আৰাধ্যা শৰ্মা
প্ৰথম শ্ৰেণী গুৰু টেগ স্কুল বাহাদুৰ একাডেমী,তিনিচুকীয়া
Read moreপ্ৰথম শ্ৰেণী গুৰু টেগ স্কুল বাহাদুৰ একাডেমী,তিনিচুকীয়া
Read moreএজন বৰ মৰমিয়াল খৰিকটীয়া আছিল।তেওঁ সকলোকে মৰম কৰিছিল।মানুহ বা জীৱ-জন্তুৰ কথাতো বাদেই,তেওঁ যিখন হাবিত খৰি লুৰিছিল,সেই হাবিখনৰ প্ৰতিজোপা গছলৈকে তেওঁৰ বৰ মৰম। অনাহকত তেওঁ কোনোজোপা গছৰে ডাল এটাও নাভাঙে বা পাত এখিলাও নিছিঙে।এদিন হাবিত খৰি লুৰি থাকোঁতেই শুনিলে,-ক’ৰবাত কোনোবাই যেন কেঁকাই আছে।তেওঁ ইফালে-সিফালে চাই কাকো নেদেখি,কেঁকনিটো অহাৰ ফাললৈ দুখোজমান আগুৱাই গ’ল।এইবাৰ তেওঁ কেঁকনিটো ওচৰৰে সৰল গছৰ ধুনীয়া সৰু পুলি এটাৰপৰা অহা যেন পালে। পুলিটো ওচৰৰ পৰা গৈ চাওঁতে দেখিলে কোনোবাই পুলিটোৰ ডাল তিনিটা ভাঙি থৈ গৈছে।ভগা ঠাইৰপৰা ওলোৱা ৰসখিনি খৰিকটীয়াজনে
Read moreপিংকি আৰু ৰিমা দুজনী নলেগলে লগা বান্ধৱী। দুয়োজনী শ্ৰেণীকোঠাত একেলগে বহে।এজনী বিদ্যালয়লৈ নাহিলেই আনজনীয়ে ঘৰ পায়েই ফোন কৰি খবৰ লয় আৰু সেইদিনা কি কি পঢ়াইছে কয়। পিংকি মাক-দেউতাকৰ একমাত্ৰ সন্তান।তাইৰ মাক-দেউতাক দুয়ো চাকৰি কৰে।তাই বিদ্যালয়লৈ বিভিন্ন ডিজাইনৰ বেগ,ৰং-পেন্সিল বাকচ,পেন্সিল,ৰবৰ ইত্যাদি আনে।তদুপৰি তাইৰ টিফিন বাকচ,পানীৰ বটল ইত্যাদিও বিভিন্ন ৰঙৰ।তাকে দেখি ৰিমায়ো ঘৰত বেলেগ বেলেগ ৰঙৰ এইবিলাক বস্তু বিচাৰে।ৰিমাক মাক-দেউতাকে বুজায় যে প্ৰয়োজনতকৈ বেছি বস্তু লোৱা বা কিনা ভাল কথা নহয়।ব্যৱহাৰ কৰিবলৈ সিহঁতে প্ৰয়োজনীয় বস্তুখিনিযে পাইছে সেইটোৱেই বহুত ভাগ্যৰ কথা।সিহঁতৰ বয়সৰ কিছুমান
Read moreদুলিয়াজান দুলিয়াজান তেলৰ নগৰী, আশে-পাশে আছে বহু পনীয়া সোণৰ খনি। ১৮৬৬ চনতে জানা মিষ্টাৰ গুডেনাফে , জয়পুৰৰ নাহৰপুঙত প্ৰথমে তেল খান্দে। ডিগবৈত প্ৰথমতে বৃটিছ চাহাবে, হাতীৰ খোজতে তেল বিৰিঙা দেখে। চতুৰ চাহাবে কয় ” ডিগ্ বয় ডিগ্ বয়, সোণ আছে তলতে দেখা নাই তই।” ১৮৯৯ চনত হয় আছাম অইল কোম্পানী, ভাৰততে নাম থয় প্ৰথমে তেল খান্দি। খনিজ তেলৰ পৰা কি কি হয় বাৰু, মমবাতি,কেৰাচিন পেট্ৰ’ল,ডিজেল আৰু? তেলৰ লগতে পাওঁ প্ৰাকৃতিক গেছ, ব্যৱহাৰ কৰোঁ আমি বুলি ৰন্ধন
Read moreকেনে মাটি খাইলি অ’ৰে গোপাল৷ কোবাই আজি তোৰ ফাৰিবো ছাল৷৷……. শুনিয়া কৃষ্ণৰ হৰিল মাত৷ চক্ষু টেৰ কৰি মাৱক চান্ত৷’’……. আইতাকৰ মুখত কৃষ্ণৰ শিশু-লীলাৰ এনেবোৰ গীত-মাত শুনি শুনিয়েই আইমনি ডাঙৰ হৈছে৷ সেইদৰে, কোনো কোনো কাহিনীত শুনিছে, লৱনু চুৰ কৰি খাওঁতে ধৰা পৰাত সাৰিবৰ আন কোনো উপায় নেদেখি নানান ফাঁকি কথা কোৱাৰ কাহিনী৷ কৃষ্ণ যেন নাকটো মোহাৰিয়েই বুদ্ধিটো উলিওৱা এটি সাধাৰণ শিশুহে! কৃষ্ণ অৰ্থাৎ কানায়েও সিহঁতৰ দৰেই মাকক ভয় কৰা, মাকৰ মাৰ খোৱা – কানাইৰ প্ৰতি তাইৰ মনত ক’ব নোৱৰাকৈয়ে সখ্য ভাৱ,
Read moreএখন ঘৰত এটা মুৰ্গী গঁড়ালত এটা মুৰ্গী পোৱালীৰ জন্ম হৈছিল। মাক-বাপেকে মৰমতে তাৰ নাম ৰাখিলে ঘিটিং।মাক-দেউতাকৰ তত্বাৱধানত সি লাহে লাহে ডাঙৰ হ’বলৈ ধৰিলে। তাৰ বাই-ভনী,ককাই ভাই এগালমানো তাৰ লগতে জন্ম হৈছিল যদিও জন্মৰ পিছতে আটাইকেইটা বেমাৰ হৈ মৰি থাকিল। একমাত্ৰ ঘিটিংহে বাচিল।মাক-দেউতাকে তাক বৰ মৰমেৰে ডাঙৰ কৰিবলৈ ধৰিলে। ঘিটিঙে যি বিচাৰে মাক-দেউতাকে তাক সেইটোকে আনি দিয়ে। সেই কাৰণে ঘিটিং লাহে লাহে এলেহুৱা হ’বলৈ ধৰিলে। সি অলপ ডাঙৰ হোৱাত এদিন মাকে তাক ক’লে…… : শুন ঘিটিং। তই এতিয়া কামবোৰ অলপ নিজে
Read moreহাফলং ভাৰতৰ অসম ৰাজ্যৰ অন্তৰ্ভূক্ত ডিমা হাছাও জিলাৰ সদৰ ঠাই। অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম। ইংৰাজী ২০২৪ চনৰ এপ্ৰিল মাহৰ ৬ তাৰিখে আমি হাফলঙলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলোঁ। আমি মানে মোৰ মা-দেউতাৰ লগতে মই পঢ়া বিদ্যালয়ৰ মোৰ সহপাঠী বন্ধু-বান্ধৱীৰ লগতে তেওঁলোকৰ মাক-দেউতাক। মুঠতে আমি ৮ জনীয়া পৰিয়ালটি একেলগে গৈছিলো। এপ্ৰিল মাহৰ ৬ তাৰিখে আমি ৰাতিপুৱা ৭ বজাত গুৱাহাটী ৰেল ষ্টেচন পল্টন বজাৰৰপৰা ৰেলেৰে যাত্ৰা আৰম্ভ কৰিছিলোঁ। দিনৰ ১২ বজাত আমি ‘নিউ হাফলং’ত উপস্থিত হৈছিলোঁ। ৰেল যাত্ৰাৰ সময়খিনিত মই আৰু
Read more