অব্যক্ত-জয়শ্ৰী কলিতা
গোৱা যাত্ৰাৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত দেউতাই তাইৰ লগত চিনাকি কৰাই দিয়াৰ লগে লগে খন্তেক সময়ৰ বাবে শিল পৰা কপৌৰ দৰে থৰ লাগিলোঁ মই।
অন্বেষা! অন্বেষা!
দুবাৰমান মনৰ ভিতৰতে নামটো আওৰাই মনত পেলাবলৈ চেষ্টা কৰিলোঁ ক’ত লগ পাইছিলোঁ তাইক!
কিছু মুহূৰ্ত মগজুটোক কষ্ট দিয়াৰ পিছত হঠাতে তাহানিৰ স্মৃতি এখিনিয়ে চোঁচা মাৰি আহি স্মৃতিকাতৰ কৰি তুলিলে মোক।
এইখনেই!
হয়, এইখনেই সেই মুখখন!
ল’ৰালি গচকি কৈশোৰত ভৰি দিয়া সময়ত প্ৰিয় বন্ধুৰ পেহীয়েকৰ বিয়াত মাত্ৰ পোন্ধৰ মিনিটমানৰ বাবে দেখা পোৱা ছোৱালীজনীৰ নিমজ মাখন কোমল এই মুখখনে মোৰ হৃদয়ৰ নিভৃতত কমখন খলকনি তুলিছিলনে? এষাৰো কথাৰ আদান প্ৰদান নোহোৱাকৈয়ে উদিত হোৱা সেই অচিনাকি অনুভৱখিনি অনুধাৱন কৰিব পৰাকৈ সেই সময়ত মোৰ বয়সেইবা হৈছিল কিমান? বুকুৰ কোনোবা একোণত স্তূপীকৃত অনুভৱৰ টোপোলাটো গোপনে ভিতৰত সুমুৱাই থৈ হৃদয়ৰ দুৱাৰখন বন্ধ কৰি থোৱাৰ বয়স আছিল সেয়া।
তাৰপাছত?
তাৰপাছত সময়ৰ সোঁতত সেই বিশেষ মুখখনে পাহৰণিৰ গৰ্ভত প্ৰৱেশ কৰিছিল আৰু মই নিজৰ পঢ়া – শুনা, কেৰিয়াৰক লৈ ব্যস্ত হৈ পৰিছিলোঁ।
ব্যস্ততাৰপৰা সুৰুঙা উলিয়াই কেইদিনমানৰ বাবে মা – দেউতা আৰু বৰুৱা খুৰাহঁতৰ পৰিয়ালটোৰ সৈতে গোৱা ভ্ৰমণৰ বাবে আহিছোঁ। বৰুৱা খুড়া দেউতাৰ সহকৰ্মী আছিল। সেই সূত্ৰে খুড়া আৰু খুৰী আমাৰ ঘৰলৈ কেইবাবাৰো আহিছিল যদিও অন্বেষা যে তেওঁলোকৰে জীয়াৰী সেই কথা ঘূণাক্ষৰেও গম পোৱা নাছিলোঁ।
দেউতাই চিনাকি কৰি দিয়াৰ পিছত মই দুই ওঁঠত ঈষৎ হাঁহিৰ প্ৰলেপ সানি নমস্কাৰ জনালোঁ তাইক। তায়ো স্মিত হাঁহিৰে প্ৰতি নমস্কাৰ জনালে মোক।
আস্!
এই বেৰীয়া দাঁতটো আৰু টোলপৰা দুগালেৰে সৈতে তাইৰ মিচিকি হাঁহিটোৱে তাহানিৰ দৰে আকৌ এবাৰ পানীৰ ঢৌৰ দৰে আহি বুকুৰ গভীৰলৈ শিপাই গ’ল মোৰ।
তাইৰ চকুত ধৰা পৰি যোৱাৰ ভয়ত মই লগে লগে মুখখন ঘূৰাই দিলোঁ।
এদিন দুদিনকৈ গোৱালৈ অহা তিনিদিন হ’ল আমাৰ। আটকধুনীয়া ৰেস্তোৰাঁ এখনত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আবেলি ক’লভা বিচ্ছলৈ যাত্ৰা আৰম্ভ কৰিলোঁ আমি।
আকাশত আন্ধাৰ পোহৰৰ মিতিৰালিৰ সময়খিনিতে আমি গন্তব্য স্থান পালোঁগৈ।
ক’লভা বিচ্ছৰ প্ৰাকৃতিক সৌন্দৰ্যই মুহি পেলাইছে সকলোকে। সাগৰ তীৰত শাৰী শাৰীকৈ থিয় হৈ থকা নাৰিকলৰ গছবোৰ, সৰু সৰু বাঁহ কাঠৰ কটেজবোৰ আৰু শুভ্ৰ বালিচৰৰ সৈতে দূৰ – দিগন্ত ব্যাপী নীলাভ জলৰাশিয়ে এক অপৰূপ সৌন্দৰ্য বহন কৰি আছে। সমুদ্ৰৰ জলৰাশিয়ে ঢৌৰ আকৃতি লৈ তীব্ৰবেগে খেদি গৈ শিলবোৰক অহৰ্নিশে স্পৰ্শ কৰিছে। সেই ঢৌবোৰৰ স্পৰ্শক আওকাণ কৰি শিলবোৰে অসীম ধৈৰ্য্যৰে সমুদ্ৰৰ বালিত একেঠাইতে খোপনি পুতি বহি আছে। সূৰুযৰ ৰাঙলী কিৰণ সমুদ্ৰৰ পাৰাপাৰহীন বিস্তীৰ্ণ জলৰাশিত প্ৰতিবিম্বিত হৈ পৰিবেশটোক সোণত সুৱগা চৰাইছে, যেন কোনোবা চিত্ৰশিল্পীৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠা এখন জীৱন্ত ছবিহে!
একান্তমনে ফেনিল ঢৌবোৰৰ লগত খেলি থকা অন্বেষাজনীলৈ মই ৰ লাগি চাই ৰ’লো। ক’ব নোৱাৰাকৈয়ে লাহে লাহে ময়ো তাইৰ ফালে আগুৱাই গ’লোঁ। আগফালে হাওলি হাতেৰে পানীবোৰ স্পৰ্শ কৰি থকাৰ পৰা তাই মূৰ তুলি চোৱাৰ লগে লগে মোৰ চকুৱে চকুৱে পৰিল। মুহূৰ্ততে লাজৰ ৰঙা আৱৰণ এটিয়ে তাইৰ গোটেই মুখমণ্ডল আৱৰি ধৰিলে আৰু তাইৰ মুখৰপৰা ৰাঙলী আভা এখিনি বগুৱা বাই আহি মোৰো দুগালত সিঁচি দিলে। সচকিত হৈ তাইৰ পৰা দৃষ্টি আঁতৰাই বেলেগফালে মূৰটো ঘূৰালোঁ মই। ঠিক তেনে সময়তে উত্তাল ফেনিল ঢৌ এটাৰ খুন্দাত তাই মোৰ ওপৰতে বাগৰি পৰাৰ উপক্ৰম হ’ল। তাইৰ হাত এখন আৰু কঁকালত ধৰি কোনোমতে তাইক নপৰাকৈ ধৰি ৰাখিলোঁ। তাইৰ হাতৰ পৰশত মুহূৰ্ততে ভৰিৰপৰা মূৰলৈকে গৰম তেজ এসোঁতা বৈ অহা যেন লাগিল মোৰ। লাজত মোৰ অন্ঠ-কণ্ঠ শুকাই কৰ্কৰিয়া মাৰিলে। খপজপকৈ তাইৰ হাত আৰু কান্ধৰপৰা মোৰ হাত দুখন আঁতৰাই মা – দেউতাহঁতৰ ফালে চালোঁ।
নাই!
কোনেও লক্ষ্য কৰা নাই আমাক!
সকলো ব্যস্ত সমুদ্ৰৰ প্ৰাকৃতিক সৌন্দৰ্য পান কৰাত। ঘটনাৰ আকস্মিকতাত অন্বেষায়ো কিংকৰ্তব্যবিমূঢ় হৈ একে ঠাইতে থিয় হৈ থাকিল। মৃদু হাঁহি এটিৰে প্ৰকৃতিস্থ হ’বলৈ চেষ্টা কৰিলোঁ মই। তায়ো হাঁহি এটিৰে সঁহাৰি জনাই মোৰ পৰা আঁতৰি গ’ল।
ইয়াৰ পিছৰ দিনবোৰ আৰু বেছি ভাল লগা হৈ আহিল। স্বতঃস্ফূৰ্তভাৱেই মোৰ দুই ওঁঠত হাঁহি এটি বিৰিঙি থকা হ’ল। অকাৰণতে মনটো ভাল লাগি থকা হ’ল। অনবৰতে গানৰ কলি এটিও গুণগুণাই থকা হ’লোঁ। এসপ্তাহ গোৱাত হাঁহি ধেমালিৰে কেনেদৰে পাৰ হৈ গ’ল গমেই নাপালোঁ আমি। এই এসপ্তাহত গোৱাৰ বিভিন্ন ঠাই দৰ্শন কৰাৰ পিছত সকলোৱে নিজ গৃহলৈ উভতি যোৱাৰ কথা আলোচনা কৰিলে। উভতি যোৱাৰ কথা কোৱাৰ লগে লগে অচিনাকি বিষ এটিয়ে পানীৰ ঢৌৰ দৰে আহি বুকুৰ নিভৃতত খুন্দিয়াই গ’ল মোৰ।
যেন আৰু দুদিনমান বেছিকৈ থাকিব পাৰিলেই ভাল পাম মই!
একেবাৰে ওচৰত পায়ো অন্বেষাৰ লগত এষাৰো কথা পাতিব নোৱাৰা দুখটো যেন গোটেই জীৱন থাকি যাব মোৰ!
এনেকুৱা মুহূৰ্তবোৰত মোৰ জীৱনলৈ অমানিশা নমাই অনা সেই নিৰ্দিষ্ট দিনটোৰ ওপৰতে খং উঠি যায় মোৰ। ইচ্ছা থাকিলেও এতিয়া যে মই কাৰোবাৰ সৈতে মনৰ কথা এষাৰ পাতিবলৈও অপাৰগ!
বুকুত বিষটো লৈয়ে গোৱাৰপৰা গুৱাহাটীত উপস্থিত হ’লোঁ। গুৱাহাটীৰ পৰা নিজ গৃহলৈ ওভতাৰ সময়ত তাইলৈ এবাৰ চালোঁ।
নাই! তাইৰ চকু মুখতো আগৰ সেই মৰমলগা হাঁহিটো নেদেখিলোঁ। তাৰ বিপৰীতে তাইৰ সজল দুচকুৰ বিষাদখিনিয়ে একো নোকোৱাকৈয়ে বহু কথাই কৈ গ’ল মোক।
ঘৰলৈ অহাৰ কেইবাদিনো পাৰ হৈ যোৱাৰ পিছতো তাইৰ ধুনীয়া মুখখনিয়ে মোৰ দুচকুত অগা -ডেৱা কৰিবলৈ ধৰিলে। তাহানিৰদৰেই মোৰ বুকুৰ কোনোবা একোণত মিঠা বিষ এটিয়েও খোপনি পুতিবলৈ আৰম্ভ কৰিলে।
কোনোবাই কৈছিল– “দুচকুৰ পতা জাপ খোৱা পিছতো কাৰোবাৰ মুখৰ প্ৰতিচ্ছবিয়ে যদি তোমাক আমনি কৰে, জানিবা সেই বিশেষ মুখখনৰ গৰাকীৰ প্ৰেমত পৰিছা তুমি।”
কথাখিনি মনত পৰাৰ লগে লগে দীঘলকৈ উশাহ এটি উজাই লৈ চকু দুটি মুদি দিলোঁ।
চকামকাকৈ অন্বেষাৰ মুখখন মোৰ দুচকুত ভাঁহি উঠিল।
মুহূৰ্ততে ধৰফৰাই উঠিলোঁ মই।
প্ৰেম!
নাই, দ্বিতীয়বাৰৰ বাবে মই কাৰোবাৰ সৈতে এই প্ৰেম নামৰ কৃত্ৰিম বান্ধোনেৰে বান্ধ খাব নোৱাৰোঁ। প্ৰথম প্ৰেমৰ প্ৰতাৰণাৰ পিছত ছোৱালীৰ প্ৰতি বিশ্বাসৰ দেৱালখন এবাৰ ভাঙি চিঙি চূৰমাৰ হোৱাৰ পিছত দ্বিতীয়বাৰৰ বাবে পুনৰ সেই একেটা ভুলকেই কৰিব নোৱাৰোঁ মই। অতীতৰ ধূসৰিত স্মৃতিয়ে পুনৰবাৰ বুকুৰ একোণত হেন্দোলনি তুলি গোটেই গাটো বিছাই ডকা দি ডাকিবলৈ ধৰিলে মোৰ। কৰ্ণকুহৰত অনুৰণিত হৈ ৰ’ল দুবছৰীয়া প্ৰেমৰ অৱসান ঘটাই প্ৰিয়াৰ মুখৰপৰা উফৰি অহা সেই বাক্যবাণ — “তোমাৰ দৰে বাক শক্তি নথকা পুৰুষ এজনক জীৱন সংগী ৰূপে গ্ৰহণ কৰিব নোৱাৰিম মই নিৰ্বাণ।”
এৰা…কালিকা লগা আবেলি এটাত দুৰ্ঘটনাত পতিত হৈ চিৰদিনৰ বাবে বাক শক্তি হেৰুৱাই পেলাইছিলোঁ মই। প্ৰিয়াৰ বাবে সেইটোৱেই যথেষ্ট আছিল মোৰ সৈতে দুবছৰীয়া প্ৰেমৰ বান্ধোনেৰে বান্ধ খাই থকা সম্পৰ্কটো বিচ্ছেদ কৰি আঁতৰি যাবলৈ।
প্ৰিয়া! প্ৰিয়া!
কেতিয়াও মনলৈ আনিব নোখোজা নামটো আকৌ এবাৰ পাকঘূৰণি খাই মন মগজুত দোলা দিবলৈ ধৰিলে মোৰ।
তিৰবিৰাই থকা উজ্জ্বল চকুযুৰিৰ সৈতে সুগঢ়ী মুখখনৰ আঁৰত থকা প্ৰিয়াৰ বিভৎস ৰূপটো মনত পৰাৰ লগে লগে ঘৃণাত নাক – মুখ কোঁচ খাই আহিল মোৰ।
সন্মুখত থকা আইনাখনত নিজৰ প্ৰতিবিম্বটোৰ ফালে দৃষ্টি নিক্ষেপ কৰিলোঁ মই। আইনাখনত ট ট কৈ জিলিকি থকা মোৰ প্ৰতিবিম্বটোৱে যেন মোৰ ফালে চাই বিদ্ৰূপৰ হাঁহি মাৰিছে, ঠিক তেনেকুৱা অনুভৱ হ’ল মোৰ।
কি ঠিক মোৰ বাক শক্তিবিহীন প্ৰকৃত ৰূপটোৰ বিষয়ে গম পোৱাৰ পিছত অন্বেষায়ো জানো মোক উপলুঙা নকৰিব?
নিশ্চয় কৰিব!
কাৰণ, নাৰী চলনাময়ী!
নাৰীক বিশ্বাস কৰিব নোৱাৰি!
তাহানিৰ দৰেই মনৰ অনুভৱবোৰ মনৰ ভিতৰতে গাপ দি প্ৰকৃতিস্থ হ’বলৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই কিছু নিলগত থকা গছ – গছনিৰে ভৰা শান্তিময় ঠাইখিনি পালোঁহি মই।
বহু সময় আত্ম – আলাপত বিভোৰ হৈ কেতিয়াবা সুযোগ আহিলেও মনৰ অনুভৱবোৰ অন্বেষাৰ সৈতে ভগাই নোলোৱাৰ সিদ্ধান্ত ল’লোঁ মই। প্ৰথম প্ৰেমৰ প্ৰতাৰণাৰ পিছত নাৰীৰ প্ৰতি অন্তৰত গঢ় লৈ উঠা ধাৰণা আৰু এজন বিশেষভাৱে সক্ষম ব্যক্তিক কোনেও অন্তৰেৰে আঁকোৱালি নলয় বুলি থকা ভীতিটোৱে হয়তো এই সিদ্ধান্ত ল’বলৈ বাধ্য কৰালে মোক।
আকাশখন গোমা হৈ আহিছে। গোমা আকাশত এচপৰা দুচপৰাকৈ ক’লীয়া মেঘে ভুমুকি মাৰিছে। হয়তো খন্তেক পিছতে মুষলধাৰ বৰষুণ এজাক আহিব। লৰালৰিকৈ ঘৰৰফালে গতি কৰিলোঁ মই। চোতালৰপৰা গৈ বাৰাণ্ডাত থিয় হোৱাৰ লগে লগে ড্রয়িং ৰুমৰপৰা কাৰোবাৰ কথোপকথন ভাঁহি আহি মোৰ কাণত পৰিলহি। খন্তেক সময় দুৱাৰমুখতে থমকি ৰৈ মই অনুমান কৰিবলৈ চেষ্টা কৰিলোঁ ভিতৰত কোন আছে।
বৰুৱা খুৰা আৰু খুৰী!
যিমান পাৰোঁ কাণখন উনাই মা – দেউতা আৰু খুৰা – খুৰীৰ কথাবোৰ শুনিবলৈ চেষ্টা কৰিলোঁ মই।
“দুয়োৰে সমস্যা একেটাই। মনৰ ভাৱবোৰ আদান প্ৰদান কৰিবলৈ দুয়োৰে বাক শক্তি নাই। তথাপিও মই ভাবোঁ মুখৰ ভাষ্যতকৈ হৃদয়ৰ গভীৰতাৰপৰা নিৰ্গত হোৱা ভাষাৰ শক্তি বহুত বেছি। ইজনে সিজনৰ প্ৰতি থকা বুজাবুজি, শ্ৰদ্ধা আৰু মৰম — এই তিনিটাই সম্পৰ্ক এটাৰ মূল ভেঁটিটো মজবুত কৰি ৰাখে আৰু মূল ভেঁটিটো মজবুত হৈ থাকিলে বাক শক্তি সেই সম্পৰ্কত হেঙাৰ হ’ব নোৱাৰে।”– দেউতাৰ কথাষাৰ শুনাৰ লগে লগে মোৰ উৎকণ্ঠা দুগুণ বাঢ়ি গ’ল।
কাৰ কথা পাতিছে বাৰু!
“সিহঁতে যদি ইজনে আনজনক পছন্দ কৰে, তেন্তে আপোনালোকৰ ছোৱালীক আমাৰ ল’ৰালৈ অনাত আমাৰ একো আপত্তি নাই।”– এইবাৰ মায়ে হাঁহি এটিৰে স্বগতোক্তি কৰিলে।
দুৱাৰমুখতে স্তব্ধ হৈ ৰ’লো মই।
তাৰমানে অন্বেষাৰো…!
বুকুৰ নিভৃতত আৱেগৰ লহৰ এটা উথলি উঠি দুচকু সেমেকাই তুলিলে মোৰ। ভাবুক মন এটি লৈ ধীৰ গতিৰে বাৰাণ্ডাৰ পৰা চোতালত ভৰি দি দুহাত মেলি দিলোঁ মই। গিৰ্জনি মাৰি আকাশৰ বুকুৰপৰা হৰহৰাই কলহৰ কাণে বৰষুণ এজাক নামি আহিল। বসন্তৰ প্ৰথমজাক বৰষুণত সিক্ত মোৰ দেহ মন জুৰ পৰি গ’ল। বিষাদৰ কুহেলিকা ঠেলি ফৰকাল হৈ পৰা মোৰ মনাকাশত সংগোপনে আশাৰ তৰাফুল এটি ফুলি উঠিল।
**********
4:18 PM
সুন্দৰ গল্প, বৰ ভাল লাগিল।
7:33 PM
ভাল লাগিল পঢ়ি। সুন্দৰ