ভোমোৰা আৰু মৌমাখি-মানসী শৰ্মা
এটি দুটি কলিবোৰ মেলিলে পাহি, মোৰো মন আনন্দতে উঠিলে নাচি। ফুল দেখি ভোমোৰাটি আহিল কাষ চাপি, মৌ অকণ পিউ বুলি থাপতে আজি। তাকে দেখি পখিলাটিও আহিল কাষ চাপি, মোলৈও অকন থবা দেই ককাইটি। চিন্তা তুমি নকৰিবা পখিলা ভনীটি, দুয়ো মিলি ভগাই খাম মৌ অকণি। ভগাই খালে আটি যায় জানানে কথাটি , বিজ্ঞজনে তাকে কয় নাপাহৰিবা তুমি। খং-ৰাগ এইবোৰ মানুহৰহে কাম, আমি অতি শান্তি প্ৰিয় নাই জঞ্জাল। ভাইটি মৌমাখিটিক দেখিছিলানে তুমি, মৌ অকণ বিচাৰিয়েই বহুদূৰ যায় সি। আজিলৈ ইমানতে বিদায় মাগিলোঁ
Read more