Category: শিশু শিতান
মোৰ হাফলং যাত্ৰা-প্ৰীতিষা কাশ্যপ
হাফলং ভাৰতৰ অসম ৰাজ্যৰ অন্তৰ্ভূক্ত ডিমা হাছাও জিলাৰ সদৰ ঠাই। অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম। ইংৰাজী ২০২৪ চনৰ এপ্ৰিল মাহৰ ৬ তাৰিখে আমি হাফলঙলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলোঁ। আমি মানে মোৰ মা-দেউতাৰ লগতে মই পঢ়া বিদ্যালয়ৰ মোৰ সহপাঠী বন্ধু-বান্ধৱীৰ লগতে তেওঁলোকৰ মাক-দেউতাক। মুঠতে আমি ৮ জনীয়া পৰিয়ালটি একেলগে গৈছিলো। এপ্ৰিল মাহৰ ৬ তাৰিখে আমি ৰাতিপুৱা ৭ বজাত গুৱাহাটী ৰেল ষ্টেচন পল্টন বজাৰৰপৰা ৰেলেৰে যাত্ৰা আৰম্ভ কৰিছিলোঁ। দিনৰ ১২ বজাত আমি ‘নিউ হাফলং’ত উপস্থিত হৈছিলোঁ। ৰেল যাত্ৰাৰ সময়খিনিত মই আৰু
Read moreসোণপৰুৱাৰ হাঁহি-সংস্কৃতি মহন্ত
অকণমানি পখিলাটিৰ ফুটুকী পাখি ফুলৰ পাহিত পৰি থাকে কেনেনো শুৱনি। বহুৰঙী সোণপৰুৱাৰ চিকমিক পাহি কপালত আঁকি লওঁ আমি হাঁহি হাঁহি। কেৰেলুৱা বগাই যায় ৰেলগাড়ীৰ দৰে চুই দিলেই ঠেহ লাগি চকা হৈ পৰে। বৰষুণৰ বতৰত ভেকুলীয়ে মাতে মাইনাই ভয়তে নিতাল মাৰি শোৱে। (তৃতীয় শ্ৰেণী,লিটল ফ্লাৱাৰ হাইস্কুল,হাতীগাঁও) *******
Read moreপৃথিৱীৰ সকলোতকৈ বেগী ট্ৰেইন মেগলেভ-নিদৰ্শন ৰুদ্ৰপতি
মানুহে আৰম্ভণিৰেপৰা ব্যৱহৃত যান-বাহনৰ বেগ বঢ়াবলৈ চেষ্টা কৰি আহিছে।আগতে খোজ কাঢ়িছিল,তাৰ পাছত গৰু গাড়ী,মটৰ গাড়ী,ট্ৰেইন,এৰ’প্লেন ইত্যাদি ব্যৱহাৰ কৰিবলৈ ধৰিলে।মানুহে পৃথিৱী এৰি চন্দ্ৰলৈ গৈ তাৰপৰাও ঘূৰি আহিল।এয়া বৰ্তমান যুগৰ প্ৰযুক্তিৰ বলত সম্ভৱ হৈছে।সময়ৰ লগে লগে মানুহে নতুন নতুন প্ৰযুক্তিৰ আৱিষ্কাৰ কৰি আহিছে,যি কাৰণত সকলোবোৰ কাম আগতকৈ কম সময়ৰ ভিতৰত কৰিবপৰা হৈ উঠিছে। বৰ্তমান আকাশীপথেৰে ভ্ৰমণেই হৈছে আটাইতকৈ বেগী ভ্ৰমণ কিন্তু সকলো ক্ষেত্ৰত এখন ঠাইৰপৰা আন এখন ঠাইলৈ এৰ’প্লেনেৰে যোৱা সম্ভৱ নহয়।ঘৰৰপৰা চাকৰিলৈ বা অন্য ঠাইলৈ যাবলৈ মানুহে বাছ বা মেট্ৰ’ৰ ব্যৱহাৰ
Read moreসাৱধানৰ মৰণ নাই-অনিমা বৰঠাকুৰ
পঢ়াশালিলৈ যোৱাৰ পথত বহুত গাড়ী চলে, স্কুলত নি থৈ আহিবা দেউতা পাৰ হ’বলৈ ভয় লাগে। এদিন এটা ল’ৰাই জানানে তুমি স্কুল ছুটীৰ পাছত, দৌৰ মাৰি সি পাৰ হৈছিল পৰি গ’ল সি গাঁতত। গোট খালে তাত বহুত মানুহ ল’ৰাটোক উঠাই ল’লে, গাড়ী এখনত উঠাই লৈ গ’ল ডাক্তৰ খানা পালে। ভাগ্য ভাল তাৰ একো নহ’লে সামান্য দুখ পালে, সেইদিনা বাচি গ’ল ল’ৰাটো ভগৱানক ধন্যবাদ দিলে। প্ৰতিজ্ঞা কৰিলে সেইদিনা ল’ৰাই নকৰোঁ এনে কাম, সাৱধান
Read moreজন্মভূমি-কুমকুম দেৱী শৰ্মাবৰুৱা
জন্ম হৈয়েই উশাহ ল’লো য’ত হৃদয় ভৰায়, সেয়ে মোৰ জন্মভূমি চেনেহী অসমী আই। মাৰ মুখত শুনা অমিয়া বৰষা, সেয়ে মোৰ মাতৃভাষা অসমীয়া ভাষা। প্ৰশান্ত সেউজীয়া অনুপম গছ-বন, জীৱ-জন্তু,পশু-পক্ষী সকলো আপোন। বৈ যায় নদ-নদী কুলু কুলু ধ্বনি, ধানেৰে উপচি থাকে সোণালী ধাননি। পাট-মুগা,এৰী সূতা ইয়াতেই হয় , তাঁতশালত শিপিনীয়ে সপোন ৰচি বয়। শংকৰ-মাধৱ আৰু আজান ফকীৰ , সাজিছিল ইয়াতেই প্ৰেমৰ মন্দিৰ। কীৰ্তন,ভাগৱত পুথি আৰু নামঘোষা, বৰগীত,ভাওনা,নৃত্য আছে
Read more