জন্মদাত্ৰী বনাম মৃণ্ময় মূৰ্ত্তি-চন্দ্ৰপ্ৰভা বৰুৱা

“মা, তই এইখিনিতে ৰ, পূজাথলীত দেখিছনে কিমান ভিৰ।তই সোমাব নোৱাৰিবি।তাতে বৰষুণো দি আছে, তই যাব নালাগে।ময়ে তোৰ আৰু ঘৰখনৰ মঙ্গল কামনা কৰি চাকি এগছি দি আহো।” কথাকেইটা কৈ সি অলপো পলম নকৰি ভিৰৰ মাজত সোমাই পৰিল।কিনকিনীয়া বৰষুণে ইতিমধ্যে মূষলধাৰৰ ৰূপ ল’লে। তেওঁ ৰৈ থকা দোকানখনত মানুহৰ ভিৰ। সকলোৱে বৰষুণৰপৰা নিজকে বচোৱাৰ বৃথা চেষ্টা কৰিছে।  এসময়ত বৰষুণ শাম কাটিলে।ৰৈ থকা মানুহবিলাক খৰধৰকৈ দোকানৰপৰা ওলাই ঘৰমুৱা হ’ল।এতিয়াহে যেন তেওঁ ভালকৈ উশাহ ল’ব পাৰিছে।ইফালে সিফালে কেউফালে চালে তেওঁ, জানোছা পুতেকক দেখা পায়। ক’তো

Read more

স্বীকৃতি-শুভ বৰা শইকীয়া 

ঘৰৰ একমাত্ৰ সন্তান ভৈৰৱী উচ্চ শিক্ষাৰে শিক্ষিতা ছোৱালী। একপ্ৰকাৰ তাইক সৰ্ববিদ্যা বিশাৰদ বুলি ক’লেও বঢ়াই কোৱা নহয়। পঢ়া-শুনা কৰি সুনাম অৰ্জন কৰাৰ লগতে ঘৰৰ কাম ,পথাৰৰ কাম, বোৱা-কটা, চিলাই কৰা সকলো কামতে পাকৈত। গাঁৱতে প্ৰতিষ্ঠা কৰা মজলীয়া বিদ্যালয়খনতে তাই শিক্ষকতা কৰে। বিয়াৰ উপযুক্ত বয়সত তাইৰ বাবে উপযুক্ত পাত্ৰ বিচাৰি নাপাই মাক -দেউতাক মানসিকভাৱে হতাশাগ্ৰস্ত হৈ পৰিল। একপ্ৰকাৰ তেওঁলোকে ভৈৰৱী গোটেই জীৱন আবিয়ৈ হৈ থাকিব লাগিব বুলি চিন্তা বাঢ়িল। মাক-দেউতাকে তাইৰ অনুপস্থিতিৰ সুবিধা লৈ আলোচনা কৰে ‘অতি কাজীৰ ঘৰ নাই’ বুলি

Read more

লখিমী-পূৰ্ণিমা শইকীয়া গগৈ

: হেৰা শুনিছা, এইবাৰ কলীয়ে মোৰ আশা পূৰণ কৰিব। এইবাৰ তাইৰ লক্ষণ অলপ বেলেগ দেখিছোঁ। কলীলৈ মানুহজনৰ বৰ মৰম। তাতে বুঢ়ী হৈয়ো আহিছে। বছৰি একোটাকৈ মুঠতে চৈধ্যটা পোৱালি দিলে তাই। কিন্তু প্ৰতিবাৰেই দমৰা পোৱালি হে জন্মে। যোৱা বছৰ কলীয়ে পোৱালি নিদিলে। দাইটিয়ে দুখেৰে বোলে ”সঁচটোহে  নাথাকিল’’।  বৰ ঠাণ্ডা প্ৰকৃতিৰ কলী। এইখন ঘৰতে তাইৰ জন্ম। কিন্তু যোৱা চৈধ্য বছৰে তাই সঁচ এটা দিব নোৱাৰিলে। দমৰা পোৱালি পুহি ৰাখি লাভ নাই। সেইবাবে কোনোবাই পুহি হাল বাম বুলি ক’লে দাইটিয়ে কম মূল্যত পোৱালি

Read more

ধূসৰিত পৃষ্ঠা-সংগীতা পাচনী

অনিৰ্বাণ বৰুৱাই সাক্ষাৎকাৰ দিবলৈ আহিল,মেনেজিং ব’ৰ্ডৰ পাঁচজন সদস্য,স্থানীয় কলেজখনৰ অধ্যক্ষজন, আৰু এম.এল এ। ব্যক্তিগত মাধ্যমৰ বিদ্যালয় যদিও প্ৰায় পঞ্চাশৰ ওচৰত হ’ব প্ৰাৰ্থী।অনিৰ্বাণ বৰুৱাই দেখিবলৈ পালে বি.এড প্ৰাৰ্থী বহু কেইজন আহিছে, যদিও অনিৰ্বাণৰ বি.এড নাই।তথাপিও এটা আশা লৈ সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছে। এটা সময়ত অনিৰ্বাণৰ নাম ধৰি মাতিলে,তাৰ বায়’ডাটাসমূহ চাই অলপ কনিষ্ঠজন সাক্ষাৎ গ্ৰহণকাৰী লোকে ক’লে….. “আমি আপোনাক ৰখাটো বিচাৰে নে,নে নৰখাটো? ইতিমধ্যে আপুনি গম পাইছেই চাগৈ,এই পষ্টটো বি.এড ডিগ্ৰী থকাই first preference পাব।” অনিৰ্বাণ বৰুৱাই বিশেষ একো মাতিব পৰা নাছিল, এফালে

Read more

ঈৰ্ষা-মৌচুমী হাজৰিকা

নীলা খৰধৰকৈ গাড়ীৰপৰা নামি শ্বপিং মলৰফালে যাবলৈ ওলাওঁতেই ছোৱালী এজনীয়ে কিবা এটা বিচাৰি হাতখন আগবঢ়াই দিলে।নীলা ৰৈ গ’ল।ছোৱালীজনীৰ মুখৰফালে চালে ,এজনী কৈশোৰত ভৰি দিয়া শীৰ্ণকায় ছোৱালী।তাইৰ মুখখন শীতৰ কুঁৱলিয়ে ঢকা শেঁতা নিষ্প্ৰভ। : কালিৰ পৰাই একো খোৱা নাই। কিবা এটা দিয়ক। নীলাই ছোৱালীজনীৰ ফালে চাই ৰৈ থাকিল।তাই আকৌ নীলাক কিবা এটা বিচাৰিলে।নীলাৰ মনত বহু কথাই দোলা দি গ’ল আৰু তাই ছোৱালীজনীক কৈ পেলালে : মোৰ লগত যাবা? ছোৱালী জনীয়েও কোনো প্ৰতিবাদ নকৰাকৈ তাইৰ লগত যাবালৈ ওলাল। তেনেকুৱা এখন গাড়ীত উঠাটো

Read more

বিভীষিকা সময়-অনামিকা (সংগীতা) কলিতা

ল’ৰা-ছোৱালীহালক স্কুলত থৈ গিৰিয়েকৰ কাৰণে টিফিনটো লৈ গৈছিল তাই।আধাবাটত দেখিলে চৌদিশে কেৱল ধোঁৱা, চাৰিওফালে আন্ধাৰ, পোৰা পোৰা গোন্ধ, তেজেৰে লুতুৰি-পুতুৰি শৰীৰ,জীৱৰ আৰ্তনাদ, আলাই-আথানি এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল।মানুহৰ দৌৰা-ঢপৰাত ভৰিৰ জোতা-চেণ্ডেল, বেগ ৰাষ্টাত সিঁচৰতি হৈ পৰি থাকিল। সন্ধিয়া পৰত এনেকৈ বহি থাকিলে আজিও মনত পৰে জেউতিৰ ৩১ অক্টোবৰৰ বোমা বিস্ফোৰণৰ সেই বিভীষিকাময় দিনটোৰ কথা।হস্পিটালৰ বাৰাণ্ডাত পৰি আছিল তাই, গিৰিয়েক আই. চি. ইউ. ৰূমত, কি কৰিব একো উৱাদিহ পোৱা নাছিল।দুৰ্ঘটনাত আহত আৰু নিহতসকলৰ আত্মীয়সকলৰ হৃদয়বিদাৰক কান্দোনে আকাশ বতাহ কঁপাই তুলিছিল।জেউতিয়ে নিজৰ

Read more

দৌৰ-ঋতুপৰ্ণা দত্ত

কঠিন অথচ হিয়াজুৰোৱা অধৰত হাত ফুৰাই তন্দ্ৰামগ্ন তাই সিহঁতৰ প্ৰেমত নিমজ্জিত হ’ল। বাৰে বাৰে হাত ফুৰায়ো যেন তৃপ্ত নহয়। আতুৰত তাই বিৰবিৰায়…উস্!এই প্ৰেম,এই ভালপোৱাৰ শেষ নাই…। “হেৰা বʼলা বিয়া খাবলৈ নোযোৱা নেকি?”  এনেকুৱাতে কাণৰ কাষতে মানুহজনে চিঞৰি উঠিল। তাই যেন আকাশৰ পৰাহে খহি তললৈ পৰিল।কোনো কল্পনাৰ এখন সাগৰত তাই অতপৰে সিহঁতক সাৱটি উটি-ভাঁহি ফুৰিছিল।কিমান যে ভাল লগা অনুভৱে তাইক ইমান সময়ে সামৰি ফুৰিছিল।  মানুহটোলৈ তাইৰ খং উঠিল।সিহঁতৰ লগত একাত্ম হৈছিলহে!দিলেহি নহয় টেংটেঙীয়া মাতডালেৰে চিঞৰি। মানুহটোলৈ তাই ঘোপাকৈ চালে।মানুহটোৱেও গম নাপালে

Read more

পৰীক্ষাৰ প্ৰতিযোগিতা-অনামিকা(সংগীতা)কলিতা

“সোণ আহিলি?”  “অ।” “কিবা হৈছে নেকি ?”  “মা,গণিতৰ বহী দিছে।এইবাৰ মোৰ খবৰ বেয়া।ৰমেন আৰু মই একে নম্বৰ পালোঁহেঁতেন কিন্তু সি বহীত চাফ-চিকুণৰ কাৰণে পাঁচ নম্বৰ বেছি পালে।এইবাৰ সি প্ৰথম হৈছে,মই দ্বিতীয়।কি কৰিম ভাবি পোৱা নাই।” “বোপা,এইটো দুখ কৰিব লগা কথা নহয়।কেতিয়াবা বন্ধু এজনে তোমাতকৈ বেছি পাইছে তাকে লৈ তুমি খং, অভিমান বা হিংসা নকৰিবা।নিজৰ কোনখিনিত ভুল হৈছে সেইটো শুধৰাবলৈ চেষ্টা কৰিবা।” “কেনেকৈ মা?” “বোপা,আজি বহীৰ চাফ-চিকুণৰ কথাকে উদাহৰণ হিচাপে লোৱা।তোমাৰ বহীটো আনাচোন ।”  “মা,এইটো লোৱা।”  “বোপা,দেখিছা তোমাৰ আখৰবোৰ ভালেই হৈছে

Read more

কন্যা সন্তান-শুভ বৰা শইকীয়া

মা,তুমি ক’ত আছানো বুলি কৈ ভিতৰ সোমাই সুমন একেবাৰে মাকৰ ওচৰ পালেগৈ।হঠাতে তাক দেখি মাক আচৰিত হ’ল।তুমি পালাহিয়েই যে।অ’ মা তুমি আগতে কোৱা কথা বোৰৰ বাস্তৱ ছবি খন বা ওচৰত দেখা পাই মই গুছি আহিলো।তোমাৰ কথাবোৰত সম্পূৰ্ণ সত্যতা আছিল।এতিয়া বাস্তৱত দেখিহে উপলব্ধি কৰিব পাৰিলো। সুমন সদায় স্কুলৰ পৰা বায়েক সুনিতাতকৈ এঘণ্টা আগতে আহে।তথাপি তাক মাকে ভাত খাবলৈ নিদি সুনিতা অহালৈ ৰৈ থাকে।মাকৰ দুয়োতা সন্তানৰ  ওপৰত সমদৃষ্টি।ল’ৰা বুলি তাক আগতে খাবলৈ দিলে সুনিতাক ঠাণ্ডা খাবলৈ দিয়াতো সহ্য কৰিব নোৱাৰে। সুমনৰ কোনো আপত্তিয়ে

Read more

ভাগ্যৰ চকৰী-চন্দ্ৰপ্ৰভা বৰুৱা

হঠাৎ বিদ্যালয়ত পুলিচ অফিচাৰ এজন সোমাই আহিল আৰু সোমায়েই প্ৰধান শিক্ষক মণিধৰ বৰুৱা চাৰৰ ভৰিত পৰি সেৱা কৰিলে।বৰুৱা চাৰৰ থৰ-কাছুটি হেৰোৱাৰ উপক্ৰম হ’ল। বিভিন্ন চিন্তাই মনত দোলা দি গ’ল হঠাৎ। “ই কি?কি হৈছে এইবোৰ?তেওঁ নজনা কৈ ক’ৰবাত কিবা ভুল হৈ আহিল নেকি?তেওঁ সপোন দেখা নাইতো!”  নিজকে সংযত কৰি লৈ চাৰে ক’লে, “এয়া কি কৰিছে আপুনি অফিচাৰ? মই একো বুজি পোৱা নাই।মই ক’ৰবাত কিবা ভুল কৰা নাইতো?”  পুলিচ অফিচাৰ জনে চাৰক সাৱটি ধৰি ক’লে, “চাৰ মই হিমাংশু,আপোনাৰ একালৰ ছাত্ৰ।” বৰুৱা চাৰৰ

Read more
1 2 3 4