নিসঙ্গতা জীৱনৰ-মামণি কলিতা

পৰিয়ালৰ সকলো বিভিন্ন কামত ব্যস্ত হৈ থকাৰ বাবে বৰবৰাণী আজিকালি প্ৰায়ে অকলশৰেই থাকে । অৱশ্যে পৰিয়ালৰ লোকসকলে মাজে-সময়ে লগত অ’লৈ-ত’লৈ নিয়ে যদিও তেওঁহে যাবলৈ মন নকৰে। কাৰণ তেওঁৰ বয়সৰ লোকসকল নাপালে বেছিভাগ সময়েই আৰ-তাৰ মুখলৈ চাই আমন-জিমনকৈ বহি থাকিবলগীয়া হয়। কোনোৱে ভাল-বেয়া দুই-এষাৰ নোসোধা নহয় বাৰু কিন্তু তাৰ পাছত তেওঁ পুৰণি কথা উলিওৱাৰ লগে লগে তেওঁলোকে কিবা এটা অজুহাত দেখুৱাই আঁতৰি যায়। আচলতে বৰবৰাণীৰ ওচৰত নতুন কথা নায়েই, কাৰণ এতিয়াৰ সময় তেওঁৰ বাবে দুৰ্বোধ্য। বেছিভাগেই আন্তৰিকতাবিহীন সম্পৰ্ক। সেয়ে বাৰীৰ গছ-গছনি,

Read more

জীৱন সংগী-পূৰ্ণিমা শইকীয়া গগৈ

: আপুনি আজিৰে পৰা ইটো কোঠাতে শুব। অলকাৰ কথাত কোনো প্ৰতিবাদ নকৰি ৰাজেন আনটো কোঠাত শুবলৈ গ’ল।  পিছদিনা অলকাই আলনাদালত তেওঁৰ কাপোৰখিনি থ’লেহি। আবেলি অফিচৰপৰা আহি দেখিলে যে তেওঁৰ প্ৰ‌য়োজনীয় সকলো বস্তুৱেই কোঠাত আছে।ছটা কোঠাৰ ঘৰটোত এটা শোৱা কোঠা, এটা আলহীৰ কোঠা,ল’ৰা ছোৱালীৰ বাবে দুকোঠা, বহা আৰু খোৱা কোঠা একেলগে আছে।‌কাষতে ৰান্ধনী ঘৰটো। প্ৰতিটো কোঠাৰ সৈতে সংলগ্ন হৈ আছে বাথৰূম। ঘৰটো সাজোঁতে অলকাই নিজৰ পছন্দ মতে কামবোৰ কৰাইছিল। ৰাজেনে মাত্ৰ টকাহে দিছিল।ল’ৰা-ছোৱালী দুটা সৰু হৈ থাকোঁতে মাক দেউতাকৰ লগতে একেটা

Read more

ৰুণিমাৰ সাফল্য-মানসী শৰ্মা

“অ’ মাজনী তই এতিয়াই কাকো একো নক’বি, মই এঘণ্টাৰ ভিতৰত গৈ পাম। তই সকলোকে গোট খাবলৈ ক’লি নহয়। এতিয়া ফোনটো ৰাখিছো দে।” আজিহে ৰুণিমাৰ মনটো ভাল লাগিছে। এই দুই বছৰে নিজকে অপৰাধী যেন লাগি আছে। সকলোকে কথাখিনি  খুলি ক’ব  পাৰিলেহে তাই শান্তি পাব।তাইৰ মনটো দুই বছৰৰ আগৰ দিনবোৰলৈ ঘুৰি গ’ল। “তোৰ ভালনে মাজনী, কি হ’ল ? বৰ দুখত থকা যেন লাগিছে। খুলি কচোন।” তাই মাকক ক’লে… সকলো ক’লে, ৰক্তিমে যে একো নকৰে। সি বিজনেচ কৰে বুলি  এনেয়ে ক’লে।সেয়া দেউতাকৰ হে

Read more

মনৰ নিজানত জোনাক নামে-নন্দিতা ভাণ্ডাৰ কায়স্থ

কাণে-নাকে ভাত দুটামান কোনোমতে পেটত সুমুৱাই বুলীয়ে  ওঁঠত পাতলকৈ লিপষ্টিক অকণ সানি শাহুৱেকক….. “মা ৰুটি বনাই থৈছোঁ, খাই ল’ব।দুপৰীয়াৰ আহাৰো হৈয়ে আছে।গৰম কৰি খাব।বাবাৰ কাৰণেও কণী বইল কৰাই আছে, মই আহিলোঁ”….. বুলি কৈ বুলী গেট খুলি ওলাই আহে। আহোঁতে বাহিৰৰ কাপোৰবোৰ বৰষুণ নপৰা ঠাইত সাউৎকৈ মেলিও থ’লে। ৰাতিপুৱা চৰাইৰ কোলাহল পৃথিৱীবাসীৰ কাণত পৰাৰ সময়তে  বুলীৰো দৌৰাদৌৰি আৰম্ভ হৈ যায়। ঘড়ীৰ কাটাৰ লগে লগে তাইৰ হাত ভৰি সমানে চলে। অৱশ্যে তেনেকৈ খৰখেদা নকৰিলে তাই ঠিক সময়ত কৰ্মথলী মানে ‘বকুলতল এল পি

Read more

নিসঙ্গ-শুভ বৰা শইকীয়া

এসপ্তাহ মানৰপৰা নোমল দাইটিৰ গাটো বেয়া। তেওঁৰ ওচৰত থাকিবলৈও কোনো নাই। এটুপি পানী আৰু এমুঠি অন্নৰ কাৰণে ক্ষণ গণিবলগীয়া হৈছে। হ’ল বুলিনো ওচৰ চুবুৰীয়াই কিমান চাব। তেওঁ কাণেৰে কম শুনা বাবে কথাবোৰ চিঞৰি চিঞৰি ক’ব লগা হয়। এতিয়া দুচকুৰ দৃষ্টি শক্তি হেৰুৱাই পেলোৱাৰ দৰে হ’ল।পত্নী বিয়োগৰ পিছৰপৰা তেওঁক দুবেলা দুসাঁজ ভাত যতনাই দিওঁতাও নাইকিয়া হ’ল।পুত্ৰ সন্তান এটি হ’ব হ’ব বুলি  আশা কৰি পাঁচজনীকৈ ছোৱালী সন্তান জন্ম দিলে।সময়ত আটাইকেইজনী বিয়া হৈ গ’ল। সিহঁত নিজৰ নিজৰ পৰিয়ালক লৈ ব্যস্ত। এতিয়া অসুস্থ দেউতাকৰ

Read more

তেজপিয়া-হৰগোবিন্দ দাস

বিদ্যালয়খনৰ জনপ্ৰিয় শিক্ষক ধৰণীধৰ বৰুৱাই নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠদান সামৰি ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে অকণমান মত বিনিময় কৰাৰ মানসেৰে ছাত্ৰ-ছাত্ৰীসকলক  সমূহীয়াভাবে এটি প্ৰশ্ন সুধিলে…  : তোমালোকে তেজপিয়া প্ৰাণী কেইবিধমানৰ কোৱাচোন। শ্ৰেণীত চোকা বুলি নাম থকা ছাত্ৰ প্ৰজ্ঞানে ঘপককৈ ঠিয় হৈ কোমলকৈ আৰম্ভ কৰিলে…. : জোক,মহ,ডাঁহ,উৰহ,চিকৰা,ওকণি,মানুহ ইত্যাদি ছাৰ।       বৰুৱা ছাৰে আকৌ প্ৰশ্ন কৰিলে… “এইবাৰ তেজ নোখোৱা প্ৰাণী কেইবিধমানৰ নাম কোৱাচোন।” সপ্ৰতিভতাৰে লগে লগে থিয় হ’ল জাহ্নৱী।তাই ক’লে… : গৰু, ছাগলী, কুকুৰ,মেকুৰী,হৰিণ, জিৰাফ, জেব্ৰা, হাঁহ, পাৰ,মানুহ ইত্যাদি ছাৰ ৷ বৰুৱা ছাৰে

Read more

আত্মা-পাৰুল ফুকন

শোৱাকোঠাৰ বিছনাখনত মালতীয়ে আজি সমস্ত ভাগৰুৱা শৰীৰটো এৰি শুই পৰিছে। এইকেইদিন ঘৰখন গৰম হৈ আছিল যদিও মালতীয়ে অলপো আজৰি পোৱা নাছিল।চাকৰি আৰু শিক্ষাৰ বাবে ঘৰৰ বাহিৰত থকা স্বামী আৰু ল’ৰা-ছোৱালীকেইটা ছুটীত ঘৰলৈ অহাৰ পোন্ধৰ দিন মানেই হ’ল। ছুটী শেষ হ’লত আজি স্বামীৰ লগতে ল’ৰা-ছোৱালী কেইটাও নিজৰ নিজৰ স্থানলৈ গ’ল।ঘৰৰ কাম কৰা ল’ৰাটোও মাকৰ অসুখ হোৱাৰ খবৰ পাই সিও নিজৰ ঘৰলৈ গ’ল। মালতী যদিও বিছনাত শুই আছে মনটো কিবা এটা ভাল লগা নাই। সকলো যোৱাৰ পাছত এনেয়ো ঘৰখনৰ পৰিৱেশ ঠাণ্ডা হয়।

Read more

বকুল জোপাৰ অপমৃত্যুত-লিলি বৰদলৈ

বহু দিন বকুলৰ মালা গঁথা নাই , বহুদিন বকুলৰ গোন্ধ পোৱা নাই…….. পুৱা ৰেডিঅ’টোত বাজি আছে শ্ৰদ্ধাৰ বীৰেন্দ্ৰ নাথ দত্তদেৱৰ বকুল জুপিক লৈ গোৱা গীতটি।ময়ো গুণগুণাই কাপোৰ এখন লৈ ধূলি মচি আছোঁ বাৰান্দাৰ চকী কেইখনৰ। ঘপ-ঘপ শব্দত ছন্দ পতন ঘটিল ৰেডিঅ’ৰ গীতৰ,লগতে মোৰ গুণ গুণনিৰো।চকু গ’ল শব্দৰ দিশে।এৰা,আজি যে গছজোপাৰ অন্তিমযাত্ৰা! বকুলজোপাক লৈ কিমান যে সপোন….! কপৌ চৰাইহালৰ,ডাউক কেইটাৰ,বুলবুলি কেইটাৰ আৰু লগতে মোৰো। পিছে সপোন সপোন হৈয়েই ৰ’ল। হয়,বকুলজোপাক লৈ সপোনে পোখা মেলিছিল আজিৰ পৰা বিশ বছৰৰ আগতেই। সেইদিনা পাঁচ

Read more

শুভাকাংক্ষী-হৰগোবিন্দ দাস

প্ৰশান্ত ফুকনৰ সৰু ল’ৰা অজয়ে পূৰ্বতে অৱতীৰ্ণ হোৱা  ‘ইণ্টাৰভিউ’ৰ সুফলস্বৰূপে একেদিনাই তিনিটা বিভাগত তিনিখন চৰকাৰী নিয়োগ পত্ৰ লাভ কৰিলে।খবৰটো শুনি ওচৰ-চুবুৰীয়া, আত্মীয়-স্বজন, শুভাকাংক্ষী সকলোৱে খা-খবৰ ল’লে আৰু নিজ নিজ ধ্যান-ধাৰণাৰে পৰামৰ্শ আগবঢ়াই শুভেচ্ছা জনালে। অজয়ৰ সম্পৰ্কীয় মোমায়েক এজনে অজয়লৈ চাই প্ৰশ্ন কৰিলে – “তুমি কোনটো বিভাগত যোগদান কৰিম বুলি ভাবিছালা?মোৰ বোধেৰে তুমি প্ৰথম নিয়োগ পত্ৰ পোৱা বিভাগটোতে যোগদান কৰা ভাল হব ৷ মই জানো নহয়, সেই বিভাগটোত সোমালে তুমি দৰমহাৰ টকা হাতেৰে চুবই নালাগে।বাহিৰা টকাৰেই তুমি অতি সুন্দৰকৈ মাহটো চলি

Read more

অনুভৱ-সংহিতা ভট্টাচাৰ্য্য

-সপোন হেঁপাহবোৰৰ মাজেৰে–জীৱন! ৰূমটোৰ টেবুলখনৰ ওপৰৰ বাতৰিকাকতখনত জিলিকি থকা হেডলাইনটোলৈ প্ৰথমেই চকু গ’ল তাৰ। ‘ভেন্সাৰ পৰ্যায়ৰ বিদ্যালয়সমূহ এইবাৰো প্ৰাদেশিকৰণ কৰা নহয়।’ অলপ সময় ৰৈ থাকিল সি। বিছনাৰ তুলিখনৰ তলত থৈ দিয়া তাৰ চাৰ্টিফিকেটৰ টোপোলাটো লাহেকৈ উলিয়াই আনিলে অনিৰ্বাণে।এখন এখনকৈ চাই গ’ল সি। এসময়ৰ সপোন আৰু আশাৰ এই চাৰ্টিফিকেটবোৰ আজি মাত্ৰ উকা কাগজ কেইখিলামানৰ দৰে লাগি গ’ল অনিৰ্বাণৰ। দুদিনমান আগতে যমুনাই কোৱা কথাষাৰ তাৰ মনলৈ আহিল।  : বুজিছে এইবাৰ আপোনাৰ চাকৰিটো হ’লে ছিলঙলৈকে যাম দিয়ক। আমাৰ সোনটোৱেতো আজিলৈকে গাঁৱৰ বাহিৰখনকে দেখা

Read more
1 2 3 4