ভদ্ৰকান্তৰ অনুভৱ-শিখা হাতীবৰুৱা

ভদ্ৰকান্তই আজিৰপৰা প্ৰায় ডেৰ বছৰমান গাঁওখনৰ শেষৰফালে থকা খেৰণিডৰাৰ কাষৰ বাঁহ-খেৰৰ ঘৰটোত অকলেই থাকে।ওচৰতে দুই এঘৰ মানুহ আছে যদিও তাৰ সমবয়সীয়া মানে বিয়া পতা বয়সৰ নাই বুলিয়েই কব পাৰি।সৰুতেই মাকজনী ঢুকাল আৰু এতিয়া ডেৰবছৰৰ আগতে দেউতাকেও তাক অকলশৰীয়া জীৱন এটা দি গ’লগৈ।সম্পৰ্কীয় কোনেও হয়তো এতিয়া তাৰ লগত ঘনিষ্ঠতা ৰক্ষা কৰি থকা নাই ।মুঠতে সি একপ্ৰকাৰে অকলশৰীয়া বুলিয়েই নিজকে ভাবে। মাকৰ মৃত্যুৰ পিছত দেউতাকে তাৰ প্ৰতি থকা দায়িত্বৰ দোহাই দি এটা পুৰণি বাকচ বৰ সযতনে দুটা কোঠলিৰ ঘৰটোৰ বিছনা থকাটোৰ এচুকত

Read more

মা তোৰেই মৰমত-মানসী শৰ্মা

তাই গাটো ধুই লৰালৰিকৈ শাহুৱেক উঠাৰ উমান পাই  পাকঘৰ সোমালগৈ।শাহুৱেকে নিজে  চাহকাপ বনাবলৈ  অহাৰ আগতেই তাই  চাহৰ চচটো গেছত উঠাই দিলে।  শাহুৱেকে মনতে  ভাবিলে  “আজি দেখোন শেনৰ  এজাত।” শাহুৱেকে মুখখন ধুই অহাৰ লগে লগেই হাজাৰ কামৰ মাজতো চাহকাপ তায়েই দিবলৈ চেষ্টা কৰে।শাহুৱেকে  কথাটো সিমান ভাল নাপালে।তেখেতে সন্দেহ কৰিবলৈ ল’লে। “মই চাহৰ লগত পিঠা, লাডু খাওঁ  বুলিয়েই এই নিজেই চাহ দিবলৈ লৈছে।ৰ’ তোক মজা দিম।মোৰ খোৱা তই  সৰহ দেখ।”   তেওঁ বোৱাৰীৰ খুঁত  ধৰিবলৈ সুযোগ বিচাৰি থাকিল। এদিন সুযোগ মিলিল। তাইৰ হাজাৰ 

Read more

বিজ্ঞাপন-হৰগোবিন্দ দাস

মহানন্দ বৰুৱা অঞ্চলটোৰ ভিতৰতে জনাজাত আঢ্যৱন্ত শ্ৰেণীৰ গণ্য- মান্য ব্যক্তি ৷দুজন পুত্ৰ তেওঁৰ।চাকৰিসূত্ৰে দুয়োজনে পৰিয়ালসহিতে ঘৰৰপৰা বাহিৰত থাকে। আলধৰা ল’ৰা এটি ৰাখি বৰুৱা- বৰুৱানীয়ে সংসাৰখন চলাই আছিল।কিন্তু বিধিৰ বিপাক,বৰুৱানীয়ে মাত্ৰ দুদিনৰ জ্বৰতে বৰুৱাৰ সঙ্গ চিৰদিনৰ বাবে ত্যাগি অজান দেশলৈ গুচি গ’ল।বৰুৱাই বাহিৰত চিকিৎসাৰ ব্যৱস্থা কৰাৰ কোনো সুযোগেই নাপালে ৷ পত্নী ঢুকোৱাৰ পাচত বৰুৱাই একাকীত্বত ভুগিছে ৷ পুত্ৰ-বোৱাৰী সকলো নিজৰ নিজৰ সংসাৰক লৈ ব্যস্ত ৷ ফোন এটা কৰি দেউতাকৰ খা- খবৰ অকণ লবলৈকো যেন সিহঁতৰ আহৰি নাই ৷ মহানন্দ বৰুৱাই বাতৰি

Read more

মৰমৰ মূল্য-পূৰ্ণিমা শইকীয়া গগৈ 

দীঘল পদুলীটোলৈ কেইবাবাৰো অহা-যোৱা কৰিলে সনাতন শইকীয়াই। এই সময়ছোৱা বৰ আগ্ৰহেৰে ৰৈ থাকে তেওঁ। কিন্তু আজি সময় পাৰেই হ’বৰ হ’ল। ভায়েক বিনন্দৰ দেখা দেখিয়েই নাই।  “হেৰি ভাত খাওকহি আহক। কিমাননো  বাটলৈ অহা-যোৱা কৰি থাকে।” পৰিবাৰ নিৰ্মলাই মাত লগালে।  “অলপ সময় ৰ’বাচোন। মোৰ ভোক লগা নাই নহয়। আজিৰ দিনটোত ভাতকেইটা তাৰ সৈতে খাইহে  ভাল লাগে।”  পিছে দুপৰীয়া হোৱালৈকে বিনন্দ নাহিল। সনাতন শইকীয়াই অকলেই ভাত খালে। নিৰ্মলাই বৰ সুন্দৰকৈ ভাত সাঁজৰ যোগাৰ কৰিছিল। বিনন্দই ভাল পোৱা পাৰ মাংসৰ আঞ্জা, কচুশাকৰ সৈতে কণবিলাহী

Read more

শ্ৰদ্ধাঞ্জলি-পূৰ্ণিমা শইকীয়া গগৈ

শ্ৰাদ্ধৰ সকলো আয়োজন চলি থকাৰ মাজতে হঠাতে বৰ পুত্ৰ প্ৰশান্তৰ মনত পৰিল কথাটো।শ্ৰাদ্ধৰ দিনা শ্ৰদ্ধাঞ্জলি জনাবলৈ দেউতাকৰ ফটো এখন লাগিব।তাৰ ওচৰত নাই।ভায়েক দিগন্ত আৰু ৰক্তিমৰ ওচৰতো নাই।কি হ’ব এতিয়া?সকলোৰে ঘৰত শ্ৰাদ্ধৰ দিনা ধূপ,বন্তি জ্বলাই ফুলেৰে সজাই থোৱা ফটো সিহঁতে দেখিছে। সকলোৰে হাতত দামী দামী মোবাইলত পৰিয়ালৰ লগত তোলা বহুত ফটো আছে। কিন্তু দেউতাৰ ফটো এখন তুলি থোৱাৰ কথা কোনেও নাভাবিলে। শেষত তিনি পুত্ৰই মাকৰ কাষ চাপিল। ”তোমাৰ ওচৰত দেউতাৰ ফটো আছে নেকি?” মাকে নতুন ঘৰত এলাগী হৈ পৰি থকা পুৰণি

Read more

সকাহ-মন্দিৰা শৰ্মা

ৰ’দটো দেখি নীলাৰ মনটো ভাল লাগিছিল।কিমান দিন যে ৰ’দৰ পোহৰ দেখা নাই!নেৰা-নেপেৰাকৈ হৈ থকা বৰষুণ জাকে নীলাৰ মনটো সেমেকাই ৰাখিছিল। চহৰলৈ অহাৰ পিচৰপৰাই চহৰৰ কৃত্রিম বানপানীৰে মুখামুখি হ’ব লগা হৈছিল।বৰষুণ দিলেই কৃত্রিম বানপানীৰ কবলত পৰে বুলি নীলাৰ চিন্তাৰ তত নোহোৱা হয়। বানপানীৰ লগত যুঁজি যুঁজি নীলাৰ পৰিয়ালটোৱ ভাগৰি পৰিছিল।আৰু কিমান ঘৰ সলাব!পানী কেনেবাকৈ যদি ঘৰৰ ভিতৰত সোমাই ওলোৱাৰ নাম নলয় ! তেনেকুৱাত ল’ৰা-ছোৱালী দুটাৰ স্কুল খতিৰ লগতে বেমাৰো হয়।সেই সময়ত ভাল ঘৰ এটা লবলৈ অৰূপৰ চৰকাৰী চাকৰিৰ পৰ্য্যাপ্ত পৰিমাণৰ দৰ্মহা

Read more

সাহসৰ ছাঁ-নাজিয়া হাচান

প্ৰায়ে নিশা মাজভাগত, ৰিধিমা শুই থকা কণমানি বিচনাখনৰ একেবাৰে কাষত, লাখুটি লৈ বহি থকা বুঢ়া মানুহ এজনৰ ছাঁ এটা আঠুৱাখনৰ বাহিৰফালে তাই অস্পষ্টকৈ দেখা পায় আৰু ঠিক সেই সময়খিনিত ৰিধিমাৰ সৰ্বশৰীৰ শিলৰ দৰে যেন জঠৰ হৈ পৰে; ডিঙিটো শুকাই যোৱাৰ দৰে অনুভৱ কৰি তাই মানুহজনীয়ে চেষ্টা কৰিও শৰীৰৰ কোনো অংগ সক্ৰিয় কৰি ৰাখিব নোৱাৰে। মাথোন থৰ চকু হালেৰে বুঢ়া মানুহজনৰ ছাঁটো স্থিৰ হৈ লক্ষ্য কৰি থাকে। আজিও হঠাৎ মাজ নিশা ছাঁটো সেইদৰে তাইৰ কাষত বহি থকা দেখি, সমস্ত শক্তিৰে হাত-ভৰি

Read more

 চিন্তা বিভ্ৰাট-মৃণাল নাথ 

ঘটি থকা ঘটনাবোৰ কাৰোবাৰ কাৰণে হাস্যকৰ,  কাৰোবাৰ কাৰণে বেদনাদায়ক,  আন কাৰোবাৰ বাবে আকৌ খঙৰ কাৰক হৈ পৰে। বাতৰি কাকতকে ধৰি দূৰদৰ্শন , ফেচবুক সকলোতে বৰকৈ জনাজাত হৈ পৰিল গাওঁ এখন । মহানগৰৰ আওভাও নোপোৱা গাওঁ । সহজ সৰল গাওঁ । কিন্তু হঠাত এই তিনিটা দিনত এজনী এজনীকৈ পাঁচজনী বোৱাৰী দুই তিনিটা সন্তান এৰি দূৰণিৰ আন ডেকালৈ পলাই গৈছে।  গাঁৱৰ পুৰুষবোৰৰ মনত ভয় সোমাই গৈছে, মহিলাৰ হাতে হাতে থকা মোবাইলবোৰ নিজৰ নিজৰ পুৰুষে জব্দ কৰি লৈছে। নহ’লে ক’বতো নোৱাৰি। কাৰ মগজুত

Read more

অহঙ্কাৰ-হৰিচন্দ্ৰ ডেকা

“বোৱাৰী ! ক’ত আছা ? তৎক্ষণাত এইফালে আহা।” “কওকচোন মা।” শাহুৱেকৰ কৰ্কশ মাতত পাকঘৰৰ পৰা উধাতু খাই লৱৰি আহিল বিস্মিতা ৷ “এই ফুলৰ টাবকেইটা কোনে ইয়াত থ’লে?” “মই সজাই থ’লোঁ মা; এতিয়া চাওকচোন কিমান ধুনীয়া লাগিছে৷” “তোমাৰ ধুনীয়া লাগিলে নহ’ব নহয়, ময়ো ভাল পাব লাগিব৷ এইখন কাৰ ঘৰ জানানে?” “আমাৰ ঘৰ মা।” সাধাৰণতে অতি অমায়িক বুলি সকলোৱে প্ৰশংসা কৰা বিস্মিতাই চকু দুটা ডাঙৰকৈ মেলি শাহুৱেকৰ ফালে চাই ক’লে ৷ “নহয়, এইখন মোৰ ঘৰ; গতিকে ইয়াত সকলো কাম মোৰ মতে হ’ব

Read more

সুখৰ বন্যা-ৰাস্না বৰা

আজি অনিমা আৰু জিতেনৰ কন্যা গিতাশ্ৰীৰ বিয়া । সুন্দৰ পেণ্ডেল, মাছে-মঙহে এসাঁজ সুন্দৰ ভাত ,মিঠাই আদিৰে অতিথি আপ্যায়নত ব্যস্ত দুয়ো পিতৃ-মাতৃ। বেণ্ডপাৰ্টীৰ সুন্দৰ সুন্দৰ গীতৰ তালে তালে ছোৱালীহঁতে হেঁপাহ পলুৱাই নাচি-বাগি ফুৰ্তি কৰিছে।দৰাঘৰৰপৰা দিয়া পাতল বেঙুনীয়া পাটৰ সাজজোৰ, আ-অলংকাৰেৰে জীয়েকক আজি পৰীতকৈও ধুনীয়া দেখিছে অনিমাই।নিজৰ মাকৰেই যেন নজৰ লাগিব। সাউতকৈ অনিমাই মাজৰ আঙুলিত কাজল অকণ লৈ কোনেও নেদেখাকৈ জীয়েকৰ কাণৰ কাষত অকণমানকৈ ফোঁট এটা দিলে । আজি তাইৰ অতীতৰ বহুত কথাই মনৰ মাজত অগা-ডেৱা কৰিছে। ছোৱালীজনীৰ জন্মৰ পিছৰপৰাই প্ৰতি বছৰে

Read more
1 2 3 4