আপদীয়া সোঁত-ভনিতা শৰ্মা

’ধপং!!’

কপাহীৰ বুকুখন মোচৰ খাই উঠিল৷ক’ত জানো কিহৰ শব্দ হ’ল!গাৰ কাষৰ জেগাকণ খেপিয়াই চালে৷—“আছে,পোনাকণ গাৰ কাষতে আছে”— বুলি তাই স্বস্তিৰ নিশ্বাস পেলালে৷তাই পোনাকণৰ ফালে কাটি হৈ পিয়াহটো তাৰ মুখত লগাই দিলে৷ঘোৰ টোপনিৰ মাজতো দুবছৰীয়া ল’ৰাকণে পিয়াহটো মুখত লৈ চুপিবলৈ ল’লে লাহে লাহে৷কপাহীৰ চকুত তন্দ্ৰা নামি আহিল৷কিবা এক আৱেশে দেহাটো শাঁত পেলাই দিলে৷তাইৰ চকু দুটি মুদ খাই আহিল৷

প্ৰতিবছৰৰ দৰে এইবছৰো বানে কপাহীহঁতৰ গাওঁখনক নিস্তাৰ দিয়া নাই৷এইবাৰ আকৌ বৰষুণজাক চ’তৰপৰাই আৰম্ভ হৈছিল৷কপাহীহঁতো সেয়ে আগতীয়াকৈয়ে বানৰ উপদ্ৰৱৰপৰা ৰক্ষা পৰাৰ হাজাৰ চিন্তাত মূৰ খুন্দিয়াই আছিল৷হওঁতে তিনিজনীয়া সংসাৰ সিহঁতৰ৷কনক,কপাহী আৰু পোনাকণ৷বিয়াৰ সাত বছৰৰ মূৰত বহু তাবিজ-মাদলি,জৰা-ফুকাৰ অন্তত পোনাকণৰ জন্ম৷কনক-কপাহীৰ নয়নৰ মণি পোনাকণ৷হওঁতে আকালো নোহোৱা ভঁৰালো নোহোৱা জীৱন সিহঁতৰ৷পিতৃপ্ৰদত্ত ভেঁটিটো আছে৷খেতিৰ মাটি চাৰি বিঘামান আছিল৷তাৰে আধা বছৰেকীয়া বানেই শেষ কৰিলে৷কনকে কাঠমিস্ত্ৰীৰ লগত যোগালী কাম কৰে৷টুক টাক কৰি সংসাৰ চলি যায়৷

জেঠৰ মাজভাগতেই এইবাৰ নদীৰ পানী বাঢ়ি সিহঁতৰ গাঁৱত সোমাল৷বৰষুণজাক এৰাৰ নামেই নলৈছিল৷পানীও বাঢ়ি থাকিল৷লাহে লাহে পানীয়ে পথাৰ নষ্ট কৰিলে৷পানী বাঢ়ি চোতাল পালেহি৷উপায় নাপাই য’ত যি বস্তু পাৰি সযতনে ঘৰৰ চালৰ ওপৰত বান্ধি থৈ আহি কনকে কপাহী আৰু পোনাকণক লৈ গাঁৱৰ এল পি স্কুলখনৰ বানপানীৰ ৰিলিফ কেম্পতে আশ্ৰয় ল’লেহি৷স্কুলখন মথাউৰিৰপৰা ডেৰ কিঃমিঃ মান দূৰৈত৷ইমান দূৰলৈ মথাউৰি ভাঙি পানী কাহানিও সোমোৱা নাই আগতে৷

চৰকাৰৰপৰা সাহাৰ্য এইবাৰ বৰ এটা পোৱা নাই বানাক্ৰান্ত ৰাইজে৷সহায়কাৰী সংস্হাৰো সংখ্যা আঙুলিৰ মূৰত গণিবপৰা এইবছৰ৷কিবা এই ’কৰুনা’ বুলি মহামাৰী নে কি এটা আহিছে৷সেইবাবেই এইবাৰ বানপানীৰ সমস্যাটোৱে আগৰবাৰতকৈ কম গুৰুত্ব পাইছে বুলি দুই একে আলোচনা কৰা কনক-কপাহীৰ কাণত পৰিছে৷তাইক আৰু পোনাকণক স্কুলঘৰৰ কেম্পতে থৈ দিনত কনকে কাম বিচাৰি যায়৷হাজিৰা কাম হ’লেও দুপইচা পালে পোনাকণৰ মুখত দিবলৈকে বিস্কুট এপেকেট আনিব পাৰে৷পিছে নাই!চহৰৰফালে হেনো মনিচ এটাও ঘৰৰ বাজ নোলায়৷যি দুই এটা ওলায়, মুখত কিবাচোন কাপোৰ মাৰিহে ওলায়৷কোনেও কাকো কামত নলগায়৷কিবাচোন লেই লেই-ছেই ছেই জ্ঞান কৰে৷চৌহদৰ বাহিৰৰপৰাই খেদি পঠিয়ায় ৷

আজি কনকে দিনত ওলাই গৈ কাম এটা পাইছিল৷এবেলাৰ কাম৷হাতত ছয়কুৰি টকা আহিছিল৷তাৰেই পোনাকণলৈ বিস্কুট এপেকেট , কল দুটামান আৰু শুকান গাখীৰৰ পেকেট এটিও আনিছিল৷সিহঁতহালৰ খোৱা লোৱা কেম্পৰ সমূহীয়া চৌকাত বনোৱা খাদ্যইদি হৈ যায়৷৷কিন্তু পোনাকণে বাহিৰা বস্তু অকণো খাব বিচাৰে৷খুৱাব লাগিবও৷নহ’লেনো বাঢ়িব কেনেকৈ ল’ৰাটো!সাধি সাধি পোৱা পেটৰ পোৱালি সি৷

বাহিৰৰ বাৰাণ্ডাত দৌৰা ধপৰা,হুলস্থূলত কপাহী সাৰ পাই উঠিল৷দুখন বেঞ্চ জোৰা লগাই পৰা তাইৰ শোৱাপাটীৰ বাওঁহাতে তাইৰ চকু গ’ল৷নাই,পোনাকণ নাই৷যোৱাৰাতি সি তাইৰ বাওঁকাষেই শুইছিল৷সেই যে ‘ধপং’কৈ শব্দটো হোৱাৰ পিছত তাই তাক কাষত সামৰি শুই পৰিছিল৷সিহঁত মাইকী মানুহ আৰু কণমানিবোৰ স্কুলঘৰৰ ভিতৰৰ এটা কোঠাত  শোৱে৷মতা-মুনিহবোৰ স্কুলঘৰৰ  আনটো কোঠাত শোৱে৷শোৱাপাটীৰপৰাই পুৱাই পোনাকণক উঠাই লৈ যোৱাটো কনকৰ অভ্যাস৷কেতিয়াবা কপাহীয়ে গম পায়,কেতিয়াবা তাই টোপনিত থাকোঁতেই কনকে পোনাকণক উঠাই লৈ গৈ এপাক ফুৰাই আনে৷

কপাহীয়ে পাটীত পোনাকণক নেদেখি কনকৰ লগত থাকিব পাৰে বুলি ভাবি মাটিত ভৰি থ’লে৷শিয়ৰি উঠিল তাই৷স্কুলঘৰৰ ভিতৰত পানী৷আঁঠুলৈকে পানী৷কোঠাটোত তাইৰ বাদে আন কোনো নাই৷সকলো পানীৰ সোঁত ফালি বাহিৰলৈ দৌৰিছে৷তায়ো আহি বাৰাণ্ডা পালেহি৷নাই,কনক নাই৷

‘সি হয়তো পোনাকণক নিৰাপদ ঠাইলৈ লৈ গল।’

কপাহীয়ে মনতে ভাবিলে৷কেম্পৰ বাহিৰত থকা মানুহখিনিয়ে তাইলৈ তধা লাগি চাইছে৷তাই পাটীৰপৰা উঠি পানী দেখি খৰধৰকৈ গুচি আহিল৷চুলি-কাপোৰ অবিন্যস্ত৷তাই দুই এজনক সুধিলে….

“কনকক দেখিছা নেকি?পোনাকণক?”৷

সকলোৱে মথাউৰিৰফালে আঙুলিয়াই দিলে৷পানীৰ মাজেদি জপং জপংকৈ তাই মথাউৰিৰফালে দৌৰ ল’লে৷মনতে ভাবিলে 

“কিনো দৰকাৰ বাপেকৰ, ল’ৰাকণক পুৱাই পুৱাই পানী দেখুৱাবলৈ….. মথাউৰিৰ ফালে আনিবলৈ।”

সেউতীৰ মাকে তাইক দেখি চিঞৰিলে

“মথাউৰি ভাগিছে৷চাৰিওফালে কেৱল পানী আৰু পানী৷এইবাৰ বানে মথাউৰিটোকো নেৰিলে ঐ৷সকলো উছন হ’ল।”

তাই সোঁত ফালি আগুৱাই গৈ থাকিল৷প্ৰায় এক কিঃমিঃ মান বাট পাৰ হোৱাৰ পিছত তাই দেখিলে মানুহৰ এক জুম৷তাই আগবাঢ়ি গ’ল৷জুমটো ফালি সোমাই গৈ দেখিলে সেয়া কনক৷মাটিত বাগৰি ইনাই বিনাই চিঞৰি আছে৷তাই কনকৰ কাষ চাপি গ’ল ৷গাত ধৰি তাক জোকাৰি সুধিলে….

“পুৱাই পুৱাই এই পানীৰ মাজত পোনাকণক লৈ কেলৈ ওলাই আহিছা হয়নে?আৰু পোনাকণ কত?”

তাইৰ দুচকুৱে জমা হোৱা মানুহজাকৰ কোলাত পোনাকণক বিচাৰিলে৷নাই,পোনাকণচোন কাৰো কোলাতেই নাই৷কনক নিথৰ হৈ পৰে মাজে মাজে।

“পোনাকণ ক’ত!”——বুলি তাই শংকাত তাৰ গাত ধৰি জোকাৰি দিলে৷কনকে তাইৰ কান্ধত মূৰ থৈ কাতৰত চিঞৰি উঠিল—-

“নিলে ঐ নিলে৷বানে পোনাকণক নিলে৷ৰাতি মথাউৰি ভাঙি পানী কেম্পৰ ভিতৰত সোমাল৷তোৰ কাষতে শুই থকা পোনাকণ শেতেলীৰপৰা পানীত কেতিয়া কিদৰে পৰি গ’ল নাজানো !সোঁত ইমান তীব্ৰ আছিল যে পোনাকণৰ কোনো সুংসুত্ৰই পোৱা নাই এতিয়ালৈকে৷মই তোৰ কাষলৈ গৈ শেতেলীত তোৰ কাষত পোনাকণক নেদেখি তাক বিচাৰি ফুৰিছোঁ পুৱতি নিশাৰপৰাই৷তোক জগোৱাৰ কথাও মোৰ মূৰত নাহিল ৷আমাৰ পোনাকণক বানে উটুৱাই নিলে অ’ কপাহী!!”

’ধপং!!’

এইবাৰ শব্দটো কপাহীৰ বুকুত হ’ল।

**********

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *