আত্মবিশ্বাস-কমলা দাস
দিনটোৰ কামবোৰ সামৰি, সন্ধিয়া পৰত ল’ৰাটোক পঢ়া টেবুলত বহাই থৈ শাহুৱেকক চাবলৈ কৈ ময়ুৰী ওচৰৰ মানুহ ঘৰলৈ বুলি ওলাই গ’ল। সেইখন ঘৰৰ গৃহিনী জনীক খুড়ী সম্বন্ধৰে মাতে ময়ুৰীয়ে। ছল চাই কঠীয়া পাৰিব জনা সেইজনী খুড়ীয়েকে বহুত দিনৰ আগতেই ময়ুৰীয়ে নিজ হাতে বোৱা পাটৰ কাপোৰ এযোৰ কিনি নিছিল। নিয়াৰ সময়ত দামটো কিস্তি কিস্তি কৈ দিয়াৰ কথা কৈছিল যদিও, এটা কিস্তি দিয়াৰ পাছত আজিলৈকে তেওঁৰ খবৰ নাই। ( চিনাকি মানুহ খিনিয়ে প্ৰায়েই কিস্তিত কাপোৰ বিচাৰে!) ময়ুৰীয়ে খবৰ ল’লে তেওঁৰ হাতত টকা নথকাৰ নানা অজুহাত উলিয়াই পিছুৱাই থাকে। আজি বা কি কৰে! কাপোৰবোৰ নিয়াৰ পাছত প্ৰায়বোৰ চিনাকি মানুহেই তেনেকুৱা কৰে। নিয়াৰ সময়ত ময়ুৰীৰ দুখৰ সমভাগী হৈ দেখুৱায়। বাকীত কাপোৰ বিচাৰে। দিলে ভাল, নিদিলে বদনাম কৰে। পিছত টকা বিচাৰিলেও হোঁহোকা পিছলা কৰি থাকে আৰু টকাকেইটা ওলাই নাহে। ময়ুৰীয়ে টান কৈ ক’লে বদনাম কৰে। নিয়াৰ সময়ত কাপোৰবোৰ বহুত পছন্দ হয়, ভাল লাগে। টকা দিয়া সময়ত কাপোৰৰ খুঁত উলিয়াবলৈ চেষ্টাৰ ত্ৰুটি নকৰে।
এনেকৈয়ে চলি আছে ময়ুৰীৰ ব্যৱসায়। নচলালেও উপায় নাই। সংসাৰখন চলাবলৈ বেলেগকৈ উপায় নাই আৰু। কোম্পানীৰ চাকৰিটো যোৱাৰ পাছত গিৰিয়েকৰো নতুনকৈ ক’তো সংস্থাপন হোৱা নাই।
কথাবোৰ মনতে পাগুলি আহি থাকোঁতে কেতিয়ানো খুড়ীয়েকহঁতৰ ঘৰ আহি পালে, ময়ুৰীয়ে গমেই নাপালে। তেওঁলোকৰ ঘৰৰ সন্মুখত উপস্থিত হৈ হে ময়ুৰীৰ সম্বিত ঘূৰি আহিল । তাই জপনাখন খুলি সোমাই গ’ল।
নানান কথাৰ বকলা মেলি ময়ুৰীক কথা ক’বলৈ সুবিধা নিদি খুড়ীয়েকে প্ৰায় এঘণ্টামান সময় এনেয়ে ৰখালে ময়ুৰীক।কামৰ মানুহ ময়ুৰীৰ উচপিচ লাগিছে সময়বোৰ এনেই যোৱাত। তাই বাৰে বাৰে কথাটো উলিয়াবলৈ চায়। তাই কথাটো উলিয়ালেই খুড়ীয়েকে বেলেগ কথা উলিয়ায়।মাজতে ময়ুৰীক বিস্কুটৰ সৈতে চাহ একাপো আনি দিলে।চাহ খাই থকাৰ মাজতেই ময়ুৰীয়ে কথাটো উলিয়ালে। তামোল কাটি কাটি খুড়ীয়েকে কাপোৰযোৰৰ কথা উলিয়াইছে। কাপোৰযোৰ মানে এনেয়েহে ল’লে হেনো খুড়ীয়েকে, ময়ুৰীৰ সহায় হওক বুলিয়েই। এদিন পিন্ধাৰ পাছত সেই কাপোৰজোৰ আলমাৰীত এনেয়ে পৰি আছে, ইত্যাদি ইত্যাদি বহু কথা।বহুত সময়ৰ মূৰত, নিদিলে নহয় যেন দেখুৱাই খুড়ীয়েকে ময়ুৰীক টকা দিলে যদিও পুণৰ দুশ টকা বাকী ৰাখিলে। ইচ্ছা কৰিলে দিব পাৰিলেহেঁতেন,কিন্তু নিদিলে। টকাখিনি লৈ ময়ুৰীয়ে লৰালৰিকৈ খুড়ীয়েকক মাত লগাই ঘৰলৈ বুলি খোজ ল’লে।
ময়ুৰীয়ে টকাখিনি হাতৰ মুঠিত লৈ ভাবি আহি থাকিল—–এতিয়া বাকী থকা টকা দুশ খুজি থাকিবলৈও বেয়া লাগিব ময়ুৰীৰ। খুজিলেও হয়তো খুড়ীয়েকে মানুহে শুনাকৈ ক’ব—–‘তোৰ দুশ টকাতো নেমাৰোঁ ময়ুৰী! দিম দে। (আগে পিছে যেনেদৰে লাজত পেলায়!) তেতিয়া ময়ুৰীৰ নিজৰে লাজ লাগিব। (আমাৰ দৰে মানুহৰ আকৌ লাজটোও বেছি যে!) এহ্ ! দিলেও দিব, নিদিলেও নাই! দুশ টকা হে! আৰু খুজি নেথাকোঁ বুলি তাই কথাটো যেন মনৰপৰা জোকাৰিহে পেলাব খুজিলে।
সোণটোৱে অলপো আমনি নকৰাকৈ কিতাপ পঢ়ি আছে। আইতাকে তাৰ ওচৰতে বহি ৰাতিৰ সাজৰ বাবে পাচলি কাটি আছে। তাই সোমাই অহা দেখি শাহুৱেকে সুধিলে– ‘দিলেনে?’ তাই শাহুৱেকক কথাখিনি কৈ সোণটোক পঢ়াবলৈ ল’লে। বাপেক আহি ঘৰ সোমোৱা নাই এতিয়াও। মতা মানুহে হেনো সন্ধিয়াতে ঘৰ নোসোমায়। কিছুমান মতা মানুহে মতাগিৰিবোৰ ক’ত ক’ত যে নখটুৱায়!
ৰাতিপুৱা সোনকালে উঠি দৈনন্দিন কামখিনি কৰি আজৰি হৈ ময়ুৰী তাঁতত বহে। সময়ে সময়ে উঠি গৈ চাহ ভাত যতনাই আহে। সোণটোক স্কুলত যাবলৈ সাজু কৰি, টিফিন আদি বনাই দি স্কুললৈ পঠিয়াই সিহঁতে নিজেও খাই লয়। গিৰিয়েকেও খাই বৈ উঠি ল’ৰাটোক স্কুলত থৈ দিনটোলৈ ওলাই যায়। ক’ত যায়, সুধিলেও একো নকয়। এই সকলোবোৰ লেঠা মাৰি আহিহে তাই তাতঁত কেইঘণ্টামান ভালদৰে বহিব পাৰে। শাহুৱেকে সুতা লৈ, মহুৰা ফুৰাই দি তাইক বহুত সহায় কৰে বুলিহে তাই কামৰপৰা আয় কৰিব পাৰে।
আজিকালি তাই আৰু এখন তাঁতশাল বঢ়াইছে। তাই বোৱা কাপোৰবোৰ মিহি আৰু সুন্দৰ ফুলৰ চানেকীৰ লগতে ৰঙৰ বাচনিও সুন্দৰ হয় বাবে কাপোৰৰ গ্ৰাহক বাঢ়িছে। বহুত অৰ্ডাৰ আহিছে। সেয়ে তাই তাঁতশাল আৰু এখন বঢ়াইছে। সেইখন ব’বলৈ দৰমহা দি ছোৱালী এজনী ৰাখিছে। কাপোৰৰ উৎপাদন বেছি হৈছে বাবে হাতলৈ দুপইচা সৰহকৈ আহিছে। আজিকালি গিৰিয়েকও ব্যৱসায়ত অলপ চকু কাণ দিয়া হৈছে। গিৰিয়েকে এনেদৰে ঘৰৰ ব্যৱসায়তে মনোযোগ দিয়াৰ বাবে ময়ুৰীয়ে ভালেই পাইছে।
সময়ে নিজৰ গতিত আগবঢ়াৰ দৰে ময়ুৰীহঁতেও স্বাভিমানেৰে আগবাঢ়ি গৈ থাকিল আৰু ব্যৱসায়ৰো উন্নতি হ’ল।
এইকেইদিন ময়ুৰীৰ মনত বৰ আনন্দ লাগি আছে। নালাগিবনো কিয়! ময়ুৰীয়ে বৰ ডাঙৰ অৰ্ডাৰ এটা পাইছে। সিহঁতৰ অঞ্চলৰ বিখ্যাত সমাজ সেৱিকা বাইদেউৰ ল’ৰাৰ বিয়াৰ আটাইখিনি কাপোৰ ময়ুৰীৰ তাতেই ব’বলৈ দিছে। বাইদেউৱে নিজেই আহি আগধন হিচাপে কিছু টকাও দি থৈ গৈছে ময়ুৰীক। বৰ ভাল বাইদেউগৰাকী।
ময়ুৰীয়ে বাইদেউৰ কাপোৰখিনি ভালতকৈও ভাল আৰ্হিৰ ফুলৰ নক্সা ব্যৱহাৰ কৰি অতি নিখুঁত কৈ ব’বলৈ যত্ন কৰিছে। কাপোৰখিনিৰ গুণগত মান উন্নত হোৱাৰ লগতে দেখাতো ধুনীয়া হ’বই লাগিব। ময়ুৰীৰ মতে….বাইদেউৰ মান সন্মানৰ কথা আছে। তেখেত সকলৰ দৰে ধনী মানী মানুহে ইচ্ছা কৰিলে গুৱাহাটী নাইবা শুৱালকুচিলৈ গৈ কাপোৰ কিনি অনাতো সৰু কথা। ময়ুৰীৰ ভাল চিন্তা কৰা বাবে হে সমাজ সেৱিকা বাইদেউৱে ময়ুৰীক তাঁত ব’বলৈ দিছে। আৰু এটা কথাও কৈ গৈছে ময়ুৰীক— কাপোৰবোৰ ভাল হ’লে অৰ্থাৎ ৰাইজে দেখি ভাল পালে তেওঁ ময়ুৰীৰ বাবে এটা চৰকাৰী সাহাৰ্যৰো দিহা কৰিব।সেয়ে ময়ুৰীয়ে ৰাতিক দিন কৰি বাইদেউৰ কাপোৰবোৰ নিখুঁতভাৱে তৈয়াৰ কৰিবলৈ লৈছে।
সময়ত সমাজ সেৱিকা বাইদেউৰ ল’ৰাৰ বিয়া সম্পন্ন হৈ গ’ল। ময়ুৰীৰ তাঁতৰ কাপোৰে ৰাইজৰ চকু চাৎ মাৰি ধৰিলে। সমাজ সেৱিকা বাইদেউৱে আনন্দতে ময়ুৰীক দিবলগীয়া টকাতকৈ কেইটামান টকা সৰহকৈয়ে দিলে।
সমাজ সেৱিকা বাইদেউৱে নিজৰ কথা ৰাখিলে। ময়ুৰীক চৰকাৰী এৱাৰ্ডৰ বাবে যোগাযোগ কৰাই দিলে আৰু আজি নিজৰ যোগ্যতাৰ বলত ময়ুৰীয়ে চৰকাৰী পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ’ল। পুৰস্কাৰস্বৰূপে মান পত্ৰ পোৱাৰ উপৰিও ময়ুৰীয়ে মোটা অংকৰ নগদ ধনো লাভ কৰিলে।
ইয়াৰ পিছত ময়ুৰীয়ে আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই। ময়ুৰীৰ ব্যৱসায়ৰ পৰিসৰ বহুত বাঢ়িল। টকা-পইচা যথেষ্ট হাতলৈ অহাৰ লগতে ময়ুৰীৰ বহুত নামো হ’ল। গিৰিয়েকৰ পূৰ্ণ সহযোগত ব্যৱসায়টো বহুত আগবাঢ়ি গ’ল। কেইবাখনো তাঁতশাল বঢ়োৱাত উৎপাদন বহু বাঢ়িছে। নিজৰ ৰাজ্যৰ বহু ঠাইৰ চাহিদা পূৰণ কৰাৰ লগতে ৰাজ্যৰ বাহিৰলৈকো ময়ুৰীয়ে আজিকালি কাপোৰ পঠিয়ায়।
টিভিয়ে, পেপাৰে ময়ুৰীৰ সাক্ষাৎকাৰ, সুনাম আদি প্ৰচাৰ হোৱাৰ পাছত ওচৰ চুবুৰীয়া আৰু বংশ পৰিয়ালৰ মানুহৰ চকু মেল খালে। সৌ সিদিনালৈকে ঠাট্টাৰ সুৰত কথা কোৱা ময়ুৰীক এতিয়া সকলোৱে সমীহ কৰিবলৈ লৈছে। সময়ত তোষামোদো কৰে! উচিত কথাত ময়ুৰীয়ে কাকো খাতিৰ নকৰা বাবে তাইৰ বদনাম কৰা আত্মীয়-স্বজনখিনিয়ে এতিয়া ময়ুৰীৰ গুণ গাই তৎ নাপায়। নিজৰ নিজৰ জীয়ৰী, বোৱাৰীক ময়ুৰীৰ উদাহৰণ দিয়ে। দিবলৈ বাকী থকা টকাখিনি ময়ুৰীয়ে নোখোজাকৈয়ে ঘৰত দি যায়হি!
ময়ুৰীক পিছে কোনো তোষামোদে কেতিয়াও টলাব নোৱাৰে। কাৰণ তাই প্ৰৱঞ্চনা নাইবা মিছাৰ আশ্ৰয় লৈ জীৱনৰ লক্ষ্যত আগবঢ়া নাই। তাই নিজৰ ভেঁটি, বিশ্বাস আৰু সততাৰ ওপৰত গঢ়িছে।
শুদ্ধ আৰু সততাৰ পথত একোৱেই হেঙাৰ হ’ব নোৱাৰে। সততাই জীৱনটো পোহৰাই ৰখাৰ লগতে চাৰিওফালৰ পৰিৱেশো উজলাই তোলে।
**********
3:36 PM
সুন্দৰ গল্প 👌,বৰ ভাল লাগিল।
4:40 PM
ভাল লাগিল বাইদেউ ❤️
4:08 PM
বহুত ভাল লাগিল kamala বাইদেউ।বৰ্তমান সমাজ ত সচাৰচৰ চলি থকা সছা চবি এখন!সছাই নিজে আগবাঢ়িবলৈ হ’লে কিছুমান আওকান কৰিব লাগিব!তেহে সাফল্য নিশ্চিত।
10:38 AM
ভাল লাগিল গল্পটো৷
9:01 PM
সুন্দৰ গল্প।