অনুভৱ -পৰী
শীতৰ পুৱা
নিয়ৰৰ আঁচল টানি
এচেৰেঙা
ৰ’দে
এঙামুৰি দি
সেউজীয়া দলিচাখনত
জিলিকি উঠিল৷
শীতৰ লঠঙা ডালত
ওলমি থকা নিয়ৰৰ টোপালবোৰ
এটোপ-এটোপকৈ
সৰি পৰিছে
নিশাৰ সমীৰণজাকে
যেন
ফুলবোৰ সিঁচি থৈছে৷
পুৱতি নিশা
কোমল সমীৰণজাকত
বৈ যায় শেৱালিৰ
মিঠা সুবাস
মোৰ সিৰে সিৰে
বৈ যায়
তপত প্ৰেমৰ ঢৌ৷
শৰতৰ বোকোচাত উঠি
শেৱালি ফুলাৰ বাটেদি
আহিল শাৰদীয় দুৰ্গা পূজা
আৰু
মনৰ স্মৃতিপটত
সিঁচৰতি কৰি থৈ গ’ল
সোণসেৰীয়া অনুভৱবোৰ৷
**********
3:29 PM
ভাল লাগিল।