৰায় দিব পাৰে শিশু সকলেহে।এদিন মই কলিকতাত শিশুৰ এখন কিতাপ শুভাৰম্ভ কৰিব গৈছিলোঁ।বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা শিশুসকল সেই অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ আহিছিল।কিতাপখনৰ শুভাৰম্ভ কৰিবলৈ গৈ মই কিতাপখনৰ কেইটামান গল্প পাঠ কৰিছিলোঁ।যেতিয়া মই পাঠ কৰিবলৈ আৰম্ভ কৰিলোঁ,এজন ল’ৰাই থিয় হৈ

Read more

মূল:ভৱিষ্যত দ্ৰষ্টা, গুলশন ঘোষ:অনুবাদ-মামণি কলিতা

শুকান পাতবোৰ উৰি আহি বিছনা চাদৰৰ ওপৰত পৰিছেহি।তাতেই দহ,বিশ,পঞ্চাছ,এশ,দুশ টকাৰ নোটবোৰ জমা হৈছে।কোনোবাই আকৌ খুচুৰা প‌ইচা দি প্ৰণাম জনাই গুচি গৈছে।বিছনা চাদৰখনৰ ওপৰত থোৱা হৈছে বিভিন্ন অজানা গছৰ শিপা,কিছু ৰং বিৰঙৰ পাথৰ,লো আৰু তামৰ আঙুঠি। গছৰ তলতে অমূল্যচৰণ শাস্ত্ৰী বহি আছে।আগতে তেখেতৰ নাম আছিল অমূল্য সাঁতৰা।শাস্ত্ৰী তেওঁৰ উপাধি।ইয়াৰ উপৰিও তেখেতৰ আৰু এটা উপাধি আছে-ৰত্নপ্ৰভাকৰ। পুত্ৰৰ চিকিৎসাৰ বাবে ভেলোৰলৈ গৈছে।পুত্ৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা এসপ্তাহ হ’ল।গোটেই দিনটো এনেই অকলে থাকি সময় নাযায় নুপুৱাই যেন লাগিছে তেওঁৰ।সেয়ে চি.এম.চি.ভেলোৰৰ পুৰণি বিল্ডিঙৰ গেটৰ বাহিৰৰ গছৰ

Read more
1 2 3 4 6