আধুনিক প্ৰযুক্তি আৰু বৰ্তমান সমাজ-পৰিস্মিতা গোস্বামী
বৰ্তমান যুগটো হৈছে আধুনিকতাৰ যুগ, প্ৰযুক্তিবিদ্যাৰ যুগ৷ বিজ্ঞানৰ ন ন উদ্ভাৱন আৰু প্ৰযুক্তিবিদ্যাৰ বহুল প্ৰয়োগে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাত প্ৰভূত পৰিমাণে বৰঙণি যোগাইছে। প্ৰযুক্তিবিদ্যাৰ নিত্য নতুন কৌশলসমূহে সভ্যতাৰ বিকাশ ঘটাই মানুহৰ চিন্তাধাৰা, আদৰ্শ, লক্ষ্য, উদ্দেশ্য, মূল্যবোধ, নৈতিকতা আৰু পৰিৱেশ আদিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ কাৰণে মানুহৰ দৃষ্টিভংগী আৰু জ্ঞানৰ পৰিসৰ প্ৰসাৰত বাৰুকৈয়ে উৎসাহিত কৰিছে।
বিশেষকৈ আধুনিকতাৰ প্ৰভাৱত শিক্ষাৰ দিশতো উন্নতি হৈছে। নাৰী শিক্ষা আধুনিক সমাজৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু আধুনিকতাই এই দিশটোক আগুৱাই লৈ যোৱাত প্ৰচুৰ পৰিমাণে অৰিহণা যোগাইছে।
আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱো বৰ্তমান যুৱ প্ৰজন্মৰ ওপৰত বাৰুকৈয়ে পৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত Youtube, Facebook, Twitter, Whatsapp ইত্যাদি Social Networking Site-সমূহে যুৱ প্ৰজন্মৰ ওপৰত প্ৰচুৰ পৰিমাণে প্ৰভাৱ পেলাইছে। সম্প্ৰতি কম বয়সীয়া ল’ৰা-ছোৱালীবোৰ এইবোৰৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে৷ ফলস্বৰূপে আমাৰ সমাজত বিভিন্ন ধৰণৰ অনাকাংক্ষিত ঘটনা ঘটিবলৈ লৈছে। এনেবোৰ ঘটনাই সঘনাই বাতৰি কাকতৰ শিৰোনামা দখল কৰিছে।
প্ৰত্যেকটো বস্তুৰে ভাল-বেয়া দুটা দিশ আছে।ইয়াৰে বেয়া দিশটো পৰিহাৰ কৰি ভালটো অনুকৰণ কৰিলে ছাত্ৰ-ছাত্ৰী তথা যুৱ সমাজ বহু পৰিমাণে উপকৃত হ’ব পাৰে। বিজ্ঞান তথা প্ৰযুক্তিবিদ্যাৰ কৌশলসমূহৰ সঠিক ৰূপে প্ৰয়োগ কৰিলে ছাত্ৰ-ছাত্ৰীসকলে শৈক্ষিক দিশত উন্নত পাৰদৰ্শিতা দেখুৱাব পাৰে। প্ৰযুক্তিবিদ্যাৰ আধুনিক সেৱাসমূহৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে চিকিৎসা, অভিযান্ত্ৰিক, মেনেজমেন্ট ইত্যাদি বিভিন্ন ক্ষেত্ৰসমূহৰ প্ৰচুৰ সমল বুটলি নিজকে সজ নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰি সমাজ গঠনত অৰিহণা যোগাব পাৰে।
এইটো অতি পৰিতাপৰ বিষয় যে বিজ্ঞানৰ শিক্ষা লাভ কৰা সত্বেও আমাৰ সমাজখনক অন্ধবিশ্বাস, কুসংস্কাৰ ইত্যাদিৰ কলীয়া ডাৱৰে আচ্ছন্ন কৰিছে। আজিও আমাৰ দেশত ডাইনী হত্যা, ভূত-প্ৰেতত বিশ্বাস, নাৰী-নিৰ্যাতন, যৌতুকজনিত বোৱাৰী হত্যা আদি ঘটনা সংঘটিত হৈ আহিছে। আজিও কোনো কোনো অঞ্চলত মানুহে বেমাৰ হ’লে বেজৰ চিকিৎসা কৰে, জৰা-ফুকা কৰে। এয়াই হৈছে আমাৰ অশিক্ষিত জনসাধাৰণৰ চৰম নিদৰ্শন।
আধুনিকতা আৰু গোলকীকৰণৰ জৰিয়তে এচাম মানুহে পশ্চিমীয়া সংস্কৃতিক আঁকোৱালি লৈছে। তেওঁলোকৰ নিজৰ সংস্কৃতি, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আধুনিকতাৰ কৰাল গ্ৰাসত পৰি সলনি কৰিবলৈ লৈছে। আমাৰ নতুনকৈ উঠি অহা চামে আমাৰ কলা-সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ কথা আওকাণ কৰিছে৷ এইবোৰৰপৰা পৰিত্ৰাণ পাবলৈ হ’লে বিজ্ঞানসন্মত শিক্ষাৰ মনোভাৱ আৰু মূল্যবোধসমূহ আয়ত্ত কৰিব লাগিব। এনে কৰিলে আমাৰ সমাজখন সঠিক দিশত পৰিচালিত হোৱাৰ লগতে দেশৰ প্ৰগতিৰো সহায় হ’ব। সঁচা অৰ্থত এয়ে আধুনিকীকৰণ৷
**********
2:12 PM
ভাল লাগিল। বৰ্তমান শৈক্ষিক পৰিবেশৰ ওপৰত এখন সমাজ আৰু উঠি অহা প্ৰজন্মৰ ভবিষ্যত নিৰ্ভৰ কৰিছে। এইক্ষেত্ৰত আমি বহুত পিছ পৰি আছোঁ বাবেই সকলো চিন্তাতে পিছত আছোঁ।