গোপীয়ে এটা শিক্ষা পালে- কুমকুম শৰ্মাবৰুৱা

(Gopi Learns a Lesson ) এখন গাঁৱত গোপী নামৰ এটা ল’ৰা আছিল।সি পঢ়া-শুনা কৰিও ভাল নাপাইছিল আৰু কাম-কাজতো বৰ এলেহুৱা আছিল।তাৰ দেউতাক সৰুতেই ঢুকাইছিল। তাৰ মাকে অতি কষ্টেৰে দিনে-ৰাতিয়ে পৰিশ্ৰম কৰি ঘৰখন যেনেতেনে চলাই আছিল।গোপীয়ে মাকক কোনো কামতে সহায় নকৰিছিল।মাকৰ তাক লৈয়েই বৰ চিন্তা হৈছিল।সি স্কুললৈও নগৈছিল বা কোনো কাম-বন শিকিবও নুখুজিছিল।সি গোটেই দিনটো লগ- সমনীয়াৰ লগত মাৰ্বল খেলি কটাইছিল অথবা ৰাস্তাত এনেয়ে অনাই-বনাই ঘূৰি ফুৰিছিল। এনেদৰে সময়বোৰ অবাবতে নষ্ট কৰি থকা দেখি গোপীৰ মাকে এদিন গোপীক ক’লে,  “বাছা, মই

Read more

পৰীৰ দেশৰ সপোনকোঁৱৰ (Peter Pan,ইংলেণ্ডৰ সাধু)-কুমকুম শৰ্মাবৰুৱা

সপোনকোঁৱৰ থাকে আকাশৰ সিপাৰৰ পৰীৰ দেশৰ এটা দ্বীপত।সেই দেশখনত মানুহবিলাক একেটা বয়সতে ৰৈ থাকে ; ডাঙৰো নহয়,বুঢ়াও নহয়। সপোনকোঁৱৰো কাহানিও ডাঙৰ নোহোৱা এটি সৰু ল’ৰা। সি পৰীৰ দেশখনৰ পৰা ৰাতি ৰাতি পৃথিৱীলৈ আহে । দিনৰ পোহৰত আহিলে সি ডাঙৰ হৈ যোৱাৰ ভয় থাকে।ডাঙৰ হোৱাটো সি কেতিয়াও বিচৰা নাছিল। সপোনকোঁৱৰৰ এটা আচৰিত গুণ হ’ল–সি উৰিব পাৰে। গুৱাহাটীৰ এটা ডাঙৰ ঘৰত শ্ৰীযুত আৰু শ্ৰীমতী বৰুৱা নামেৰে এযোৰা সুখী দম্পতীয়ে বাস কৰিছিল। তেওঁলোকৰ জুৰণি নামেৰে এজনী ছোৱালী আৰু পোহৰ আৰু অমৰ নামেৰে দুটা

Read more

ৰাখে হৰি মাৰে কোনে-মায়াশ্ৰী মহন্ত

জঙ্গল  বা বনৰ ভিতৰত নদীৰ আশে-পাশে হৰিণাবোৰ থাকে। হৰিণাই বনৰ আশে-পাশে থকা  নদীৰ ওচৰতে থাকি ভাল পায়।এবাৰ এজনী হৰিণীৰ পোৱালি জন্ম দিয়া সময় আহি পালেহি।তাই নদীৰ পাৰতে ঘাঁহনিৰ মাজতে এডোখৰ সুন্দৰ ঠাই বাচি ল’লে। ইয়াতেই তাই পোৱালি প্ৰসৱ কৰিব। লাহে লাহে তাইৰ প্ৰসৱৰ সময় আহি পালে  আৰু এটা সময়ত পোৱালি জন্ম দিয়াৰ বিষ বেদনা আহিল ।  বিধিৰ কি বিধান!এনে সময়তে তাইৰ চাৰিওফালে বিপদৰ সংকেতে দেখা দিলে। হৰিণীজনীয়ে নিজৰ বিপদৰ সংকেত পাই  পাহাৰৰ ওপৰলৈ উঠি গ’ল।ওপৰলৈ গৈ থাকোঁতে দেখিলে, আকাশখন মেঘে

Read more

 বোন্দা ককাইৰ বিয়া-জুৰি শৰ্মা

আঘোনমহীয়া ৰাতি বোন্দা ককাইৰ বিয়া  চুৰুনী নিগনি কইনা হ’ব কেনে লাগিব মজা ৷ দৰাই পিন্ধে চুৰিয়া চেলেং ডিঙিত আৰে টিলিঙা ভৰিত বুট চকুত বিট দেখাত লাগে বেঙা। কইনাই পিন্ধে কুৰ্তা আৰু ৰঙীন দোপাত্তা হাতত বালা, ভৰিত হাইহিল লাগে জোতা-পোটা ৷ নাকত ফুলি, গলত মণি আৰু কাণত কেৰু  চোৱানা সখীসকল মোক কেনে লাগিছে বাৰু ৷ ৰাতি দুপৰত দৰা আহে মাদল বজাই বজাই নিগনি কইনাক ধুনীয়াকৈ থৈছে সজাই পৰাই ৷ কঁঠালগুটিয়ানি ক’ৰবাৰপৰা আহিল ফোঁপাই -জোপাই  ভিনিহিৰ ভৰি ধুৱাবলৈ পাই আনন্দৰ পাৰ নাই

Read more

লটকন-ইলি তালুকদাৰ

(ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা বুঢ়ী আইৰ সাধুৰ একে নামৰ সাধুকথাৰ পদ্য ৰূপ)    লটকন নামেৰে              অতি এলেহুৱা                 বামুণ  আছিল  এজন ,  ঘৈণীৰ দপালনি               খাই খাই বাপে                এদিন এৰিলে ঘৰখন ।   বেলি দূপৰত                    মিঠাইৰ দোকান                 দেখিলে থাকোঁতে গই,  পুত্ৰক ৰখীয়া                   কৰি  দোকানী                   ভিতৰত আছিলে শুই।  ল’ৰাই সুধিলে     

Read more

এটা ঈগল আৰু এটা হেপাৰ কাহিনী-কুমকুম শৰ্মাবৰুৱা

এসময়ত এটা ঈগল আৰু এটা হেপা এজোপা ডাঙৰ ওক গছত ওচৰা-ওচৰিকৈ বাস কৰিছিল। ঈগলৰ বাহটো আছিল গছজোপাৰ একেবাৰে ওখ ডাল এটাত আৰু হেপাৰ গাঁতটো আছিল গছজোপাৰ শিপাৰ ওচৰত। সিহঁত দুটা বন্ধুও নাছিল, কিন্তু সিহঁতৰ মাজত একো কাঁজিয়া-পেচালো নাছিল। দুয়ো নিজৰ নিজৰ মতে চলি আছিল। এদিন ক’ৰবাৰ পৰা মেকুৰী এজনী আহি, গছজোপাত বগাই বগাই ঈগলৰ বাহটোৰ ওচৰ পালেগৈ। তাই ঈগলটোক ভাল লগা সুৰেৰে ক’বলৈ ধৰিলে,”বন্ধু, তুমি ইমান ওচৰতে থকা বিপদৰ কথাও একো গম পোৱা নাই। হেপাটোৱে গছজোপাৰ তলখন একেবাৰে খান্দি পেলালে।

Read more

বিহুৰ সাধুকথা-ববিতা শৰ্মা

‘সাত বিহু’……মিছে বৰ্ডত লিখি দিয়া বক্তৃতাৰ বিষয়টো দেখি টুকটুক বিমোৰত পৰিল।বিহু তিনিটা হে!ৰচনাতো সি দেখোন ব’হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু…. এই তিনিটা বিহুৰ কথাহে পাইছে।কিন্তু মিছে কিয় ‘সাত বিহু’ বুলি লিখিলে!মিছৰ লিখোঁতে ভুল হ’ল নেকি বাৰু ! টুকটুকে ভাবিবলৈ ধৰিলে…… নাই নাই মিছৰ ভুল হ’ব নোৱাৰে।আৰু চাৰিটা বিহু আছে ছাগে।সি হে নাজানে। সি বেছিকৈ ইংৰাজী কিতাপহে পঢ়ে।অসমীয়া কিতাপ যি দুই এখন পঢ়িছে, তাত বিহুৰ কথা নাছিল,বিজ্ঞানৰ সাধু হে আছিল।কি কৰা যায়!কাৰোবাক সুধিব লাগিব,বিহু আচলতে কেইটা?তিনিটা নে সাতটা? এটা

Read more

কুম্ভকৰ্ণৰ নাতি-পুতি-ড° মৃদুস্মিতা ফুকন

বুলবুলৰ স্কুলৰ এতিয়া গৰমৰ বন্ধ। ল’ৰাটো এখন্তেকো ঘৰত শান্তিৰে নাথাকে। ক’ত যে পিটপিটাই ফুৰে! তাকে দেখি দেউতাকে তাক বাৰে বাৰে দঢ়াই থাকে….. “দুপৰীয়াখন ৰ’দত বৰকৈ ঘূৰি নুফুৰিবি অ’। এই গৰমত ক’ৰবাত সাপ-সূপ ওলাব।” এবাৰত বুলবুলে দেউতাকক সুধিলে….. “কিয় দেউতা, গৰমতহে সাপ ওলায় নেকি? ঠাণ্ডা দিনত নোলায় জানো?” “ওহোঁ। সাপৰ নিচিনা কিছুমান প্ৰাণী আছে, যিবিলাক জাৰকালিৰ ছমাহ শুই থাকে।ধৰ,ইহঁত যেনিবা ৰামায়ণৰ ৰাৱণৰ ভায়েক কুম্ভকৰ্ণৰ নাতি-পুতিহে।কুম্ভকৰ্ণই যেনেকৈ ছমাহ শুই আছিল; ভালুক, সাপ, গুঁই, কোকলোঙা, বাদুলি, কুমজেলেকুৱা, দুৰাকাছ আদি কিছুমান প্ৰাণী বছৰটোৰ প্ৰায়

Read more

বাৰ মাহ-কুমকুম শৰ্মাবৰুৱা

ব’হাগ যে আমাৰ          প্ৰথম মাহ             জাতিয়ে স্নান কৰে, কপৌফুল পিন্ধি        বিহু নাচনীয়ে          বিহুতলীত এপাক নাচে। জেঠ মাহত                 বৰ গৰম                বাৰ খৰ মাৰে, আহাৰ মাহত             আম,কঁঠাল             বগৰী,জামু পকে। শাওন মাহত           খেতিৰ ভৰপক               পথাৰত কঠিয়া ৰোৱে, ভাদ মাহত           গুৰুদুজনাৰ তিথি              নামঘৰত ভাগৱত পঢ়ে। আহিন মাহত            

Read more
1 2 3 4