গলগ্ৰহ-গীতামণি দত্ত
জীৱনটো সুন্দৰভাৱে চলাই নিবলৈ কিমান টকা পইচাৰ প্ৰয়োজন হয়, হয়তো ইয়াৰ হিচাপ কোনেও উলিয়াব নোৱাৰে অথচ জীৱনত এই কথা কোনোদিন ভাবিও চোৱা নহয়।অসৎ উপায় অৱলম্বন কৰি হ’লেও টকা পইচা,সা-সম্পত্তি গোটাব লাগে—এয়াই এচাম মানুহৰ ধাৰণা। চলিহাই আজি অকলশৰে ঘৰৰ বাৰান্দাত বহি তাকে ভাবি আছে।তেওঁ চাকৰিকালত কেৱল ধন ঘটাতে ব্যস্ত থাকিল।ন্যায় অন্যায় ভাবিবলৈ তেওঁৰ অলপো আজৰি নাছিল। সোঁৱে-বাঁৱে কেৱল ধন ঘটিব লাগে তাকেইহে জানিছিল।আজি তেওঁ মৰ্মে মৰ্মে উপলদ্ধি কৰিছে যে এই বিশাল অট্টলিকাটো তেওঁ কাৰ কাৰণে বনালে।ল’ৰা ছোৱালীৰ কাৰণে নে ,নাতি পুতিৰ
Read more