মৰমৰ প্ৰতিদান-কুমকুম দেৱী শৰ্মাবৰুৱা

নীলা বছেৰেকীয়া পৰীক্ষাৰ পাছত পেহীয়েকৰ ঘৰলৈ যাবলৈ উত্ৰাৱল হৈ পৰিল। তাত তাই পেহীয়েকৰ অকৃত্ৰিম মৰমৰ লগতে ওচৰ-চুবুৰীয়া সমনীয়া ল’ৰা-ছোৱালীৰ লগত মুকলিমনেৰে খেলিবলৈ পায়।পেহীয়েকৰ ছোৱালী পৰীও তাইতকৈ এবছৰৰহে সৰু। নিজৰ ঘৰ নগৰত হোৱা বাবে পাৰ্কলৈ গৈ কেতিয়াবা খেলাৰ বাদে বাহিৰলৈ ওলাবলৈ মাকে নিদিয়ে। গাড়ী-মটৰৰ ভয়,কোনোবাই ধৰি নিয়ে বুলি ভয় ,মুঠতে বহুতো সমস্যা। নীলাৰ লগতে মাকো এইবাৰ তিনিদিনৰ কাৰণে ৰূপাপেহীৰ ঘৰলৈ ওলাল।ৰূপাপেহীয়ে আনন্দতে প্ৰথমদিনাই ঘৰৰে হাঁহ এজনী মৰাই সুন্দৰকৈ ৰান্ধি খুৱালেই। পাছদিনা নীলা পথাৰত পুখুৰী সিঁচা চাবলৈ ওলাল।আঁঠজনমান লোকে লাহনীৰে পানী সিঁচি

Read more

আইদেউ  বাচত উঠিছে,মূল লেখক:ভাল্লিক্কান্নান,অনুবাদ-চিত্ৰলেখা দেৱী

(ভাল্লিক্কান্নান হৈছে  সাহিত্য একাডেমি বঁটা প্ৰাপক  প্ৰখ্যাত  তামিল সাহিত্যিক  আৰ.এচ.ৰামস্বামীৰ ছদ্মনাম।  তেখেতৰ  এই গল্পটো  বৰ্তমান SEBA ৰ  দশম শ্ৰেণীৰ ইংৰাজীৰ পাঠৰ অন্তৰ্ভুক্ত  Madam Rides the Bus ৰ পৰা অসমীয়ালৈ ভাবানুবাদ  কৰা হৈছে  । তামিল ভাষাৰপৰা গল্পটো কে.এচ.সুন্দৰমে ইংৰাজী ভাষালৈ অনুবাদ কৰিছে ।)                           (১ম  অংশ)                         ইয়াত ভাল্লিয়াম্মাই নামৰ এজনী ছোৱালীৰ কথা ক’বলৈ লৈছো যাক চমুকৈ ‘ভাল্লি’ বুলি মতা হয়।তাইৰ বয়স আঠ বছৰ আৰু যিকোনো বিষয়তে তাই বৰ কৌতূহলী।নিজৰ ঘৰৰ আগফালৰ দুৱাৰ মুখত থিয় দি বাটৰ ফালে কি কি ঘটিছে তাক

Read more

মাহীৰ উপদেশ-অনসূয়া বৰঠাকুৰ

বহুদিনৰ মূৰত, পূজাৰ বন্ধত       মাহীয়েকক লগ পাই, কাষত বহি ধুনুৱে এফালৰপৰা      গোচৰবোৰ গ’ল শুনায়- “সকলোৰে সন্তান একেই বুলি      তোমালোকেইচোন কোৱা, আমাৰ লগত যে অন্যায় হৈছে      এবাৰো ভাবি নোচোৱা! পঢ়া-শুনা কৰা দেখিছানে বাৰু      গৰু, ছাগলীৰ পোৱালীয়ে? তেনেহ’লে কিয়নো পঢ়িব লাগে      মানুহৰ ল’ৰা-ছোৱালীয়ে? ফুলনি মহতিয়াই, বহীপাত খায়,       মাকেতো নিদিয়ে গালি, আমাৰ হ’লে, দুচাট দি ক’ব     ‘আৰু কৰিবিনে অতপালি’? পঢ়াৰ লগতে এই পৰীক্ষাডাল      কোনে জানো উলিয়ালে? খঙৰ ভমকত কি কৰোঁ ঠিক নাই      তাক কেতিয়াবা লগ পালে।” ধুনুৰ কথা শুনি, হাঁহি এটা মাৰি      মাহীয়েকে

Read more

ভাল ল’ৰাটো-মৃদুস্মিতা ফুকন

মুকুটহঁতৰ শ্ৰেণীটোৰ সিহঁত আঠোটাই যেন বিদ্যালয়খনৰ সৰ্বেসৰ্বা।সিহঁতৰ বিদ্যালয়খন নতুন। তিনিবছৰহে হৈছে মাত্ৰ। মুকুটহঁতেই হৈছে বিদ্যালয়খনৰ সৰ্বোচ্চ শ্ৰেণী মানে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ।গতিকে বিদ্যালয়খনৰ প্ৰায়বোৰ কথাতে সিহঁতৰ স্থান কিছু সুকীয়া। কিছুমান কথাত বিদ্যালয়ৰ জ্যেষ্ঠ বুলি সিহঁতে নিজেও কিছুমান দায়িত্ব লৈ গৌৰৱ অনুভৱ কৰে। ৰাতিপুৱা বিদ্যালয়ৰ প্ৰাৰ্থনা দিয়াৰ দায়িত্ব সদায় একাদিক্ৰমে সিহঁত আঠোটাৰে এটাৰ।বিদ্যালয়খনৰ সৰু সৰু ল’ৰা-ছোৱালীবোৰ চোৱা-চিতা কৰাৰ উপৰি প্ৰেমদা বায়ে আন কিবা কামত ব্যস্ত থাকিলে শিক্ষকৰ নিৰ্দেশত বে’লটো মাৰিবলৈও আগবাঢ়ি যায় মুকুটহঁতৰে কোনোবা এটা।এইবাৰ সিহঁতে আৰু নতুন কিছুমান দায়িত্ব নিজাকৈ লৈ

Read more
1 3 4 5