অণুগল্প-কুশল মহন্ত      

বিসৰ্জন   

বায়েকৰ অন্তিম সময়ৰ অন্তিম কথা মানি তাই ভিনিহীয়েকৰ লগত বিয়াত বহিল ।  তাই নিজস্ব আশা- আকাংক্ষাৰ বিসৰ্জন দিলে । আজি আকৌ তাই ভিনিহীয়েকৰ অত্যাচাৰ সহিব নোৱাৰি , নদীত জাপ দি তাইৰ অস্তিত্বকে বিসৰ্জন দিলে ।


ভাড়াতীয়া

লাহে লাহে কোষটোৱে থিতাপি ল’লে তাইৰ গৰ্ভত । অনুভৱ কৰিছিল তাই কোষটোৰ অস্তিত্ব । শৰীৰত সৃষ্টি হৈছিল মমতাৰ অমৃত ধাৰা । এদিন কোষটো সন্তানৰূপে ভূমিস্থ হৈছিল কিন্তু তাই একোলা সন্তানটোক ল’ব নোৱাৰিলে আৰু নেদেখিলে, কাৰণ চুক্তি পত্ৰমতে তাই এগৰাকী ভাড়াতীয়া মাতৃহে , সন্তান টো বেলেগৰ ….

                                                                                                     চকু

 দৃষ্টিহীন সি ,তাইৰ কাষত বহি তাইৰ চকুৰে পৃথিৱীখন চাব বিচাৰিছিল ? নিয়তিৰ পৰিহাস !সেই কালৰূপী দুৰ্ঘটনাটোৰ পাছত সি তাই দান দিয়া চকুযুৰিয়েই পৃথিৱীখন চাইছে লগতে তাইৰ স্মৃতি সৌধটোও …!

****************

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *