গলগ্ৰহ-গীতামণি দত্ত

জীৱনটো সুন্দৰভাৱে চলাই নিবলৈ কিমান টকা পইচাৰ প্ৰয়োজন হয়, হয়তো ইয়াৰ হিচাপ কোনেও উলিয়াব নোৱাৰে অথচ জীৱনত এই কথা কোনোদিন ভাবিও চোৱা নহয়।অসৎ উপায় অৱলম্বন কৰি হ’লেও টকা পইচা,সা-সম্পত্তি গোটাব লাগে—এয়াই এচাম মানুহৰ ধাৰণা। চলিহাই আজি অকলশৰে ঘৰৰ বাৰান্দাত বহি তাকে ভাবি আছে।তেওঁ চাকৰিকালত কেৱল ধন ঘটাতে ব্যস্ত থাকিল।ন্যায় অন্যায় ভাবিবলৈ তেওঁৰ অলপো আজৰি নাছিল। সোঁৱে-বাঁৱে কেৱল ধন ঘটিব লাগে তাকেইহে জানিছিল।আজি তেওঁ মৰ্মে মৰ্মে উপলদ্ধি কৰিছে যে এই বিশাল অট্টলিকাটো তেওঁ কাৰ কাৰণে বনালে।ল’ৰা ছোৱালীৰ কাৰণে নে ,নাতি পুতিৰ

Read more

প্ৰয়োজন- ৰঞ্জিত কুমাৰ শৰ্মা

নিজৰ গাড়ীখনৰ চালকৰ আসনৰ কাষৰ দুৱাৰখন খুলিবলৈ লওঁতেই স্থানীয় মহাবিদ্যালয় এখনৰ সহকাৰী অধ্যাপক ড° প্ৰমোদ দত্তই হলিৰামক দেখিলে৷ দত্তই হলিৰামক তেওঁৰ পিনেই আহি থকা দেখি দুৱাৰখন নোখোলাকৈয়ে থিয় হৈ ৰ’ল৷ গাড়ীখন দেখিয়েই হলিৰাম আগবাঢ়ি আহিছিল৷ প্ৰমোদ দত্তই তিনিমাহমান আগতে কিনিছিল গাড়ীখন৷ বগা ৰঙৰ গাড়ীখন হলিৰামৰ চিনাকি৷ দত্তই গাড়ীখনৰ নামটোও তাক কৈছিল৷ ইনুভা নে কি তেনেকুৱা কিবা এটা নাম! হলিৰামৰ তেনেকৈয়ে মনত আছে৷ হলিৰামে দিন হাজিৰা কৰে৷ তাৰ পৰিবাৰে ইঘৰ-সিঘৰত কাম কৰে৷ মাজে-সময়ে হলিৰামে অধ্যাপক দত্তৰ ঘৰতো ইটো-সিটো কৰি দিয়ে৷ প্ৰমোদ

Read more

ধ্ৰুৱক-অনসূয়া বৰঠাকুৰ

বিদ্যালয়ৰ হীৰক-জয়ন্তী উপলক্ষে হোৱা প্ৰাক্তন ছাত্ৰ সন্মিলনখনলৈ আমি প্ৰায় সকলোবোৰ আহিছোঁ, এৰি অহা দিনৰ সোণসেৰীয়া স্মৃতিবোৰেৰেই আজি আমাৰ প্ৰথম দিনাৰ আড্ডা …আঃ কি আনন্দৰ দিন! হঠাৎ দেখিলোঁ শুভ্ৰ ধূতি পৰিহিত এজন ক্ষীণকায় মানুহ আমাৰফালে আহি আছে! “অহ্  বৰুৱা ছাৰ দেখোন”!!  জীৱনৰ জটিল সমীকৰণবোৰ সমাধান কৰাৰ মূলতেইতো হৈছে বৰুৱা ছাৰে বাস্তৱৰ উদাহৰণ দি বুজোৱা গণিত শিক্ষা!!     সেৱা এটা জনাই কিবা সোধাৰ আগতেই স্বভাৱসুলভ ধেমালিৰে ছাৰে কৈ গ’ল…… “একে দুয়ে তিনি হোৱা খবৰটো বাপেৰে দিলে, হওক দে, সকলোৰে যোগ, পূৰণ হোৱাটোৱেই লাগে,

Read more

পৰিবৰ্তন-মামণি কলিতা

সৰুৰেপৰা গাৰ বৰণটোৰ বাবে পৰিয়ালৰ সকলোৱে অৱজ্ঞা কৰিছিল চুমীক। আইতাকে মাকক সদায় কয় “এইজনীক এসোপা পাউদাৰ লগালেও কোনেও পছন্দ নকৰে বুজিছ; ক’ৰনো সঁচ আহিল আমাৰ ঘৰলৈ!” তাইৰ আজলী মাকে একো নকৈ খালী তাইক সাবটি চকুলো টুকিছিল। লাহে লাহে বুজিবপৰা বয়সত চুমীয়ে দেখিছিল যে আইতাকে খুৰাকৰ ল’ৰা-ছোৱালী দুটাক তাইক দেখুৱাই বেছিকৈ মৰম চেনেহ কৰিছিল।খাবৰ সময়ত সিহঁতৰ সকলো আবদাৰ মানিছিল মাক খুৰীয়েকে; কিন্তু সামান্য অজুহাততে চুমীক আইতাকে মাকৰ গোষ্ঠী উদ্ধাৰি গালি পাৰিছিল। মাকে তাইক সদায় সাহস দিছিল আৰু কৈছিল…. “মাজনী তুমি খুব

Read more

ৰং-বৰষা ডেকা

বহু ৰং দেখিছে সি। সৰুৰেপৰা উমলিছে সেউজীয়াৰ মাজত। পথাৰৰ সোণোৱলী ৰং উপভোগ কৰিছে। নদীৰ নীলা মিহলাই উমলিছে। জনা হ’বৰেপৰা ৰঙেৰে ধেমালী কৰিছে। কেতিয়াবা হয়তো অভিমান কৰিছে – যেতিয়া নীলা আকাশখনি ডাৱৰে বগা কৰি পেলাইছে; যেতিয়া মাটি মিহলি হৈ পানীখিনি মটীয়া হৈ পৰিছে;যেতিয়া বানে পথাৰৰ সেউজীয়া নোহোৱা কৰি পেলাইছে। ৰঙেৰেই মানুহে সপোন দেখে। সিও দেখিছিল। অলেখ সপোন। ৰঙীণ সপোন। ৰংচঙীয়া পখিলা ঘূৰি ফুৰিছিল সপোনত। সেই সপোন পূৰণ কৰাৰ তাড়নাতেই ভৰি দিছিল সি বাস্তৱৰ পৃথিৱীত। এফালে সপোন পূৰোৱাৰ তাড়না,এফালে পেট পূৰোৱাৰ। হাতত

Read more

মধুমেহ-ভনিতা শৰ্মা

হাতত চকোলেটৰ পেকেট এটা আৰু এথোপা ফুল লৈ বৰুৱা ওলাই গ’ল৷বিয়া-সকাম,জন্মদিন আদিত বৰুৱাই ঘৈণীয়েকক জীয়েকৰ সৈতে একেলগে যোৱাৰ সুবিধাটো কৰি দি নিজে আগতীয়াকৈ গৈ মাত লগাই আহে৷ঘৈণীয়েকে সোধে কেতিয়াবা… ’’প্ৰতিবেশীৰ নিমন্ত্ৰণবোৰ ৰক্ষা কৰোঁতে আইজনীক প্ৰতিবাৰেই মই লগত লৈ যোৱাতকৈ তুমিয়ে ময়েচোন একেলগে যাব পাৰোঁ৷” “এহ,তোমালোকৰ সাজোতে কাচোতে যিমানহে সময় লাগে,তেতিয়ালৈ মই গৈ সাউতকৈ মাত এষাৰ দি অহাই ভাল৷খোৱা বোৱাততো মোৰ এনেয়ো ৰাপ নাই৷মিঠা-মচলা দিয়া আদি খাবই নোৱাৰোঁ৷মই কেৱল যাব লাগে আৰু মাতটো লগাই আহিব লাগে৷তোমালোক লাহে ধীৰে খোৱাৰ পৰত গৈ

Read more

বদনামী-ৰিকুমণি

বহুদিনৰ বিৰতিত মাধুক লগ পালে তাই, মাধু মানে মাধুৰিমা, শৈশৱৰ লগৰী লগ পাই কথা শেষেই নহ’ব যেন৷ নভবাকৈয়ে যেতিয়া সুখৰ সময় কিছুমান আহি পৰে, সেইকণ যেন কোনেও হেৰুৱাব নোখোজে৷ অনৰ্গল কথা ফুটপাথৰ ওপৰতে থিয় হৈ পাতি দিলে৷ পুনৰ লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে এৰা এৰি হ’বলৈ লওঁতে, মহিলা এগৰাকী আহি তাইক মাত  দিলে “মাধুৰিমা ভালে আছা..? ….ঘটনা এটা শুনিছিলো, বেয়া নাপাবা, এতিয়া দেখিছো তোমাৰ কপালত? এহ্ তুমি…..  “মাধুৰিমা…. “হয় খুড়ী  আপুনি ঠিকেই চিনি পাইছে মোক। মই মাধুৱেই৷ পাছত লগ হ’ম মোৰ দেৰি

Read more

মাতৃস্নেহ-অনামিকা কলিতা

পৃথিৱীত সন্তানৰ বাবে মাক-দেউতাকৰ ভালপোৱা  অদ্বিতীয়। এগৰাকী মাতৃয়ে সন্তানৰ বাবে সকলো ত্যাগ কৰিব পাৰে। যি ত্যাগৰ কোনো স্বাৰ্থ নাথাকে।এনে ক্ষেত্ৰত পাই হেৰুওৱাৰ বেদনা কিমান গভীৰ হ’ব পাৰে তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি।তেনে এক ঘটনাৰ চিকাৰ হৈছিল অৰিন্দ্ৰম বৰুৱাৰ পৰিয়াল।   আজি বহুদিনৰ মূৰত বৰুৱাৰ পৰিয়ালত কিছু আনন্দ-উছাহৰ পৰিৱেশ দেখা গৈছে। ছোৱালীজনীৰ জন্মদিনৰ আয়োজনৰ কাৰণে বৰুৱানী আকাশীয়ে বিধে বিধে ব্যঞ্জন ৰন্ধাত ব্যস্ত।এক আনন্দৰ পৰিবেশ । ইয়াকে দেখি অৰিন্দ্ৰম বৰুৱাক অতীতৰ স্মৃতিয়ে আৱেগিক কৰি তুলিলে যাৰ বাবে তেওঁৰ চকুলো ওলাই আহিল ।

Read more

ৰʼদৰ বাট-ঋতুপৰ্ণা দত্ত

কাৰোবাক লগ পাবলৈ বা নাপাবলৈ কিছুমান অজুহাত লাগে। অজুহাতবোৰৰ হাত ধৰি আগুৱাই যাব পাৰি নিজে তৈয়াৰ কৰা সোণালী, মসৃণ পথ নাইবা আন্ধাৰৰ বাট খেপিয়াই খেপিয়াই নিজকে হেৰুৱায়ো পেলাব পাৰি।  তাক পাবলৈকে তাই এই অজুহাতবোৰক পোহৰেৰে সজাইছিল। আশাবোৰক নিচুকাই নিচুকাই তাই নিজৰ সন্তানৰ দৰেই বুকুৰ উম দি জীয়াই তুলিছিল। প্ৰেম নামৰ সাগৰখনৰ সোণালী সৈকতত বহি একাত্ম হৈ তাই মাত্ৰ জীৱনৰ গান আওৰাইছিল। সি তাইৰ কাষত নাছিল  কিন্তু শত যোজন আঁতৰত থাকিও তাইৰ গান সি শুনিছিল। নুশুনিবনো কিয়! সেয়া যে গান আছিল

Read more
1 2 3 4