অপেক্ষা,মূল:হুমায়ুন আহমেদ,অনুবাদ-অঞ্জু মহন্ত

বছিৰ মোল্লাৰ  সকলোতকৈ ডাঙৰ গুণ হৈছে

তেওঁ কোনো কথাতেই খং নকৰে।

খং উঠিবলগীয়া ঘটনা যেতিয়া কিবা ঘটে, তেওঁ সমগ্ৰ চকু-মুখমণ্ডলত একধৰণৰ উদাস ভাৱ প্ৰকাশ কৰি মৃদু কণ্ঠে কয়,”আচ্ছা,আচ্ছা।”

খং নকৰা মহৎ গুণটিৰ বাবে তেওঁ একেৰাহে

তিনিবাৰ ইউনিয়ন কাউন্সিলৰ চেয়াৰমেন হৈছে,পকীঘৰ সাজিছে। দহ বছৰ আগতে মাটিৰ পৰিমাণ

যি আছিল আজি সেয়া বাঢ়ি তিনিগুণ হৈছে। সম্প্ৰতি এখন পাৱাৰ টিলাৰ কিনিছে। বহু দূৰ-দূৰণিৰ পৰা মানুহে চেয়াৰমেন চাহাবৰ ঘৰৰ বাৰান্দাত  পলিথিন কাগজেৰে ঢাকি ৰখা যন্ত্ৰটি চাবলৈ আহে। বছিৰ মোল্লাই যন্ত্ৰটো এতিয়াও পথাৰলৈ নমোৱা নাই। এই সকলোবোৰ সম্ভৱ হৈছে তেখেতৰ “খং নুঠা” স্বভাৱৰ বাবে, মোলায়েম কথা-বাৰ্তাৰ বাবে। অন্ততঃ বছিৰ মোল্লাৰ নিজৰ ওপৰত সেয়াই ধাৰণা।

শাওণ মাহৰ ৰাতিপুৱা।

দুদিন ধৰি একেৰাহে বৰষুণ দি আছে, এতিয়াও

শেষ হোৱা নাই। আকাশ‌  গোমা। ভাব হৈছে দুপৰীয়াৰ আগতে বৰষুণ নকমিব।

বছিৰ মোল্লাই ঘৰৰ বাৰান্দাৰ ইজি চেয়াৰখনত কুঁচি-মুচি বহি আছে। নানান কাৰণত তেওঁৰ মন বিক্ষিপ্ত। ওচৰে পাজৰে ডকাইতি হৈ আছে। তেওঁৰ ঘৰতো হ’ব পাৰে। এতিয়ালৈকে কিয় হোৱা নাই সেইটোৱেই ৰহস্য। অৱশ্যে তেওঁৰ এটা দুনলীয়া বন্দুক আছে। বন্দুকৰ অস্তিত্ব জনোৱাৰ বাবেই চৰাই চিকাৰৰ বাহানা কৰি পৰহি ৰাতিপুৱা তিনিটা গুলি ফুটাইছিল। কামটো ঠিক হ’লনে নাই সেইটোও বুজিব পৰা নাই। হিতে বিপৰীতো হ’ব পাৰে। বন্দুকৰ লোভত ডকাইত যদি আহে। ডকাইতৰ দুঃশ্চিন্তাৰ বাহিৰেও আন এটা চিন্তাই তেওঁক কাবু কৰি পেলাইছে—বিশেষ একো চিন্তা নকৰাকৈ যোৱা

বছৰ  তেওঁ আকৌ এবাৰ বিয়া পাতি পেলালে। ছোৱালী জনীৰ বয়স কম। একোতেই বশ মনাব পৰা নাই। তেওঁৰ নিজৰ বয়স পঞ্চলিশ।এই বয়সত সোতৰ বছৰীয়া তৰুণীৰ মন ভুলাবলৈ যিবোৰ ঢং কৰিব লগা হয় সেয়া কৰাটো বেচ কষ্টকৰ। তথাপিও তেওঁ কৰিবলৈ চেষ্টা কৰিছে,লাভ হোৱা নাই। ছোৱালীজনীয়ে বশ মনা নাই।

আজি ৰাতিপুৱা তেওঁৰ মনৰ অৱস্থা শাওণ মাহৰ 

আকাশৰ দৰেই গোমা। অৱশ্যে তেওঁৰ মুখ দেখি কোনেও সেইটো বুজিব নোৱাৰিব। তেওঁক দেখি ভাৱ হয় তেওঁ যেন বৰ্ষণমুখৰ ৰাতিপুৱাৰ পৰিৱেশ উপভোগ কৰি আছে। চাহ দিবলৈ কৈছে যদিও এতিয়ালৈ চাহ অহা নাই। এই ঘৰখনত  চহৰৰ ঘৰবোৰৰ দৰে দুবেলাই চাহ খোৱা হয়। বাতৰিকাকত আহে। দুদিন দেৰি হয়, তথাপিও নিয়মিতভাৱে আহে।

বছিৰ মোল্লাৰ কোলাত বাতৰি-কাকতখন পৰি

আছে। অৱশ্যে তেওঁ কাকতখন পঢ়া নাই।বাতৰিকাকত পঢ়িবলৈ তেওঁৰ একেবাৰেই ভাল নালাগে। ছবিবোৰ চায়। ছবিৰ তলৰ লেখাবোৰো সকলো সময়তে পঢ়ি ভাল নালাগে। বছিৰ মোল্লাই অলস চকুৰে খবৰ কাকতৰ এখন ছবিৰ ফালে চাই আছে। ছবিখনত এৰচাদ চাহাবে এজন বৃদ্ধৰ কান্ধত হাত থৈ কিবা  কথা কোৱা দেখা গৈছে। গুচ্ছগ্ৰাম-ট্ৰাম হ’ব। প্ৰত্যেক জনে প্ৰেচিডেন্ট আহি

এটা এটা কায়দা  কৰে। জিয়া চাহাবে খাল খান্দি গৈছে। এওঁ আকৌ  সাজিছে  গুচ্ছগ্ৰাম। পিছৰজন আহি বা কি কৰে কোনে জানে।

“পেচিডেন চাব।”

 বছিৰ মোল্লাই বাতৰি কাকতৰপৰা চকু তুলিলে। ইয়াৰ সকলোৱে তেওঁক ইউনিয়ন  কাউন্সিলৰ চেয়াৰমেন পদৰ সুবাদৰ বাবে প্ৰেচিডেণ্ট চাহাব বুলি সম্বোধন কৰে। তেওঁৰ ভালেই লাগে। আজি নালাগিল,কাৰণ তেওঁৰ সন্মুখত থিয় হৈ আছে কেৰামত। কেৰামত তেওঁৰ ঘৰৰ কাম কৰা লোক। দহ বছৰ বয়সৰপৰাই আছে। এতিয়া বয়স হৈছে ত্ৰিশ-পয়ত্ৰিশ। অলপ বুৰ্বক ধৰণৰ। ইহঁত বোৰ কামলা হিচাবে অসাধাৰণ হয়। যি কৰিবলৈ কোৱা হয় বিনাবাক্যে কৰে।বছিৰ মোল্লাই কেৰামতক দেখি

বিৰক্ত হ’ল। কাৰণ কেৰামত এতিয়া খেতি পথাৰত থাকিব লাগিছিল। তেওঁৰ সন্মুখত ঘূৰাঘূৰি কৰিবলৈ

হৈছে কি?

“কিবা কবি নেকি কেৰামত?”

“কথা এটা আছিল।”

 “কৈ পেলা।”

কেৰামতে তললৈ মূৰ কৰি প্ৰায় অস্পষ্ট স্বৰেৰে

ক’লে,” বয়সতো হ’লেই। এতিয়া যদি বিয়াখন পাতি

দিয়ে। ঘৰ-সংসাৰ কৰোঁ। ঘৰ-সংসাৰ কৰিবলৈ মন

গৈছে।’

বছিৰ মোল্লাই বিস্মিত স্বৰে ক’লে,

“বিয়া পাতিবলৈ বিচাৰিছ?”

কেৰামতে কণ্ঠস্বৰ আৰু সৰু কৰি ক’লে,

” বয়স হৈছে। ঘৰ-সংসাৰ কৰিবলৈ ইচ্ছা যায়। নবীজীয়েও ঠিক বয়সত বিবাহৰ কথা কৈছে,হাছিদ কোৰাণতো আছে।” 

“পছন্দৰ কোনোবা আছে নেকি?”

 “নাই। আপুনিয়েই চাই মেলি….”

“আচ্ছা ঠিক আছে, হ’ব। ময়েই ব্যৱস্থা কৰিম। ঘৰ সাজি দিম। মাটিও দিম। দৰমহাওতো একো নিনিয়। সকলো জমা আছে। ব্যৱস্থা কৰি দিম।”

 “হয়।”

“এতিয়া যা,কামলৈ যা। কাম পেলাই অহাটো ঠিক নহয়।”

 “হয়।”

“ৰাতি পহৰা ঠিকে আছেনে? খুব সাৱধান। দল

বান্ধি লাঠি-টাঙোন লৈ পহৰা দিবি।”

“হয়।”

ইয়াৰ পিছৰ তিনি বছৰ বছিৰ মোল্লাৰ ওপৰেৰে

নানান বিপদ পাৰ হৈ গ’ল। মাটি-বাৰী সংক্ৰান্তীয়

এটা কেছত পৰি থানা-পুলিচত বহুত টকা খৰচ  হৈ 

গ’ল।তেওঁৰ দ্বিতীয় স্ত্ৰীয়ে এটি মৃত সন্তান জন্ম দিলে। পত্নী গৰাকীৰো প্ৰায় যোৱা-থোৱা অৱস্থা এটা হ’ল। দীৰ্ঘদিন তেওঁক ঢাকা হস্পিটেলত ভৰ্তি কৰি চিকিৎসা কৰিব লগা হ’ল। তেওঁৰ ঘৰত এবাৰ ডকাইতিও হ’ল। তাতোকৈও ডাঙৰ কথা তেওঁৰ অতি মোলায়েম স্বভাৱ স্বত্বেও তেওঁ একেৰাহে দুটা ইলেকচনত হাৰি গ’ল। স্কুল কমিটীৰ নিৰ্বাচন আৰু পৌৰসভাৰ নিৰ্বাচন। এনেকুৱা অৱস্থাত মেজাজ ঠিক নাথাকে। গতিকে কেৰামতে আকৌ যেতিয়া বিয়াৰ প্ৰস্তাব তুলিলে তেওঁৰ খঙেৰে ক’লে,

“তই এনেকুৱা বিয়া-পগলা হলি কিয় কচোন? এইটো অৱস্থাত বিয়াৰ কথা উলিয়ালি কেনেকৈ?”

কেৰামতে ক’লে,

“তিনি বছৰ পাৰ হ’ল পেচিডেন চাব।”

“মোৰ অৱস্থাটো তই নুবুজিবিনে? তই বাহিৰৰ মানুহ

নেকি?তই ঘৰৰ মানুহ নহয়নে? অলপ চম্ভালি উঠোঁ,

তাৰপিছত ব্যৱস্থা কৰিম।”

“হ’ব বাৰু।”

“তোকতো ঘৰ-দুৱাৰো  লাগিব। ঘৈণীয়েৰক আনি ৰাখিবি কত? অলপ চম্ভালি উঠোঁ, তাৰপিছত তোৰ

নামত মাটি-বাৰী লিখি দিম। তাৰপিছত বিয়াও পাতি দিম, লৰালৰি কৰিবলৈ একো নাই।”

” হ’ব বাৰু।”

“নিজৰ দৰে কাম কৰি যা। তোৰ বিয়াৰ চিন্তা তই

কৰিব নালাগে। মই কিহৰ বাবে আছোঁ? অলপ চম্ভালি উঠোঁ।”

বছিৰ মোল্লাই পাঁচ বছৰৰ মূৰত সকলো চম্ভালি

ল’লে। বৰ ভালকৈয়ে চম্ভালি ল’লে। স্কুল কমিটীৰ সভাপতি হ’ল। উপ জিলা ইলেকচনত জিকিলে। ৰোয়াইল বজাৰত ঘৰ সাজিলে। গাওঁৰ ঘৰত ইলেকট্ৰিচিটি সংযোগ কৰিলে। অৱশ্যে গাঁৱৰ ঘৰত

তেওঁ বেছি নাথাকে। ৰোয়াইল বজাৰতেই থাকে। তেওঁৰ মনৰ শান্তি ঘূৰি আহিছে। তেওঁৰ দ্বিতীয় পত্নীয়ে আৰু এটি মৃত সন্তান জন্ম দি সম্পূৰ্ণ বশ মানি গৈছে। পুহ মাহৰ এটি সন্ধিয়াত বছিৰ মোল্লাই গাঁৱৰ ঘৰলৈ ফুৰিবলৈ গ’ল। তিনিদিন মান থাকিব। আজিকালি একেধাৰে বেছিদিন গাওঁৰ ঘৰত থকা নহয়। চহৰত নানান কাম-কাজ‌ থাকে। কামকাজ পেলাই  গাঁৱৰ ঘৰত থকা সম্ভৱ নহয়। তাৰ বাহিৰেও কিছুমান শত্ৰুও বাঢ়িছে। ইহঁতে কেতিয়া কি কৰে ঠিক নাই, চহৰত সেই সুযোগ কম।ঘৰত ভৰি দিয়া মাত্ৰেই কেৰামতৰ লগত দেখা হ’ল। তেওঁ আচৰিত হৈ ক’লে,

“তই দেখোন বুঢ়া হৈ গৈছ অ’ কেৰামত।”

কেৰামতে তলমূৰ কৰিলে। যেন বুঢ়া হৈ যোৱাটো এটা অপৰাধ। বছিৰ মোল্লাই ক’লে, 

“এইবাৰ তোৰ বিয়াখন পাতি দিব লাগিব— চাওঁচোন এই শাওণতেই  কিবা এটা ব্যৱস্থা কৰিব লাগিব। বিয়া-বাৰুৰ বাবে শাওণ মাহতো ভাল।”

কেৰামতে ক্ষীণ কণ্ঠেৰে ক’লে,”হয়।”

“তই এটা ঘৰ বনা। পুখুৰীৰ উত্তৰ ফালে থকা ঠাইখিনিত। বাঁহজোপাৰ পৰা যি বাঁহ লাগে লৈ ল। ঘৰটো আগতে হওঁক।”

“ঠিক আছে।”

“বিয়া অলপ বেছি বয়সত হোৱাতো ভাল, বুজিলি কেৰামত?” মৰম-চেনেহবোৰ বেছি হয়। তই

ঘৰটো বনা। ওপৰত চানখেৰ দি দে। চানখেৰ কিনিবলৈ টকা লৈ যাবি। তইতো টকা পাবলগীয়াই আছে।”

বছিৰ মোল্লাই তিনিদিন থকাৰ পৰিকল্পনা লৈ আহিছিল। থাকিব লগা হ’ল সাতদিন। স্কুল কমিটীৰ

কিবা এটা সমস্যা হৈছিল। সমস্যা সমাধান কৰিব লগা হ’ল। ফুড ফৰ ওৱাৰ্ক প্ৰোগামত এশ মোন গোম-ধান আহিছিল। সত্তৰ মোন গোম-ধানৰ হিচাপত খেলিমেলি পোৱা গৈছিল। সেইটোও ঠিক কৰিব লগা হ’ল। কেইটামান গ্ৰাম্য বিচাৰ কৰিবলগীয়া হ’ল। চাওঁতে চাওঁতে সাতদিন পাৰ হৈ গ’ল। চহৰলৈ ঘূৰি আহিবলৈ ওলোৱাৰ দিনা  তেওঁ

অত্যন্ত বিস্ময়েৰে কেৰামতে বনোৱা ঘৰটো চালে। সি এই সাতদিনতে  ধুনীয়া ঘৰ বান্ধিলে। ঘৰৰ চাৰিওফালে কঠাল,আম আৰু মধুৰীআমৰ পুলি লগাইছে।

বছিৰ মোল্লাই ক’লে,” গছ-গছনি ৰুই তই দেখোন হুলস্থূল কৰি পেলাইছ।”

কেৰামতে নিম্ন স্বৰেৰে ক’লে,”ফল-মূলৰ গছ, ল’ৰা-ছোৱালীহতে ডাঙৰ হ’লে খাব।”

“ভালেই কৰিছ। ভাল,ভাল। কেইডালমান নাৰিকলৰ গছো ৰুই দে।”

 “হয়।”

সেই শাওণত একো নহ’ল। তাৰ পিছৰ শাওণতো

নহ’ল। বছিৰ মোল্লা অসুস্থ হৈ পৰিল। কিডনিৰ অসুখ। চিকিৎসা কৰিবলৈ সপৰিয়ালে ঢাকালৈ গ’ল।

কেৰামতক কৈ গ’ল,

“সুস্থ হৈ আহিয়েই বিয়াৰ ঝামেলাটো শেষ কৰিব লাগিব। ছোৱালী কেইজনীমান চাই থৈছোঁ। ইহঁতৰ ভিতৰৰ

স্বভাৱ-চৰিত্ৰ ভাল চাই কোনোবা এজনীক ঠিক কৰিব লাগিব।”

বিয়া-বাৰু হঠাৎ কৈ পাতিব নোৱাৰি। লাখ কথাৰ

আগেয়ে বিয়া হোৱা ঠিক নহয়। চিৰ জীৱনৰ কথা।

কেৰামতে  নিম্ন স্বৰেৰে ক’লে,

” কন্যা স্বাস্থ্যৱতী হ’লে ভাল হয়। ঘৰত নানা  কাম-কাজ থাকে।”

“নিশ্চয়। নিশ্চয়। গাওঁৰ বোৱাৰী ক্ষীণ-মীণ,ৰুগীয়া হলে  নহ’ব। আছে, স্বাস্থ্যৱতী ছোৱালীৰ সন্ধানো আছে। তই এই বিষয়ে চিন্তা কৰিব নালাগে। মই কিহৰ বাবে আছোঁ?”

কেৰামতে চিন্তা নকৰে। নিজহাতে লগোৱা  ফলৰ গছবোৰৰ যত্ন লয়। এডাল গছো যেন নমৰে।

বিয়াৰ পিছত ল’ৰা-ছোৱালী হ’ব, ফল-মূলৰ গছৰ

দৰকাৰ। বজাৰত বস্তুৰ যি দাম। ল’ৰা-ছোৱালীক

ফল-মূল কিনি খুওৱাটো সম্ভৱ নহ’ব।

কেৰামতে বিয়াৰ বাবে অপেক্ষা কৰে। সি নাজানে যে তাৰ বয়স পছপন্ন পাৰ হৈছে। এতিয়া

তাৰ মূৰৰ চুলি সকলোবোৰেই বগা। বাওঁ চকুৰে 

ভালকৈ দেখাও নাপায়। দেহাত আগৰ শক্তিও নাই। কাম-কাজ তেনেকৈ কৰিব নোৱাৰে। তথাপিও পুৰণা

অভ্যাসৰ বাবে গোটেই দিনটো খেতিত থাকে। সন্ধ্যাবেলা নিজৰ ঘৰলৈ আহি অনাগত স্ত্ৰী আৰু পুত্ৰ-কন্যাৰ কথা ভাবি তাৰ বৰ ভাল লাগে।

**********

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *