অভাগিনী ৰাধিকা-সদানন্দ ভূঞা
তিনিচুকীয়া জিলাৰ ধলাৰ ভীমপ্ৰসাদ উপাধ্যায় মোৰ নলে-গলে লগা বন্ধু। বন্ধুৰ বহুদিনৰ অনুৰোধত কালি তেখেতৰ বাসগৃহত উপস্থিত হৈছিলোঁ । তেখেতৰ সান্নিধ্য সঁচাকৈয়ে মোৰ বাবে পৰম সৌভাগ্য । অতিথি আপ্যায়নত অৱশ্যে নেপালী সম্প্ৰদায়ৰ লোকসকল এনেও আগৰণুৱা । আজি তেখেতে ধলাৰ দাঁতি কাষৰীয়া অঞ্চল ভজনীলৈ বুলি ফুৰাবলৈ লৈ আনিছে । আমি দুয়ো কথা পাতি পাতি মথাউৰিৰ ওপৰেৰে খোজ কাঢ়ি গৈ আছোঁ । বন্ধুবৰ উপাধ্যায় ডাঙৰীয়াই ক’লে…
“সৌ যে নদীখন দেখিছে সেইখনেই অসমৰ মূল প্ৰাকৃতিক সম্পদ, আমাৰ অসমৰ গৌৰৱ ব্ৰহ্মপুত্ৰ নদ। মথাউৰিটোৰ দুয়োপাৰে যে কেৱল বালি আৰু বালি দেখিছে, সোঁপাৰে আজি কিছু বছৰ আগতে এখন সুন্দৰ গাওঁ আছিল, যাৰ নাম আছিল চুমনি । মথাউৰিৰ বাওঁপাৰে আছিল এখন বহল চৰণীয়া পথাৰ । এসময়ৰ চুমনি গাঁও আজিৰ বালিচৰ । এয়াও এক কৰুণ কাহিনী। সেইসময়ত চুমনি গাঁওখন যেন পৰম পিতা ব্ৰহ্মপুত্ৰৰ কোপদৃষ্টিত পৰিছিল । ১৪৪ ঘৰৰ বসতি অঞ্চল এটি নিশাৰ ভিতৰতেই যেন বাবা ব্ৰহ্মপুত্ৰই গিলি ধ্বংসস্তুূপত পৰিণত কৰি দিছিল । বন্ধু , শুনিবনে সেই কৰুণ কাহিনী?”
বন্ধু উপাধ্যায়ৰ কথাখিনিয়ে যেন মোক সেই কাহিনী শুনিবলৈ ব্যাকুল কৰি তুলিছিল । মোৰ কাতৰ অনুৰোধত বন্ধুবৰ উপাধ্যায়দেৱে যি হৃদয় বিদাৰক কাহিনীৰ বৰ্ণনা দিলে, সেয়া যে সঁচাকৈয়ে অতি নিদাৰুণ কৰুণ কাহিনী। আহক, আমি সেই ভয়ানক দিনটোৰ কাহিনীলৈ উভতি যাওঁ।
এসময়ৰ ১৪৪ টা পৰিয়ালৰে আৱেষ্টিত চুমনি গাঁৱৰ প্ৰতিটো পৰিয়ালেই নেপালী সম্প্ৰদায়ৰ আছিল । প্ৰাণোচ্ছল চুমনি গাঁৱৰ প্ৰতিগৰাকী গাওঁবাসী কৰ্মোদ্যমী আছিল । তেখেতসকলৰ জীৱিকাৰ মূল উৎস আছিল কৃষি আৰু দুগ্ধ উৎপাদন । প্ৰতিটো পৰিয়ালেই আঢ্যৱন্ত নাছিল যদিও একেবাৰে দাল-দৰিদ্ৰও নাছিল । কৃষি আৰু দুগ্ধ উৎপাদনেৰে সকলো পৰিয়াল স্বচ্ছল আছিল। প্ৰত্যেকৰে ঘৰত বছৰটো জোৰাকৈ খাবলৈ ধানৰ একো একোটা ভঁৰাল আছিল । শাক-পাচলি নিজৰ বাৰীতে কৰি লোৱাৰ ফলত শাক-পাচলিৰ নাটনি কোনো দিনেই হোৱা নাছিল । ব্ৰহ্মপুত্ৰৰ বুকুৰপৰা উভৈনদীকৈ মাছ খাবলৈ পাইছিল । মাংসৰ বাবে নিজৰ নিজৰ ঘৰতে ছাগলী , হাঁহ , কুকুৰা পুহি লৈছিল । প্ৰতিটো পৰিয়ালতে তিনিশ/চাৰিশ গৰু আৰু এশ/দুশ ম’হৰ খুঁটি আছিল । দুগ্ধ ব্যৱসায় সেই পৰিয়ালসমূহৰ মূল ব্যৱসায় আছিল । বাৰিষা কালত প্ৰত্যেক বছৰে কম-বেছি পৰিমাণে বানপানী হয় বাবে ঘৰসমূহ কাঠ-বাঁহেৰে নিৰ্মিত চাংঘৰ আছিল । এনেদৰেই বছৰ বছৰ ধৰি চুমনি গাঁৱৰ প্ৰতিটো পৰিয়ালে সুখ-শান্তিৰে জীৱন অতিবাহিত কৰিছিল ।
কাহিনীটোৰ মূল নায়িকা গৰাকীয়েই হ’ল ৰাধিকা…. ৰাধিকা ছেত্ৰী। ৰাধিকা ছেত্ৰী চুমনি গাঁৱৰ এগৰাকী প্ৰাণচঞ্চলা সৰবৰহী অপূৰ্ব সুন্দৰী যুৱতী আছিল।তাইৰ মন পাবলৈ চুমনি গাঁৱৰ বহুতো যুৱক ব্যাকুল হৈ পৰিছিল। কিন্তু সেইসকলৰ ভিতৰত বীৰ বাহাদুৰ ছেত্ৰীয়েহে তাইৰ মন পাবলৈ সক্ষম হৈছিল।বীৰ বাহাদুৰ এজন সুন্দৰ , সুঠাম , সবল আৰু গাঁওখনৰ সকলোৰে প্ৰিয় যুৱক আছিল।গাঁৱৰ যুৱক সংঘৰ সভাপতি আছিল বীৰ বাহাদুৰ ছেত্ৰী । সকলোৰে হিত চিন্তা কৰাটোৱেই আছিল তেওঁৰ জীৱনৰ এক প্ৰগতিশীল আদৰ্শ । সেইজন বীৰ বাহাদুৰৰ মন জয় কৰি ৰাধিকাই নিজে আপোন পাহৰা হৈ পৰিছিল । বীৰ বাহাদুৰ আৰু ৰাধিকাই তিনি বছৰ কাল প্ৰেমৰ সাগৰত সাঁতুৰি-নাদুৰি ফুৰোঁতে কেতিয়া যে ১৯৯৪ চনৰ ১৮ জুলাই দিনটো আহি পালেহি দুয়ো অনুভৱেই কৰিবপৰা নাছিল । ১৯৯৪ চনৰ ১৮ জুলাই দিনটোৱেই আছিল বীৰ বাহাদুৰ আৰু ৰাধিকাৰ শুভ-বিবাহৰ দিন । বাৰিষা বতৰ যদিও দুয়োঘৰৰ সুস্থিৰ সিদ্ধান্তত সেইদিনাখন দুয়োৰে বিবাহ কাৰ্য গাঁওখনৰ ৰাইজে পালন কৰি থকা সময়তে যেন নিশা দহ বজাত গাঁৱৰ লগতে বীৰ বাহাদুৰ আৰু ৰাধিকাৰ জীৱনলৈ কাল অমানিশা নামি আহিছিল। তিনি দিন ধৰি প্ৰবল বৃষ্টিপাতে দুয়োৰে বিবাহৰ দিনটোত বাধা দিছিল যদিও ৰাইজৰ সহায়ত শুভ কাম শেষ হওঁ হওঁ সময়তে ঘটিছিল সেই অঘটনটো । প্ৰবল বৃষ্টিপাতে বাবা ব্ৰহ্মপুত্ৰক যেন বলিয়া কৰি তুলিছিল । ব্ৰহ্মপুত্ৰৰ পানী দুয়োপাৰে ফেনে-ফোটোকাৰে বাঢ়ি প্ৰকাণ্ড প্ৰকাণ্ড ঢৌৰ সৃষ্টি কৰিছিল ।
সেই সময়ত উগ্ৰপন্থীসমূহৰ য’তে-ত’তে কৰি অহা নানা কূটাঘাটমূলক কাৰ্যত জনসাধাৰণৰ ভয়তে পেটত হাত-ভৰি লুকোৱা অৱস্থা । তাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি সামৰিক বাহিনী আৰু অৰ্ধ সামৰিক বাহিনীৰ সন্ত্ৰাস । জনসাধাৰণে সংশয় আৰু ভীতিবিহ্বল হৈ দিনবোৰ যেনে-তেনে অতিবাহিত কৰাৰ সময়। সিদিনাখন নিশা প্ৰায় দহমান বজাত অভাৱনীয়ভাৱে এটি নিদাৰুণ আৰু কৰুণ ঘটনা ঘটি গ’ল।সেইসময়ত হঠাতে —‘ধু উ ম’— কৈ উঠা এটি প্ৰচণ্ড শব্দত সমগ্ৰ অঞ্চল কঁপি উঠিছিল। মানুহবোৰে কি হ’ল বুলি উমান পোৱাৰ আগতেই পুণৰ আৰু এটি প্ৰচণ্ড শব্দত ৰাইজ ভয়তে পেপুৱা লাগিছিল । কোনোবা উগ্ৰপন্থীয়ে সংস্থাপন কৰা বোমা ফুটিছে বুলি ভয়তে বিয়াঘৰৰ মানুহবোৰ খৰধৰকৈ নিজ নিজ ঘৰলৈ গুচি গৈছিল । চুমনি গাঁওবাসীৰ সেই ধাৰণা যে ভুল আছিল, সেই কথা বুজি পাওঁতে বহু পলম হৈ গৈছিল । বাবা ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে মথাউৰিৰ দুটা অংশ ছিঙি দিয়াৰ ফলত চুমনি গাঁৱলৈ খৰস্ৰোতে হোৰাহোৰে পানী সোমাই আহিব ধৰিছিল । প্ৰত্যেকৰে ঘৰৰ গোঁহালিৰ গৰু-ম’হ , গঁড়ালৰ ছাগলী , হাঁহ , কুকুৰাৰ চিঞৰৰ লগতে কুকুৰবোৰৰ ভুক-ভুকনিত মানুহবোৰ ঘৰৰ বাহিৰলৈ ওলাই আহি দেখিছিল যে কথা বিষম।বাঢ়ি অহা পানী আহি একাঁঠু হৈছিল । বীৰ বাহাদুৰে খৰধৰকৈ ঘৰৰ বাহিৰৰ খুটাত বান্ধি থোৱা টুলুঙা নাওখনৰ ভিতৰত সোমোৱা পানীবোৰ সিঁচি ঘৰৰ সকলোকে নাওখনত বহুৱাই ওখ, নিৰাপদ ঠাই এডোখৰত থৈ অহাৰ পিচত পুনৰ উভতি গৈ যেনে-তেনে ঘৰৰ কিছু মূল্যবান লামলাকুট নাওখনত তুলি আনি সেই ওখ ঠাইডোখৰ পায়হি মানে পানী বাঢ়ি বাঢ়ি একঁকাল পাইছিল । বীৰ বাহাদুৰ আৰু গাওঁখনৰ যিসকলৰ হাত নাও আছিল, সেইসকলে মিলি গাওঁখনৰ মানুহবোৰক উদ্ধাৰ কৰি থকা সময়তেই অভাৱনীয়ভাৱে সেই দুৰ্ঘটনাটো ঘটি গৈছিল । বাঢ়নী পানীৰ তীব্ৰ সোঁতত হঠাতে বীৰ বাহাদুৰৰ নাওখন পানীৰ পকনীয়াত পৰি তললৈ ডুব গৈছিল । পানীৰ পকনীয়াত সোমাই চিৰদিনলৈ বীৰ বাহাদুৰ হেৰাই গৈছিল । বীৰ বাহাদুৰ চকুৰ পলকতে পানীৰ তলত অদৃশ্য হৈ গৈছিল । খবৰটো গাঁওখনৰ লোকসকলৰ মাজত বিয়পি পৰাৰ লগে লগে এক অভাৱনীয় হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল । বীৰ বাহাদুৰৰ নৱ বিবাহিতা পত্নী ৰাধিকাই জ্ঞান হেৰুৱাই পেলাইছিল।গাওঁখনৰ দুৰ্দশাগ্ৰস্ত লোকক বচাবলৈ গৈ বীৰ বাহাদুৰ চিৰদিনৰ বাবে গাঁৱৰপৰা অদৃশ্য হৈ পৰিছিল । ৰাধিকাই জ্ঞান ঘূৰাই পোৱাৰ পিচত যি এক পৰিৱেশৰ সৃষ্টি হৈছিল, সেয়া হয়তো নেদেখাসকলে উপলব্ধি কৰিবলৈ সক্ষম নহ’ব । গাঁৱৰ লোকসকলে বীৰ বাহাদুৰক বহুতো বিচাৰ-খোচাৰ কৰিছিল যদিও তেওঁৰ কোনো শুংসূত্ৰ ৰাইজে উলিয়াব পৰা নাছিল । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কঢ়িয়াই অনা ঢাপে ঢাপে বালিত বীৰ বাহাদুৰ পোত গৈছিল বুলি সমূহ গাঁওবাসী নিশ্চিত হৈছিল । যিহেতু মৃতকৰ সৎকাৰ কৰিবলৈ মৃতদেহৰ প্ৰয়োজন,সেয়েহে গাঁৱৰ ৰাইজৰ সৰ্বসন্মত সিদ্ধান্তত খেৰেৰে এটা জুমুঠি সাজি বীৰ বাহাদুৰৰ সৎকাৰ কৰা হৈছিল ।
বাঢ়নী পানী লাহে লাহে শুকাই গাওঁখনৰপৰা শুকাই গৈছিল । কিন্তু গাওঁবাসী ৰাইজৰ চকুত এক আশ্চর্য… বিস্ময়।গাওঁখন দেখোন কাৰো চকুত পৰা নাছিল!আগৰ ঘৰ-দুৱাৰ , গছ-গছনি , ভঁড়াল , গোহালি , গঁড়াল, গৰু-ছাগলী , হাঁহ-কুকুৰা দেখোন একোৱেই চকুত পৰা নাছিল । চাৰিওফালে কেৱল বালি আৰু বালি । যেন এক পাৰাপাৰহীন মৰুভূমি ।
অভাগিনী ৰাধিকাজনীৰ বাৰু কি হ’ল ? তাই বাৰু বীৰ বাহাদুৰ অবিহনে কিদৰে জীয়াই আছে ? বীৰ বাহাদুৰৰ কোমল স্পৰ্শ নৌপাওঁতেই ৰাধিকাৰ শিৰৰ সেন্দূৰ মচ খাই গ’ল । ৰাধিকা বীৰ বাহাদুৰৰ বিৰহ বেদনাত চিৰদিনৰ বাবে পাগলী হৈ গ’ল । ৰাধিকা এতিয়া এজনী সম্পূৰ্ণ পাগলী । তাই যে আজি কাকোৱেই চিনি নাপায় । কেৱল তাইৰ মনোজগতত বীৰ বাহাদুৰৰ স্মৃতিহে সজীৱ হৈ থাকিল । ৰাধিকা আজি উচ্ছৃংখল । আউলী-বাউলী ৰাধিকাই আজিও স্বামী বীৰ বাহাদুৰক বিচাৰি বাবা ব্ৰহ্মপুত্ৰৰ ওচৰলৈ ঢাপলি মেলে । চিঞৰি চিঞৰি বীৰ বাহাদুৰক ৰিঙিয়াই মাতে । কেতিয়াবা চিঞৰি চিঞৰি কান্দে,কেতিয়াবা কিৰিলি পাৰি হাঁহে । ৰাধিকাৰ কান্দোন আৰু হাঁহি প্ৰতিধ্বনিত হৈ পুনৰ ৰাধিকাৰ ওচৰলৈ উভতি আহে । আজি যে ৰাধিকা এজনী নিঃস্ব অসহায় নাৰী । ৰাধিকাৰ অৰণ্যৰোদন শুনিবলৈ যে বীৰ বাহাদুৰ আজি তাইৰ ওচৰত নাই, সেয়া আজিও ৰাধিকাই মানি ল’ব পৰা নাই । ৰাধিকাই ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত নামি গোৰ মাৰি মাৰি চিঞৰে…
“পাইছ মজা । মৰ , মৰ , তই মৰ।”
কিন্তু বাবা ব্ৰহ্মপুত্ৰ যে নিৰৱ , নিৰ্বিকাৰ ।
বন্ধুবৰ ভীমপ্ৰসাদ উপাধ্যায়দেৱৰ মুখেৰে শুনা আৰু ৰাধিকাক চাক্ষুষ দৃষ্টিৰে চোৱাৰ পিচত এক বুজাব নোৱাৰা বেদনা বুকুত সাবটি বন্ধু গৃহৰপৰা মেলানি মাগিলোঁ।
**********
3:35 PM
সুন্দৰ কিন্তু দুখলগা।
4:39 PM
দুখ লাগিল।