অকথা-বৰষা দাস

আকৌ কি লিখিম; বৰষুণ এজাক বন্ধ হওঁতেই ফু মাৰি নুমাই থোৱা মম এডাল গলিব নিদিয়াকৈ কি সাঁচি ৰাখিম ; ৰুমটো নিজৰ কৰি ৰাখিবলৈ বেৰত কবিতা লিখিম । আচলতে এইখিনি এন্ধাৰ মোৰ কাহানিও প্ৰিয় নাছিল, নীলাখামৰ চিঠিখন মম জ্বলাই লিখি থাকোঁতেই এটা কোণ জুয়ে পুৰিছিল , দিবলৈ বুলি বাছৰ চকা ৰখাই দৌৰোঁতে ইতিমধ্যে  আপোনাৰ ট্ৰেইন চলিছিল। দীঘল পথছোৱা ঘুৰ্মুটিয়াই ফুৰোঁতে কি কথা কব’লৈ থাকি গৈছিল; অথচ আজিও কোৱা হোৱা নাই সেই কথা। মেইন গেটেৰে বসন্ত নামি আহোঁতে আকৌ লগ পামনে বুলি তেওঁ সুধোঁতে সময়ক বিশ্বাস কৰি আশ্বাস দিব পৰাকৈ মোৰ একোৱেই নাছিল । New academic building ৰ আটাইতকৈ পুৰণি ডিপাৰ্টমেন্টত দুটা পৰীক্ষা দিবলৈ থাকি গৈছিল ; RCC2 ৰ বয়সত সৰু হোষ্টেল চিনিয়ৰ এজনক ভাল লাগিল; তাকে কওঁতেই তেওঁ মুখ ওফোন্দাইছিল। যি কাহিনীৰ সংযোগত উপন্যাস হোৱাৰ কথা আছিল, সেই ডায়েৰীখনো কৰ’বাত হেৰাই থাকিল।  

:”_অমুকক বহুত ভাল লাগে।”

:_তোতকৈ সৰুও সি ; 

:_”হ’লে কি হ’ল! ভাল হে লাগে… তাকো ক’লা টি- চাৰ্টটোত।”

:_কৈ দিব লাগিব নেকি! ! 

:_মাৰিব খুজিছ !! বা বুলি মাতে !! (আকৌ) সি মোৰ নাম্বাৰটো ল’লে। 

:_মোক সৱ কথা কোৱাটো জৰুৰী ! ! 

:_তোক কোৱাত কিবা আপত্তি?”

:_তোক দেখাত শান্ত যেন লগাবোৰলৈ সমবেদনা।

 :_সেইকাৰণে তোৰ হোষ্টেলৰ আগেৰে যাম।

: _উম গৈ দেখা !!  

বুলি কোৱা কথাৰ আব্দাৰবোৰ হয়তো চেনীপুলতেই শেষ হৈছিল, শেষ হৈছিল তুমি, তই ,আপুনিৰ লাগ বান্ধ নোহোৱা সংমিশ্ৰণ । ফাগুন বেয়া পাওঁ বুলি কৰা অজুহাতত বসন্ত নামি আহিছিল,সেইদিনা  মেইন গেটেৰে পাৰ হ’ব ধৰিছিল উভতনিৰ সেই গাড়ী; খিৰিকীৰ গ্লাছ খন অকণমান নমাই কেমেৰাটোৰে বুটলি লৈ গৈছিল এমুঠি বসন্তৰ স্মৃতি।ৰৈ গৈছিল বহুতো RCC2 ৰ পিছফালৰ পাহাৰৰ ডাঙৰ শিলটোত বহি সেউজীয়া চাম আপুনি যাব নে ! নিব নে !!সিহঁতো যাব বুলি কৈছে। যাবলৈ থাকি যোৱা সময়বোৰ চলি গৈয়ে আছে, অথচ অৱকুণ্ঠিত মনৰ এই ভালপোৱা বাঢ়ি আছে । কি থাকি আহিল !! আনিম বুলিও যোৱাৰ অজুহাতত থৈ অহা পাঁচ নম্বৰ কোঠালিটোত সেই চিৰ পৰিচিত গোন্ধ থকা টালি টোপোলা কিম্বা  বিহুৰ বন্ধত ৰান্ধি খুওৱা তাইৰ মমতা । কিনো পালোঁ হাতৰ আঙুলি হাতত লাগো নালাগোকৈ খোজ কঢ়া সেই সন্ধিয়া কেইটা !! অথচ আহোঁতে কৈ আহিলোঁ আমি মনত নেপেলাওঁ একোকেই ; 

:_আহিবা জানো !! 

:_নাহিবও পাৰোঁ !! 

:_মোৰ আৰু লাইব্ৰেৰীলৈ যোৱা নহ’ব।অথবা সাতমাইলৰ গ্লাছত দিয়া চাহ খাবলৈ ! 

:_ভাল পাওঁ বুলিটো নকয় নহ!! 

:_তোমাৰ  চেয়াৰ মাৰ্কেটৰদৰে মনটো আগতে ঠিক কৰিবা প্লিজ!

:_হ’লে আপুনিও প্ৰেমৰ নামত মোক evening walk  কৰাবলৈ এৰিব । ইমান খোজ কোনে কাঢ়ে?

:_তুমি গুচি গ’লে….!!সচাঁকৈয়ে একো নপঢ়া নেকি আৰু! !  

:_মানুহক মানুহে নাপাহৰে ;

:_ মনতো নাৰাখে বিচৰাধৰণে।

:_তেন্তে কি ক’ম ইউনিভাৰ্চিটিয়ে দিয়াবোৰ কাঢ়ি ৰাখে । ৰৈ যাবলৈ অজুহাত ক’ত !! 

:_যি অজুহাতত আহিছিলা !! 

:_স্বাধীনতা! ! 

:_পালা !! 

:_থৈ গ’লো।

মাৰ্কেটত বহিম জোকালে জোকাব, ভয় কৰিছে নেকি! ! আকৌ কেতিয়া বহিম ? জিৰণি চ’ৰাত বহি হাতত হাত থৈ ঘূৰি ফুৰা প্ৰেমিক চৰাই হালবোৰকলৈ গল্প লিখিম। সন্ধিয়া লাগিলেই ফুটপাথৰ ৰেলিঙত ভেজা দি মৰা আদ্দাবোৰ !!এজন দুজনকৈ গোট খোৱা সেই মানুহৰ দ’মটো আকৌ বিচাৰিলে পাম !! আধা কেঁচা ৰাজনীতিৰ কথাবোৰ ন নবজালৈকে শেষ নকৰিম !!আপোনাৰ মতৰ লগত মত নিমিলা কথাষাৰৰ আঁত ধৰিয়েই তোলপাৰ তৰ্ক কৰিম !! মই উভতি যাম উভতি গৈ আকৌ কি পাম !! বিহাৰী কেন্টিনৰ টেবুলত ঢকিয়াই; মাজ ৰাস্তাত অ-অভিধানিক শব্দৰে গালি পাৰি  নীতি নিয়মক সমালোচনা কৰিবলৈ আকৌ তাইক  লগ পাম ! ! তাইৰ লগত মাজনিশাৰ ইউনিভাৰ্চিটিখন চোৱাৰ হেঁপাহত বহুবাৰ নাৰীবাদী হৈ কাজিয়া লাগিবলৈ আকৌ ক’ত পুৰুষ বিচাৰি পাম !! ইউনিভাৰ্চিটিয়ে মোহ লগায় ; সকলো দিও  কাঢ়ি লৈ যায় । আকৌ উভতিম কিন্তু ৰঙা দলিচা পৰা কৃষ্ণচূড়াৰ দেশত আপোন কত তাই আৰু কত তাক ক’ত বিচাৰিম !! বটবৃক্ষৰ শিপা খামুচি থিয় হ’ব পৰাকৈ ইউনিভাৰ্চিটি এনেকৈয়ে আচলতে বহু  অলিখিত ঘটনাৰ সাক্ষী।

**********

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *