অংগীকাৰ-ইলি তালুকদাৰ
কলিং বেলটো বাজি বাজি ৰৈ গ’ল। হাতত থকা মোবাইলটোত সময় চালোঁ। আবেলি ৩ বাজিছে। কোন হ’ব পাৰে? অনিচ্ছা স্বত্বেও বিছনাৰ মোহ এৰি দুৱাৰখন খুলি দেখিলোঁ সুন্দৰ পৰিপাটি পোছাকেৰে দীৰ্ঘকায় মানুহ এজন। মুখখন চিনাকি যেন লাগিল।
: ইমন , চিনি পোৱা নাই মোক ? মই নীলকান্ত দাস। তুমি কলেজত কাম কৰি থাকোতে যে মোৰ ঘৰত ভাৰা কৰি আছিলা?”
মানুহজনে একে উশাহে কোৱা কথাখিনি শুনাৰ লগে লগে চাতকৈ মনত পৰি গ’ল।
: দাদা, আহক আহক, মনত পৰিছে মোৰ…
বুলি ঘৰৰ ভিতৰলৈ মাতি নি বহিব দিলোঁ। মোৰ পিনে একেথৰে চাই ৰ’ল কিছু সময়। ময়ো চালোঁ তেওঁলৈ। কিছু পৰিবৰ্তন হৈছে যদিও মোটামুটি মানুহজন একেই আছে। আচৰিত লাগিল ভাবি, ৩৫ বছৰ আগতে লগ পোৱা সেই ধুনীয়া মানুহজন এতিয়াও সপ্ৰতিভ, সুন্দৰ, পৰিপাটি। ক’তো খুঁত দেখা নাপালোঁ।
মোৰ ঘৰৰ খা খবৰ ল’লে। ময়ো সুধিলোঁ তেওঁৰ পৰিয়ালৰ কথা। ক’লে, তেওঁৰ দুই পুত্ৰই বিয়া-বাৰু কৰাই সংসাৰী হ’ল। বাইদেউৰ খবৰটো শুনি বেয়া লাগিল।….. যোৱা বছৰ সৰু অসুখ এটাতে ঢুকাল বুলি কওঁতে লক্ষ্য কৰিলোঁ তেওঁৰ চকুত চকুপানী। সমবেদনা জনোৱাৰ বাদে আন একো উপায় নাছিল মোৰ। তেওঁ লাহেকৈ হাঁহিলে। কৈ উঠিল অনুচ্চ সুৰত
: ইমন , স্বামী-স্ত্ৰীৰ যিটো বান্ধোন সেয়া সকলোৰে বাবে একে নহয়। অকল শৰীৰৰ মিলনতেই সকলো শেষ বুলি ধৰি লোৱা সংসাৰী মানুহো লগ পাইছোঁ মই। কিন্তু মই তেওঁলোকৰ দৰে নাছিলোঁ চাগৈ, সেইবাবে বাইদেৱেৰা নাই কথাষাৰে মোক বেয়াকৈ কষ্ট দি আছে।
আকৌ দেখিলোঁ তেওঁৰ চকুৰ কোণত চকুপানীয়ে তিৰবিৰাইছে। সান্ত্বনা দিবলৈ ভাষা বিচাৰি নাপালোঁ।
: দাদা, আপুনি অলপ বহক…
বুলি কৈ পাকঘৰৰপৰা পানী এগিলাচ আনি হাতত তুলি দিলোঁ। পানী গিলাচ লাহে লাহে পি গিলাচটো মোৰ ফালে আগবঢ়াই দিলে। গিলাচটো লৈ তেওঁলৈ চালোঁ। জেপৰপৰা ৰুমালখন উলিয়াই মুখ আৰু চকু দুটা মচি চকীখনত অলপ লৰচৰ কৰি বহিল। কিছু সহজ হোৱাত মোৰ ঘৰলৈ ইমান বছৰৰ মূৰত কেনেকৈ মনত পৰিল লাহেকৈ হাঁহি হাঁহি সুধিলোঁ।
মই লক্ষ্য কৰিলোঁ, তেওঁ যেন কিছু অপ্ৰস্তুত হৈ পৰিছে। ভয় লাগিল মোৰ। কিবা নক’বলগীয়া কথা ক’লোঁ নেকি বাৰু, মোৰ মনলৈ ভাৱ আহিল।
তেওঁ মোৰ ওচৰৰ চোফাখনত বহাৰ অনুমতি বিচাৰিলে। মই দোধোৰ মোধোৰত পৰিলোঁ যদিও আহি বহিবলৈ অনুমতি দিলোঁ।তেওঁ মোৰ ওচৰৰ চোফাখনতে বহি পৰিল। মোক অস্বস্তিত পেলাই মোৰ পিনে কিছুসময় চাই ৰ’ল। যথেষ্ট ভয় লাগিছিল মোৰ । মানুহজনে কিবা অঘটন ঘটাব পাৰে নেকি, মই সন্দিহান হৈ পৰিছিলোঁ।
: ইমন, নাজানো কিয় তোমাক ইমান বিশ্বাসত লৈ মোৰ জীৱনৰ শেষ আকাংক্ষাৰ কথা ক’বলৈ ওলাইছোঁ। ৩৫ বছৰ আগতে লগ পোৱা সেই ইমনজনীক মই কিয় অহৰ্নিশে বিচাৰি ফুৰিছোঁ। কি আছে তোমাৰ মনত, তোমাৰ দেহত যে মই মনৰ কথা খুলি ক’ব পৰা এজনী বান্ধৱী বুলি ভাবিব পাৰিলোঁ।
তেওঁৰ আগতেও কেবাজনো____ পুৰুষ, মহিলাই উপযাচি তেওঁলোকৰ জীৱনৰ একান্ত ব্যক্তিগত তথা প্ৰেমৰ গোপন কথা মোৰ আগত কৈছে। কিয় কয় নাজানো। এনেকুৱা নহয় যে মই কাৰোবাৰ ব্যক্তিগত জীৱনৰ বিষয়ে কৌতুহল প্ৰকাশ কৰিছোঁ।। তথাপিও তেওঁৰ প্ৰেমৰ একান্ত ব্যক্তিগত কথাবোৰ মোক ক’ব খোজা বাবে আগ্ৰহ আৰু সহানুভূতিৰে শুনিম বুলি মনস্থ কৰিলোঁ।
: কওক, কি ক’ব খুজিছে আপুনি? মই লাহেকৈ ক’লোঁ।
তেওঁ কিছু সময় ল’লে। তাৰপাছত কৈ গ’ল…….
: ইমন , বাইদেৱেৰাক মই বহুত ভাল পাইছিলোঁ । তেওঁৰ সৈতে সাংসাৰিক জীৱন, যৌন জীৱন মোৰ অতিশয় সুখৰ আছিল। তেওঁ যেতিয়া অসুখত পৰিল ভাৰতৰ এনে এখন উন্নত চিকিৎসালয় নাই য’ত তেওঁক মই নিয়া নাই। তেওঁৰ মৃত্যু অনিবার্য জানিও তেওঁক মই এটা মুহূৰ্ত্তৰ বাবেও এৰি দিয়া নাছিলোঁ। যিমান পাৰি মনৰ দুখ লুকুৱাই তেওঁক পৰিচৰ্যা কৰিছিলোঁ। তেওঁৰ প্ৰতিটো আব্দাৰত মই সঁহাৰি দিছিলোঁ। লক্ষ্য কৰিছিলোঁ তেওঁ যেন দিনে দিনে পৰি আহিছে। নিষ্ফল জানিও তেওঁৰ আৰোগ্য কামনা কৰিছিলোঁ। মৃত্যুৰ কেইদিনমান আগত তেওঁ এটা অঘটন ঘটালে।
তেওঁ মোক ওচৰত বহিবলৈ অনুৰোধ কৰিলে।মই উদগ্ৰীৱ হৈ পৰিছিলোঁ। কি কৈ গ’ল মানুহ জনীয়ে! যিটো কথা তেওঁ মোক শুনাব বিচাৰিছে! তেওঁ ধীৰ স্থিৰ হৈ কৈ গ’ল…….
: ইমন, বাইদেৱেৰাই মোক কৈছিল……
আকৌ ৰৈ গ’ল তেওঁ। কি ক’ব বিচাৰিছে, মানুহজনে! আশীৰ উৰ্ধৰ, মোতকৈ বিশ /বাইশ বছৰে ডাঙৰ এজন মানুহে নিজৰ মানুহজনীৰ প্ৰেম বা যৌন জীৱনৰ বিষয়ে খোলাখুলিকৈ কিবা আলোচনা কৰিব নেকি বাৰু? মোৰ বাবে এয়াতো কল্পনাৰো অগোচৰ।
: দাদা, কওক সোনকালে…… মই চিঞৰি উঠিলোঁ ।
তেওঁ ক’লে,
: বাইদেৱেৰাই মোক তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ অবিবাহিতা ভগ্নী মানে মোৰ খুলশালীজনীক বিয়া পাতি আনিবলৈ অনুৰোধ কৰিলে। অনুৰোধটো ৰাখিবলৈ কৈ মোৰ হাত দুখনত তেওঁ অসহায়ভাৱে খামুচি ধৰিছিল । হাত দুখন তেওঁৰপৰা আঁতৰাই আনিছিলোঁ মই । চিঞৰি উঠিছিলোঁ ….. ‘কি কৈছা তুমি?—- তুমি জানা মোৰ বয়স আশী বছৰ। এয়া এই বয়সত কেনেকৈ সম্ভৱ হ’ব পাৰে কোৱা? সমাজে এই বিবাহ মানি নল’ব। বৰঞ্চ এয়া মোৰ যৌন বিকৃতি বুলি আখ্যা দিব।’—- তেওঁ মোৰ কথাবোৰ চুপ চাপ শুনি থাকিল । ভাবিছিলোঁ তেওঁ নিশ্চয় মোৰ অসুবিধাখিনি বুজিব পাৰিছে। কিন্তু নাই! এইবাৰ তেওঁ মোক আচৰিত কৰি যি আষাৰ কথা ক’লে মই ভাষাহীন হৈ পৰিলোঁ। বাইদেৱেৰাই মোক কি ক’লে জানানে তুমি? খুলশালীজনীয়ে মোক হেনো ভাল পাইছিল। কিন্তু বায়েকক এই কথা কোৱা সম্ভৱ নাছিল বাবে বিয়া নোহোৱাকৈ থাকি গ’ল। বাইদেৱেৰাই মোক কৈছিল,…… ৰীতাৰ ড্ৰয়াৰত কিবা এখন কাগজ বিচাৰোঁতে তাই আপোনাক ভাল পায় বুলি লিখা সৰু টুকুৰা এটা পাই শিয়ৰি উঠিছিলোঁ। আচৰিত হৈ পৰিছিলোঁ ইমান ভাল পায় নে আপোনাক যে তাই বিয়া নোহোৱাকৈ ৰৈ গ’ল। তেতিয়াহে বুজিছিলোঁ ইমান ভাল ভাল চাকৰি কৰা ল’ৰা বোৰ কেলেই তাই এজন এজনকৈ প্ৰত্যাখ্যান কৰিছিল। তাইক মুখেৰে একো নক’লেও তাইৰ ভালপোৱাৰ আগত আপোনাৰ প্ৰতি থকা মোৰ ভালপোৱাই যেন সেও মানিছিল। তাই আজিলৈকে নাজানে মই তাইৰ মনৰ কথা গম পাইছোঁ বুলি। জানো মোৰ আৰু বেছি দিন নাই, মোৰ মনে কৈছে, মই এই ভয়ংকৰ কথাষাৰ আপোনাক নক’লে মৰাৰ পাছতো শান্তি নাপাম। কথাখিনি কৈ তেওঁ সৰু হুমুনিয়াহ এটা কাঢ়ি চুপ হৈ ৰৈ গৈছিল।
কিছু সময় পিছত তেওঁ মোৰপৰা উত্তৰ বিচাৰিছিল। একো নকৈ মই তেওঁৰ কাষৰপৰা আঁতৰি আহিছিলোঁ। ভাবিছিলোঁ ….. মই বাইদেৱেৰাক বহুত ভাল পাওঁ । সমগ্ৰ বিবাহিত জীৱন তেওঁৰ সৈতে প্ৰেম কৰি আহিছোঁ। কিন্তু মানুহৰ জীৱনলৈ যে প্ৰেম মাত্ৰ এবাৰহে আহিব পাৰে ? এনে এটা অবৈজ্ঞানিক কথাওতো হ’ব নোৱাৰে । এনে ধাৰণা মই সমূলি বিশ্বাস নকৰোঁ। ৰীতাৰ মুখখন মনত পেলালোঁ। হাঁহো হাঁহো কৰি থকা এখন সুন্দৰ মুখ চকুৰ আগত ভাঁহি উঠিল। তাই আমাৰ ঘৰলৈ আহিলে মোক ধৰা আলপৈচানবোৰ মনলৈ আহিল। কেতিয়াবা মোৰ এনে লাগিছিল যেন তাই বায়েকৰ অধিকাৰ কাঢ়ি নিবলৈ চেষ্টা কৰিছে। মোৰ কিন্তু বেয়া লগা নাছিল অলপো , বৰঞ্চ কিছুমান মুহূৰ্তত তাইক অকলে নিজানত লগ পাবলৈ মোৰো বৰকৈ মন গৈছিল। কিন্তু তাই মোৰ ঘৰৰ পৰা আঁতৰি যোৱাৰ পাছত পুণৰ কথাবোৰ, মোৰ মনৰ ইচ্ছাবোৰ তল পৰি ৰৈছিল।
বহু ভাবি চিন্তি এসপ্তাহ পাছত মই তেওঁৰ অনুৰোধটোত হা কৰিলোঁ। মানুহজনীয়ে পৰম আনন্দত মোক নৰীয়া গাৰেই সাবটি ধৰিছিল। ইমন, সেই স্পৰ্শসুখ মই আজীৱন লগত লৈ ফুৰিম।
একেৰাহে কথাখিনি কৈ তেওঁ ৰৈ গৈছিল। হয়তো মনটো পাতল পাতল লাগিছিল। হয়তো বহুখিনি সকাহো পাইছিল । আৱেগ-কম্পিত কোমল মাতেৰে মোৰ পিনে চাই পুনৰ কৈ গৈছিল ……
: ইমন , মোৰ দুজনকৈ বিবাহিত পুত্ৰৰ আগত মই এয়া ভুল নে ভাল কাম কৰিব ওলাইছোঁ নাজানো। কিন্তু জানো মই কামটো কৰিলে মোৰ পত্নীৰ আত্মাই শান্তি পাব। এই বিবাহত সন্মতি জনাই মই প্ৰেমৰ বিচিত্ৰ অভিজ্ঞতা ল’ব বিচৰা নাই। ৰীতাৰ ভালপোৱাত ময়ো যেন বিচাৰি পাম প্ৰকৃত প্ৰেমৰ অভিজ্ঞতা। পত্নীক হেৰুৱালোঁ যদিও ৰীতাক নিজৰ কৰি ল’ব পাৰিলে মই যেন গোটেই জীৱনৰ বাবে শান্তি ঘূৰাই পাম তেনেকুৱা অনুভৱ হৈছে মোৰ।
কথাখিনি কৈ থাকোঁতে তেওঁ মোৰ হাত এখন তেওঁৰ দুয়োখন হাতৰ মাজত লৈ লৈছিল। তেওঁৰ আৱেগক বাধা দিবলৈ চেষ্টা কৰা নাছিলোঁ মই। তেওঁৰ মুখৰ কথাতকৈ তেওঁৰ হাতৰ ভাষাই মোক বুজাই দিছিল যে জীৱনত প্ৰথমবাৰৰ বাবে হয়তো তেওঁ প্ৰকৃত প্ৰেম বিচাৰি পোৱা বুলি অনুভৱ কৰিছে। কথাখিনি খোলোচাকৈ ক’বলৈ পাই তেওঁ যেন বহুত সুখ অনুভৱ কৰিছে, তেনে এটা ভাৱ জাগিল মোৰ মনত।
এটা সময়ত তেওঁ মোৰ হাতখন এৰি দিছিল । মোক তেওঁৰ কামটো ভুল নে শুদ্ধ ভাবিবলৈ এসপ্তাহ সময় দি গম্ভীৰ খোজেৰে মোৰ ঘৰৰপৰা ওলাই গৈছিল ।
: অ’ই, কি ভাবি আছ, মই যে ইমান সুন্দৰ কাহিনী এটা কৈ গ’লোঁ, শুনিলি নে নাই? গল্পৰ ধুনীয়া প্লট এটা দিলোঁ। ভাবি চিন্তি গল্পটো ভালকৈ লিখ। এখন আলোচনীৰ সম্পাদকে গল্প বিচাৰি ফোন কৰিছিল। মই তোৰ কথা ক’লোঁ। তেওঁ যেনেতেনে তোৰপৰা গল্প এটা আদায় কৰিবলৈ কৈছে মোক।
মই যে ইমান সময় মোৰ বান্ধৱী ইমনৰ সৈতে ফোনত আছিলোঁ পাহৰিয়েই পেলাইছিলোঁ। তাইৰ মাতত সম্বিত ঘুৰাই পাই নীলকান্ত দাসৰ জগতখনৰপৰা ওলাই আহিলোঁ।
……. ময়ো চিঞৰি উঠিলোঁ,
: তই নিজেই বহুত ভাল গল্প লিখ, মোক কেলেই টানিছ? মোক যিখিনি কৈ গ’লি চিধাচিধি সেইখিনিয়েই লিখি গল্পৰ নাম এটা দি সম্পাদকলৈ পঠিয়াই দে। তামাম ফালিবি এইবাৰ, এইখিনি গল্প আকাৰে লিখিলে।
তাই মোৰ কথা শুনি কৈ উঠিল……
: তই লিখিবি দেই। মই বেলেগ এটা কামত ব্যস্ত হৈ আছোঁ। না নকৰিবি, মই বৰ লাজ পাম অ’!
….. বুলি কৈ তাই ফোনটো লাহেকৈ কাটি দিলে।
**********
3:43 PM
সুন্দৰ গল্প,বৰ ভাল লাগিল।